ফটাঢোল

ৰাসোৎসৱে আনে আধ্যাত্মিকতা আৰু সম্প্ৰীতি- ধীৰেন শইকীয়া  

শৰৎকালৰ শ্ৰেষ্ঠ উৎসৱ হ’ল ৰাসোৎসৱ। ‘ৰস’ হৈছে সৌন্দৰ্যবোধৰ পৰা হোৱা অতি জাগতিক আনন্দময়ী অৱস্থা। এই ৰসৰ পৰাই ৰাসৰ উৎপত্তি হৈছে বুলি কোৱা হয়। অসমত ৰাসৰ উৎপত্তিৰ লগত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নাম জড়িত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তনত ৰাসক্ৰীয়াৰ  বিৱৰণ বিদ্যমান। পণ্ডিতসকলৰ মতে শঙ্কৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট ‘কেলি-গোপাল’ নাটৰ ভাওঁনাই হৈছে অসমত ৰাস উৎসৱৰ আৰম্ভণি।

এক তথ্যমতে, ১৭৬২ শকত মাজুলীৰ ঐতিহ্যমণ্ডিত দক্ষিণপাট সত্ৰত প্ৰথমবাৰৰ বাবে ৰাস পালন কৰা হৈছিল। সেয়াই আছিল ৰাসলীলাৰ প্ৰথম আৰম্ভণি, তেতিয়াৰে পৰাই প্ৰতিবছৰে ৰাস পূৰ্ণিমাৰ নিশা ৰাস উৎসৱ উদযাপন কৰি অহা হৈছে। মাজুলীৰ ৰাসৰ ইতিহাস বিচাৰিলে সত্ৰাধিকাৰ প্ৰয়াত শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ নাম বিশেষভাৱে উল্লেখযোগ্য। এইগৰাকী সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীয়েই অসমত প্ৰথমে মাজুলীত সহঃঅভিনয়েৰে সূচনা কৰে বুলিয়ো জনা যায়।

উজনি নামনি মুখৰিত কৰি ৰাসে আনে আধ্যাত্মিকতাৰ লগতে সম্প্ৰীতি:

শৰৎ কালৰ শীতল বতাহ, শৰতৰ শুভ্ৰ জোনাক, ব্ৰহ্মপুত্ৰৰ মাজৰ শুকান বালিচৰ, কঁহুৱা বনৰ অশান্ত মন, টোপটোপ নিয়ৰৰ পৰিৱেশটোৱে মাজুলীক সেইকেইদিনত নান্দনিক কৰি তোলে। সেই সময়ত দেশী-বিদেশী পৰ্যটক আৰু আলহী-অতিথিয়ে উখল-মাখল হৈ পৰে মাজুলী। জাতি, বৰ্ণ, ধৰ্ম, নিৰ্বিশেষে সমাজক বসবাস কৰা সকলো শ্ৰেণীৰ লোকৰ মাজত ঐক্য-শান্তি আৰু সম্প্ৰীতিৰ নিদৰ্শন দেখা পোৱা যায় এই মাজুলীত। সত্ৰই সত্ৰই তিনিদিনৰ পৰা দহদিনলৈ আয়োজিত হয় মানুহ অভিনীত ৰাস মহোৎসৱ। আনহাতে নামনি অসমৰ নলবাৰী,পলাশবাৰী, শুৱালকুছি, মঙলদৈ আদি চহৰসমূহতো পঞ্চাশৰ দশকৰ পৰাই নানা ৰং-তুলিকাৰে মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শন কৰা হয়। শ্ৰীকৃষ্ণৰ জীৱনৰ সৈতে জড়িত মহাভাৰত, ৰামায়ণ আদিৰ বিভিন্ন কৰ্ম-কাণ্ড এই মূৰ্তিসমূহৰ জৰিয়তে প্ৰকাশ কৰি ধৰ্মীয় ভাবনাৰ প্ৰকাশ কৰা হয়। শৰৎ কালৰ পূৰ্ণিমাত সভক্তিৰে উদযাপন কৰা এই ৰাস উৎসৱ বিশ্বৰ বৃহত্তম নদীদ্বীপ মাজুলীৰ প্ৰধান উৎসৱ হিচাপে জনা যায়। সাম্প্ৰতিক কালত মেলামুখী এই অনুষ্ঠানখনেও উজনি নামনি মুখৰিত কৰি আধ্যাত্মিকতাৰ লগতে সম্প্ৰীতিও কঢ়িয়াই আহিছে।

 

ৰাসলীলাৰ ঘাই শিক্ষাঃ

ভাগৱতৰ ঊনবিংশ অধ্যায়ত বৰ্ণিতমতে, ঋতুশ্ৰেষ্ঠ শৰতৰ পূৰ্ণিমাৰ নিশা শ্ৰীকৃষ্ণৰ মোহন বেণুৰ ভূৱন মোহিত সুৰত কৃষ্ণপ্ৰেমত আকুল গোপীসকলে নিজৰ সকলো কাম-বন ত্যাগ কৰি প্ৰাণতকৈও আপোন শ্ৰীকৃষ্ণৰ কাষলৈ ঢাপলি মেলিছিল। ঘৰ সংসাৰ এৰি অহা গোপীসকলক ভগৱান শ্ৰীকৃষ্ণই নিজ কৰ্তব্যৰ কথা কৈ উভতি যাবলৈ কয়। এয়াই ৰাসৰ প্ৰতিপাদ্য বিষয়। সৰল অৰ্থত ভগৱানৰ মাহাত্ম্য প্ৰকাশেই ৰাসলীলাৰ মূল উদ্দেশ্য। তাহানি কালৰে পৰা ধৰ্মীয় এক বিশ্বাস যে শ্ৰদ্ধাৰে সৈতে ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা শ্ৰৱণ বা কীৰ্ত্তন কৰিলে কাম নাম ৰোগৰপৰাও মানুহে মুক্ত হয়। লক্ষ্মীনাথ বেজবৰুৱাই তাহানিতে তত্বকথা, ৰাসলীলাতত্বত লিখিছিল- “প্ৰেমৰ ঘাই লক্ষণ উৎকণ্ঠা কেনে সেইটো ব্যভিচাৰিণী বিৰহিণী কামিনীৰ দৃষ্টান্তৰ পৰাহে বুজিব পাৰি। পৰপুৰুষত সৰ্ব্বতোভাৱে অনুৰক্তা তিৰোতাৰ দৰে যেতিয়া ঈশ্বৰত একান্ত অনুৰক্ত ভক্তই সকলো কামনা পৰিত্যাগ কৰি ‘হা কৃষ্ণ! হা কৃষ্ণ!’ বুলি কান্দিব, তেতিয়া ভক্তবৎসল ভগৱন্তই নিজৰ সেই একান্ত ভক্তক নিজৰ আনন্দময় কোলাত তুলি লৈ আলিংগন কৰিব। জীৱ আনন্দ-সমুদ্ৰত নিমগ্ন হৈ ধন্য হ’ব। এয়ে মুঠতে ৰাসলীলাৰ প্ৰকৃত মৰ্ম্ম।

ৰাসলীলাক অশ্লীল ভাবোঁতেই আৰু এটা ডাঙৰ কথা বিমৰিষ কৰি চোৱাটো উচিত যে প্ৰথমতে ৰাসলীলা প্ৰণেতা কোন? বক্তা কোন? শ্ৰোতা কোন? আৰু প্ৰণেতা, বক্তা আৰু শ্ৰোতাৰ অভিপ্ৰায় কি? আমি এইকেইটা প্ৰশ্নৰ উত্তৰত প্ৰথমতে দেখোঁ যে ৰাসলীলা প্ৰণেতাজন সত্যৱতীসূত মহৰ্ষি কৃষ্ণ দ্বৈপায়ন বেদব্যাস– যিজনে বেদ বিভাগ কৰিছল, চাৰিও বেদৰ অনেক শাখা কৰিছিল, বেদান্ত দৰ্শন প্ৰণয়ন কৰিছিল, মহাভাৰত আৰু ওঠৰ পুৰাণ ৰচনা কৰিছিল…… পাৰ্থিৱ সকলো প্ৰকাৰ আনন্দতকৈ স্ত্ৰী-পুৰুষৰ ৰমণানন্দই প্ৰধান। সেই দেখি জীৱাত্মাৰ পৰমাত্মাৰে সৈতে আলিঙ্গ বা ৰমণত যি আনন্দ হয়, তাৰ যথাসম্ভৱ ক্ষুদ্ৰাতিক্ষুদ্ৰ আভাস দিবলৈ মহামুনিয়ে ৰাসলীলাৰ বৰ্ণনাত পাৰ্থিৱ শৃংগাৰ ৰসৰ আনন্দৰ উদাহৰণৰ আশ্ৰয় ল’বলগীয়াত পৰিছে। শ্ৰুতিয়েও এই জীৱাত্মা-পৰমাত্মাৰ আলিংগনৰ আনন্দৰ কণামাত্ৰাৰ আভাস দিবলৈ এনে উদাহৰণৰেই আশ্ৰয় লৈছে। ব্ৰজৰ গোপীসকলে মূৰ্ত্তিমান আনন্দ শ্ৰীকৃষ্ণক আলিংগন কৰি গোটেই সংসাৰ পাহৰি গৈছিল। শ্ৰীকৃষ্ণৰ ৰাসলীলা জীৱ ব্ৰহ্মৰ আলিংগনৰ অভিনয়। সংসাৰ পাহৰিব পাৰিলেই কাম নাথাকে। আনন্দ মূৰ্ত্তিৰে সৈতে আলিঙ্গিত হ’ব উপায় প্ৰেম। প্ৰেমৰ ঘাই লক্ষণ প্ৰিয়তমৰ অপ্ৰাপ্তি দাৰুণ উৎকণ্ঠা। বিৰহিণী ব্যভিচাৰিণী কামিনীয়েই সেই উৎকণ্ঠাৰ এক মাথোন চূড়ান্ত দৃষ্টান্ত। এই বাবে গোপীসকলক ব্যভিচাৰিণী পৰনাৰীৰূপে থিয় কৰি ভগৱন্তৰ ভক্তৰ ভগৱন্তক পাবৰ উৎকণ্ঠা দেখুৱা হৈছে অৰ্থাৎ জীৱৰ এনেকুৱা উৎকণ্ঠা হ’লেই জীৱই ভগৱন্তক পাব। এয়ে ৰাসলীলাৰ ঘাই শিক্ষা।

সাধাৰণতে ৰাসোৎসৱ কৃষ্ণকেন্দ্ৰীক এক ভাৱনা বিস্তাৰৰ মাধ্যম।  সেয়েহে ভগৱান শ্ৰীকৃষ্ণৰ বিষয়ে এই প্ৰবন্ধত কিছু চৰ্চা কৰিম। ভক্তি ৰসৰ সৈতে জড়িত এই ৰাস উৎসৱ। মাজুলীত প্ৰথম উৎপত্তি হোৱা বুলি জনাজাত এই ৰাস উৎসৱ বৰ্তমান অসমৰ চুকে-কোণে উদযাপিত হয়। নামনি অসমত মৃন্ময় মূৰ্তিৰ ৰাস হ’লেও উজনি অসমত মানুহ অভিনীত ৰাস উৎসৱ উদযাপিত হৈ আহিছে। ই প্ৰধানতঃ নৱ-বৈষ্ণৱ ধৰ্মৰ এটা অপৰিহাৰ্য অংগ।

কৃষ্ণ কোন?

সহজতে ক’বলৈ হ’লে কৃষ্ণ বসুদেৱ যশোদাৰ পুত্ৰ, মথুৰাৰ অহংকাৰী ৰজা কংসৰ ভাগিন, মহাভাৰতীয় যুদ্ধৰ প্ৰধান উদোক্তা, ধৰাধামত দুষ্টক দমন শান্তক পালন কৰোঁতা,  পঞ্চপাণ্ডৱৰ দৰে একান্ত ভকতসকলক ক্ষমতাৰ শীৰ্ষবিন্দুলৈ উত্তৰণ ঘটোৱা এটা ঐতিহাসিক চৰিত্ৰ হ’ল কৃষ্ণ যাৰ জন্ম হৈছিল কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত, জন্মৰ লগে লগে যিজন হৈছিল মাতৃভূমিৰ পৰা বিতাৰিত, বিপদসংকুলতাৰে বাল্যকাল পাৰ হোৱাৰ দৰে কৈশোৰকাল আৰু যৌৱনকালো গভীৰ উদ্বিগ্নতাৰে ভৰা সেইজন পৰমপুৰুষৰ ভাৰত ভূমিত শান্তি প্ৰতিষ্ঠাৰ বাবেই অৱতাৰ হৈছিল বুলি যুগে যুগে পূজিত হৈ আহিছে। সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী বুলি যুগে যুগে পূনজিত এইগৰাকী কৃষ্ণৰ নাম গুণ স্মৰণ, শ্ৰৱণ, কীৰ্তন কৰিলে ঘোৰ কলিকালত জীৱই আচৰিত ধৰণে মুক্তি লাভ কৰি কৃষ্ণতেই লীন যোৱাৰ সুযোগ মিলে। সেয়েহে কোৱা হয় এই কলি যুগত পাপী, তাপি, অপৰাধী সকলোৱে আন্তৰিকভাৱে কৃষ্ণ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিলে শান্তি পাব পাৰে। মথুৰা, বৃন্দাবন, দ্বাৰকা, কুৰুক্ষেত্ৰৰ কৃষ্ণ পৰম ব্ৰহ্ম পৰম তত্বৰ মনুষ্যৰূপৰ অৱতাৰ। শ্ৰীমদ্ভাগৱততো কৈছে, কৃষ্ণৰ অৱতাৰ অসংখ্য বুলি। কীৰ্তনতো কৈছেঃ ‘যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত’। সৰল অৰ্থত দুষ্টক দমন শান্তক পালন কৰি ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় দেখুৱাবলৈয়ে যুগে যুগে কৃষ্ণৰ অৱতাৰ। কৃষ্ণৰ লক্ষ্য আৰু উদ্দেশ্যও এয়াই। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱৰ ওপৰিও আতাপুৰুষসকলে শ্ৰীকৃষ্ণ চৰিত্ৰ সুন্দৰভাৱে বৰ্ণনা কৰি গৈছে। কৃষ্ণৰ উপস্থিতিত গোকুল, বৃন্দাবন, দ্বাৰকা, মথুৰা, হস্তিনাপুৰ সকলোতে সমতাৰ ভাব উদ্ভৱ হৈছিল। সকলোৰে কেন্দ্ৰবিন্দু সেইযুগত কেৱল কৃষ্ণহে আছিল। কৃষ্ণ হৈছে সৃষ্টি তথা উৎসাহৰ প্ৰতীক। কৃষ্ণ সদায় ভকত বা প্ৰকৃত কৰ্মীজনৰ অধীন। তেওঁৰ কৃপা লাভ কৰিবলৈ হলে নিৰন্তৰ হৃদয়ত তেওঁক ৰাখি ‘হস্তে কৰা কাম মুখে বোলা ৰাম’ নীতি গ্ৰহন কৰিব লাগিব বুলি হিন্দু সমাজে অনাদি কালৰে পৰা বিশ্বাস কৰি আহিছে।

কৃষ্ণৰ ৰহস্যময়তা যুগে যুগে গবেষনাৰ বিষয় হৈ ৰ’বঃ

জীৱকুলৰ স্বাৰ্থত ধৰ্ম ৰক্ষাৰ কৰ্মত প্ৰবৃত্ত হওঁতে কেতিয়াবা বিতৰ্কৰ মাজতো সোমাব লগা কৃষ্ণই বুদ্ধিৰে নিয়ন্ত্ৰণ কৰে চৰাচৰ জগতখন। পঞ্চপাণ্ডৱে এইগৰাকী  কৃষ্ণৰ সহায় নাপালে চিৰদিনীয়া বনবাসী হৈ বা ভিক্ষাবৃত্তিৰে জীৱন পাৰ কৰিব লাগিলহেঁতেন। এইজন কৃষ্ণই জানিছিল ন্যায় যুদ্ধত  দুৰ্যোধনহঁতক পৰাভূত কৰাটো সহজ নহয় সেয়েহে মাজে মাজে অন্যায়ৰো আশ্ৰয় লৈছিল। কৰ্ণৰ কবচ-কুন্দল দান দিব লগা অৱস্থা তথা কুৰুক্ষেত্ৰ যুদ্ধত ৰথৰ চকা মেদিনীয়ে গ্ৰাস কৰা, অশ্বত্থমা নামৰ হাতী মৰোঁতেও বীৰ অশ্বত্থমা মৰা বুলি কৌশল কৰা, মহাবীৰ জৰাসন্ধ বধৰ নিৰ্দেশ কৌশলেৰে দিয়া, জয়দ্ৰথ বধ নোহোৱাত সূৰ্যটোকে  আকাশত পুনৰ অনা, বিবিধ সময়ত বিভিন্নজনক বৰ দিওঁতে সুৰুঙা উলিয়াই ৰখাকে ধৰি হেজাৰটা কৌশল ৰচনা কৰি কৃষ্ণই সুন্দৰভাৱে সেইসময়ৰ জনসাধাৰণক নিয়ন্ত্ৰণ কৰাটোৰ চাতুৰ্যতা মানিবই লাগিব। অহংকাৰী দুৰ্যোধনহঁতক চলেবলে-কৌশলেৰে পৰাজিত কৰাই কৃষ্ণ চৰিত্ৰৰ উদ্দেশ্য। ভীষ্ম শৰশৰ্যা, কৰ্ণবধ, দুৰ্যোধনবধ  কৃষ্ণৰ জীৱনৰ আন এক ‘টাৰ্ণিং পইণ্ট’। শকুণিয়ে পাণ্ডৱক কিদৰে সমস্যাৰ গৰাহত পেলাব পাৰে তাৰ চিন্তাত কটাইছিল, একেদৰে যদুপতি কৃষ্ণয়ো কৌৰৱপক্ষক যিকোনো উপায়েৰে বলহীন বুদ্ধিহীন কৰি নিঃকিন কৰি দিবলৈয়ে চেষ্টা কৰি নিজৰ অধিকাৰ প্ৰৱৰ্তন কৰিব বিচাৰিছিল বুলিয়ো বহু আলোচকে আলোচনা কৰা দেখা যায়। ইয়াৰ নেপথ্যটো আছিল ধৰ্মৰেই প্ৰতিষ্ঠাই। 

সহজ কথাত এঠাইত কাটিলেই সাত ঠাইত গজা ৰহস্যময় চৰিত্ৰ এটা জন্মতে লৈ আহিছিল বাবেই কৃষ্ণৰ আন এটা নাম পুলস্ত। কৃষ্ণই কুৰুক্ষেত্ৰ মহাযুদ্ধখনত প্ৰত্যেক্ষভাৱে অংশ গ্ৰহণ  নকৰিলেও পঞ্চপাণ্ডৱৰ লগত শাৰীৰিক উপস্থিতিৰ লগতে মানসিক বুদ্ধিমত্তাৰে চিৰদিন ভকতৰ অধীন হৈ থকাৰ চৰ্তৰে বান্ধ খাই থকাৰ সমান্তৰালভাৱে ধৰ্ম ৰক্ষাৰ বাবেও যি সহায় কৰিছিল তেনে ঐতিহাসিক চৰিত্ৰ পৃথিৱীৰ ইতিহাসত কাহানিও ক’তো বিচাৰি যে নাপাব সেয়া নিঃসন্দেহে ক’ব পাৰি।

☆ ★ ☆ ★ ☆

One comment

  • ৰাজশ্ৰী শৰ্মা

    ভাল লাগিল প্ৰৱন্ধটো।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *