ফটাঢোল

কি সাজে শুৱাব- কমলা দাস

নয়ন আৰু পৃঞ্চীৰ মাজত এইটো কথাৰ কোনো দিনে মিল নাই আৰু ভবিষ্যতেও নহ’বও কিজানি! এক কথাত ক’বলৈ গ’লে তেল-পানী নিমিলাৰ নিচিনা কথা! এনেয়ে কিন্তু ‘হিৰ্ ৰাঞ্জাৰ’ দৰে ইটোৰ গাত সিটোৱে, মাখি এটা পৰিলেও মাখিটোকে ফেপেৰী পাতি ধৰে, বোলে মোৰ জানটোৱে কষ্ট পাবলৈ তই কিহলে গাত পৰিবলৈ আহিছ? একেটা থাপৰতে চেটেপ হৈ যাবি, চিনি পোৱা নাই!

সেই হেন ইটোৰ ডিঙিত পানী ঢালিলে সিটোৰ ডিঙিত পৰা, নলে গলে লগা কাপ’লটোৰ অকল এইটো কথাতেই যি মিল নাই! মিল নাই মানে এই কথাটোক লৈ প্ৰায়েই এখুন্দা লাগিয়েই যায়! মানে কথাটো এনেকুৱা….

দুইজনে একেলগে ক’ৰবালৈ যাবলৈ হ’লে ওলাবৰ সময়ত নয়নে সদায়েই লৰালৰিখন লগায়। সি যিমানে লৰালৰি লগায়, পৃঞ্চীৰ সিমানেই খেলিমেলি লাগে। পৃঞ্চীৰ মতে, তাই সাজিবৰ সময়ত সি যদি তাইক আমনি নকৰিলেহেঁতেন, তেন্তে তাইৰ বহুত সোনকালে ওলোৱা হ’লহেঁতেন। তাৰ মতে সি যদি লৰালৰি নলগায়, তেতিয়া হ’লে পৃঞ্চীৰ ওলাওঁতে আৰু কেইঘণ্টামান দেৰি লাগিব। মানুহজনীয়ে ক’ৰবালৈ যোৱাৰ সময়ত ওলাওঁতে কিয় ইমান দেৰি লগায়, সি ভাবি নাপায়! আৰু সেইটোকে লৈ কেতিয়াবা বুঢ়া-বুঢ়ীৰ ওলট-পালট কবিতাটো দুয়োৰে লগত কাৰ্যকৰী হোৱাৰো নজিৰ আছে! 

আজিও সদায় কৰাৰ দৰে সি যেতিয়া নিজে আগেভাগে পিন্ধি উৰি গৈ গাড়ীখনত বহি লৈ দীঘলীয়া হৰ্ণ বজাই দহ মিনিটৰ মূৰে মূৰে – ‘তোমাৰ হ’লনে’, ‘তোমাৰ হ’লনে’ কৰি আছে! সি যিমান লৰালৰি লগাইছে, তাইৰ মুখৰ ভোৰভোৰণিও সিমানেই বেছি হৈ গৈ আছে! ইস্, কথা ক’লেই হ’ব নেকি! পটককৈ ওলোৱা বুলি ক’লেই ওলাব পাৰি নেকি! ঘৰৰ সকলো কামৰ জঞ্জাল মাৰি আজৰি হৈ অহা হয় মানে ভাগৰেই লাগে। আকৌ আজৰি হোৱাৰ পাছত গাটো নাইবা ভৰি হাতখিনিকে ভালদৰে ধুই নল’লে গাৰ পৰাচোন তেল-মছলাৰ গোন্ধটো নাযায়েই! চাফ্ চিকুণ হৈ অহাৰ পাছত আহিল এইবাৰ পিন্ধি যোৱা কাপোৰ সাজ উলিওৱাৰ লেঠা! দুটা আলমাৰীত ঠাহ খাই থকা কাপোৰৰ মাজৰ পৰা মন পচন্দৰ কাপোৰ সাজ বিচাৰি উলিওৱাৰ বেদনা ভুক্তভোগীয়েহে জানে! তাকে ক’লে নয়নে কয় – “দ’ম দ’ম কাপোৰৰ মাজত, তোমাৰ অধিক মাছত বগলী কণাৰ দৰে হয়গৈ!”  

কৈ থাকক যি কয়! কাপোৰ কেইযোৰমান বেছিকৈ থাকিল বুলিয়েই য’তে ততে যি টি পিন্ধি যাব নোৱাৰি নহয়! প্ৰথমতে ভাবিব লাগিব কি অনুষ্ঠানলৈ যাবলৈ ওলাইছোঁ! সেই অনুষ্ঠানৰ মতে কাপোৰযোৰ মিলিব লাগিব। মানে ধৰক বাৰ্থডে পাৰ্টি এটাত তোলনি বিয়া খাবলৈ পিন্ধি যোৱা কাপোৰযোৰ আৰু পিন্ধি যাব নোৱাৰি নহয়! নাইবা বজাৰলৈ যোৱা কাপোৰযোৰো মৰাৰ সকাম খাবলৈ যাবলৈ বেয়া লাগে। ঠিক তেনেদৰে বিয়া খাবলৈ যোৱা কাপোৰ, আলহী খাবলৈ যোৱা কাপোৰ, বন্ধু বান্ধৱক লগ কৰিবলৈ যোৱা কাপোৰ, ইত্যাদি ইত্যাদি সকলো ফাংচনতে মিলাকৈ কাপোৰ এযোৰ পিন্ধি যাবলৈ, দুই আলমাৰী কাপোৰৰ মাজৰ পৰা এযোৰ বিচাৰি উলিয়াব লাগে! ধেমালি কথা নেকি! তাতেই আকৌ সিজনাক কি পিন্ধোঁ বুলি সুধিলেতো ভেকাহি মাৰি ক’বহে জানে – “যি পিন্ধা, পিন্ধা! সোনকালে ওলোৱা! তোমাক কুলিৰ ৰঙেৰেও ভাল দেখি, জেব্ৰাৰ ৰঙেও ভাল দেখি!”  মানে একো এটা সঠিকভাৱে ক’ব নোৱাৰে, মাথোঁ সোনকালে ওলোৱাটোহে বুজি পায়। সেইখিনি সময়ত তালৈ পৃঞ্চীৰ ইমানেই খং উঠে যে পাৰিলে কেতিয়াবা তাৰ মাজ মূৰতেই….. 

পচন্দৰ কাপোৰযোৰ উলিয়াবলৈ যাওঁতে, বিছনাত কাপোৰৰ দ’ম বান্ধে। বহুত ভবা চিন্তাৰ পাছত এযোৰ পিন্ধিম বুলি ঠিক কৰি, সেইযোৰ একাষৰীয়াকৈ থৈ বাকীবোৰ পুনৰ আলমাৰীত ভৰাই থ’ব লগা হয়। নহ’লে ঘূৰি আহি নয়নে ভাগৰ লগা বুলি কৈ কাপোৰ নসলোৱাকৈয়ে সেই সোপাৰ ওপৰতে বাগৰি দি সকলো ছেদেলি-ভেদেলি কৰি দিয়ে! 

কাপোৰযোৰ ঠিক কৰাৰ পাছত এইবাৰ আহিল নিজকে সজোৱা-পৰোৱাৰ ব‍্যৱস্থা কৰা! বিয়া এখনত অলপ সাজি কাচি নগ’লে ভাল লাগিব জানো! ৰাইজে কি ক’ব! সাধাৰণভাবে হ’লেওতো অলপ মেকআপ কৰিবই লাগিব! তাতে আকৌ দুই বেলা চাহে ভাতে বনাই, দ’ম দ’ম বাচন ধুই, হাতৰ আঙুলি, ভৰিৰ আঙুলিয়ে পিতল বৰণ ধৰিছেগৈ! তেনেদৰে ইমান লেতেৰা-পেতেৰা আঙুলিকেইটা উলিয়াই যাব পাৰি নে সমাজ এখনত! অকণমান নেইল পলিচ লগাই সেইকেইটাকো ঢাকি ঢুকি চকমকীয়া কৰি ল’ব লগাত পৰে। 

ইমানবোৰ মেনেজ কৰাৰ পাছত কাপোৰযোৰ পৰিপাটিকৈ পিন্ধি, মিলা চেণ্ডেলযোৰ যেনেতেনে ভৰিত সুমুৱাই ওলাই যোৱা হয় মানে দুঘণ্টামান সময় লাগেই আৰু! সেইবোৰ মতা মানুহে কি বুজি পাব! নিজে পেণ্ট চাৰ্টযোৰ সুমুৱাই ল’লেই হয় যে! তাকো লোকে ধুই মেলি, ইষ্ট্ৰি পৰ্যন্ত কৰি থোৱা! আৰে ভাই! সময়ে সময়ে সন্মুখত বাঢ়ি দিয়া চাহ ভাত আৰামত খাই থাকিবলৈ পালে আমিও ডাঙৰ ডাঙৰ বক্তৃতা দিব পাৰিলোহেঁতেন! কথা ক’বলৈ আহে! হুঃ! 

গাড়ীৰ ভেঁপুটো বাজি বাজি নবজা হোৱাৰ সময়তে পৃঞ্চী ওলাই আহিল হাইহিল পিন্ধি খটক, খটককৈ!  আগফালৰ দৰজাখন খুলি বহি লৈ ঢাম্ কৈ মাৰি ল’লে! খং ভাৱেৰে কিবা এষাৰ নয়নক ক’বলৈ লওঁতেই তাৰ ফালে চকু পৰাত তাইৰ আপোনা আপুনি হাঁহি এটাহে ওলাই গ’ল! আও! এখেতে দেখোন আজি একেবাৰে শেনৰ এজাত! সঁচাকৈয়ে পৰম্পৰাগত পোচাক পিন্ধিছে! অ’, সেই কাৰণেই হ’বলা মোক এবাৰো দেখা নিদিয়াকৈ আহি গাড়ীত বহি আছেহি!  পিচে পিন্ধিলে বা কেনেকৈ! নিজেতো পিন্ধিব নাজানে! ওওওও… গধূলি যে সেই চিনাকি মানুহজন আহিছিল, তেখেতেই পিন্ধাই থৈ গ’ল হ’বলা! যি নহওক, ভালেই দেখিছে বাৰু! পিচে এতিয়া ফুলা লুচি যেন মুখখনৰহে কেতিয়া মানে পাম্প যায় বা!

আচলতে কালিৰে পৰাই দুয়োৰে মাজত খকা খুন্দা এখন লাগি আছিল। আজি যাবলৈ লোৱা এই বিয়াখনত পিন্ধিবলগীয়া কাপোৰক লৈয়ে!  

পশ্চিমীয়া সাজ-পোছাক পিন্ধি ভাল পালেও প্ৰতিটো উৎসৱ পাৰ্বন, বিয়া বাৰু আদিত নিজৰ জাতীয় পোছাক পিন্ধি ভাল পায় পৃঞ্চীয়ে। তাৰ বাবে তাইক কোনেও ক’ব নাইবা মনত পেলাই দিব নালাগে। নিজেই আগ্ৰহ কৰি পিন্ধে। পিচে কালি নয়নে অফিচৰ পৰা আহি পৃঞ্চীক আজিৰ বিয়াখনৰ কথা মনত পেলাই দিলে আৰু লগতে ইয়াকো ক’লে যে, “কাইলৈৰ বিয়াখনত মেখেলা চাদৰহে পিন্ধিবা দেই তুমি!”

নয়নৰ কথা শুনি পৃঞ্চীৰ টিঙিচকৈ খংটো উঠি গ’ল! ফেপেৰি পাতি তাক উভতি ধৰিলে – “তুমি যে মোক নিৰ্দিষ্টকৈ মেখেলা চাদৰহে পিন্ধাৰ কথা ক’লা, মই কি বিয়া বাৰুৱে গ’লে জিন্স-টি চাৰ্ট পিন্ধি যাওঁ নেকি? তেনেকৈ কেতিয়াবা যোৱা দেখিছা নেকি মোক?”

হঠাৎ মুখেৰে কি ওলাই গ’ল, ইয়াৰ পৰিণাম কি হ’ব পাৰে বুলি নয়নে জিভা কামুৰি ভাবিয়েই আছিল!  এতিয়া সঁচাকৈয়ে বোমটো ফুটিলেই! ৰক্ষা নাই আৰু!  এতিয়া সন্মুখৰ আক্ৰমণ প্ৰতিহত কৰিবৰ বাবে নৰমপন্থীৰ ৰূপ ধাৰণ কৰিবই লাগিব! নয়নে মিহিকৈ মিঠা মাত উলিয়াই লাহেকৈ ক’লে,

: হেঃ মই কিবা বেলেগ কথা এটা ভাবি আছিলোঁহে! ভুলতে মুখৰপৰা ওলাই গ’ল। বেয়া নাপাবা। কাইলৈ তোমাৰ পচন্দৰ কাপোৰেই পিন্ধিবা দেই সোণজনী! 

(এনেকৈ ক’লে সদায় চাউল সিজে যে!) 

পৃঞ্চীয়ে বোলে – হুহ্, হ’ব, হ’ব, মোক যে মেখেলা চাদৰ পিন্ধাৰ কথা ক’লা, বিয়া-বাৰুলৈ যাওঁতে নিজেনো কোনদিনা জাতীয় পোছাক পিন্ধি পাইছা হে!   উপদেশতকৈ আৰ্হি ভাল, বুইছা! ওলাবাচোন কাইলৈ তুমি ধুতি চোলা পিন্ধি বিয়ালৈ! ময়ো মানিম তোমাক!

(তাইৰ মতে – সদায় চাউল নিসিজে!) 

পৃঞ্চীৰ কথাই নয়নৰ কলিজা লৈকে শালি ধৰিলে! সিয়ো পুৰা জোছত কৈ উঠিল –  

: ঠিক আছে, নোৱাৰা বুলি ভাবিছা নেকি! চাবা, কাইলৈ মই ধুতি চোলা পিন্ধিয়েই বিয়ালৈ যাম!

: দেখিলেহে লেখিম! 

পৃঞ্চীয়েও সিঁয়াৰিলে!

পিচে নয়নে যে আজি সঁচাকৈয়ে ধুতি চোলা পিন্ধি বিয়ালৈ যাব ওলাই পৃঞ্চীক অবাক কৰি দিব, পৃঞ্চীয়ে সপোনতো ভবা নাছিল! কি কৰা যায়! এতিয়া তাই তাক এইযোৰ সলাই, পেণ্ট চাৰ্ট এযোৰ পিন্ধি আহিবলৈ ক’বও নোৱাৰে। নিজৰ কথাত তাই নিজেই বান্ধ খালে! এতিয়া তাক এনে সাজত দেখিলে ৰাইজে যে পৃঞ্চীহঁতক আউটডেটেদ বুলি ভাবিব, সেইটো খাটাং।

কথাবোৰ ভাবিয়েই তাই ঘামি গ’ল!

☆ ★ ☆ ★ ☆

6 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *