ফটাঢোল

লিমাৰিক-অবিনাশ পীড়াকটা

এল পিত পঢ়োঁতে আছিলোঁ ম‌ই বেপাৰী

ফলুগুটি, পেঞ্চিল আদিৰে দিয়ে চুপাৰী

পেণ্টৰ খোঁচনিত জলফাই

আবেলি স্কুল চাফাই

টেঙা খাই নিকটাওঁ মোৰ দাঁত দুপাৰী।


হনুমন্ত বোলাটো আছিল মোৰ লগৰ

অকণমান কথাতে লাগে তাৰ জগৰ

শ্ৰুতলিপিত উঠে জ্বৰ

কৰঙণত আছিল খৰ

মৌখিক বুলিলেই সি সলাই বাগৰ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published.

error: Content is protected !!