ফটাঢোল

কৌতুক-পদ্মলোচন ভৰদ্বাজ

পত্নীয়ে বমি কৰা দেখি পতিয়ে সুধিলে, 

: কি হ’ল? কিবা বেয়া বস্তু খালা নেকি, বমি হৈছে যে? 

পত্নী : লাহেকৈ কওক হে, কোনোবাই শুনিব, মই মাক হ’বলৈ ওলাইছোঁ, সেই কাৰণেহে বমি হৈছে৷ 

ৰাতি পতিয়ে ডিঙিলৈকে মদ খাই আহি, ঘৰৰ মজিয়াতে ওক্ ওকাই বমি কৰি দিলে ৷ তাকে দেখি পত্নীয়ে খঙত একো নাই হৈ সুধিলে, 

: এইবোৰ কি কৰিছা, কি খাই আহিছা হাঁ, কি খাই আহিছা? 

পতিয়ে ঢলং ঢপংকৈ থিয় হৈ- 

: মনে মনে কোৱাহে, কোনোবাই শুনিব, মই দেউতাক হ’বলৈ ওলাইছোঁ, সেই কাৰণেহে বমি হৈছে৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *