ছাৰ বুলি মাতিলে বেয়াই লাগে-বিদ্যুত বিকাশ দত্ত
২০০৮ /২০০৯ চনৰ কথা। তিনিআলিতে টিউশ্যন চেণ্টাৰ এটা খুলি প্ৰফেচনেল জীৱন এটা আৰম্ভ কৰিছোঁ। ল’ৰা-ছোৱালী কম। হ’ল বুলিয়েইতো কাৰোবাক মাতি আনিব নোৱাৰি। তথাপিও ল’ৰা-ছোৱালী দুটামান বাঢ়িলে ভাল লাগে। দুপইচা আহেও।
তেনেতে এদিন এটা ল’ৰা আহিল। মই নেৰেশ্যন নে কি পঢ়ুৱাই আছোঁ৷ “ছাৰ, অকণমান ওলাই আহকচোন” বুলি ল’ৰাটোৱে মাত দিলে। ল’ৰাটোৰ কাণত দুপাট কাণফুলি আৰু ওপৰৰ ওঁঠটো ৰূপালী গজাল এটাৰে ফুটাই থোৱা। প্ৰথম দৰ্শনতে বুজি পালোঁ ইয়াৰ পঢ়াত মন নাই। আছে যদিও ই অগতানুগতিক জীৱ। ধৰি লওক অল-ইণ্ডিয়াত চাৰি পিচ আহিছিল, এপিচ আমগুৰিয়ে ভাগ্যক্ৰমে(!) পালে।
ল’ৰাটোৰ পোচাকযোৰ আৰু চাবলগা। এটা আঁঠুঘিলাতে ফটা জিন্স, পিন্ধিছে কঁকাল নামৰ ইন্দ্ৰীয়ৰ পৰা আঢ়ৈ ইঞ্চি তলত। চুটি স্পৰ্টিঙটো নাভিতকৈ তলত থাকিলেও সেউজীয়া অন্তৰ্বাসটোৱে জিন্স আৰু স্পৰ্টিঙৰ সঙ্গমস্থলিতে নিজৰ অস্তিত্ব প্ৰকাশ কৰি আছে। মুঠতে ল’ৰাটো দেখিলে আপোনাৰো মনটো ভাল নালাগিব। মোৰো তেনে হৈছিল। মই টিউশ্যন কৰি থকা ছোৱালী (সিহঁতো জোখতকৈ পাতল আছিল) কেইজনীয়ে তাৰ চতুৰ্ভূজ ৰূপটো দেখি হাঁহিত ৰ’ব নোৱাৰা হ’ল। বাস্তৱিকতে মোৰো হাঁহি উঠিছিল কিন্তু শিক্ষকৰ গাম্ভীৰ্য ৰক্ষা কৰি মই নহঁহাকৈ থাকিলোঁ।
ল’ৰাটোক ভিতৰলৈ মতাতকৈ ময়ে ওলাই আহিলোঁ। মোৰ অনুমান সঁচা আছিল। তাক মই মেট্ৰিকৰ বাবে অলপ পঢ়াই দিব লাগে। ল’ৰাটোৰ ওপৰত মোৰ প্ৰাথমিক ধাৰণা অনুসৰি মই পোনেই না কৰিলোঁ। কিন্তু সি নাচোৰবান্দা। অৱশেষত মই ছোৱালীকেইজনীৰ ওচৰলৈ আহি সুধিলোঁ,
: ইয়াক তহঁতৰ লগতে বহুৱাই ল’লে কাৰোবাৰ আপত্তি আছে নেকি?
আচলতে বছৰৰ শেষৰ কোটাৰ ছাত্ৰীকেইগৰাকী মই হেৰুৱাব বিচৰা নাছিলোঁ। নহ’লে যে চলিবলৈকে টান হ’ব! সঁচাকৈ তেতিয়া মোৰ বৰ অভাৱ আছিল।
মই ভাৱিছিলোঁ ইহঁতে আপত্তি কৰিলেই মই নিলগতে তাক আঁতৰাব পাৰিম। কিন্তু কি বিধিৰ বিপাক! কোনেও মোক উত্তৰ নিদিলে। কোনেনো বাৰু তেনেকুৱা ল’ৰাৰ লগত শত্ৰুতা কৰি ল’ব? পিছদিনাৰ পৰা ল’ৰাটো আহিল। মই ক্লাছত সোমোৱাৰ আগে আগে দেখিলোঁ সি ছোৱালীকেইজনীৰ লগত পুৰা আড্ডা জমাই আছে। মই যোৱাত সকলো নিজম পৰিল।
সেইদিনা সি যিটো স্পৰ্টিং পিন্ধি আহিছিল তাৰতো আৰু জবাৱ নাই। কমলা ৰঙৰ আখৰেৰে স্পৰ্টিঙটোত লিখা আছে “টায়াৰ নেহী টু গাড়ী কিয়া/প্যাৰ নেহীটো জিন্দেগী কিয়া?” মোৰ টিঙিচকৈ খঙটো উঠিল। তথাপি পঢ়াবলৈ ধৰিলোঁ। মই ভৱাৰ দৰেই তাৰ মুঠেই পঢ়াত মন নাছিল। মই ‘ভয়চ’ বুজালে সি আকবৰৰ ৰাজকাৰ্যৰ কথা সোধে। ‘ফ্ৰেজ’ শিকালে সি এইডছ বেমাৰৰ ইতিবৃত্ত সোধে। ‘ডিটাৰমিনাৰ’বোৰ আন্দাজত মাৰি দিয়ে, সৱ শুদ্ধ হৈ যায়। ‘প্ৰিপজিশ্যন’ৰ এবাৰ পৰীক্ষা লৈছিলোঁ। তিনিশ প্ৰিপজিশ্যনৰ পৰীক্ষা। মামুলি কথা নহয়। বহুবোৰ ময়ে পাহৰি যাওঁ। কিন্তু সি সম্পূৰ্ণ নম্বৰ পালে। মই অবাক। পিচে সোনকালেই সি ধৰা পৰিল। সি আচলতে অফ/ ইন / এট আদি লগা প্ৰিপজিশ্যনবোৰ চিৰিয়েলি লিখি ল’লে আৰু ইমানৰ পৰা ইমানলৈ কি কি হয় জেগাত বহুৱায় গ’ল। বচ অভং মাষ্টৰে নম্বৰ দি দিলোঁ৷
দিনবোৰ পাৰহৈ গ’ল। পিচে ছোৱালীকেইজনীৰ মাজত লাহে-লাহে আগৰ মিলাপ্ৰীতিবোৰ নাইকীয়া হৈ পৰিল। প্ৰথমে কেউজনীয়ে গ্ৰুপিং আৰম্ভ কৰিলে। লাহে লাহে গ্ৰুপবোৰে সৰু-সৰু তাঙৰণ লৈ থাকিল। গ্ৰুপবোৰ মাইক্ৰ’ গ্ৰুপ, ম’নগ্ৰুপ আৰু শেষত নেন’ গ্ৰুপ হৈ পৰিল। কিন্তু ‘টায়াৰ’ (মই ল’ৰাটোৰ গোপনে দি লোৱা নাম) সদায় আহি থাকিল। তাৰ পোছাকবোৰো দিনে দিনে আফ্ৰিকাৰ অৰণ্যৰ জঙ্ঘলীলোকৰ দৰে হৈ গৈ থাকিল। লঙপেণ্ট গৈ হাফপেণ্ট হৈ পৰিল। হাফপেণ্টবোৰ চুটি হৈ হৈ কলিতে ছিঙা টিয়হটোৰ দৰে হৈ থাকিল। মই পঢ়া আৰু পোছাক লৈ তাক ধমক দিবলৈ ধৰিলোঁ। শেষত তাৰ পোছাক দেখি জীয়ৰী ছোৱালীকেইজনীৰ আগত মোৰে লাজ লগা হ’ল। লাজত মই সিহঁতৰ আগত তলমূৰ কৰি ক্লাছ কৰিব লগা অৱস্থা হ’ল।
লাহে-লাহে ছোৱালীকেইজনী টিউশ্যনলৈ কমকৈ অহা হ’ল। এদিন আহিলে তিনিদিন নাহে। তাৰ পিছত এজনী এজনীকৈ প্ৰায় গোটেইবোৰে ফী-পত্ৰ (ফীজ নহয়) নিদিয়াকৈ টিউশ্যন এৰি দিলে। কিন্তু ‘টায়াৰ’ আহিয়েই থাকিল। এজনী ছোৱালী আৰু ‘টায়াৰ’ থাকিলগৈ। শেষৰ ছোৱালীজনী আকৌ অন্তৰ্মূখী। দহদিনমান তায়ে সিয়ে অহাৰ পিছত এদিন সিও নহা হ’ল। মোক বাটত দেখিলে সি পোন্দোৱাকৈ চোৱা হ’ল। যেন মইহে তাৰ ধাৰ খাই থৈছোঁ। উপায়ন্তৰ হৈ মই তাইক এদিন সুধিলোঁ,
: ইহঁতে কিয় টিউশ্যন এৰি দিলে অ’? মোক কিবা বেয়া পালে নেকি?
তাই ক’লে,
: সেইবোৰ বহুত কথা ছাৰ। আপোনাক ক’ব নোৱাৰি।
মই উচপ খাই উঠিলোঁ। কি কয় এই? পিছদিনা মই তাইক পুনৰ সুধিলোঁ,
: আজি তই কথাটো ক’বই লাগিব। কি হ’ল ক৷
বৰকৈ সুধিলত তাই ক’লে,
: ছাৰ এই গোটেইবোৰৰ মূলতে এই বদমাছ ল’ৰাটো। ই টিউশ্যনলৈ অহাৰ পিছতে আমাৰ লগৰ গোটেইকেইজনীক বেলেগে বেলেগে এজনী এজনীকৈ প্ৰপ’জ কৰিলে। আমাৰ লগৰ গোটেইকেইজনী “সন্তোষী মা”। কাৰো প্ৰস্তাৱ না নকৰে। সৱৰে লগত অ’কে হোৱাৰ পিছত গোটেইকেইজনীৰ মাজত কাজিয়া লাগিল। গ্ৰুপ হৈ পৰিল। তেনেতে আপুনি তাক গালিপৰা আৰম্ভ কৰিলে। সিহঁতৰ আগত গালি পাৰিলে সি লাজ পায়। গতিকে ইজনী সিজনীকৈ সৱকে টিউশ্যন অহা বন্ধ কৰিলে। সি বেয়া পাব বুলি সিহঁতিও নহা হ’ল, কাৰণ সবেই তাক সন্তুষ্ট কৰি ৰাখিব বিচাৰে।
তাইৰ কথা শুনি মই পানী খাই গ’লোঁ। হে হৰি কি বিচিত্ৰ প্ৰেম! কি বিচিত্ৰ প্ৰেমিক! প্ৰেম স্বৰ্গীয় নে নাৰকীয়?
মই পুনৰ সুধিলোঁ,
: পিচে তই কিয় আহি আছ? তোক সি সোধা নাছিল নেকি?
: ছাৰে যে কি কয়! সিনো মোক নোসোধাকৈ থাকিবনে? শেষৰ দহদিনমান মোৰ পজিটিভ উত্তৰ বিচাৰিয়েই সি আহি আছিল। মই কোনো কাৰণত তাৰ প্ৰপ’জেল একছেপ্ত নকৰা দেখি সি অভিমান কৰি গুচি গ’ল। শেষৰ দিনা সি কৈ গৈছে “এইটো মাষ্টৰৰ গুৰিত টিউশ্যন লয়নে! কি বেয়া বেয়া গালি পাৰে মোক! কাষ্টমাৰক ব্যৱহাৰ কৰিব নাজানে।”
☆ ★ ☆ ★ ☆
4:14 pm
কাষ্টমাৰ বোলে?