ফটাঢোল

কুকুৰ-পুৰাণ-চন্দামিতা শৰ্মা 

হৰিপ্ৰসাদ চৌৰাচিয়াৰ বাঁহীৰ দীঘলীয়া ৰিংট’নটোত খকমককৈ সাৰ পালোঁ। স্ক্ৰীণত দেখিলোঁ চিনাকি নাম্বাৰ।

কিবা হ’ল আকৌ!

ফোনটো ৰিচিভ কৰি ‘হেল্লো’ বুলি কোৱাৰ আগতেই বন্ধুৰ মাত ভাঁহি আহিল,  

: ইমান সময় লাগে নে ফোনটো ৰিচিভ কৰোঁতে, শুই আছিলি?

…….

:  কি হ’ল  অ’? শুনি আছনে তই? কি কৰি আছনো ? নামাত  যে!

‘…’

: মই ইমান আঁতুৰত ফোন কৰিছোঁ,  সমস্যা এটাৰ কথা ক’বলৈ, তই আকৌ  এনেকুৱাখন কৰিছ!

: মইনে তই?

: মই? মই আকৌ  কি কৰিলোঁ!  তইহে ফোন ৰিচিভ  কৰিও একো নমতাকৈ  আছ। 

: কাষত ঘড়ী আছেনে ? চাচোন এবাৰ.. 

: চালোঁ, চাৰে তিনিটা বাজিছে। চৰী।  

: সেইটোৱেই। এই পুৱাৰাতি ফোন কৰিছ আৰু সুধিছ, কি কৰি আছোঁ। হ’বদে ক এতিয়া কিয় ফোন কৰিলি।

: তই জানই দেখোন মোক! সমস্যা উদ্ভৱ  হ’লে তোক নোকোৱাকৈ থাকিব নোৱাৰোঁ আৰু তোৰ পৰামৰ্শ অবিহনে মোৰ সমস্যা সমাধান নহয়  আৰু চৰী ক’লোঁৱেই দেখোন।

: এতিয়া ক, কি সমস্যা তোৰ।

: সমস্যা গুৰুতৰ।

: গুৰুতৰ? 

: শ্ৰীমতীক এটা কুকুৰ লাগে!

: কুকুৰ লাগে?

: উম

: তই যে নহয়! কুকুৰ লাগে আনি দে। তাকে ক’বলৈ এই পুৱা ৰাতিখন মোক ফোন কৰিছ। আচৰিত দেই।

: আচৰিত হ’ব লগা কিটো আছে, মইহে বুজিছোঁ কি অৱস্থা হৈছে মোৰ।

: এতিয়া মই কি কৰিব লাগে, সেইটো ক! 

: তইতো জানাই, হাউচিং লোন লৈ কিবাকৈ ঘৰটো সাজিলোঁ। শ্ৰীমতীয়ে ষ্টেণ্ডাৰ্ড মিলাবলৈ গৈ ঘৰ সজাই মোক ধাৰত পোত খুৱালে। এতিয়া আকৌ চুবুৰীয়া হাজৰিকাহতঁক দেখি কুকুৰ পোহাৰ চখ লম্ভিছে। মই কি কৰোঁ  কচোন। তেওঁৰটো স্বভাৱটো কেনেকুৱা তই জানই! তেওঁক কিন্তু পূৰাপূৰি বিদেশী কুকুৰহে লাগে। একদম দামী কুকুৰ।

: কি কথা কৱ তই? আমি অসমীয়ামখাই গালি পাৰিবলৈ ব্যৱহাৰ কৰা নিকৃষ্টতম শব্দৰ জন্তুটোক ষ্টেটাচ চিম্বল হিচাপে ধৰিছে?  কৃষ্ণ কৃষ্ণ! পিচে এতিয়া তৎক্ষণাত কি কওঁ তোক?  ইয়াত 

‘কুকুৰৰ দোকান’ ক’ত আছে তাকো নাজানো। হ’ব দে তই ৰাখ এতিয়া। মই কি কৰিব পাৰি চাওঁ এবাৰ।

: প্লীজ তই কিবা মেনেজ কৰিবি। মোৰ পূৰা বিশ্বাস আছে। টোপনি অহা নাই চিন্তাত, সেয়ে তোক ফোন কৰিছোঁ। আমি তিনিটা প্ৰাণী পোহাৰ বাবেই ত্ৰিধগতি বাজি গৈছে আৰু এটা হাৰমাল চপাই লওঁ কেনেকৈ?

ফোনটো থৈয়েই চিন্তাত পৰিলোঁ, কি কৰা যায়। অলপ সময় চিন্তা কৰাৰ পিছত উপায় এটা ওলাল। উপায়টো ভাবি নিজৰে হাঁহি উঠিল।

“হ’ব হ’ব সেইটোৱে ঠিক হ’ব!”

“কাউৰীৰ গাত ময়ুৰৰ পাখি! বঢ়িয়া।”

ৰাতিপুৱাই অফিচৰ পিয়নটোক ফোন কৰিলোঁ। 

দুদিনমান আগতে দেখিছিলোঁ,  অফিচৰ কেণ্টিনৰ পেলনীয়া খোৱা মাইকী কুকুৰজনীৰ কেবাটাও পোৱালি। তাৰে এটাক!…

অলপ সোনকালে অফিচলৈ ৰেডী হ’লোঁ।  অফিচ পায়েই খবৰ ল’লোঁ পিয়নটোৰ। সি আকৌ মোতকৈ এখোপ চৰা। সুন্দৰ স্বাস্থ্যৰ পোৱালিটোক ধুনীয়া বেল্ট এডালেৰে বান্ধি থৈছে। বেল্টডালৰ দামটো দি কুকুৰটোক লৈ বন্ধুৰ ঘৰ পালোঁগৈ।

বন্ধুৰ ঘৰৰ গেইটখন খুলি আচৰিত। বাপৰে কুকুৰক আদৰিবলৈ কি আয়োজন! বন্ধুপত্নীয়ে এনেকুৱাখন কৰিলে যেন তেওঁলোকৰ  ঘৰত স্বয়ং ভগৱানহে উপস্থিত হৈছেহি! তেওঁ কুকুৰটোক ‘মূৰত থ’লে ওকণিয়ে খাব, মাটিত থ’লে  পৰুৱাই পাব” ৰ দৰে কৰিলে। মুখেৰে একো নামাতিলোঁ। 

কুকুৰটোৰ ‘নামাকৰণ’ ক লৈ বন্ধু পত্নীৰ উৎসাহ উদ্দীপনালৈ একেথিৰে চাই ৰ’লোঁ।

বন্ধু পত্নীৰ খাৰাংখাচ কথা – কোনোপধ্যেই কুকুৰটোক দেশী নাম নিদিয়ে। ইমান সুন্দৰ  বিদেশী কুকুৰ! দেশী নাম কেনেকৈ দিয়া যায়। মুঠতে বহুত ভবা-চিন্তাৰ মূৰত ঠিক হ’ল কুকুৰটোৰ নাম হ’ব-

 ‘টম-ক্ৰুজ।’

“বঢ়িয়া, সুন্দৰ নাম!” 

মই শলাগিলোঁ।

কেংকেঙাই উঠা কুকুৰটোক এপাকত 

“হেই কুকুৰ চুপ থাক”  বুলি কৈ উঠা বন্ধুক পত্নীয়ে দুগুণ বেছি জোৰেৰে কেংকেঙাই উঠিল।

দস্তুৰমত তাৰ নাম টম-ক্ৰুজহে! ‘কুকুৰ’ বুলি ক’লে খং নুঠিব নেকি? মন কৰিলোঁ মাকৰ লগতে বন্ধুৰ পাঁচবছৰীয়া ল’ৰাটোও সমানে উৎসাহী। একেবাৰে মাকগঢ়ী ল’ৰা! হঠাতে বন্ধুৱে কোৱা  এষাৰ কথা মনত পৰিল। এদিনাখন কিবা কথা প্ৰসংগত বন্ধুৱে কৈছিল, বন্ধুপত্নীৰ হেনো মেট্ৰিক পৰীক্ষাৰ আগে আগে সকলো বিষয়তে ঘৰুৱা টিউচন থকাৰ পিছতো ত্ৰিশ শতাংশ নম্বৰ পোৱা নাছিল। আজি ভালকৈ প্ৰমাণ পালোঁ।

চাহ-মিঠাই খাই ঘৰলৈ উভতিলোঁ। ৰাতি খবৰ ল’লোঁ। অচিনাকি পৰিৱেশ পাই কুকুৰটোৱে হেনো দিনটো কেংকেঙাই থাকিল। নিচিঞৰিব নে! আমাৰ অসমীয়া কুকুৰহে ! আমাৰচোন হ’কে বিহ’কে চিঞৰি চিঞৰি ৰাজ্য কঁপাই তোলাৰ অভ্যাস জন্মগত। সি কুকুৰ হ’ল বুলি নিচিঞৰিবনে!

তাৰ চিঞৰে হেনো ওচৰৰ মানুহৰ কণামাকৰি সৰাই দিছে। কাষৰ দুঘৰৰ ল’ৰাৰ পৰীক্ষা। কুকুৰৰ চিঞৰে ল’ৰা দুটাৰ পঢ়াত ব্যাঘাত জন্মাইছে বুলি মাকহঁত আহি আপত্তি দৰ্শাই গ’ল হেনো।

নাই বন্ধু পত্নীৰ কোনো আফছোচ নাই।

পিচে সমস্যা হ’ল ৰাতিহে, কুকুৰটোক ৰাতি ৰাখিব ক’ত? গাঁৱলীয়া ভতুৱা কুকুৰ হ’লে কথা বেলেগ আছিল! 

বন্ধু পত্নীৰ কথা হ’ল দস্তুৰমত বিদেশী কুকুৰ এটাক কোনোপধ্যেই ৰাতি বাহিৰত ৰাখিব পৰা নাযায়!

সম্পূৰ্ণ ভি আই পি ট্ৰিটমেণ্ট দি ৰাখিব লাগিব। হগা-মুতাৰ কথা কিবা উদ্ভাৱ হ’লে সেইটো হেনো বন্ধুৰ দায়িত্ব হ’ব!

ফোনতে বন্ধুক সান্ত্বনা দি কিবাকৈ দুদিনমান পাৰ কৰিবলৈ কৈ ফোনটো ৰাখিলোঁ।

পিচে পিছদিনা পুৱাই বন্ধুৰ চিন্তান্বিত মাত শুনি গম পালোঁ বন্ধুৰ ঘৰত বৰ এটা সুখকৰ অৱস্থা হৈ থকা নাই। ৰাতি ভাগৰতে হওক বা অইন কিবা কাৰণতে হওক কুকুৰটো হেনো টোপনিত লালকাল দিছিল। পিচে সমস্যা তেতিয়াহে উদ্ভাৱ হ’ল যেতিয়া পুৱাই পুৱাই অলপ সময়ৰ বাবে বেল্টডাল খোলা পাই গে’টৰ ফুটাৰে সৰকি হেনো সম্মুখৰ বৰুৱাহঁতৰ ঘৰৰ বাৰান্দাত ‘কামফেৰা’  কৰি আহিলে। তাতে আকৌ বৰুৱানীৰ লগত বন্ধুপত্নীৰ ৰাহি-যোৰা নিমিলে। সাতে-পাঁচে মিলি ৰাতিপুৱাৰ পৰাই এখন ভাৰত-পাক কুটনৈতিক যুদ্ধৰ লেখীয়া যুদ্ধ।

বঢ়িয়া!

মোৰ প্লেনে কাম কৰিলেই হ’ল।

বন্ধুক অলপ সান্ত্বনা দিলোঁ, দুদিনমান ধৈৰ্য্য ধৰিবলৈ ক’লোঁ।

দুদিনমান পিছত অফিচৰ পৰা ঘৰলৈ উভতিবৰ সময়তে বন্ধুৰ ফোন আহিল।

ৰিচিভ কৰিয়েই বন্ধুৰ উত্তেজনাপূৰ্ণ মাত শুনি গম পালোঁ, কথা বিষম। মুখত এমোকোৰা হাঁহি বিয়পাই গাড়ী ঘূৰালোঁ বন্ধুৰ ঘৰ অভিমুখে। 

গে’ট খুলিয়েই গম পালোঁ ভিতৰৰ পৰিস্থিতি মুঠেই শান্ত নহয়। একো নজনাৰ ভাও ধৰি লাহেকৈ ড্ৰয়িংৰূমত সোমালোঁ। ইফাল সিফাল চাই  টম-ক্ৰুজক দেখা নাপাই বন্ধুলৈ প্ৰশ্নবোধক দৃষ্টিৰে চালোঁ। বন্ধুৰ দৃষ্টি অনুসৰণ কৰি দেখিলোঁ টম-ক্ৰুজ বাহিৰত মানে ঘৰ বান্ধিবলৈ অনাৰ পিছত ৰৈ যোৱা কাঠ-বালি আদিৰ দ’মৰ কাষত চুচুক-চামাককৈ বহি আছে। অলপ পিছতে ভিতৰৰ কোঠাৰ পৰা 

বন্ধুপত্নী ওলাই আহি আমাৰ লগত বহিল। মুখ দেখিয়েই গম পালোঁ,  ভিতৰৰ জুইকুৰাৰ উত্তাপ কিমান।

মই কিবা সুধিবলৈ মুখখন মেলিবলৈ লওঁতেই তেওঁ আৰম্ভ কৰিলে- 

: ইমান কষ্ট কৰি এইকেইদিন বাকী কাম-বন বাদ দি ইয়াক চম্ভালিলোঁ। ৰাতি ৰাতি তাৰ কেংকেঙনি শুনি টোপনি ক্ষতি কৰিলোঁ। শত্ৰুৰ ঘৰত গৈ পায়খানা চাফা কৰিলোঁ। জানেনে, মোৰ নিজৰ ল’ৰাটোৰো লেট্ৰিন মই চাফা কৰা নাছিলোঁ। কিমান যে দামী  দামী  চাবোন, চেম্পু তাৰ বাবে কিনিলোঁ। কিন্তু সৱ বৰবাদ। 

লাহেকৈ সুধিলোঁ,

: পিচে আজি হ’ল কিনো? 

বন্ধুপত্নী জকজকাই উঠিল – 

: কিহ’ল মানে? সেই যে  ‘গ্ৰেট ইণ্ডিয়ান চেল’ ত দিছিল দেৱালী উপলক্ষে তাতে পাঁচ হাজাৰটকীয়া লেডাৰৰ শ্বু এযোৰ কিনেছিলোঁ। আজি আমাৰ লেডীজ ক্লাবৰ কিটি পাৰ্টি আছিল। মই ভাবিলোঁ  ক্লাবৰ মেম্বাৰবোৰৰ লগত ইয়াকো চিনাকি কৰাই আনো, সেয়ে তাকো চেম্পু কৰাই ৰেডী কৰিছিলোঁ। পিচে ই যিখনহে কৰিলে।

লাহেকৈ সুধিলোঁ,

: কি কৰিলেনো? 

: কি কৰিলে মানে? মোৰ সেই পাঁচ হেজাৰটকীয়া শ্বুযোৰ কামুৰি বখলা বখল কৰিলে। তাৰ পিছতো মই ধৈৰ্য্য ধৰি থাকিম?  দিলোঁ নহয়  দুচাট লগাই। এই বিদেশীবোৰৰ স্বভাৱেই এনেকুৱা।  ঘৰত ঠাই দিলে, বুকুত কামোৰ মাৰে। চাল্লা ‘কুকুৰ’।

বন্ধুপত্নীৰ কথাত একো নামাতিলোঁ।

খঙতে হ’লেও এষাৰ বৰ ডাঙৰ কথা ক’লে। হওক তেও কুকুৰৰ আচিলাৰে হ’লেও যে কিবা এটা ভাল উপলব্ধি কৰিলে। অলপ বেয়াও লাগিল কুকুৰটোলৈ, মোৰ বাবেহে সি দুচাটমান খালে।  

পিচে প্লেন ‘ছাকছেচ’ হোৱাৰ সুখত আনন্দেৰে বাট চালোঁ,

‘টম-ক্ৰুজ’ৰ পৰা  ‘কুকুৰ’লৈ পৰ্যবসিত হোৱা আৰু অতি আড়ম্বৰপূৰ্ণ আয়োজনেৰে আদৰা ‘কুকুৰ ‘টোক  বিদায় কি আয়োজনেৰে, কেনেকৈ  জনায়!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *