ফটাঢোল

নীলা ছাগলী পোৱালী-অৰবিন্দ গোস্বামী

চিদানন্দ বৰাদা বৰ সহজ সৰল মানুহ। ব্ৰাহ্মণ কুলত জন্ম নহ’লেও ধূতি-পাঞ্জাৱী পৰিহিত, কপালত শুভ্ৰ চন্দনৰ তিলক ধাৰণ কৰা, দীৰ্ঘ টিকনি বিশিষ্ট বৰাদা ব্ৰাহ্মণতকৈয়ো কোনোগুণে কম নহয়। যথেষ্ট কঠোৰ নীতি-নিয়ম তেখেতৰ নিৰামিষ আৰু পৰিমিত খাদ্য গ্ৰহণ কৰা বৰাদাৰ চেহেৰাও কোনো সত্ৰৰ গোঁসাইতকৈ কম নহয়। এক কথাত দেৱতুল্য চেহেৰা।

কথাতে কয় বোলে “হস্তীৰো পিছলে পাৱ, সজ্জনৰো বুৰে নাও।”

বিবাহৰ বন্ধনত কোনোদিন বান্ধ নাখাওঁ আৰু মায়াৰ জালত সোমাই কোনোদিন চটফটাই নাথাকোঁ বুলি একপ্ৰকাৰে ভীষ্ম প্ৰতিজ্ঞা  কৰা বৰাদাই অৱশেষত শণিদেৱৰ কোপদৃষ্টিৰ বাবেই হওক অথবা নিজৰ মনৰ ভিতৰত সংগোপনে লুকাই থকা মায়া বান্ধোনৰ বাবেই হওক অৱশেষত বিবাহপাশত আবদ্ধ হ’ল।

ইয়াৰ বাবে অৱশ্যে বৰাদাৰ মাকৰ চকুৰ পানী, দেউতাকৰ দাবি-ধমকি আৰু বন্ধুৰ বেশত থকা কিছুমান চকুচৰহাৰ বৰাদাৰ পিতৃ-মাতৃৰ প্ৰতি মুক্ত সমৰ্থনৰ লগতে কু-পৰামৰ্শ প্ৰদানকে বিবাহৰ মুখ্য কাৰণ বুলিব লাগিব। এনেকুৱা বন্ধু থাকিলে শত্ৰুৰ প্ৰয়োজনেই বা ক’ত!

এই জনমত হৰি ভকতি অপূৰ্ণ হৈ ৰ’ব বুলি ভাবি বৰাদাৰ বুকুখন মাজে মাজে শোকে খুন্দা মাৰি ধৰে। যি কি নহওক, বৰাদাই অৱশেষত সংসাৰ নামৰ বিশাল সমুদ্ৰত ব’ঠাহীন নাওখন মেলি দিলে।

বিয়াৰ দুটামান দিনৰ পিছৰ কথা। দুৰ্গা পূজাৰ সময়।বৰাদেৱৰ পত্নীৰনো কি মন গ’ল বোলে মোক ছাগলী পোৱালী এটা লাগে। ছাগলীৰ নাম শুনি বৰাদেউ জাঁপ মাৰি উঠিল।

: শ্ৰীবিষ্ণু! কি কোৱাহে! এইটো চিজনত তোমাক ছাগলীৰ কি দৰকাৰ হ’ল? কিবা গোঁসানীৰ ওচৰত বলি দিয়াৰ কথা ভাবিছা নেকি? মই তোমাক আগতেই কৈছোঁ- মই বৈষ্ণৱ! হৰিৰ আৰাধনাই…

: হেৰি হেৰি! পুৱাই আপোনাৰ হৰি ভক্তিৰ গ্ৰন্থখন কিয় মেলিলেনো? মই বলি দিবলৈ নহয়, পুহিবলৈহে ছাগলী পোৱালী এটা বিচাৰিছোঁ। নোৱাৰে যদি নালাগে দিব। ভকতৰ সাজত থাকিলেও আপুনি দেখোন বেপাৰো কৰে। কিন্তু মানুহে আপোনাক বেপাৰী বুলি কমকৈ আৰু ভকত বুলি বেছিকৈ জানে। বোলে টকা-পইচা নথকা মানুহ, তেতিয়াও মই নকওঁ। লোকৰ ঘৈণীয়েকে গিৰিয়েকে জন্মদিনত উপহাৰ দিয়া গাড়ী, স্কুটী দৌৰাই ফুৰিছে, বিউটি পাৰ্লাৰ গৈ বুঢ়ীজনীয়েও চুলি ৰঙা কৰি, ফেচিয়েল নে কিবাবোৰ কৰি আফ্ৰিকান চিম্পাঞ্জীটোৰ নিচিনা ধুনীয়া হ’ব পাৰিছে, হোটেল, ৰেষ্টুৰেণ্টত বহি বহি মুৰ্গীৰ ৰান টানি টানি চোবাইছে। আপুনি আকৌ নতুনকৈ বিয়া পাতি অনা মানুহজনীক পুহিবলৈ ছাগলীৰ পোৱালী এটাও কিনি আনি দিব নোৱাৰে। নালাগে আনি দিব। মই কাইলৈ দেউতালৈ খবৰ দি ছাগলী পোৱালী এটা অনাই ল’ম…

: হেৰা… হেৰা… ৰ’বাচোন ৰ’বা… একেবাৰে বুলেট ট্ৰেইনৰ স্পীডত কথাখিনি যে ক’লা। মোকো কিবা ক’বলৈ দিবানে?

: আপোনাক আকৌ কিবা ক’বলৈ মই কেতিয়া মানা কৰিলোঁ!এনেকুৱা মিছা বদনাম নিদিব দেই! আপোনাৰ মানুহজনীৰ প্ৰতি কিবা মৰম থকা হ’লে আগতেই…

: হেৰা…শুনাচোন শুনা, মোৰ কথাটো এবাৰ শুনি লোৱা।

: কওক।

: তুমি যিমান স্পীডত বকিবলৈ লাগিছা, মই তাৰ মাজত কিবা মাতিবলৈ সুবিধা পাইছোঁ জানো? মোক দেখোন একো ক’বলৈ তুমি সুবিধাই…

: অ’ মানে মই এতিয়া বকাহে হ’ল! কথাখিনি কওঁতেই মই বকিবলৈ আৰম্ভ কৰাহে… (শেষৰ “হ’ল” শব্দটো শোকে খুন্দা মাৰি ধৰাত বৰাদাৰ পত্নীয়ে ক’ব নোৱাৰি উচুপি উঠিল)

: হেৰা হেৰা, শুনাচোন, মোৰ কথা শুনাচোন, নাকান্দিবা। মই কোৱাতো ভুল হ’ল। মই মাফ খুজিছোঁ। তুমি বকা নাই। তুমিনো বকিবানে? মই বুজিছোঁ। তুমি মনৰ কথাখিনি মোৰ আগত ব্যক্ত কৰিছা। মোৰ শব্দটো ভুল হৈ গ’ল।নাকান্দিবাচোন, মই তোমাক ছাগলী পোৱালী এটা আজিয়েই আনি দিম। ধেৎতেৰি! আজি কিয় জানো মুখেৰে শব্দবোৰ বাৰে বাৰে ভুলকৈ ওলাইছে! আজিয়েই নহয় এতিয়াই আনি দিম। মানে মই ছাগলী পোৱালী আনিবলৈ গ’লোঁৱেই।

এইবুলি বৰাদাই চোতালতে থকা চাইকেলখন লৈ ছাগলী পোৱালী বিচাৰি ওলাই গ’লেই। আধা ঘণ্টামান সময়ৰ ভিতৰতে বৰাদা ঘূৰি আহিল। বৰাদাৰ চাইকেলৰ সন্মুখত বস্তাৰে মেৰিওৱা এটা ধুনীয়া বগা ছাগলী পোৱালী। ধুনীয়া ছাগলী পোৱালীটো দেখি বৰাদেৱৰ পত্নী উধাতু খাই দৌৰি আহিল। বৰাদাই হাস্যবদনে বস্তাৰ গাঁথিবোৰ খুলি ছাগলী পোৱালীটো মুক্ত কৰি কোলাত লৈ পত্নীলৈ আগবঢ়াই দিলে।বৰাদেউৰ পত্নীয়েও হাঁহি মাৰি বগা ছাগলী পোৱালীটো লৈ কপালত চুমা দুটামান আঁকি দিলে।

: ইমান ধুনীয়া ছাগলী পোৱালীটো! কিমান দাম দি আনিলে?

: এহ! দামৰ কথা বাদ দিয়া। লোকৰ ঘৈণীয়েকে গাড়ী চলায়, স্কুটী চলায়, বিউটি পাৰ্লাৰ যায়, তুমিতো মোক সেইবোৰ একো বিচৰা নাই! সামান্য ছাগলী পোৱালী এটাহে 

‘দাবী’। ধেৎতেৰি! দিবলৈ কৈছা!

: পিচে কাৰ ঘৰৰ পৰা আনিলে?

: ৰহিলাহঁতৰ ঘৰৰ পৰা।

বৌৱে ছাগলী পোৱালীটো মৃদুকৈ ঠেকেচা এটা মাৰি চোতালতে থ’লে।

: কোন ৰহিলা? সেই যে আঁহতৰ তলৰ মদপানী বিক্ৰী কৰা ৰহিলাহঁতৰ ঘৰৰ কথা কোৱা নাই জানো!

বৰাদাই অলপ আচৰিত হৈ বৌৰ ফালে চাই ক’লে,

: তা…তাৰপৰাই আনিছোঁ। কি হ’লনো?

: মোক নালাগে সিহঁতৰ ঘৰৰ ছাগলী পোৱালী। আপুনি জানেনে, তাই মোৰ লগত পঢ়িছিল। বেটীৰ ফুটনি কি নাচাবা! গাৰ ছালছটা ভগৱানে বগা দিলে বুলিয়েই নিজকে স্বৰ্গৰ অপেশ্বৰী বুলি ভাবে। পিচে ছালছটা বগা হ’লে কি হ’ব! চৰিত্ৰ ভাল হ’লেহে! সেয়ে মদ বেপাৰীটোলৈ পলাই আহিল। আগতে তাইৰ ফুটনি কি নাচাবা! ধাৰ কৰি হ’লেও ডিজাইন ডিজাইন ড্ৰেচ পিন্ধিব।

: হেৰা, তাই আগতে কি আছিল, এতিয়া কি কৰে। সেইবোৰ মোৰ কি দৰকাৰ আছে? আৰু মইতো মদপানী খাবলৈ… শ্ৰীবিষ্ণু শ্ৰীবিষ্ণু! আৰু ছাগলী পোৱালীটো মই মূল্য দি আনিছোঁ।

: মদপানী নাখাই কি হ’ল! আপুনিতো চাগৈ তাইকে চাবলৈ গৈছিল। মইতো ধুনীয়া নহয়েই, ৰহিলাহে ধুনীয়া!

এইবোৰ অসৎ মানুহৰ ওচৰলৈ গৈ পিছলৈ মদপানী টুপিও খাবলৈ যে নধৰিব কি মানে আছে! আৰু মদপানী খাবলৈ ল’লে চকুৰে পিৰিক-পাৰাককৈ ৰহিলাক যে নাচাব কি গেৰেণ্টি আছে?

: উঃ! ক’ত মৰোঁগৈ মই! হেৰা, মই বিয়া নাপাতো বুলিয়েই ভাবি আছিলোঁ। মা-দেউতা আৰু মোৰ ৰাহু, কেতু, শণিৰূপী বন্ধুকেইটামানৰ প্ৰৰোচনাত পৰিহে মই এইবোৰ জঞ্জালত সোমালোঁ।

এনে এটা মানুহৰ ওপৰত তুমি ইমান সন্দেহ কৰানে! ৰহিলা নালাগে কোনো ধুনীয়া ছোৱালীৰ মায়াত মই কেতিয়াও পৰা নাছিলোঁ। ভক্তি মাৰ্গত থকা মানুহ মই। ব্যভিচাৰ মোৰপৰা শতযোজন দূৰত।

: বাৰু বাদ দিয়ক আপোনাৰ ভক্তিমাৰ্গৰ কথা। মুঠতে মোক এইটো ছাগলী পোৱালী নালাগে। বেলেগ এটা ক’ৰবাৰপৰা আনি দিয়ক।

: হেৰা, ইমান ধুনীয়া বগা ছাগলী পোৱালীটো তোমাৰ মৰম লগা নাইনে?

: নাই লগা। মই বগা ছাগলী পোৱালী বেয়া পাওঁ।

: চোৱা, বগা ছাগলী যদি বেয়া পোৱা তেন্তে সিহঁতৰ ঘৰৰ পৰাই এইটো সলাই ক’লা এটা লৈ আহিম, হ’বনে? গাঁৱত আন কাৰো ঘৰত ছাগলী বিক্ৰী নকৰে। আৰু সিহঁতৰ ঘৰত বগা আৰু ক’লা এই দুইধৰণৰ ছাগলী পোৱালীয়েই আছে।পিছত আকৌ ক’লাটো ভাল নাপাওঁ বুলি নক’বা।

: নাপাওঁ।

: কি নোপোৱা?

: বগা আৰু ক’লা ছাগলী পোৱালী। দুয়োটা ৰঙেই ভাল নাপাওঁ।

: তেন্তে কি ভাল পোৱানো?

: নীলা ৰং। মোক নীলা ৰঙৰ ছাগলী পোৱালী এটা আনি দিয়ক। গাঁৱত নাই যদি গাঁৱৰ বাহিৰৰ পৰা বিচাৰি আনি দিয়ক।

বৰাদাই গা ধুবলৈ বুলি টিউবেলৰ হেণ্ডেল মাৰি পানী উলিয়াই আছিল। পত্নীৰ আজৱ কথা শুনি বৰাদা দমকলৰ পাৰতে পিছল খাই পৰিবলৈ ধৰিছিল। কোনোমতেহে ৰক্ষা পৰিল। বৰাদাই একো নামাতিলে। ইফালে বৰাদেউৰ পত্নীয়ে মুখখন পাম্প দিয়া বেলুনটোৰ নিচিনা ফুলাই ঘৰৰ ভিতৰ সোমাল।বৰাদাই এই দুৰ্ঘোৰ বিপদৰ সময়ৰ বিষ্ণুক চিন্তা কৰাৰ বাহিৰে আৰু আন কোনো উপায় বাকী নাথাকিল। ক’ত বিচাৰিব নীলা ছাগলী!

এনেকৈয়ে দুই তিনিদিন পাৰ হৈ গ’ল। বৰাদাক পত্নীয়ে দুই তিনিদিন মাতবোলেই কৰা নাই। পত্নীৰ মুখলৈ চাই বৰাদাই তেওঁৰ মুখত অলপ দয়া বিচাৰে। পিচে দয়া দূৰৰে কথা, তেওঁৰ মুখখন দিনক দিনে বেছিহে ফুলিবলৈ ধৰিলে।

উপায়বিহীন হৈ বৰাদাই এদিন এইবোৰ কথাকে চিন্তা কৰি অন্য এখন গাঁৱৰ বিষ্ণু মন্দিৰ এটাৰ কাষত বহি আছিল।তাহানি তেওঁ নীলা শিয়ালৰ কাহিনী এটা কিতাপত পঢ়িছে। পিচে নীলা ছাগলীৰ কথা তেওঁ কিতাপতো পঢ়িবলৈ পোৱা নাই। বাস্তৱত ক’ৰপৰা নীলা ছাগলী ওলাব! কথাখিনি ভাবি ভাবি বৰাদাই চকু মুদি দিলে। এনেতে…

: বে…হে..হে….।

বৰাদাই চকু মেলি দেখে যে তেওঁৰ সন্মুখতে নীলা ৰঙৰ এটা ছাগলী পোৱালী। দৃশ্যটো দেখি বৰাদাই নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলে। এবাৰ বৰাদাই যদি চকু দুটা ডাঙৰকৈ মেলি চায়, আনবাৰ আকৌ চকু দুটা মোহাৰি চায়। কি বস্তু এইটো! ছাগলী পোৱালীনে আন কোনো বেলেগ গ্ৰহৰ প্ৰাণী! পিচে পোৱালীটোৱে আকৌ এবাৰ সিহঁতৰ স্বভাৱগত মাতটো মতাত বৰাদেৱে যেন টোপনিৰপৰা সাৰহে পালে।

বৰাদাই আকাশলৈ চাই ভগৱন্তক প্ৰণাম আৰু ধন্যবাদ জনাই ক’লে,

: হে প্ৰভু! সঁচাই চমৎকাৰ! তোমাৰ কৃপা হ’লে সকলো সম্ভৱ। তোমাৰ কৃপাতে মই নীলা ছাগলী পোৱালী পাই গ’লো‍ঁ।এইবুলি বৰাদাই মন্দিৰৰফালে মুখ কৰি মাটিত পৰি ভগৱানক সাষ্টাঙ্গে প্ৰণিপাত কৰিলে। পিচে মূৰটো দাঙিয়েই সন্মুখতে মানুহৰ ভৰি দুখনহে দেখা পালে। হঠাৎ ওপৰলৈ নোচোৱাকৈ বৰাদাৰ মনলৈ আহিল,

বিষ্ণু! স্বয়ং বিষ্ণুৰ পদযুগল নিশ্চয়! কিন্তু বিষ্ণুৱেতো হাৱাই চেণ্ডেল নিপিন্ধে! পলম নকৰি বৰাদাই মূৰ ডাঙি ওপৰলৈ চালে।

এইজন আকৌ কোন! বিষ্ণু নহয়। কোনোবা আদহীয়া মানুহ এজন।

: হেৰি! একো চমৎকাৰ হোৱা নাই আৰু চমৎকাৰ নহয়ো। এইটো মোৰ ছাগলী পোৱালী। পিচে টকা দুহেজাৰ দিলে আপোনাক বেচিব পাৰোঁ।

: পিচে ই নীলা হ’ল কেনেকৈ? আৰু আপুনি কোন?

: মই হেমন্ত কাকতি, প্ৰখ্যাত বেপাৰী। ই নীলা হোৱাৰ কাহিনীটো বৰ দুখৰ। মোৰ পত্নীয়ে মোক নীলা ছাগলী পোৱালী এটা দাবী কৰিছিল। এতিয়া আপুনিয়েই কওকচোন, মই নীলা ছাগলী ক’ত পাওঁ। যোৱা সপ্তাহত মই এইটো ৰহিলাৰ ঘৰৰ পৰা কিনি আনি ইয়াক নীল পানীত জুবুৰিয়াই জুবুৰিয়াই নীলা কৰি পত্নীক উপহাৰ দিছিলোঁ। এসপ্তাহতে বোলে তেওঁৰ এই ৰংটো ভাল নলগা হ’ল। এতিয়া তেওঁক কলপতীয়া ৰঙৰ ছাগলী পোৱালী এটাহে লাগে। সেয়ে এইটো মই বিক্ৰী কৰিম।

কথাখিনি শুনি বৰাদাৰ চকুত ঘোৰ আশ্বৰ্য।

: পিচে আপুনি কলপতীয়া ছাগলী পোৱালী ক’ত পাব?

: নাজানো। ঈশ্বৰেহে জানে। পিচে আপুনি নীলা ছাগলী পোৱালী কিয় বিচাৰিছে?

: মোৰো পত্নীয়ে নীলা ছাগলী পোৱালী এটা আনি দিবলৈ দাবী কৰিছে।

এইবাৰ হেমন্ত কাকতিৰ চকুত দুৰ্ঘোৰ আশ্চৰ্য।

হঠাৎ যেন দুটি প্ৰাণ এক হৈ পৰিল। লগে লগে দুয়ো দুয়োকে সাৱতি ধৰি হুকহুকাই কান্দি উঠিল। কিছু সময়ৰ পিছত দুয়ো ক্ষান্ত হ’ল। বৰাদাই কাকতিদাৰ হাতত দুহেজাৰ টকা তুলি দিলে। কাকতিদাই বোলে,

: নালাগে বাপ! আপুনি উদ্ধাৰ হ’লেই মই শান্তি পাম। মোক আৰু একো টকা-সিকা নালাগে।

কাকতিদাই আলফুলকৈ নীলা ছাগলী পোৱালীটো বৰাদাৰ কোলাত তুলি দি ক’লে,

: মাজে মাজে সুবিধা বুজি ইয়াক নীল পানীৰে গা ধুৱাই থাকিব।

বেদনাসিক্ত বৰাদাই মূৰ দুপিয়ালে। থোকাথুকি মাতেৰে বৰাদাই ক’লে,

: ক’ৰবাত কলপতীয়া ৰঙৰ ছাগলী পোৱালী পালে আৰু পিছত আপোনাৰ পত্নীৰ পছন্দ নহ’লে আনক বিক্ৰী নকৰিব। কি ঠিক! পিছৰবাৰলৈ আকৌ আপোনাৰ দ্বাৰাই মোৰ উদ্ধাৰ হ’ব পাৰে।

কাকতিদাই মূৰ দুপিয়াই ক’লে,

: নিশ্চয়। পালে বাৰু আপোনালৈয়ে ৰাখিম।

বৰাদা ঘৰকৈ যাবলৈ ওলাল। পিচে কাকতিদাহে মন্দিৰৰ কাষতে বহি ৰ’ল। মন্দিৰৰফালে চাই কাকতিদাই সেৱা জনাই প্ৰাৰ্থনা কৰিলে,

“কিবা চমৎকাৰ কৰা প্ৰভু!”

পিচে সেইবাৰ একো চমৎকাৰ নহ’ল আৰু কাকতিদাৰ কি হ’ল সেই সম্পৰ্কে কাকতিদাই ভালকৈ জানিব আৰু ক’ব পাৰিব।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *