ফটাঢোল

মেৰে ভেচ কো আণ্ডা কিউ মাৰা-অপূৰ্ব কলিতা 

ৰীতা আৰু গীতা বৰ প্ৰিয় বান্ধৱী। দুয়োৰে বিয়া একেদিনাই হৈছিল। বহুদিনৰ মূৰত পাৰ্টী এটাত দুয়ো লগ পালে নিজৰ নিজৰ গিৰীয়েকৰ সৈতে। দুয়ো কথা পতাত ব্যস্ত হ’ল। 

ৰীতা : ঐ , মেৰিজ এনিভাৰচেৰি কেনে গ’ল? 

গীতা : নক’বি আৰু। ভয়ংকৰ বেয়া। দিনত এওঁ অফিচলৈ গ’ল। গধুলিলৈ ৰৈ আছিলোঁ তেওঁৰ পৰা ৰোমাণ্টিক চাৰপ্ৰাইজ পাবলৈ। ৰাতি দেৰিকৈ আহিল। পাকঘৰলৈ গ’ল, ভাত উলিয়াই খালে আৰু শুই গ’ল। তোৰ কেনে গ’ল ? 

ৰীতা : অ’ মাই গড , জীৱনত এনে চাৰপ্ৰাইজ পাম বুলি ভবাই নাছিলোঁ। এওঁযে ইমান ৰোমাণ্টিক হ’ব পাৰে ভবাই নাছিলোঁ। মই বিউটি পাৰ্লাৰৰ পৰা ঘৰ আহি পাইছিলোঁহে, তেওঁ দৌৰাদৌৰিকে ক’লে ব’লা বাহিৰত ডিনাৰ কৰিম। আমি ভাল ৰেষ্টুৰেণ্ট এখনত ডিনাৰ কৰিলোঁ আৰু বহুদূৰ একেলগে খোজ কাঢ়িলোঁ। ঘৰ আহি পোৱাৰ লগে লগে তেওঁ গোটেই ঘৰটোত কেণ্ডেল জ্বলাই কি ধুনীয়া ৰোমাণ্টিক পৰিবেশৰ সৃষ্টি কৰিছিল নহয়। Simply Wow !

পাৰ্টীৰ আন এটা মূৰত ৰীতা আৰু গীতাৰ গিৰীয়েকহঁতে হাতত সোণালী ৰঙৰ পানীয়ৰ গিলাচ লৈ কথা পাতি আছে। 

ৰীতাৰ গিৰীয়েক : বাকী .. বিবাহ বাৰ্ষিকী কেনে গ’ল? 

গীতাৰ গিৰীয়েক : ভালেই দিয়ক। এনিভাৰচেৰি বুলি অফিচৰ পৰা ডিস্কো এখনলৈ গ’লোঁ লগৰবোৰৰ লগত। হুইস্কি অলপ বেছি হ’ল। ঘৰ গৈ ডাইৰেক্ট পাকঘৰত যি আছে খাই শুই গ’লোঁ। আপোনাৰ?

ৰীতাৰ গিৰীয়েক : অ’ মাই গড, জীৱনত এনে বেয়া দিন কাৰো নাহক। অফিচত বিশেষ কাম নাছিল একো। সেয়ে সোনকালে অফিচৰ পৰা ওলাই ৱাইন শ্বপৰ দোকানৰ পৰা হাফ এটা ল’লোঁ। ভাবিলোঁ ঘৰত মজাকে খাম। ঘৰ গৈ দেখোঁ পাকঘৰত চিলিণ্ডাৰ খালী। আগদিনাই খালী হৈছিল, মই ভাত ৰান্ধোঁ যিহেতু গম পাওঁ। অ’ভেনত কিবা বনাম বুলি ভাবিলোঁ, দেখোঁ কাৰেণ্ট নাই। লগে লগে মনত পৰিল কাৰেণ্টৰ বিলখনো জমা দিয়া হোৱা নাছিল। কাটি দিছিল। সেই সময়ত মিচেছো আহি পালেহি। সেইবোৰ শুনিলে গালিহে খালোঁহেঁতেন। সেয়ে দৌৰাদৌৰিকে বাহিৰত খোৱাৰ প্লেনিং কৰিলোঁ। খোৱা বোৱা হোৱাৰ পিছত দেখোঁ পকেটত চিগাৰেট এটা খাবলৈও টকা নাই, অট’ ধৰোঁ কেনেকৈ? সেয়ে ঘৰলৈ খোজকাঢ়িয়েই আহিলোঁ। ঘৰ গৈ পাওঁতে মনত পৰিল কাৰেণ্ট কাটি থৈছে, সেয়ে দৌৰাদৌৰিকে মমবাতি জ্বলালোঁহি ঘৰৰ ভিতৰত। Simply Disaster!

☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *