শেষ স্বীকাৰোক্তি-কৌশিক দাস
নমস্কাৰ, ৰাইজ। আপোনালোকৰ ওচৰত মই নতুনকৈ চিনাকি দিয়াৰ প্ৰয়োজন হয়তো নাছিল। কিন্তু সময়ৰ প্ৰয়োজনবশতঃ জৰুৰীভাবে কিছু কথা অৱগত কৰিব ওলাইছোঁ। আশাকৰোঁ ধৈৰ্যসহকাৰে পঢ়িব।
মোৰ জন্ম এটা অতি দৰিদ্ৰ পৰিয়ালত হৈছিল। তিনিটা সন্তানৰ ভিতৰত প্ৰথম হোৱাৰ সুবাদতে পৰিয়ালত মোৰ গুৰুত্ব তেনেই কম আছিল। মই কি পঢ়িছিলোঁ, কি পিন্ধিছিলোঁ তাক লৈ কাৰো বিশেষভাৱে নজৰত পৰা নাছিলোঁ। তাৰ বাবে মই কোনোদিনে আক্ষেপ নকৰিলোঁ বা মা-দেউতাৰ প্ৰতি থকা মোৰ অন্তৰৰ শ্ৰদ্ধাও কমি যোৱা নাছিল। যিহেতু ইমান ধুনীয়া পৃথিৱীখন তেওঁলোকৰ যহতে পাইছিলোঁ।
কিন্তু মই বৰ ভাগ্যৱান। দুই এজন শুভাকাংক্ষী মানুহে খুব ওচৰৰ পৰা নিৰীক্ষণ কৰা বুলিহে মই আজি তথাকথিত মানুহৰ স্থান পাইছোঁ। তাৰ ভিতৰত মোৰ শিক্ষাগুৰু শ্ৰদ্ধেয় আবেদ আলী ছাৰেই মূলতঃ গুৰি ধৰিছিল। তেওঁৰ অবিহনে মই হয় গাড়ীৰ হেন্দিমেন নহয়তো জনৈক ধনবান মানুহৰ ঘৰত কামেলাৰূপে সংস্থাপিত হ’বলগা হ’লহেঁতেন! মোৰ জীৱনৰ প্ৰথমটো ভুল- তেওঁলোকৰ দৰে মানুহৰ মহানুভৱতাক স্বীকৃতি দিব নোৱাৰিলোঁ। বিশেষকৈ আলী ছাৰে দিয়া উপদেশবোৰ শিক্ষাকালৰ বাহিৰে ক’তো প্ৰয়োগ কৰা নহ’ল। তেওঁ বাৰে বাৰে কৈছিল, “মানুহ হৈ মানুহৰ বাবে জীয়াই থাকিবি। নিজৰটো শেষত ভাবিবি”। কিন্তু কৰিলোঁ কি! মই কেৱল নিজৰ খকক লৈ দুৰন্ত গতিৰে দৌৰি থাকিলোঁ। আৰম্ভণিটো অৱশ্যে কিছুমান সাধাৰণ ঘটনাৰে হৈছিল। খেল সম্পাদক হিচাবে কলেজ ইউনিয়নত প্ৰথমবাৰৰ বাবে ফাণ্ডৰ টকা তিনিশ যি পকেটত সোমাল তাৰ পৰাই মোৰ নীতিহীনতাৰ যাত্ৰা আৰম্ভ হ’ল। তাৰ পিছৰ বৰ্ষতে সাধাৰণ সম্পাদক হৈ মুঠ তিনি হেজাৰ টকাৰ খেলিমেলিত লিপ্ত হৈ পৰিছিলোঁ। মোৰ বাকপটুতা আৰু প্ৰখৰ বুদ্ধিৰ সন্মুখত তত্বাবধায়ক অধ্যাপক সকলো থতমত খাই গৈছিল।
“ইউ আৰ নটি জিনিয়াছ”…
প্ৰিঞ্চিপাল ছাৰো ওলোটাই মোৰ প্ৰশংসাত পঞ্চমুখহে হৈ পৰিছিল। তেওঁলোকৰ অনুপ্ৰেৰণাই মোৰ দুৰাকাংক্ষাক বহুত দূৰলৈ শিপাই লৈ গ’ল।
মই যিটো ছাত্ৰ সংগঠনৰ বেনাৰত কলেজীয়া নিৰ্বাচনী যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ তেওঁলোকে মোক আঞ্চলিক সাধাৰণ সম্পাদক হিচাপে নিযুক্ত কৰিলে। পৰ্যায়ক্ৰমে ক্ষমতাৰ পৰিসৰ বৃদ্ধি হৈ গৈ থাকিল। মোৰ সুদূৰপ্ৰসাৰী হাতলৈ আহিল এটা বিয়াগোম চান্দাবহী। মোৰ এলেকাৰ ভিতৰুৱা সকলো উদ্যোগপতি, এক-দুই নম্বৰী অসমীয়া-অনা অসমীয়া ব্যৱসায়ী, ঠিকাদাৰ, দুৰ্নীতিপৰায়ন বিষয়া, দালালৰ লিষ্ট এখন বনাই ল’লোঁ। আমাৰ সংগঠনৰ কাৰ্যসূচী অনুযায়ী তেওঁলোকৰ ওচৰলৈ যাওঁ। টকা ইমান ধাৰাত যে বৈ আহে, প্ৰথমবাৰৰ বাবে অনুভৱ কৰি শিহৰিত হৈ উঠিছিলোঁ। মোৰ দমতে সংগঠনৰ লগতে ব্যক্তিগতভাৱেও যথেষ্ঠ পুঁজিৰ আমদানি হ’বলৈ ধৰিলে। টকাৰ মায়াই মোক বেয়াকৈ মেৰিয়াই ধৰিলে। কিন্তু আচৰিতধৰণে মই ভাল অভিনয় কৰিব জানো। ৰাইজে মোৰ কথাৰ ফুলজাৰিৰ মাজত নিভাঁজ জাতিপ্ৰেম বিচাৰি পালে। আচলতে মই কিমান ধন সম্পদৰ মোহান্ধ আপোনালোকৰ দৰে সহজ সৰল লোকে অনুমান কৰিব নোৱাৰে। জনাৰ কেতিয়াও সুযোগো নাপায়। সেই বিষয়টো বাৰু আগলৈ আলোচনা কৰিম।
প্ৰসঙ্গক্ৰমে কওঁ… নাৰীৰ অবাধ্য আগমন মোৰ যৌৱনৰ মুখ্য বৈশিষ্ট্য আছিল। সেই লজ্জাজনক অধ্যায়ৰ পাতনি মেলিবলৈ মন নাছিল যদিও কাহিনীৰ প্ৰয়োজনত উল্লেখ কৰিবলৈ বাধ্য হ’লোঁ। এই যে জিলমিলজনী দেখিছে। মানে মোৰ নুমলীয়া প্ৰেয়সী বা পত্নী যি কয়। তাইক মই প্ৰেমৰ জোৰত বিয়া পতা নাছিলোঁ। তাই আমাৰ অবৈধ সন্তানটো গৰ্ভপাত কৰিবলৈ সন্মত নোহোৱাত মই যথেষ্ট সংকটত পৰিছিলোঁ। অৱশ্যে মোৰ অৰাজনৈতিক কিম্বা ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতি নেদেখাজনে মোক সদায় সজাগ কৰি ৰাখিছিল। চাৰিওফালে অংক কৰি দেখিলোঁ তাইক পত্নীৰ মৰ্যদা নিদিলে মোৰ ৰাজনৈতিক জীৱন কোনোপধ্যেই সুৰক্ষিত নহ’ব। অৱশেষত মনৰ ভীষণ অনিচ্ছাস্বত্বেও জিলমিলক মই গ্ৰহণ কৰিলোঁ।
প্ৰচলিত নিয়ম অনুসৰি বিয়া পাতিলে সংগঠনৰ পৰা আঁতৰি আহিব লাগে। ময়ো আনুষ্ঠানিকতা ৰক্ষা কৰি জীৱনৰ অৰাজনৈতিক অধ্যায়টোক ইমানতে বিদায় জনাই “ভাৰতীয় জন পৰিষদ”ক আকোঁৱালি ল’লোঁ। ছাত্ৰজীৱনৰ অভিজ্ঞতা আৰু প্ৰচুৰ পৰিমাণে আহৰিত ধন সম্পদে মোক ৰাজনৈতিকভাবে যথেষ্ঠ শক্তিশালী কৰি তুলিলে। ক্ষমতাৰ বাবে মই বেছিপৰ অপেক্ষা কৰিব লগা নহ’ল। মোৰ মেধা আৰু বৌদ্ধিক চতুৰালিয়ে চৰকাৰৰ বিভিন্ন দপ্তৰত তথাকথিত দক্ষতা জিলিকাই তুলিলে। তাৰ বাবে আমাৰ নিউজ চেনেলকেইটা, বাতৰিকাকতকেইখনৰ নামত গণতন্ত্ৰৰ হৈ যিটো স্তম্ভ চতুৰ্থস্থানত থিয় দি আছে; তেওঁলোকৰ প্ৰতি মই সদায়েই কৃতজ্ঞ হৈ থাকিম। তেওঁলোকৰ কৃপাতে মোৰ আৰ্জিত সীমাহীন বেআইনী ধন সম্পদেও জনপ্ৰিয়তাৰ সুউচ্চ প্ৰাচীৰখন খহাব নোৱাৰিলে। সঁচাকৈয়ে মই নিজৰ স্থানত অক্ষয় হৈ থাকিলোঁনে?
আজি মই সত্তৰ বছৰীয়া হ’লোঁ। শৰীৰত বিভিন্ন ব্যাধিয়ে বাহ লৈছে। মোৰ ওচৰত মানুহৰ বৰ প্ৰয়োজন অনুভৱ কৰিছোঁ। টকাৰে বান্ধি ৰখা মানুহবোৰ আছে। সিহঁতৰ কৃত্ৰিমতাই মোক বিৰক্ত কৰি তুলিছে। মৰমৰ মাত এষাৰৰ পৰা মই সদায়ে বঞ্চিত হৈ ৰ’লোঁ। জিলমিল আৰু একমাত্ৰ সন্তান বৈভৱে মোৰ পৰা আজিও শতমাইল দূৰতেই অৱস্থান কৰি আছে।
সেইদিনা কিবা এটা সকামত জিলমিল আহিছিল। তাইৰ কথাষাৰ আজিও মোৰ কাণত বাজি আছে,
“তোমাৰ দৰে মানুহক মই আমৰণ ঘৃণা কৰি যাম। যিয়ে নিজৰ মগজুটো সদায়ে নিজৰ জাতিটোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে; তেনে মানুহৰ মুমূৰ্ষু অৱস্থায়ো মোৰ হৃদয় গলাব নোৱাৰিব।”
ভাবক এতিয়া মই কাৰ বাবে জীয়াই থাকিম? আপোনালোকে মোক বাৰু এতিয়াও জনপ্ৰিয় বুলিয়েই স্বীকাৰ কৰি ল’বনে ?
☆ ★ ☆ ★ ☆
10:46 am
বিষয় বিষধৰ। জানিলে সন্মান ক’ত দিমনো ! স্বাৰ্থ থাকিলে তথাপি দিম ।
9:42 am
ভাল লাগিল
3:36 pm
বঢ়িয়া৷