ফটাঢোল

নকইনাৰ নিয়ম!-উৎপলা কৌৰ

ঘৰখন এনেই সদায় নিমাওমাও হৈ থাকে। আওপুৰণি দুমহলীয়া বিল্ডিং এটাৰ পিছফালৰ, তলৰ মহলাৰ দুটা কোঠাত সিহঁত থাকে। গেটখন খুলি সোমাই গ’লোঁ। চোতালৰ ৰাস্তাৰ কাষৰফালে থকা ঘোঁৰা নিমডালৰ তলত চাকি এগছি জ্বলি আছে। ষ্ট্ৰীট লাইটৰ পোহৰে চৌপাশ পোহৰাব নোৱাৰা বহল চোতালৰ চৌহদটোত চাকিটো দেখি মনটো কেনেবা লাগি গ’ল। এইগছি চাকিয়ে যে কেতিয়াও মনত আশাৰ বন্তি নজ্বলায়। যোৱাজনৰ অভাৱৰ কথা সোঁৱৰাই দিয়ে। দীঘলীয়া কৰিড’ৰটোৰ অন্তত ওখ চিলিঙৰ প্ৰকাণ্ড কোঠাটো আৰম্ভ হৈছে। তাত প্লাষ্টিকৰ চকী এখনত গামোচা এখন পাৰি ফটো এখন সজাই থোৱা আছে। সন্মুখত অন্য এটা চাকি। মালাধাৰী ফটোখনত মানুহজনীৰ গাভৰুকালৰ ফটো এখন। কপালত ৰঙা ফোঁট, শিৰত ৰঙা আলি!

ইতিমধ্যে তাত আমাৰ চুবুৰীয়া মহিলা দুগৰাকী বহি আছিল। মই যোৱাৰ লগে লগে হাঁহি মাৰি এগৰাকীয়ে ৰঙা চকী এখন ঠেলি মোলৈ আগবঢ়াই দিলে। 

ঘৰখনত ফটোখনৰ মানুহজনীৰ অভাৱ কাৰো মুখত দেখিবলৈ নাই। দীৰ্ঘদিন দুৰাৰোগ্য ৰোগত ভুগি থাকি এসময়ত গুচি গ’ল মানুহগৰাকী। ঘৰে ঘৰে কাম কৰি পেটৰ ভাত মোকলোৱা মানুহজনীৰ পুতেক-বোৱাৰীয়েকে নিজৰ সামৰ্থৰে যি পাৰে আয়োজন কৰিছে। ওচৰ-চুবুৰীয়াই সাধ্য অনুসাৰে সহায় নকৰাও নহয়। 

চুবুৰীয়া মানুহ দুগৰাকীৰ এগৰাকীয়ে আগদিনা বিয়া পাতি অনা ভতিজা বোৱাৰীয়েকৰ কথা কৈ আছে। দূৰণিবটীয়া কইনাৰ ঘৰলৈ জোৰোণ আৰু বিয়াৰ দিনাখন গৈ কিমান কষ্ট হৈছে তাকে বৰ্ণনা কৰি থকাৰ সময়তে গাভৰু বোৱাৰী এগৰাকীয়ে মোক মাহ-প্ৰসাদৰখন প্লেট এখন দিলেহি। দি লৈ তাই বিয়াঘৰৰ কথা কৈ থকা মানুহজনীৰ কাষতে থকা চকীখনত বহিল। নকলি পাটৰ কাপোৰ এযোৰ পিন্ধি থকা তাই মোক ভৰিৰ পৰা মূৰলৈ চালে। মই তাইৰ শিৰৰ সেন্দুৰখিনি চালোঁ। মোৰ ঘৰত কামকৰা মৃত মানুহগৰাকীৰ বোৱাৰীয়েকৰ শিৰটোতকৈ উজ্জ্বল হৈ আছে। মোৰ মনত আছে তিনিবছৰমানৰ আগতে তাই গিৰিয়েকৰ ঘৰৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰি মাকৰ ঘৰলৈ গুচি আহিছিল। তেতিয়া তাইৰ মুখখন আছিল শুকান, গালৰ হনু ওলোৱা, চকুত ক’লা দাগ। এদিন ৰাস্তাত লগ পাই মই সোধোঁতে তাই কান্দি কান্দি কোৱা বহুতো কথা মনত পৰিল। আজিকালি তাই বিয়াঘৰৰ কথা কৈ থকা মানুহজনীৰ ঘৰত থাকে। তাতে গোটেইঘৰখন চম্ভালে, তেওঁলোকেও বেছ মৰম কৰে- কথাবোৰ মোৰ তাত কাম কৰা বৌয়েকৰ পৰা গম পাই থাকোঁ। তেতিয়াৰ পৰা মানুহঘৰৰ প্ৰতি এক শ্ৰদ্ধাভাৱ মোৰ মনত গঢ় লৈ উঠিছে। 

: তিনি তাৰিখে যাবা দেই আমাৰ ৰিছেপশ্যনত। বেয়া পাম কিন্তু নেদেখিলে। 

চাহত ঢোক দি মানুহগৰাকীয়ে মোলৈ চাই ক’লে।

: আপোনালোকৰ বোৱাৰী এতিয়া মাকৰ ঘৰতে আছে নে? 

সন্মতিৰ হাঁহি এটা মাৰি মই সুধিলোঁ।

: নাই, ইয়াতে আছে। 

: কিয় ঘৰ গচকাই মাকৰ ঘৰলৈ গুচি নাযায় জানো? 

মই অন্য ধৰ্মাৱলম্বী হোৱাৰ হেতুকে নিয়মবোৰ ভালকৈ নাজানো। প্ৰায়বোৰ বিয়াত কইনাই ৰাতিয়েই মাকৰ ঘৰলৈ গুচি যোৱা দেখিছোঁ।

: অঁ.. depend কৰে! আমাৰ দৰাৰ সময় নাই নহয় সেইবোৰ নিয়ম কৰি থাকিবলৈ! ক’ৰণাৰ বাবে এনেই দুবছৰ পিছুৱালে বিয়া। সি মুম্বাইলৈ ঘূৰি যাব লাগে। 

মুম্বাই শব্দটোত জোৰ দি কোৱা কথাৰ সুৰটো মোৰ ভাল নালাগিল।

মই একো নক’লোঁ, লাহেকৈ আপেল এটুকুৰাত সৰুকৈ কামোৰ এটা দিলোঁ।

 মৃত মানুহজনীৰ জীয়েকে মানুহজনীক পুনৰ ক’লে, 

: বৌ আমাৰ ঢেঁকীটো মচিব লাগিছিল নহয়। 

: অঁ অঁ… লাগিছিলতো

বুজি নোপোৱাৰ দৰে তেওঁলোকৰ মুখলৈ চাই থকা মোক আৰু আনগৰাকী আমাৰ চুবুৰীয়া মহিলা, মোৰ ঘৰত কাম কৰা তাইৰ বৌয়েকজনীক গুৰুত্ব নিদি তেওঁলোকে বৰ আপোনমনে কথা পাতিবলৈ ধৰিলে। 

এইবাৰ তাই মোৰ ফালে চাই ক’লে, 

: আমাৰ নিয়ম আছে। কইনাই ঢেঁকী দিব লাগে প্ৰথম আহি। কইনা কিমান লখিমী তেতিয়াহে ওলায়!

কইনাক নতুন ঘৰত এইবোৰ নিয়ম কৰাই বুলি আগতে শুনা নাছিলোঁ অৱশ্যে মই। গুৱাহাটী চহৰত ঢেঁকী খুউব নগণ্য সংখ্যক মানুহৰ ঘৰত আছে। কেৱল বিহুৰ সময়ত বৰা চাউল খুন্দিবলৈ সেইটো ব্যৱহাৰ হয়। মোৰ তাত কামকৰা মানুহগৰাকীয়ে মোকো তাত পিঠাগুড়ি খুন্দি নি দিয়ে। সেয়া তাইৰ অতিৰিক্ত উপাৰ্জন। মুম্বাইত চাকৰি কৰা কইনাই ঢেঁকী দি নিজে লখিমী হোৱাৰ পৰিচয় দিব লাগে! ইয়াৰ পিছত আৰু কি আলোচনা হ’ব জানিবলৈ উৎসুক হৈ থাকিলোঁ।  

এইবাৰ মোক অবাক কৰি তাই তাইৰ গৰাকীনীক ক’লে, 

: জলকীয়া খুন্দিব দিব লাগিব। দাদাক ‘মাইক্ৰ’ জলকীয়া এককেজিমান আৰু ভোট জলকীয়া এটা আনিবলৈ দিব লাগিব। কইনা হোৱাৰ মজা পাব নহয় জলকীয়া খুন্দি! চাবলৈ যে কি মজা লাগিব!

নিজৰ কথাখিনিয়ে তাইক বৰ আমোদ দিলে যেন পাওঁ কাৰণ, কথাখিনি কৈ তাই বৰ পৈশাসিক হাঁহি এটা মাৰিলে। 

সেইসময়ত তাইক মোৰ তাইৰ মই কেতিয়াও নেদেখা শাহুৱেকজনী যেন লাগি গ’ল যিগৰাকী মানুহ আৰু তেওঁৰ আবিয়ৈ জীয়েকহঁত আৰু পুতেক (যাৰ নামৰ সেন্দুৰ এতিয়াও তাইৰ শিৰত!)ৰ অত্যাচাৰত থাকিব নোৱাৰি তাই এদিন উভতি আহিছিল। ঘৰলৈ ঘূৰি আহোঁতে ভাবি ভাবি আহিলোঁ এই পৃথিৱীখনত ৰক্তবীজৰ শেষ কেতিয়াও নহয়!

☆ ★ ☆ ★ ☆

7 Comments

  • Rintumoni Dutta

    ভাল লাগিল উৎপলা

    Reply
  • কাবেৰী মহন্ত

    বাস্তৱিকতে এনেকুৱাই। ভাল লাগিল

    Reply
  • ৰাজশ্ৰী শৰ্মা

    তেনেকুৱাই কথাবোৰ। বৰ ভাল পালোঁ বা পঢ়ি।

    Reply
  • Anonymous

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *