চক্ৰবেহুত লেখক ৰামানুম-ৰঞ্জিত কুমাৰ শৰ্মা
ৰামানুমে দৌৰিছে আৰু দৌৰিছে, কিন্তু আগুৱাব পৰা নাই৷ এনেকৈ দেখোন তেওঁ ৰঙা ফিটাডাল স্পৰ্শ কৰিবই নোৱাৰিব! তেওঁ পুনৰ চেষ্টা কৰিলে, কিন্তু নাই, তেওঁ আগবাঢ়িব পৰা নাই৷ ৰামানুমে অনুভৱ কৰিলে যে তেওঁ দৌৰাৰ বাবে যিমানেই চেষ্টা নকৰক কিয় ভৰিদুখন আগুৱাই যোৱা নাই৷ ভৰিদুখন কিহবাই টানি ধৰা যেনো পালে তেওঁ৷ কিবা এটা যন্ত্ৰণাও অনুভৱ কৰিলে ৰামানুমে৷ ভৰিদুখন জোৰকৈ মেলিবলৈ চেষ্টা কৰোঁতে ৰামানুম সাৰ পাই উঠিল৷ চকুদুটা মেল খোৱাত তেওঁ আচৰিত হ’ল। তেওঁ দেখোন বিছনাতহে আছে, ক’তো দৌৰিবলৈ যোৱা নাই! তেন্তে এইটো কি সপোন দেখিলে তেওঁ? দিনত তেওঁ অলিম্পিক, এছিয়াডৰ কথা এবাৰলৈও মনতো পেলোৱা নাই বা কাৰো লগত সেইবিষয়ে কথাও পতা নাই, তেনেহ’লে দৌৰাৰ সপোন কিয় দেখিলে? কিছুসময় চিন্তা কৰি তেওঁ ভাবিলে, হয়তো মস্তিষ্কৰ ওপৰত পৰা চাপৰ বাবেই এনেকুৱা সপোন দেখা পালে!
এই চিন্তা অমূলক নহয়৷ ৰামানুম এগৰাকী ব্যস্ত লোক৷ নিজৰ চাকৰি, গৱেষণাৰ উপৰি তেওঁ সাহিত্যচৰ্চাও কৰে৷ প্ৰকৃততে সাহিত্যচৰ্চা কৰে বুলি ক’লে ভুল কোৱা হ’ব, ৰামানুম এতিয়া ভাল আৰু জনপ্ৰিয় লেখক বুলিয়েই ক’ব পাৰি৷ কেইবাখনো কাকত-আলোচনীত তেওঁ নিয়মীয়াকৈ লিখি আহিছে৷ ডিজিটেল মাধ্যমৰ সম্প্ৰসাৰণৰ লগে লগে অনলাইন মেগাজিনৰ বাবেও তেওঁৰ পৰা লেখা বিচৰা লোকৰ অভাৱ নাই৷ কিন্তু সকলোকে তেওঁ সময় দিব নোৱাৰে৷ তথাপি সময় উলিয়াই মাজে-সময়ে অনলাইন মেগাজিনতো চেষ্টা কৰে লেখা দিবলৈ৷ এইটো মাহত তেওঁৰ চিনাকি আৰু ঘনিষ্ঠ কেইজনমানে বৰকৈ কামোৰ দিছে লেখা দিবলৈ, কিন্তু তেওঁহে সময় উলিয়াব পৰা নাই৷ মাহটোৰ বাইশ তাৰিখৰ ভিতৰত লেখা দিব লাগে৷ তেওঁৰ বাবে আৰু তিনিদিন বঢ়াই দিয়া হৈছে৷ সেই অতিৰিক্ত তিনি দিনৰ দুদিন গ’লেই৷
নিশা বিছনাত দীঘল দি কি লিখিব, কেতিয়া লিখিব বুলি ভাবি থাকোঁতে ৰামানুমৰ টোপনি আহিছিল। সপোনটোৱে তেওঁক জগাই দিলে৷ ৰামানুমে মন কৰিলে, তেওঁ দেখোন ভৰিদুখন কোঁচাই আছে৷ মানে তেওঁ ‘দন্ত্য দ’ হৈ শুইছে! দন্ত্য দ হৈ শুলে সপোনত ক’ত দৌৰিব পাৰিব! ‘নাই, কাইলৈ লিখিবই লাগিব’ বুলি মন দৃঢ় কৰি ৰামানুমে পুনৰ চকুদুটা জপাই দিলে৷
*
ৰামানুমে লেপটপটো মেলি লৈছিলহে, হঠাৎ কলিং বেলটো বাজি উঠিল৷ উঠি গৈ তেওঁ দুৱাৰ খুলি দিলে৷ ক্ষীণকায় মানুহ এজন সোমাই আহিল৷ মানুহজনৰ পোছাক দেখি ৰামানুমে লোকজনক কাবুলীৱালা যেন পালে। লোকজনৰ বাওঁ হাতত বাজপখী এটা থিয় হৈ আছে৷ চৰাইটোৱে কমাণ্ডো ছিকিউৰিটি ফ’ৰ্চৰ জোৱানৰ দৰে ইফালে সিফালে তীক্ষ্ণ নজৰ দিছে৷ চৰাইটোৰ চকুৱে ৰামানুমৰো ভৰিৰ পৰা মূৰলৈকে এবাৰ বিচৰণ কৰিলে৷ মানুহজনৰ আনখন হাতত এটা বন্দুক৷ ৰামানুমে দেখিলে, বন্দুকটো পুৰণি, কোনো কোনো অংশত মামৰো ধৰিছে৷ মানুহজনে বন্দুকৰ নলীটো ৰামানুমৰ বুকুত লগাই দিলে৷ ভয়ত কঁপি উঠিল ৰামানুম৷ তেওঁ বুজি পালে, এই বন্দুকৰ গুলী ফুটিলে বুকু ভেদ কৰি যায় নে নাযায় সেইটো নিশ্চিত নহয় যদিও ‘চেপ্তিক’ বা ধনুষ্টংকাৰ হৈ যে ভূগিব লাগিব সেইটো ঠিক৷ ভয়ে ভয়ে ৰামানুমে কাবুলীৱালা যেন লগা লোকজনক সুধিলে,
: কি হ’ল? আপুনি কোন? মই আপোনাৰ কোনটো পানী খোৱা পুখুৰীত বিহ ঢালিলোঁ?
লোকজনে ক’লে,
: মই কুৱেইটী শ্বেইখ৷ মই আৰু মোৰ এই বন্দুকটো সকলোৰে চিনাকি৷ মোক কোনোবাই ফুঁ মাৰি উৰুৱাই দিব পাৰে, কিন্তু বন্দুকটোক সকলোৱে ভয় কৰে৷ আজি কিমান তাৰিখ?
ৰামানুমে ভয়ে ভয়ে ক’লে,
: চৌব্বিশ…!
: মানে টুৱেণ্টি ফ’ৰ৷ তোমাক অতিৰিক্ত সময় দিয়া হৈছিল তিনিদিন, দুদিন গ’লেই৷ লেখা হৈছেনে?
বন্দুক আৰু চৰাইটোৰ ভাৰৰ লগত নিজৰ ব’ডিটোৰ বেলেঞ্চ এডজাষ্ট কৰি লৈ শ্বেইখে হুংকাৰ দিলে৷
: লিখিম লিখিম৷ লিখিম মানে লিখিবলৈ বহিছিলোঁৱেই৷ আপুনি আহিহে…৷
ৰামানুমৰ কথা শেষ নহ’লেই, গৰজি উঠিল শ্বেইখ,
: মাহটোৰ কেইদিন গ’ল?
ভয়ে ভয়ে ৰামানুমে ক’লে,
: চৌব্বিশ দিন৷
শ্বেইখ পুনৰ গৰজি উঠিল,
: কেইটা লিখিবলৈ কোৱা হৈছিল?
কঁপি কঁপি ৰামানুজে উত্তৰ দিলে,
: এ..টা..৷
শ্বেইখে ৰামানুমৰ বুকুত বন্দুকৰ নলীটো গুজি দি ক’লে,
: লেখা এটা আৰু দিন চৌব্বিশ? না ইনচাফী নহয়, বহুত গৌলত হুৱা৷ গুলী খাবলৈ সাজু হোৱা৷
হাতজোৰ কৰি কঁপা কঁপা মাতেৰে ৰামানুমে ক’লে,
: মই কথা দিছোঁ যেতিয়া লেখা দিমেই৷ কথা দিয়া মানে নিমখ খোৱা।
‘এতিয়া গুলী খোৱা’ বুলি শ্বেইখে বন্দুকৰ ট্ৰিগাৰ টিপিলে৷
ধপকৈ এটা শব্দ হ’ল৷ খপজপকৈ বিছনাত উঠি বহিল ৰামানুম৷ বুকুত হাত এখন থৈ তেওঁ ইফালে-সিফালে চালে৷ তেওঁ দেখোন বিছনাতে আছে! ক’ত কুৱেইটী শ্বেইখ? তাৰমানে তেওঁ পুনৰ সপোনকে দেখিলে? কিছু চিন্তিত হ’ল ৰামানুম৷ কেনেকুৱা যে সপোন দেখিছে! বিছনাৰ পৰা নামি গৈ যথাস্থানত সৰুপানী চুই আহি লেখক ৰামানুমে ঠাণ্ডা পানী এগিলাচ পি ল’লে৷ তাৰ পাচত পুনৰ বিছনাৰ কাষলৈ আহি তেওঁ ভাবিলে- ‘নিশাৰ ভিতৰতে লিখিয়েই পেলাব নেকি কিবা এটা!’ কিন্তু পিছ মুহূৰ্ততে শ্বেইখৰ চেহেৰাটোলৈ মনত পেলাই ‘হেই সপোনত অহা সেইজনক কোনে ভয় কৰে, কাইলৈ লিখিম’ বুলি ৰামানুম পুনৰ বিছনাত উঠিল৷
*
ৰামানুমে পুনৰ লেপটপটো মেলি ল’লে৷ তেনেতে কলিং বেলটো বাজি উঠিল৷ তেওঁ উঠি গৈ দুৱাৰ খুলি দিলে৷ জিন্স পেণ্ট, ফুটুকীয়া পাঞ্জাৱী এটা পিন্ধা আৰু কান্ধত বেগ এখন ওলোমাই লোৱা ৩৫-৪০ বছৰমান বয়সৰ লোক এজন সোমাই আহিল৷ ৰামানুমৰ ড্ৰয়িং ৰূমতে বহি মানুহজনে নিজৰ পৰিচয় দিলে৷ তেওঁ এজন কবি, নাম দেৱদাস শৰ্মা৷ ৰামানুমে তেওঁক অহাৰ কাৰণ সুধিলে৷ কবি শৰ্মাই জনালে যে তেওঁ ৰামানুমৰ লেখাটো নিবলৈ আহিছে, কাৰণ আজি মাহটোৰ পঁচিশ তাৰিখ৷
ৰামানুম উচপ খাই উঠিল৷ পঁচিশ তাৰিখ? তেওঁ চৌব্বিশ তাৰিখ বুলিহে ভাবি আছিল! তেওঁ কবি শৰ্মাক ক’লে,
: মই হাতত এদিন থকা বুলিহে ভাবিছিলোঁ৷ আপুনি মোক দুঘণ্টা সময় দিয়ক, মই লিখি দি আছোঁ৷
চকু ডাঙৰ কৰি কবি শৰ্মাই ক’লে,
: মোক তুমি বুলি ক’লেই হ’ব, মই অবিবাহিত৷ কিন্তু কথা হ’ল, চৌব্বিশ পূৰণ চৌব্বিশ, অৰ্থাৎ ৫৭৬ ঘণ্টা পাৰ হৈ যোৱাৰ পাছতো যি কবিয়ে সৃষ্টি কৰিব নোৱাৰে এটি কবিতাৰ কলি, যাৰ কলমত প্ৰাণ পাই নুঠে দুশাৰী বাক্য তেওঁ কেনেকৈ দুঘণ্টাত লিখিব এটা কবিতা অথবা এটা গল্প? হাও ইট ইজ পছিবল?
সেপ ঢুকি ৰামানুমে ক’লে,
: কিমান লিখিলোঁ, কিমানৰ অন্তৰ জয় কৰিলোঁ, তথাপিতো হোৱা নাই ক্লান্ত৷ তেন্তে কিয় লোৱা ধাৰণা ভ্ৰান্ত?
কবি শৰ্মাই তেওঁৰ বেগটোৰ পৰা দুখনমান কাব্যগ্ৰন্থ উলিয়াই লৈ ক’লে,
: কুৱেইটী শ্বেইখৰ নিৰ্দেশনা, আপুনি আজি কবিতা শুনিব লাগিব আৰু এই কবিতা শুনি শুনিয়েই আপুনি আজিয়েই আপোনাৰ লেখাৰ বিষয় বাছি উলিয়াব লাগিব৷ যদি একো নোৱাৰে, শুনা কবিতাবোৰৰে সাৰাংশকে লিখিব লাগিব৷ মুঠতে লেখা লাগিবই৷
লেখক ৰামানুমে কিবা কোৱাৰ আগতে কবি শৰ্মাই কাব্যগ্ৰন্থৰ পৰা এটা এটাকৈ কবিতা পাঠ কৰিবলৈ ল’লে৷ প্ৰেম, বিৰহ-বেদনাৰ কবিতা এটাৰ পাচত এটাকৈ কবিয়ে পাঠ কৰি গ’ল৷ ৰামানুমৰ কোঠাটোত কবিতাবোৰ উৰি ফুৰিব ধৰিলে৷ কবিতাবোৰে তেওঁৰ গাৰ চাৰিওফালে খিলখিলাই হাঁহি হাঁহি ঘূৰিবলৈ ধৰিলে৷ ৰামানুম যেন হৰৰ চিনেমাত দেখুওৱা গুহা এটাত সোমাই পৰিল৷ চাৰিওফালে চিঁ চিঁ শব্দ কৰি বহু বাদুলি ঘূৰি ফুৰিছে৷ দূৰৰ পৰা যেন কোনোবা নাৰীৰ অট্টহাস্যও ভাঁহি আহিছে৷ ‘আহ বন্ধ কৰা’ বুলি চিঞৰি ৰামানুম বিছনাত উঠি বহিল৷ ইফালে-সিফালে চাই তেওঁ কাকো নেদেখিলে৷ চাৰিওপিনে চকুহাল ঘূৰাই তেওঁ যি দেখিলে তাৰ পৰা বুজিবলৈ বাকী নাথাকিল যে এইটোও এটা সপোনহে আছিল৷ তেওঁ চিন্তিত হ’ল। আজি হৈছে কি! এটাৰ পাছত এটাকৈ ভয়লগা সপোনবোৰ তেওঁ কিয় দেখি আছে! ৰামানুমে থিৰাং কৰিলে, এনেদৰে নহ’ব, পুৱা উঠিয়েই কিবা এটা লিখিবই লাগিব৷ বিছনাখনত পুনৰ দীঘল দি তেওঁ কি লিখিব তাকেই থিৰাং কৰি লোৱাৰ চেষ্টা কৰিলে৷ কিন্তু কিছু সময় পাছতেই তেওঁৰ চকুহাল পুনৰ জাপ খাই আহিল৷
*
ৰাজহাউলীৰ দৰে এটা ভৱনৰ বেচ আহল-বহল কোঠা এটাত সিংহাসনৰ দৰে আকৃতিৰ ডাঙৰ চকী এখনত এজন আদহীয়া লোক বহি আছে৷ কলপ লগোৱা কিচকিচিয়া ক’লা মোচ একোচা আৰু জিলিকি থকা গালদুখনেৰে লোকজনৰ মুখমণ্ডল দেখোনিয়াৰ হৈ উঠিছে। তেওঁৰ মূৰত আছে এটা ‘ৱেষ্টাৰ্ণ হেট’৷ পিন্ধনত জনজাতীয় এটা কোট আৰু এখন দাক্ষিণাত্যৰ বগা ধূতি৷ ধূতিখন তেওঁ দুজাপ কৰি লুঙীৰ দৰে পিন্ধিছে৷ লোকজনৰ দুয়োকাষে আছে দুগৰাকী সুন্দৰী ৰমণী৷ এজনীয়ে সোণৰ কাঁহী এখনৰ পৰা আঙুৰ, কাটি লোৱা আপেল, কাজু বাদাম, কিচমিচ আদি মানুহজনক খুৱাই আছে৷ আনজনীয়ে ডাঙৰ বিচনী এখনেৰে তেওঁক বতাহৰ বা দি আছে৷ মানুহজনৰ আদব-কায়েদা চালে তেওঁক কোনোবা গেঙৰ ‘বছ’ যেনেই লাগে৷ নাম তেওঁৰ হেমন্তমণিয়ম আয়াৰ৷ দুজনমান চন্তৰীয়ে এজন লোকক ধৰি আনি ‘বছ’ হেমন্তমণিয়মৰ সন্মুখত থিয় কৰালে৷ বছে সুধিলে,
: কোন এওঁ? এওঁক ইয়ালৈ কিয় অনা হৈছে?
এজন চন্তৰীয়ে ক’লে,
: বছ, এওঁ ৰামানুম৷ আপুনি পাহৰিলে নেকি বছ? আপোনাৰ সমাজসেৱাৰ বিষয়ে যে এওঁক ৰচনা এখন লিখিব দিছিলে, এইজনেই সেইজন ৰামানুম৷
বছে চকুদুটা ডাঙৰ কৰি বন্দী মানুহজনলৈ চাই ক’লে,
: অ’ মনত পৰিছে৷ কি হ’ল বৎস, লেখা ৰেডি হৈছেনে?
চন্তৰীজনে লগে লগে উত্তৰ দিলে,
: নাই বছ, এওঁ লিখা নাই৷ সেয়ে ধৰি-বান্ধি লৈ আহিলোঁ৷
ক্ষুব্ধ হৈ উঠিল বছ হেমন্তমণিয়ম৷ নিজৰ সোঁ উৰুতে থাপৰ এটা মাৰি তেওঁ গৰজি উঠিল,
: কি? এতিয়াও লিখা নাই? আৰু কিমান সময় দিম? নাই নহ’ব, শাস্তি মিলেগা, জৰুৰ মিলেগা৷
ৰামানুমে হাতযোৰ কৰি ক’লে,
: আৰু দুদিন সময় দিয়ক বছ৷ মই কথা দিছোঁ, লেখা শেষ কৰিমেই কৰিম৷
বছ হেমন্তমণিয়মে অলপ সময় মৌন হৈ কিবা ভাবিলে, তাৰ পাছত ক’লে,
: ঠিক আছে, তোমাক মই এটা সুযোগ দিম৷ মোৰ ছিষ্টাৰ ৰজো কালিৰে পৰা শুই আছে৷ যদি তেওঁৰ কাণৰ কাষত প্ৰশ্ন সুধি সুধি তেওঁক টোপনিৰ পৰা জগাব পাৰা তেন্তে তোমাক ৰেহাই দিয়া হ’ব৷ কিন্তু মনত ৰাখিবা, যদিও ৰজো সাৰ নাপায় তেনেহ’লে ‘তুম বচ ন্যহী সক্তে’৷
ৰামানুমক ৰজোৰ কাষলৈ লৈ যোৱা হ’ল৷ এটা কোঠাত বিছনা এখনত ৰজো শুই আছে৷ চাৰিওফালে বহু কাগজ সিচঁৰতি হৈ পৰি আছে৷ তাৰ মাজতেই নাক বজাই বজাই ৰজো টোপনিত লালকাল৷ ৰামানুমক ৰজোৰ কাষত প্ৰশ্ন সুধিবলৈ কোৱা হ’ল৷ কিন্তু বহু চেষ্টা কৰিও ৰামানুমে ৰজোক জগাব পৰা উপযুক্ত প্ৰশ্ন মনলৈ আনিব নোৱাৰিলে৷ ৰজোৰ বিছনাৰ কাষত বহি থকা দুই সুন্দৰীৰ চকু-মুখলৈ চাওঁতে চাওঁতে তেওঁৰ ‘ডিমাগ কি বট্টি’ নুমাই থাকিল৷ ৰামানুমক পুনৰ বছৰ সন্মুখলৈ লৈ অনা হ’ল৷ তেওঁৰ ব্যৰ্থতা বছক অৱগত কৰা হ’ল৷ বছ গৰজি উঠিল৷ তেওঁ দুবাৰ হাতচাপৰি বজালে৷ দৈত্যকায় চেহেৰাৰ দুজন পালোৱান আহি বছৰ সন্মুখত থিয় হ’ল৷ বছে সিহঁতক নিৰ্দেশ দিলে, ‘‘হেভেলছ”ৰ দুটা বাল্ব আনি এইজনৰ দুই কাণত লগাই বিদ্যুৎ সংযোগ কৰি দে৷”
দৈত্যকায় লোকদুজন কিছু সময় থিয় হৈ থাকিল৷ আচলতে এইটো কেনেধৰণৰ শাস্তি সিহঁত দুয়োয়ে বুজিয়েই নাপালে৷
দুয়োজনকে থিয় হৈ থকা দেখি বছ গৰম হৈ গ’ল৷ উচ্চস্বৰে বছে ক’লে,
: কি ভাবি আছ? যি কৈছোঁ তাকেই কৰ৷
‘যি হুকুম বছ’ বুলি পালোৱানদুজন ভিতৰলৈ গ’ল৷ এজনে এডাল তাঁৰেৰে সংযোগ কৰা দুটা বাল্ব আৰু আনজনে দীঘল তাঁৰ আৰু চুইচব’ৰ্ড এখন লৈ আহিল৷ ‘বছ’ৰ নিৰ্দেশত পালোৱান দুজনে ৰামানুমৰ পিনে আগবাঢ়িল৷ দুই চন্তৰীয়ে তেওঁক লৰচৰ কৰিব নোৱাৰাকৈ ধৰি থাকিল৷ পালোৱানদুজন ৰামানুমৰ কাষ পালে৷ বিকট শব্দ এটা ৰামানুমৰ কাণত সোমাল৷ নাই নাই বুলি চিৎকাৰ কৰি উঠিল তেওঁ৷
একপ্ৰকাৰ জাঁপ মাৰি উঠাৰ দৰে ৰামানুম পুনৰ বিছনাত উঠি বহিল৷ আতংকিত হৈ তেওঁ কোঠাটোৰ ইফালে-সিফালে চালে৷ চকুদুটা হাতেৰে এবাৰ মোহাৰিও চালে৷ কিছু সময় পাছতহে তেওঁৰ তন্দ্ৰা ভাগিল৷ ৰামানুমে বুজি পালে যে তেওঁ পুনৰ সপোনহে দেখিছে৷ তেওঁক যেন আজি সপোনৰ ভূতে লম্ভিছে। বিছনাৰ কাষতে থকা মেজখনত ৰখা ম’বাইল ফোনটোত দীৰ্ঘ সময় ধৰি বাজি থকা ৰিংট’নটো ৰামানুমে তেতিয়াহে মন কৰিলে৷ ভয়ে ভয়ে তেওঁ ফোনটো ৰিচিভ কৰিলে৷ ফোনত প্ৰণীতা বায়েকৰ মাত ভাঁহি আহিল-
“দেওবাৰ বুলিয়েই এতিয়াও শুয়েই আছা নেকি? আজি লাষ্ট ডেট, আৰু সময় দিব নোৱাৰোঁ৷ সন্ধিয়ালৈ লেখাটো মোলৈ পঠিয়াই দিবা৷”
☆ ★ ☆ ★ ☆
1:49 pm
হা হা। মজ্জা লাগিল।
2:38 pm
ধন্যবাদ জনালোঁ৷
3:14 pm
মজাৰ লেখা।
8:59 pm
ধন্যবাদ জনালোঁ৷
3:21 pm
ৰজো জনীয়েহে সপোনে দিঠকে শুয়ে থাকে চবতে???
9:00 pm
ঘুমেগাইৰা৷
3:36 pm
বঢ়িয়া। ভাল লাগিল পঢ়ি
9:00 pm
ধন্যবাদ জনালোঁ৷
6:01 pm
মজা লাগিল পঢ়ি
9:01 pm
ধন্যবাদ জনালোঁ৷
10:21 am
একদম বাস্তৱ সপোন। বঢ়িয়া লাগিল দাদা
12:25 am
হাঃ হাঃ ৷ ধন্যবাদ জনালোঁ৷