ফটাঢোল

বাওনা বৰুৱাৰ মহাজীৱনী- ড°সৰোজ কাকতি

এনেধৰণৰ উত্তৰ দি এখন নতুন গ্ৰন্থ প্ৰণয়ন কৰালোঁ যদিও পণ্ডিত সকলৰ পৰা বিশেষ সমাদৰ নাপালোঁ। তথাপিও মই দমি যোৱা মানু্হ নহয়। মোৰ ভক্ত সকলৰ মাজত পুথিবোৰ বিক্ৰী কৰিলোঁ। বহুত কপি বিলায়ো দিলোঁ।
বহুত ভক্তই মন্তব্য দিলে, “আপোনাৰ গহীন গম্ভীৰ ব্যক্তিত্বৰ অন্তৰালত যে এজন ধেমেলীয়া হাস্য ৰসেৰে ভৰপূৰ পুৰুষ আছে সেয়া বাহিৰৰ পৰা চাই ধৰিব নোৱাৰি। আপোনাৰ অভিনৱ হাস্যৰস পূৰ্ণ গ্ৰন্থখনে আমাক বৰ আনন্দ দিছে। গভীৰ তত্ত্ব কথাবোৰ হাস্যৰসৰ মাজেৰে বুজাই দিয়া আপোনাৰ গ্ৰন্থখনে হয়তো প্ৰথম। আপোনাৰ কাপৰ পৰা আৰু এনেকুৱা মহান গ্ৰন্থ সৃষ্টি হ’ব বুলি আশা কৰিলোঁ। অনুগ্ৰহ কৰি এই ভক্তক জনালে বাধিত হ’ম, মোৰ এটা সৰুকৈ প্ৰেছ আছে, তাতে গুৰুদেৱৰ গ্ৰন্থ ছপা কৰিব পাৰিলে নিশ্চয় মোৰ ব্যৱসায়ৰ অৱস্থা জয় জয় ময় ময় হ’ব।”
ভক্তৰ পৰা এনে উৎসাহ উদ্দীপনা পাই মনটো বৰ ভাল লাগিল। এই চকু চৰহা পণ্ডিতবোৰে মোৰ গ্ৰন্থক ভাল নুবুলিলে কি হ’ল, মোৰ প্ৰতিভাক বুজি পোৱা মানুহ আছে নহয়। অকল এখনে নহয় এনেকুৱা পত্ৰ আৰু আহিছিল। পাছলৈ মই ৰাজনীতি পুৰাণ নামৰ আন এখন গ্ৰন্থ ৰচনা কৰিছিলোঁ।
ৰাজনীতিৰ কথা ওলাওঁতে ঘটিৰামে হঠাতে এটা প্ৰশ্ন কৰিলে।
: প্ৰভু বামনদেৱ, আপুনি ৰাজনীতিলৈ কেতিয়া আহিল? কি ঘটনাই আপোনাক প্ৰেৰণা যোগাইছিল?
: এইবোৰ বহুত কথা বাপু ঘটিৰাম। মই ৰাজনীতিৰ দৰে বহল পথাৰখনলৈ কিয় আহিলোঁ সেয়া জনাম বাৰু, নহ’লে মোৰ এই মহাজীৱনী আধৰুৱা হৈ থাকিব। তাৰ আগতে মোৰ গুৰুগিৰী জীৱনৰ কেইটামান কথা ক’বলৈ এতিয়াও বাকী আছে।
পুলিচৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছত মোৰ জনপ্ৰিয়তা কিছু কমি গৈছিল। এইখিনি ঘূৰাই আনিবলৈ কেইটামান কাৰ্যসূচী হাতত ল’লোঁ। শিষ্য দুজনমানক লগাই দিলোঁ, ভিতৰুৱা ঠাইত দুটামান মন্দিৰ প্ৰতিষ্ঠা কৰিব লাগে। আঁচনিটো হ’ল এনেকুৱা, তেওঁলোকে সন্যাসীৰ বেশ ধৰি সেইবোৰ ঠাইলৈ যাব আৰু তাতে অলপ একাশৰীয়া ঠাইত, কেইদিনমান থাকিব, ধূনি জ্বলাই মালা জপ কৰি প্ৰথমে মানুহ আকৰ্ষণ কৰিব। মানুহে যেতিয়া দান দক্ষিণা দিবলৈ আৰম্ভ কৰিব তেতিয়া সেই ঠাইত এটি মন্দিৰ স্থাপনৰ কথা ঘোষণা কৰিব। আধাৰশিলা স্থাপনৰ বাবে মোক নিমন্ত্ৰণ জনাব, মই গৈ এঠাইত জিৰণি লৈ থাকিম, ৰাইজে মোক তাৰপৰা খোল, মৃদংগ, তাল, শঙ্খ, ঘণ্টা আদি দেৱবাদ্য বজাই আদৰি নিব, ভৰি ধুৱাব, সেই পদজল শিৰত ল’ব। এইবোৰ কাৰ্য দেখাত স্বাভাৱিক ভাবে হ’ব যদিও আমাৰ শিষ্য গৰাকীৰ পৰামৰ্শ অনুসৰি সঙ্ঘটিত হ’ব। মই বহা আসনখনো সুন্দৰ পুষ্প সজ্জিত হ’ব। প্ৰৱচন দিম, আৰু মন্দিৰ নিৰ্মাণৰ বাবে শকত ধনৰ বৰঙণি এটা আগবঢ়াম। ‌
আঁচনি মতে কাম কৰা হ’ল। মোৰ প্ৰিয় শিষ্যগৰাকীয়ে সকলো আয়োজন কৰি মন্দিৰৰ আধাৰশিলা স্থাপন কৰাবলৈ গাঁৱৰ পৰা মানুহ লৈ হাজিৰ হ’ল।
অতিথিক ভালদৰে আদৰ আপ্যায়ন কৰি এৰাতি আশ্ৰমতে ৰাখিলোঁ আৰু পিছদিনা তেওঁলোকৰ সৈতে যাত্ৰা কৰিলোঁ। মানুহৰ ভিৰ সকলোৱে দৰ্শন কৰিব বিচাৰে, ইফালে মন্দিৰ কমিটিয়ে দৰ্শন কৰিবলৈ নিদিয়ে। মই বোলো তেওঁলোকক আঁতৰাই নাৰাখিবা, ভগৱানৰ ওচৰলৈ ভক্ত আহিবই। লগে লগে মোৰ চৰণ স্পৰ্শ কৰিবলৈ হেতা-ওপৰা লাগিল। মানুহৰ ভিৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি কমিটিৰ মানুহ বিপাঙত পৰিল। তেনেতে মোৰ শিষ্যজনে এটা ভাল কাম কৰিলে। পানী ভৰ্তি চৰিয়া এটা আনি তাতে মোৰ পদকমল তিয়াই দি সেই পবিত্ৰ জল ৰাইজৰ বাবে উলিয়াই দিলে। মহা ভক্তিৰে সেই জল পান কৰি শিৰত লৈ তেওঁলোক ধন্য হ’ল ।
(আগলৈ)

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *