ফটাঢোল

পৰজীৱি-ভনিতা শৰ্মা

সৰুৰে পৰাই তাইক সিহঁতে কমখন আমনি দি অহা নাই৷ সৰুতে গধূলি পঢ়া টেবুলত বহি দিনটোৰ ভাগৰে হেঁচা মাৰি ধৰি টোপনিয়াই থকা সময়কণতে কোৱা বা ককাক-আইতাকৰ লগত বহি দেওবাৰে দূৰদৰ্শনত ’চন্দ্ৰকান্তা’ চাই থকাৰ সময়তেই কোৱা; তাইৰ পিছ নেৰে সিহঁতে৷ বাৰে বাৰে সোহাঁতখন নিনিও বুলিয়ো সিহঁতক খেপিয়াবলৈ যথোচিত স্থানত নিবলৈ বাধ্য হৈছিল তাই৷ ঠাণ্ডা দিনৰ দুপৰীয়াবোৰত মাক বা পেহীয়েকে তাইক সেইবুলিয়ে কাষলৈ মাতিছিল,

: আহচোন, কাষত বহ৷ দুটিমান পাওঁ নেকি খেপিয়াই চাওঁ৷

বিৰক্তি লাগিছিল তাইৰ৷ য’ত ত’ত বহুবাৰ বিবুদ্ধিতো পৰি থৈছে তাই৷ হঠাৎ সিহঁতৰ দৌৰা-ঢপৰাবোৰ আৰম্ভ হৈ যায়৷ লগে লগে মূৰৰ পৰা এটা পিৰপিৰণি গোটেই দেহাটোলৈ বিয়পি পৰে৷ পৰালৈকে তাই সিহঁতৰ অতপালি আওকাণ কৰে৷ কিন্তু কেতিয়াবা তাই নোৱাৰা হৈ যায়৷ উপায়হীন হৈ তাইৰ সোঁহাতখন সিহঁতৰ লগত শত্ৰুতাৰ বাবে সাঁজু হয়৷ হাইস্কুলত থাকোঁতে তাইৰ পিছৰ শাৰীত বহা বান্ধৱীবোৰে তাইক সিহঁতৰ কথা কৈ জোকাইছিল বোলে,

: ঐ, তোৰ সেইসোপা পিলপিলাই আছে৷ আমি তোৰ পিছত বহোঁ যে, দেখি থাকোঁ। 

তাই লাজত মৰি যাওঁ যেন হৈছিল৷

সিহঁতৰ উৎপাত জানো কমিছিল! স্কুল, কলেজ, বিশ্ববিদ্যালয় শেষ কৰি বিয়াৰ বাবে সাজু হোৱালৈকে সিহঁতে তাইৰ পিছ নেৰিলে৷ যাৰ যি পৰামৰ্শ, উপদেশ পাই সকলো তাই মানিছিল৷ সিহঁতে অন্ততঃ তাইৰ পিছ এৰক৷ নাই সিহঁত আৰু তাইৰ সংযোগ যেন চিৰস্থায়ী৷ বিচ্ছিন্নতাৰ নামেই নাই সিহঁতৰ আৰু তাইৰ মাজত৷ এটা সময়ত অতীষ্ঠ হ’বলৈ, লাজ পাবলৈ তাই বাদ দিলে৷ সহবাস স্বীকাৰ কৰিলে তাই সিহঁতৰ সৈতে৷

 কিন্তু আজি গিৰিয়েকৰ কথাত তাইৰ সিহঁতৰ ওপৰত থকা খঙৰ জুইকুৰা ভমককৈ জ্বলি উঠিল৷ তেওঁ অফিচৰ পৰা আহিয়েই তাইক টানকৈ শুনালে,

: তোমাৰ সেইসোপা অনবৰতে তোমাৰ লগত থাকেই বুলি মই জানো৷ তাত মোৰ ক’বলগীয়া একো নাই। যিহেতুকে মই জানো যে সিহঁতৰ পৰা হাজাৰ চেষ্টা কৰিয়ো তুমি আঁতৰি থাকিব পৰা নাই৷ কিন্তু আজি সিহঁতৰ এটা মোৰ লগতে মোৰ অফিচ পালেগৈ৷ সহকৰ্মী এজনে দেখুৱাই দিয়াতহে গম পালোঁ৷ বৰ লাজ পালোঁ আজি বুজিছা৷ যি কৰা কৰা, কিন্তু মোৰ গাতো সেইসোপা নাজাপিবা দেই৷ কাবৌ কৰিছোঁ তোমাক৷

সেয়ে তাই এতিয়া কেৰাচিন তেলৰ বটলটো আৰু জুইশলা বক্সটো লৈ সাজু হৈছে৷ আজিয়েই শেষ কৰি দিব সিহঁতক৷ জ্বলাই দিব তাই সিহঁতক আজি৷ সেইবুলি ভাবিয়েই তাই কেৰাচিনৰ বটলটো নিজৰ চুলিত ঢালি জুইশলা কাঠিটো মাৰিবলৈ লওঁতেই গিৰিয়েকে আহি দেখা পাই চিঞৰি উঠিল,

 : হেৰা, কি কৰা?

 : শেষ কৰি দিম আজি ইহঁতক৷ পৰজীৱি,পৰাশ্ৰয়ী প্ৰাণী৷ মোক কুটি কুটি খাই আহিছে ইহঁতে।

তাই গুজৰি উঠিল৷

: তুমি ওকনিকেইটাক জ্বলাই মাৰিব যাওঁতে যে নিজেই জ্বলি মৰিবা গম পাইছানে নাই৷ কোনোবাই ওকনি মাৰিবলৈ মূৰটো জ্বলাই নেকি?

বুলি কৈ গিৰিয়েকে তাইৰ হাতৰপৰা কেৰাচিন তেলৰ বটল আৰু জুইশলা বক্সটো কাঢ়ি লৈ গ’ল৷ তাই ফোঁপাই ফোঁপাই সোহাঁতখনৰে মূৰটো খজুওঁৱাত লাগিল মাথোঁ৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *