ফটাঢোল

ক’লা ৰঙৰ চেণ্ডেলযোৰ-কাবেৰী মহন্ত

দুৱাৰখনত লাহেকৈ টোকৰ দুটা মান পৰিল। কাতি মাহৰ আবেলি পাতল কম্বলখন লৈ শুই থকাৰ মজাই বেলেগ! উঠিবলৈ মন নগ’ল, বেছি দৰকাৰী নহ’লে নিজেই গুচি যাব… 

এইবাৰ জোৰকৈ শব্দ হ’ব ধৰিলে, সমস্ত হাতৰ তলুৱাৰ ওজনৰে গজাল মৰা দি দুৱাৰখনত ধম্ ধম্ শব্দ হ’বলৈ ল’লে! বিৰক্ত হ’লেও খুলিবলৈ বুলি উঠি আহিলোঁ, চকুৰ পতাত টোপনিৰ আলফুলীয়া পৰশ আছিলেই! 

“আই ঔ… মা.. মৰিলোঁ..!!” 

বিকট চিঞৰ মাৰি ওলোটাই শুই থকা বিচনাখনত জাঁপ মাৰি উঠিলোঁহি! দুৱাৰ খুলিয়েই সন্মুখত সাক্ষাৎ ভূত থিয় দি আছে! 

: পাগলী, মই নৱনীতা! 

কঁকালত হাত দুখন যুদ্ধংদেহি প’জত থৈ পাতল হালধীয়া আৱৰণৰ মাজেদি বাটলুগুটীয়া চকু দুটাৰে সৈতে ভূতুনীয়ে আটাহ পাৰি উঠিল। 

: ঐ, তোৰ নীলা ৰঙৰ চূৰ্ণীখন দে। কালিলৈ ৰাতিপুৱাই মন্দিৰ যাম, মোহনদাৰ লগত।…মোৰ ড্ৰেছৰ লগত সেইখন মিলিব।

ভূতুনীৰ ৰূমৰ ভিতৰত প্ৰৱেশ ঘটিল আৰু মোৰ চকীতে বহি আদেশ দিলে। 

পূৰ্বপুৰুষৰ ওপৰত খং এটা উঠি আহিল, 

গোঁসাই কুল নহৈ ব্ৰাহ্মণকুলত জন্মা হ’লে আজি এইজনী ভূতুনীক মন্ত্ৰ মাতি ভস্ম কৰি দিলোঁহেঁতেন। ইস্ মোহনদা! এনে একেবাৰে যদুকুলৰ মোহনটো! কুনকুনি মাখিয়ে কুটি পোতোকা পেলোৱা দৰে বয়ফ্ৰেণ্ডটোৰ আগত লোকৰ বস্তুৰে পেখম ধৰিবলৈ যায়। এনে একেবাৰে বিশ্বসুন্দৰী, বেচনসোপা লেতিয়াই ৰাতিৰ ভিতৰতে ঐশ্বৰ্য্য ৰায় হ’বলৈ ওলাইছে! 

এটা ভৰি ফ্ল’ৰত থৈ ইটো ভৰি বিছনাৰ ওপৰতে ভাঁজ কৰি আঁঠুৰ ওপৰত মুখৰ ঠুঁতৰিটো ৰাখি নৱনীতালৈ চালোঁ। 

: মন্দিৰলৈ যাবলৈ ইমান সাজিব লাগে নে? নে বিয়াই পাতি আহিবি? 

: কি? 

বেচনৰ লেপনটো মুচৰি মেলি খিলখিলাই নৱনীতা হাঁহি উঠিল!

: ক’তনো সাজিলোঁ! গুটি দুটামান উঠিছে কাৰণে বেচন আৰু মৌ লগাই থৈছোঁ। বাদ দে, দেওবাৰে ন-বজাৰ আগত তই কুম্ভকৰ্ণ এনেয়ো নুঠ, এতিয়াই মোক নীলা চূৰ্ণীখন দে। 

কলিযুগৰ মোহনদাৰ অলপ কীৰ্তন গাই চূৰ্ণীখন লৈ নৱনীতা গ’লগৈ। 

দেওবাৰবোৰ আহিলেই হোষ্টেলত থকা গাৰ্লফ্ৰেণ্ডবোৰৰ দুজনীমানক বাদ দি প্ৰায়বোৰকে কিবা নহয় কিবা কাৰোবাৰ পৰা দৰকাৰ হয়েই! কোনোবাজনীক যদি কাপোৰৰ লগত মিলাই চূৰ্ণী লাগে, কোনোবা এজনীক চেণ্ডেল, নহ’লে কোনোবা এজনীক বয়ফ্ৰেণ্ডে ভাল পোৱা ৰঙৰ পোছাক! ফাঁচীবজাৰ, পান বজাৰত আলিয়া ভাট, কেটৰিনাৰ মাস্ক পোৱা হ’লে চাগে তাকো পিন্ধি গ’লহেঁতেন! এই আশ্চিকবোৰেও কিনো পেটলুকা চৰাইৰ দৰে মেকআপ কৰি গ’লে ভাল পায় মোৰ দৰে ফেঁচীৰ চিন্তাৰ পৰিসৰৰ বাহিৰত। 

দহটা বজাৰ আগেয়ে ফ্ৰেশ্ব হৈ পচন্দৰ চাহকাপ বনাই খিৰিকীৰ কাষলৈ বিস্কিটৰ টেমাৰে সৈতে চকীখন টানি বহি ল’লোঁ। ফাৰ্ষ্ট ফ্ল’ৰৰ ৰূমটোৰ পৰা হোষ্টেলৰ ভিজিটিং ৰূমৰ বাৰাণ্ডা আৰু গে’টখন ভালদৰে দেখা পোৱা যায়, তলৰ পৰাহে গম নাপায় যে কোনোবাই ট ট কৈ চাইক’লজিৰ নতুন সূত্ৰৰ অন্বেষণ কৰি আছে! 

গে’টৰ বাহিৰত হাতত বাঁহীৰ ঠাইত  ‘জৈন ক্ল’থ ষ্ট’ৰ’ লিখা পলিথিনৰ বেগ লৈ মোহনদা আৰু মোৰ নীলা চূৰ্ণীৰে পেখম ধৰি পেটলুকা চৰাই। মন্দিৰ দৰ্শন কৰি আহিল যেন লাগিছে। হেৰৌ, পৃথিৱীত ইমান কি টপিক আছেনো যে পাতিয়ো শেষ কৰিব নোৱাৰি! ইফালে যে ধুই থোৱা মোৰ চূৰ্ণীখনৰ এফাল মাটিত চুঁচৰি আছে, সেইটো হ’লে খবৰেই নাই! কিমানে চাগে সেইখিনি জেগাত থু-খেকাৰ পেলাই গৈছিল! চুলিখিনি এনেই ঠিক কৰি নৱনীতা মিচিকি হাঁহিৰে ভিতৰলৈ সোমাই আহিল, পিছে পিছে মোহন ভিজিটিং ৰূমলৈ বুলি, আইঔ.. খোজ চোৱা, যেন স্বয়ম্বৰ সভাতহে খোজ দিছে!

তথাপিও বন্ধৰ দিনা এই ৰোমিঅ’ ভিজিটৰৰ বাবেই হওক বা ছোৱালীবোৰৰ নিজক ভাল পোৱাৰ হেঁপাহৰ বাবেই হওক, হোষ্টেলটো জী উঠে। কৰিডৰৰ ৱালত ওলমি ৰোৱা হাঁহিবোৰে আকৌ আহি থকা দিনকেইটাৰ বাবে ভিটামিন দি যায়। দুৱাৰখন খোলাই আছিল, নৱনীতা সোমাই আহিল। 

: উঠিলি?

তাইৰ যে আচলতে মোতকৈ বেলেগ কিবা প্ৰয়োজনৰ বাবেহে ৰূমত প্ৰৱেশ ঘটিছে, বিছনাৰ তললৈ যোৱা তাইৰ চকুৰ চাৱনিয়ে মোক সজাগ কৰি দিলে। 

: তোৰ ব্লেক কালাৰৰ চেণ্ডেলযোৰ দেচোন! মন্দিৰৰ চিৰি বগাই মোৰ চেণ্ডেল গ’ল! আবেলি আহি পাই যাম, তইতো ক’তো নাযাৱ?… প্লীজ!

প্ৰেমত পৰি এইজনীৰ মানে কি কৰিব কি নকৰিব অৱস্থা! কাৰ ওচৰত কি আছে হিচাপো ৰাখিব লগা হৈছে বেচেৰীৰ! 

: যি আছে তাকে পিন্ধি যা। বিয়াৰ পাছত কাৰ পৰা খুজি থাকিবি মিলাই মিলাই?

মোৰ কথাত পাট্টা নিদি তাই বিছনাৰ তলৰ পৰা চেণ্ডেলযোৰ উলিয়াই পিন্ধি ল’লে। 

: ৰহ! বুঢ়া মানুহৰ নিচিনা অনবৰতে বিয়ালৈ টানি নিনিবিচোন। কিবা লাগিব নেকি ক, সময় পালে লৈ আহিম। 

কেইছেকেণ্ডমান থিয় হৈ নিজকে ঠিক-ঠাক কৰি নৱনীতা ওলাই গ’ল। ক’ব খুজিয়ো কথা এটা নক’লোঁ, নিজেই গম পাব আজি!

হোষ্টেলৰ গে’টেদি মোহনদা আৰু মোৰ নীলা চূৰ্ণীৰে, ক’লা চেণ্ডেলৰ সৈতে তাৰ ৰাধা খুপি খুপি খোজেৰে ওলাই গ’ল। 

এটা আত্মসন্তুস্তিৰ হাঁহিৰে দুইটাকে চাই ৰ’লোঁ।

ৰাধাইতো নাজানে যে মোৰ চেণ্ডেলযোৰ মই ডেণ্ড্ৰাইট লগাইহে থৈছিলোঁ! আজি যদি কলিযুগৰ মোহনৰ মায়াই তাইক নবচায়, মোৰ কোনো উপায় নাই!

(পিছদিনা নৱনীতা ক্লাছ কৰিবলৈ নগ’ল। ৰাস্তাত বয়ফ্ৰেণ্ডৰ আগতে হামখুৰি খাই পৰিল, ছিগা চেণ্ডেল পিন্ধি। গোৰোহা মোচোকা খাই দুদিনমান ৰেষ্টত।)

☆ ★ ☆ ★ ☆

6 Comments

  • মিনতি মহন্ত

    বেচেৰিজনীলৈ দুখ অকনমান লাগিল দেই ! ধুনীয়া লিখিছ । এলাহটো কমাই লিখি যাবি । পাঠকৰ সহানুভুতি নাথাকিলেও নিজৰ অনুভুতিৰ কচৰৎ হৈ থাকিব ।

    Reply
  • নীলাঞ্জনা

    হা হা৷ ভাল লাগিল পঢ়ি দেই৷

    Reply
  • Manju Doley

    অতি সুন্দৰ … জমনি কাহিনী । শব্দৰ ভৰাল মানিবলগীব দেই । উচ্চ মানদণ্ডৰ লিখনী ।

    Reply
    • কাবেৰী মহন্ত

      ধন্যবাদ মঞ্জু ❤

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *