ষ্টেট বেংকত এদিন-জয়ন্ত দত্ত
: খুড়া, কলমটো অকণমান দিব নেকি, ফৰ্মখন ফিল্আপ কৰি লওঁ৷
: ইমান ফিট-ফাট হৈ আহিছা, কলম এটা নিজে লৈ আহিব নোৱাৰা?
: নহয় মানে, মোৰটো নিলে এইমাত্ৰ কোনোবা এজনে৷
: থোৱা থোৱা, তোমালোক ডেকা ল’ৰাবোৰ মুঠেও চিঞ্চিয়াৰ নোহোৱা…খালি এক্সকিউজ…ইত্যাদি…ইত্যাদি!
: নহয় মানে…!
: কি নহয়?
: নহয়…মানে…ছ’ৰি…খুড়া…!
: কি ছ’ৰি! কেৱল এই ছ’ৰি শব্দটো শিকিবা আৰু সকলোতে ব্যৱহাৰ কৰি থাকিবা!
: নহয় মানে, নেক্সট টাইম কলম লৈ…!
: জীৱনত কিমানবাৰ কৈছা এনেকৈ নেক্সট টাইম, হিচাপ আছেনে?
: নহয় মানে…!
: আকৌ নহয় মানে ! জীৱনত কিমান কাম এনেকৈ নেক্সট টাইমলৈ পেলাই থৈছা কেতিয়াবা ভাবি চাইছানে?
: ছ’ৰি…!
: আকৌ ছ’ৰি ! তোমালোকৰ প্ৰজন্মই…………………( ইনফিনিটি) !
: হ’ব খুড়া!
: হোঁ লোৱা, আজি শেষবাৰৰ কাৰণে কাৰোবাক কলম খুজিছা বুলি মনতে থিৰাং কৰি লোৱা৷ আজিৰ পৰা সকলো ক্ষেত্ৰতে চিঞ্চিয়াৰ হ’বা, বুজিছা?
: ঠিক আছে!
লাজতে তলমূৰ কৰিয়েই কলমটো হাতপাতি ল’লোঁ৷ কলমটো লৈ ফৰ্মখন ফিল্আপ কৰি মুহূৰ্ততে বেংকৰ ভিৰত নোহোৱা হৈ গ’লোঁ। নাই, নাই ওলাই যোৱা নাই৷ কামটো শেষ কৰি নিৰাপদ দূৰত্বত অৱস্থান গ্ৰহণ কৰিছোঁ৷ অপেক্ষা কৰিছোঁ কেতিয়া বুঢ়াৰ ফৰ্মখন ফিল্আপ কৰাৰ পাল পৰিব আৰু কলমটো বিচাৰি ইফালে সিফালে চাব আৰু উপায়বিহীন হৈ কোনোবা বুঢ়াতকৈ বহুত পিছত টোকেন লোৱা এজনৰ পৰা কলম এটা বিচাৰিব আৰু সেইজনেও নিজৰ সময়খিনি পাৰ কৰিবলৈ প্ৰত্যুত্তৰত কলমটোৰ মাধ্যমেৰেই সমাজতত্বৰ ওপৰত বুঢ়াৰ দীঘলীয়া ক্লাছ এটা ল’ব৷ বুঢ়া বিৰক্ত হ’ব, পেটে-পেটে মোৰ চৈধ্য পুৰুষ উজাৰিব কিন্তু সেই সময়খিনিত অমূল্য সম্পদ হৈ পৰা কলমটো পোৱাৰ আপাহতে মূৰ-চুৰ লৰাই লাজ লাজকৈ হাঁহি থাকিব৷
ভাষণ শেষ কৰি সিজনাই যেতিয়া কলমটো হস্তান্তৰ কৰিবলৈ উদ্যত হ’ব আৰু বুঢ়ায়ো তলমূৰ কৰিয়েই হাতখন আগবঢ়াই দিব, ঠিক তেতিয়াই মই টুপুককৈ আহি ওলাম। আহিয়েই ক’ম…
“অকনমান দেৰি হ’ল খুড়া, বেয়া নাপাব৷ ছ’ৰি…!
☆ ★ ☆ ★ ☆
9:30 pm
হা হা,কেনে বুদ্ধি মানে?