লিমাৰিক-সুৰেন্দ্ৰ মোহন দাস
(১)
আলহী খাবলৈ গ’লে ৰসগোল্লা দিব,
পাৰে নেকি কোনোবাই লোভ সামৰিব!
এফালৰ পৰা ধৰি
খাই থওঁ চাফা কৰি
চুগাৰ লেভেল মোৰ বাঢ়িলে বাঢ়িব৷
(২)
হাতীবৰুৱাই কিয় ধৰি আনি হাতী
নিজৰ বিপদ তেওঁ আনিছেনো মাতি!
প্ৰকৃতিপ্ৰেমীৰ কথা
পাহৰিলে পাব ব্যাথা
মৰিব খুজিছে চাগে তেওঁ জেল খাটি।
(৩)
খুৰাৰ প্ৰতাপ দেখি ভয় খাওঁ বৰ
তেওঁ থাকিলেতো মই নাযাৱেই ঘৰ
যদিহে বটল ভাঙি
খেদি আহে হাত দাঙি
মাৰিবতো লাগিবই মিছামিছি লৰ!
(৪)
ৰোগ থাকিলেও ফিট ভোগৰাম কাই
তেওঁৰ দৰে খাওঁতা কোনোৱেই নাই
খায়ে তেওঁ বাচি আছে
পানীটোপা খালে নাচে
বটলৰ মুখখন খুলি চাই চাই৷
☆ ★ ☆ ★ ☆