ফটাঢোল

লোভ-জয়ন্ত দাস

“নাযাবা নাযাবা সোণ মোকে এৰি থৈ আহাচোন কাষলৈ মোৰ নাচোঁ এপাক ঐ’

বাপ্পা ঐ কি ৰিং ট’ন! হে…ৰি ক’ত গ’ল? ফোনটো বাজি আছে শুনা নাই? সদায় সদায় অফিচত যোৱাৰ সময়তহে  আপোনাৰ টইলেট যাব লাগেনে?

ৰীতাই টইলেটত সোমাই থকা গিৰিয়েক জীতেনক চিঞৰি চিঞৰি কথাখিনি ক’লে৷

: কিয়নো তেনেকৈ কোৱাহে? সদায় সদায় ক’তনো যোৱা দেখিলা? মাজে মাজেহে কেতিয়াবা মোৰ তেনেকুৱাখন হয়৷ 

জীতেনে ততাতৈয়াকৈ টইলেটৰ পৰা ওলাই আহি ফোনটো ৰিচিভ কৰিলে৷

: হেল্ল’

: ছাৰ নমস্কাৰ৷ মই ৰাজশ্ৰীয়ে লীয়া মটৰ্চৰ আসাম ৰিজিঅনেল অফিচৰ পৰা কৈছোঁ৷

: কোৱাচোন বাৰু৷

: ছাৰ আপোনাৰ বাবে এটা বিৰাট ভাল খবৰ আছে৷ আপুনি খুউব লাকী৷ এক্সোৱেলী লীয়া মটৰ্চে নিৰ্মাণ কৰা নতুন  ইলেকট্ৰিক চাৰিচকীয়া বাহনখন আপুনি উপহাৰস্বৰূপে লাভ কৰিছে৷ লাখ লাখ ভাগ্যৱানৰ মাজৰ পৰা আপোনাৰ লগতে গোটেই ভাৰতবৰ্ষতে আৰু মাত্ৰ অইন দুজনৰ নাম হে নিৰ্বাচিত হৈছে৷ গতিকে ছাৰ আপুনি ঘৰৰ ঠিকনাটো দিয়ক৷ আমাৰ ড্ৰাইভাৰেই আপোনাক গাড়ীখন ঘৰত দি থৈ আহিব৷

: ৰ’বাহে৷ মই ঠিক কথাবোৰ বুজিব পৰা নাই৷ অলপ ভালকৈ বুজাই দিয়াচোন৷

: ছাৰ ‘লীয়া অটোমবাইলচ্’ জানেই নিশ্চয়, এইটো এটা কোৰিয়ান কোম্পানী৷ প্ৰথমবাৰৰ বাবে কোম্পানীটোৱে ইলেকট্ৰিক বাহন নিৰ্মাণ কৰি ভাৰতৰ বজাৰত মুকলি কৰিব ওলাইছে৷ সেয়ে বাহনখনৰ প্ৰমোচনৰ বাবে কেইজনমান ভাগ্যৱান বিজেতাক উপহাৰস্বৰূপে গাড়ীখন আগবঢ়াইছে৷ আপুনিও এজন ভাগ্যৱান বিজেতা ছাৰ৷ বাই দা ৱে মই কেইখনমান গাড়ীৰ ফটো ৱাটছএপত দিম, আপোনাৰ যিটো ৰঙেই পচন্দ হয় মোক জনাব৷ সেইখন বাহনেই আপোনাক দিয়া হ’ব৷ মই বাৰু আজি সন্ধিয়া পুনৰ ফোন কৰিম৷ 

: হ’ব বাৰু৷ 

জীতেনে পুৰণি স্কুটিখন ষ্টাৰ্ট কৰি অফিচলৈ ৰাওনা হ’ল৷

অফিচত বহিও ফোনটোৰ কথাহে বাৰে বাৰে মনলৈ আহিবলৈ ধৰিলে৷

সঁচাকৈয়ে তেওঁ গাড়ীখন উপহাৰ হিচাপে লাভ কৰিছেনে? নে কোনো প্ৰৱঞ্চকৰ দল! অৱশ্যে ছোৱালীজনীৰ লগত কথাখিনি পাতি তেনেকুৱা যেন নালাগিল৷ 

পেণ্ডিং ফাইলকেইটা উলিয়াই তেওঁ কামত মনোনিৱেশ কৰিলে৷ 

টুট্ টুট্ কৈ ৱাটচএপত মেচেজ অহাৰ সংকেত শুনা পালে জীতেনে৷ লগে লগেই সি মেচেজটো খুলি চাই দেখিলে সঁচাকৈয়ে কেইখনমান সুন্দৰ গাড়ীৰ ফটো পঠিয়াই দিছে৷ কোনটো ৰং পচন্দ কৰিব  বিবুধিত পৰিল সি৷

: নাই নাই অকলেই পচন্দ কৰিব নোৱাৰি৷ ৰীতাৰ লগত মিলি পচন্দ কৰিব লাগিব৷

অইন দিনতকৈ সোনকালেই সি ঘৰলৈ আহিল৷ আহিয়েই ৰীতাক ওচৰলৈ মাতি আনিলে৷

: এটা ভাল খবৰ আছেহে৷ মই এখন চাৰিচকীয়া উপহাৰস্বৰূপে পাইছোঁ৷ পাইছোঁ মানে আচলতে নিৰ্বাচিত হৈছোঁ৷ চোৱাচোন কোনটো ৰং ভাল লাগিব৷ জীতেনে একে উশাহে কথাখিনি কৈ মবাইলত ফটোবোৰ দেখুৱাবলৈ ধৰিলে৷

: বাঃ ইমান ধুনীয়া ধুনীয়া ৰঙৰ গাড়ীবোৰ৷ গোটেই কেইখনেই ভাল লাগিছে৷ তথাপিও নীলা ৰঙৰখনেই ভাল লাগিব নেকি? আমাৰ ঘৰৰ ৰংটোৰ লগতো খাপ খাই পৰিব৷ ৰীতাই উৎসাহেেৰে গিৰিয়েকক কথাখিনি ক’লে৷

: ঠিকেই কৈছা৷ মোৰো নীলা ৰং বৰ প্ৰিয়৷ সন্ধিয়ালৈ ছোৱালীজনীয়ে  ফোন কৰিব তেতিয়া তাইক ক’ব লাগিব৷

: ছোৱালীজনী মানে? কোন ছোৱালী? জীতেনৰ কথাত আচৰিত হৈ ৰীতাই প্ৰশ্ন কৰিলে৷

: অহ্ তোমাক কোৱাই নহ’ল৷ ৰাতিপুৱা যে অফিচ যোৱাৰ সময়ত ফোনটো আহিছিল সেই কথাটো কৈছোঁ৷ দৌৰাদৌৰিৰ বাবে তেতিয়া কোৱা নহ’ল৷

: মই ভাবিছিলোঁৱেই৷ নহ’লে অফিচ যোৱাৰ সময়ত আপুনি ইমান সময় কথা নাপাতেই৷ বাৰু যিয়েই নহওক গাড়ীখন লৈ কিন্তু প্ৰথমে আমাৰ ঘৰলৈকে যাম দেই৷ মাক চাৰপ্ৰাইজ দিম৷

 কিমান দিনৰ যে মনৰ আশা এটা মোৰ পূৰণ হ’ল৷

ৰীতাৰ কথা শুনি জীতেনে তাইৰ ফালে চাই ভাবিবলৈ ধৰিলে৷ তাৰ মানে ইমানদিনে তায়ো এখন চাৰিচকীয়াৰ সপোন পুহি ৰাখিছিল৷ নাৰীসকল চাগে এনেকুৱাই৷ বহু ইচ্ছা, বহু সপোন গোপনেই নিজৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে৷

সাজ লগাৰে পৰা জীতেনে বাৰে বাৰে ফোনটো চাই আছে৷ ৰাজশ্ৰীৰ ফোনটোৰ বাবে উৎকণ্ঠাৰে বাট চাইছে৷ প্ৰায় ৮ বজালৈকে ফোনটো নহাত তেওঁ পুৰস্কাৰৰ মোহ ত্যাগ কৰিলে৷

এনেতে ফোনটো ৰিং হ’ল৷ স্ক্ৰীণত ৰাজশ্ৰী নামটো দেখিয়েই জীতেনৰ মনটো ভাল লাগি গ’ল৷

: হেল্ল’৷

: ছাৰ নমস্কাৰ৷ মই লীয়া মটৰ্চৰ পৰা ৰাজ….

: আৰে কোৱা, কোৱা ৰাজশ্ৰী৷ মই তোমাৰ ফোনটোৰ বাবেই অপেক্ষা কৰি আছিলোঁ৷ জীতেনে ৰাজশ্ৰীৰ কথা শেষ নহওঁতেই মাত লগালে৷

: ছাৰ কোনটো ৰং পচন্দ কৰিলে৷ 

: নীলা।

: অহ্ সুন্দৰ৷ আৰু ছাৰ আপোনাৰ ঘৰৰ ঠিকনাটো দিয়ক৷

: মালিগাঁৱৰ গোটানগৰৰ বাসন্তী মন্দিৰ ওচৰত৷ 

জীতেনে ক’লে৷

: বাৰু ছাৰ ঠিক আছে৷ আমাৰ ড্ৰাইভাৰজনে আপোনাক কোনোবা এটা ঠাইলৈ মাতি দিব আৰু তাৰেপৰাই আপোনাৰ ঘৰটোলৈ তেওঁক গাইড কৰিব৷ ময়ো যদি সময় উলিয়াব পাৰোঁ তেতিয়াহ’লে ডেলিভাৰীৰ সময়ত থাকিবলৈ চেষ্টা কৰিম বাৰু৷

: বাৰু ৰাজশ্ৰী কেতিয়া পামহে গাড়ীখন?

: অতি সোনকালেই পাব ছাৰ৷ আপোনাক ফোন কৰি নিশ্চয় আগতীয়াকৈ জনাম৷ কিন্তু ছাৰ আপোনাক এটা কথা কোৱাই হোৱা নাই৷ আচলতে এই গাড়ীখন আমাৰ দক্ষিণ কোৰিয়াৰ মূল কাৰখানাত নিৰ্মাণ হৈছে৷ সেয়ে গাড়ীখনৰ শুল্ক কৰটো আপুনি পে’ কৰিব লাগিব৷ মুঠ কৰ আহিব প্ৰায় ২ লাখ টকা৷ গতিকে আপুনি আগতীয়াকৈ ৫০ হাজাৰ দি বুকিং ফাইনেল কৰিব লাগিব আৰু বাকীখিনি গাড়ীখন আপোনাৰ হাতত চমজাই দিয়াৰ দিনা দিলেই হ’ল৷

: ইমান টকা! তুমিচোন পুৰস্কাৰ পোৱা বুলি কৈছিলা আৰু আজি ইমানবোৰ টকা বিচাৰিছা?

জীতেনে আচৰিত হৈ ৰাজশ্ৰীক প্ৰশ্ন কৰিলে৷

: ছাৰ, আপুনি পুৰস্কাৰেই লাভ কৰিছে৷ কিন্তু টেক্সটো দিবই লাগিব ন৷ যদি আপোনাৰ অসুবিধা তেতিয়াহ’লে কোনো কথা নাই ছাৰ৷ ৱেইটিং লিষ্টত বহুকেইজন আছে তাৰেই কাৰোবাক দি দিম৷ কিন্তু ইমান দামৰ গাড়ী এখন মাত্ৰ ২ লাখ টকাতে পাই আছে গতিকে এবাৰ ভাবি চাওক ছাৰ৷ জীৱনত আৰু দ্বিতীয় বাৰ এনে সুযোগ নাপাব৷

: সেইটো হয়৷ তথাপিও ইমান টকা!

: ছাৰ, এতিয়া মাত্ৰ ৫০ হাজাৰহে দিব লাগে৷ বাকীখিনি গাড়ীখন আপোনাৰ হাতত পৰে মানে মাজতে দুই তিনি দিন সময় পাব৷ গতিকে আপুনি আজিৰ ভিতৰত ৫০ টো দি বুকিংটো কৰি লওক৷ নহ’লে আমাৰ কোম্পানীয়ে অইন কাৰোবাক গাড়ীখন দি দিব৷ মই বাৰু ৱাটছএপত একাউণ্ট নম্বৰটো দি দিম৷ ভাবি চাওক চাৰ৷ জীৱনত সুযোগ এবাৰহে আহে৷

:  পিচে ভয়ো লাগেচোন৷

: ছাৰ সাহসী মানুহকহে ভাগ্যই লগ দিয়ে৷ গতিকে আপুনি অলপ সাহসী হৈ ভাগ্যক আজুৰি আনক৷ বাৰু এতিয়া এৰিছোঁ৷  

: যিমান আশাৰে গাড়ীখনৰ সপোন দেখিছিল ফোনটো অহাৰ পিছত সিমানেই জীতেনৰ মনটো সেমেকি গ’ল৷

: হেৰা কথা এটা হ’লহে৷ গাড়ীখনৰ বাবে আমি হেনো ২ লাখ টকা জমা কৰিব লাগিব৷ অৱশ্যে একেলগেই নালাগে৷ প্ৰথমে ৫০ হাজাৰ বাকীখিনি গাড়ীখন পোৱাৰ পিছত৷ কি কৰোঁ কি নকৰোঁ, বৰ অসুবিধাত পৰিছোঁ৷

গিৰিয়েকৰ কথা শুনি ৰীতায়ো চিন্তা কৰিবলৈ ধৰিলে৷ 

: কি ভাবিছে আপুনি? 

: এঃ দিয়েই দিওঁ নেকি? ছোৱালীজনীৰ কথাবোৰ বেয়া লগা নাইচোন৷ এনেকুৱা সুযোগ হাতৰ পৰা যাব দিব নোৱাৰি৷

: হয় নেকি? দিয়ক তেতিয়াহ’লে৷ কিন্তু ক’ৰ পৰা দিব ইমানখিনি টকা? ৰীতাই সুধিলে৷

: বেংকত প্ৰায় ৬০ হাজাৰমান জমা আছে৷ বাকীখিনি কিবা উপায়েৰে মিলাব লাগিব৷ 

: বাৰু, আপুনি যি ভাল দেখে কৰক৷ 

ৰীতাই লাহেকৈ জীতেনক ক’লে৷

: তেতিয়াহ’লে ৫০ হাজাৰটো আজিয়েই গুগুল পে কৰি দিওঁ৷ অন্ততঃ এদিন হ’লেও সোনকালে গাড়ীখন পাম৷

জীতেনে মবাইলটো উলিয়াই ৰাজশ্ৰীয়ে দিয়া একাউণ্টটোত গুগুল পে’ কৰিলে৷ ট্ৰেঞ্চফাৰ চাকচেছফুল মেচেজটো দেখি তাৰ ভাল লাগি গ’ল৷ 

: ধন্যবাদ ছাৰ৷ কাইলৈ আপোনাৰ লগত কথা পাতিম৷ লগে লগেই ৰাজশ্ৰীৰ মেচেজ৷

ৰাতি জীতেনৰ ভালকৈ টোপনি নহ’ল৷ হেঁপাহৰ গাড়ীখনে মনটো আপ্লুত কৰি ৰাখিলে৷ ৰাতিপুৱাৰ ভাগতহে অকণমান টোপনি আহিল৷ 

হঠাতে ফোনটোৰ ৰিঙত জীতেন সাৰপাই উঠিল৷ স্ক্ৰীনত ৰাজশ্ৰী নামটো দেখিয়েই ভাল লাগি গ’ল৷

হেল্ল ৰাজশ্ৰী কোৱা৷

: ছাৰ আপোনাৰ ৫০ হাজাৰটো যোৱাকালি পালোঁৱেই৷ যদি বাকীখিনি যোগাৰ কৰিব পাৰে তেতিয়াহ’লে আজিয়েই আপোনাক গাড়ীখন চমজাই দিব পাৰিম বুলি হেড অফিচৰ পৰা জনাইছে৷ কি কৰিম বুলি ভাবিছে ছাৰ?

: অলপ অসুবিধা হ’ব৷ তথাপিও আবেলিলৈ মই যিকোনো উপায়ে সাজু হৈ যাম বাৰু৷ তুমি ৪ টা মান বজাত পোৱাকৈ গাড়ীখন পঠাই দিবা৷

: অহ্ গ্ৰেট ছাৰ৷ তেতিয়াহলে ৪ টা বজাত আপুনি হোটেল ৰেডিচন ব্লুৰ ওচৰত ৰৈ থাকিব৷ তাৰপৰা আপোনাক পিক আপ কৰি গাড়ীখন ঘৰলৈকে লৈ আহিম৷

৪ বজাৰ আগৰেপৰাই জীতেন আৰু ৰাতীই হোটেলখনৰ গেটৰ সন্মুখত  অপেক্ষা কৰি থাকিল৷ জীতেনে বাৰে বাৰে হাত ঘড়ীটোলৈ চাইছে৷ ৪-১৫ হ’ল, গাড়ীৰ কোনো দেখাদেখি নাই৷ ৰাজশ্ৰীলৈ ফোন লগালে৷ নট ৰিচ্চেবোল৷

সময় আগবাঢ়ি গৈ আছে, উৎকণ্ঠাও বাঢ়ি গৈ আছে৷ ৫ টা বাজিল৷ পুনৰ ফোন লগালে৷ একেই উত্তৰ আহিল৷

: ধেই বৰ বেয়াকৈ ঠগিলে৷ 

জীতেন ভাবিলে৷

“কেচ্চেও৷”

এখন নীলা ৰঙৰ অত্যাধুনিক গাড়ী জীতেনহঁতৰ কাষতে ৰৈ গ’ল৷ গাড়ীৰ পৰা এজনী সুন্দৰী গাভৰু নামি জীতেনৰ ওচৰলৈ আহিল৷

: নমস্কাৰ৷ আপুনি জীতেন কাকতি নহয় জানো ছাৰ৷

: আৰে ৰাজশ্ৰী, তুমি মোক পাগল কৰি দিছিলা ৰে৷ প্ৰায় ৩-৩০ বজাৰ পৰা ৰৈ ৰৈ এতিয়া ৫ বাজি গ’ল৷ ইমান পলম কৰিলা আৰু তোমাক ইমান ফোন কৰিছোঁ৷ ফোনটো বাৰে বাৰে সংযোগ সীমাৰ বাহিৰত বুলি কয়৷

: অহ্ চৰী ছাৰ৷ কিয় বা নট ৰিচ্চেবোল দেখাইছিল৷ বাৰু যিয়েই নহওক, এইখনেই আপোনাৰ গাড়ী৷ আহক ছাৰ৷ উঠক গাড়ীখনত৷

জীতেন আৰু ৰীতাৰ মুখ দুখন উজ্বলি উঠিল৷ ততাতৈয়াকৈ গাড়ীখনত আটায়ে বহি ল’লে৷

: ৰাজশ্ৰী এয়া মোৰ পত্নী ৰীতা৷ 

জীতেনে ৰীতাক ৰাজশ্ৰীৰ লগত পৰিচয় কৰাই দিলে৷

: ছাৰ কিন্তু সঁচাকৈয়ে লাকী৷ বহু মানুহে এনেকুৱা ফোনকল পালে Fraud কল বুলি বিশ্বাসেই নকৰে৷ আপোনাৰ সাহসৰ বাবেই আজি আপুনি এইখনৰ মালিক৷ বাৰু ছাৰ বাকী টকাখিনি আনিছে নে? 

ৰাজশ্ৰীয়ে সুধিলে৷

: আনিছোঁ ৰাজশ্ৰী৷ 

জীতেনে পাৰ্চৰপৰা চেক এখন উলিয়াই তাইৰ হাতত দি ক’লে,

: কাৰ নামত লিখিব লাগে তুমিয়েই লিখি দিবা৷

: অহ্ ছাৰ চেক হে আনিলে নেকি? আমি সাধাৰণতে চেক নলওঁ৷ তথাপিও আপোনাৰখন ল’লোঁ বাৰু৷

: ছাৰ কোনফালে যাম? নে কোনোবা মন্দিৰত অকমান পূজা কৰি গাড়ীখন ঘৰ সুমুৱাব?

: ঠিকেই কৈছাহে তুমি, ব’লক নহ’লে বালাজী মন্দিৰত সেৱা এটা কৰি আহোঁ৷ 

ড্ৰাইভাৰজনৰ কথা শুনি ৰীতাই গিৰিয়েকক ক’লে৷

সন্ধিয়াৰ বালাজী মন্দিৰ ধুনীয়া ধুনীয়া আলোক সজ্জাৰে সু সজ্জিত৷ জীতেন আৰু ৰীতা মন্দিৰৰ ভিতৰলৈ সোমাই গ’ল৷ প্ৰায় আধাঘণ্টামান পিছত মন্দিৰৰ পৰা ওলাই আহি গাড়ীখন নেদেখি সিহঁত আচৰিত হ’ল৷ লগে লগে ৰাজশ্ৰীলৈ ফোন লগালে৷ 

চুইটচ অফ৷ পুনৰ ফোন কৰিলে, একেই উত্তৰ৷ 

কিছুসময় তাতেই  সিহঁতে অপেক্ষা কৰি থাকিল৷  নাই গাড়ীৰ কোনো দেখাদেখি নাই৷ 

হঠাতে জীতেনৰ ফোনটো বাজি উঠিল৷ অচিনাকি নম্বৰৰ ফোন৷

“চৰি ছাৰ ভুল নুবুজিব৷ আপোনালোক ঘৰলৈকে উভতি যাওঁক৷ মিছাতে ঠাণ্ডাখনত গাড়ীখনৰ বাবে আৰু অপেক্ষা নকৰিব৷ নহ’লে আৰু অলপ ৰাতি হ’লে পকেটত থকা টকাকেইটাও হেৰুৱাব৷ বাই ছাৰ৷”

অচিন নম্বৰৰ পৰা ৰাজশ্ৰীয়ে কোৱা কথাখিনি জীতেনৰ অন্তৰ ভেদি গ’ল৷

: আমাক বৰ বেয়াকৈ ঠগিলেহে৷ ব’লা ঘৰলৈকে যাওঁ৷ মিছাতে লোভত পৰি ৫০ হাজাৰ টকা হেৰুৱালোঁ৷ বৰ দুখমনেৰে ৰীতাক ক’লে৷

: ৫০ হাজাৰ কেনেকৈ হ’ব? সম্পূৰ্ণ ২ লাখ হেৰুৱালোঁ৷ 

ৰীতাই শুধৰাই দিলে৷

: নহয় ৰ’বা৷ বাকী ডেৰলাখ মই বেলেগকৈ মেনেজ কৰিছোঁ৷

: থওকহে ফাল্টু কথা নক’ব৷ 

ৰীতাই ভেঁকাহি মাৰি উঠিল৷ 

: আৰু আপুনি কোনোবা ছোৱালীয়ে যদি অলপ মিঠা মাতেৰেই কিবা অকণমান কয় তাতেই পমি যায়৷ এইটো অভ্যাস ত্যাগ কৰক৷ নহ’লে আৰু বহু কিবাকিবি হেৰুৱাব৷

ঘটনাটোৰ ৩ দিন পিছত জীতেন কাকতি আজি অফিচলৈ আহিছে৷ অফিচত সোমায়েই তেওঁ আচৰিত হ’ল৷ স্থানীয় থানাখনৰ ইন্সপেক্টৰ  আৰু অইন এজন মানুহে তেওঁৰ বাবেই ৰূমত অপেক্ষা কৰি আছে৷

জীতেনক দেখিয়েই পুলিচ অফচাৰজনে লগৰজনক পৰিচয় কৰাই দিলে৷

: এখেত কাষ্টম অফিচাৰ৷ আপোনাৰ  ডেৰ লাখ টকাৰ চেক এখন বাউঞ্চ হৈছে৷ থানাত গোচৰ তৰিছে সেয়ে আপোনাৰ ওচৰলৈ আহিব লগা হ’ল৷

জীতেনে গাড়ীখনৰ গোটেই কাহিনী আদ্যোপান্ত বিৱৰি ক’লে৷

: আচৰিত৷ ইমান জনা-বুজা মানুহ হৈ আপোনালোকে ইমান ডাঙৰ ভুল কৰে৷ কোনোবাই মাত্ৰ ২ লাখ টকাতে এনেকুৱা এখন গাড়ী দিবনে? ইমান লোভ ভাল নহয়৷ কেতিয়াবা ডাঙৰ বিপদত পৰিব কিন্তু৷ কিছুমানে আকৌ লটাৰীৰ মোহত পৰি এটিএমৰ পিন নম্বৰ পৰ্যন্ত দি একাউণ্টৰ গোটেই ধন হেৰুৱাও দেখিছোঁ৷ এনে কাম নকৰিব৷ কাষ্টম অফিচাৰজনে বৰ ক্ৰোধৰেই জীতেনক কথাবোৰ ক’লে৷

সি মনে মনে থাকিল৷ ভুল তাৰেই৷

বাৰু অফিচ ছুটীৰ পিছত থানালৈ আহিব৷ FIR এখন কৰিব লাগিব৷ পুলিছ অফিচাৰজনে কথাখিনি কৈ ওলাই গ’ল৷ দৰ্জাৰ মুখৰ পৰা জীতেনৰ ফালে চাই ক’লে- 

“নীলা ৰং মোৰো বৰ প্ৰিয়”৷

জীতেনৰ মুখখন বহলকৈ মেল খাই ৰ’ল৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *