ফটাঢোল

মৌনতাৰ আবেগ-প্ৰীতি শৰ্মা বৰুৱা

কিছু মৌনতা, কিছু আবেগ

মাথোঁ শব্দহীন অৰ্থৰ কিছু আঁক-বাঁকৰ অভিমান

যৌৱনৰ জিৰ জিৰ মলয়াজাকত

পাৰিজাত সুৱাসে যেন  যুগমীয়া কৰিব

কামনা নে সাধনা,

প্ৰেম পিয়াসীৰ যেন তৃপ্তি ভাৱনাহে

আহানা,

এটি মোৰ সন্ধিয়া হোৱানা

শৰতৰ শেৱালীৰ বুকুত 

আহানা,

এজাক বৰষা হোৱানা

মোৰ বুকুৰ ঢৌজাকৰ মাজত

বন্ধ কোঠাৰ কোলাহলত

নীৰৱ নিশাৰ ৰাগিত

কলিজাৰ কঁপনিবোৰে হয়তো

খন্তেকৰ বাবে কান্দিব!

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *