ফটাঢোল

বৰুৱাৰ কবিতা-মানস শইকীয়া

জীৱনৰ কোনো কালতে কবিতাৰ ‘ক’ লিখিব নোৱাৰা বৰুৱা মাষ্টৰে কবিতাপুথি প্ৰকাশ কৰিব বুলি কোৱাত ওলাই অহা হাঁহিটো কোনোমতে পেটতে ৰাখি উৎসাহ দি ক’লোঁ,

: বঢ়িয়া হ’ব৷ আগবাঢ়ক৷

তাৰপিছতেই তেওঁ আৰম্ভ কৰিলেই৷

ৰ’ব৷ বৰুৱা মাষ্টৰ মানে নবীন বৰুৱা৷ হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হৈ স্নাতকৰ প্ৰথম বৰ্ষতে কলেজ এৰি মাষ্টৰ হ’লহি৷ আচলতে, নবীনে গড়কাপ্তানি বিভাগৰ কেৰাণী চাকৰিৰ বাবে ওপৰৱালা চাহাবক ঘোচ দিয়ো নোপোৱাত, সেই টকাৰে গাঁৱৰে এম ই স্কুলখনত শিক্ষকৰ চাকৰিটো কিনিলে৷ তাৰপিছত অৱশ্যে, কোনোবা নাম নুশুনা বাহিৰৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰো হ’লগৈ৷ তাৰমাজতে বিদ্যালয়খনো উচ্চতৰ মাধ্যমিকলৈ উন্নিত হ’ল৷ মুঠতে, নবীন মাষ্টৰ বিদ্যালয়খনৰ অধ্যক্ষ পদৰ প্ৰধান দাৱীদাৰ(তেখেতৰ মতে)৷

এইবোৰ আনৰ মুখৰ পৰা শুনা কথাহে৷ মই এই অঞ্চলত থিতাপি লোৱা কেইবছৰমানহে হৈছে৷ আমি হ’লোঁ ব্যক্তিগত কোম্পানীৰ চাকৰিয়াল৷ গতিকে, বদলি আৰু হাড়ভঙা পৰিশ্ৰম আমাৰ অংগয়েই৷ সেইসূত্ৰে, নিজৰ জনম লোৱা ঠাইখন এৰি আহি এই সৰু নগৰখনত আছোঁহি৷ আৰু ইয়াত আহি প্ৰথম লগ পোৱা মানুহকেইজনৰ এজন এই বৰুৱা মাষ্টৰ৷ মোৰ ভাড়াঘৰৰ কাষৰ একমাত্ৰ গেলামালৰ দোকান, ৰামলালৰ দোকানতে চিনাকি হৈছিল৷ সেই চিনাকিতেই কেতিয়া ৰামলালৰ দোকানৰ পিছফালৰ সৰু কোঠালিটোৰ আড্ডাত জড়িত হ’লোঁ পাহৰিয়েই পেলালোঁ৷ সন্ধিয়া নবীন মাষ্টৰ, মই আৰু কেবাজনো সমবয়সীয়াল তাতে বহোঁ৷ বহোঁ মানে গাৰ বিষ মাৰিবলৈ, দেহৰ অৱসাদ আঁতৰাবলৈ, দুখ-দুদৰ্শা পাহৰিবলৈ, অকণমান ফূৰ্তি কৰিবলৈ আদি হাজাৰটা অজুহাত দেখুৱাই এটুপি ধৰাটো আমাৰ অভ্যাস৷ ৰামলালো অকলশৰীয়া মানুহ৷ চন্দ্ৰ মানে ৰামলালৰ দোকানত ৰখা ল’ৰাটো আছেই৷ লাগ বুলিলেই দৌৰি গৈ যা-যোগাৰ কৰি দিয়ে৷ বিনিময়ত সিয়ো মালিকে নেদেখাকৈ ভাগ এটা পায় অৱশ্যে৷ সেই আড্ডাতেই আমাৰ চিনা-জনা অলপ গাঢ় হ’ল৷ মানে ভাল বন্ধু হৈ পৰিলোঁ৷

সেইদিনা আড্ডাত বাকীকেইজন নাই৷ আমি দুজনেই আছোঁ৷ ৰামলালে গ্ৰাহক নথকা অৱস্থাত এপাক দুপাক আহে৷ সেইদিনা সিয়ো ব্যস্ত৷ গতিকে, বৰুৱা মাষ্টাৰৰ কথাৰ মহলাত ময়েই একমাত্ৰ শ্ৰোতা৷ তেওঁ কৈ গ’ল৷ তেওঁ কিয় কবিতা লিখিবলৈ ল’লে৷

এদিন তেওঁৰ জুনিয়ৰ এজনে সাহিত্য বিষয়ৰ সভা এখনত বক্তৃতা দি থকা ফটো ম’বাইলত আন এজনক দেখুৱাই আছিল৷ উৎকণ্ঠা দমাব নোৱাৰি বৰুৱায়ো কি বুলি চাব খোজো‌ঁতেই লাগিল নহয় কেনা৷ চাই থকাজনে ক’লে বোলে বৰুৱাছাৰ, এইবোৰ আপোনাৰ লায়েকৰ বস্তু নহয়৷ তাতেই বৰুৱাৰ গাত লাগি গ’ল৷ বোলে ইমান ডাঙৰ ডাঙৰ কাম কৰিলোঁ, সাহিত্য কি বস্তু৷ তৰ্কাতৰ্কি চৰম অৱস্থা পালেগৈ৷ বৰুৱাই চেলেঞ্জেই কৰি দিলে বোলে মই কিতাপ প্ৰকাশ কৰি দেখুৱাম৷

তেতিয়াৰ পৰাই এই গ্ৰন্থ প্ৰকাশৰ পোকটো সোমাল৷ প্ৰথমে হেনো উপন্যাস লিখিম বুলি ভাবিছিল৷ কাহিনীও বাচি উলিয়ালে৷ মূৰকত গৈ কলমৰ পৰা শব্দ নোলোৱা হ’ল৷ উপন্যাসৰ আইদিয়া বাদ দিলে৷ গল্প লিখিব৷ গল্পত ইমান বেছি লিখিব নালাগে৷ দহটামান গল্প লিখি প্ৰকাশ কৰিব৷ গল্পৰ বিষয়ে অধ্যয়ন আৰম্ভ কৰি দিলে৷ গল্পৰ বৈশিষ্ট্যৰ পৰা আৰম্ভ কৰি প্ৰকাৰলৈকে৷ মুঠতে, গল্পৰ ব্যাকৰণ সলসলীয়া হ’ল৷ কিন্তু, ব্যাকৰণমতে লিখিব লৈ পৰিল বিপাঙত৷ দুটামান লিখাৰ পিছতে বিশ্লেষণ-সংশ্লেষণ কৰাৰ পিছত দেখিলে কোনো কাৰণতেই সেইকেইটা গল্পৰ শাৰীত নপৰে৷ গতিকে, গল্প নহ’ব৷ আৰু সৰ্বশেষত কবিতা৷ 

: লিখিলোঁ হে৷ হাজাৰটামানেই লিখিলোঁ৷ তাৰপৰা বাচি এশমানলৈকে আনিলোঁ প্ৰকাশৰ বাবে৷ কিন্তু, এতিয়া ডাঙৰ কথা এটা হ’ল৷

: কি হ’লনো?

: মানে প্ৰকাশকৰ মতে খুব বেছি ত্ৰিশটাহে কবিতা প্ৰকাশ কৰিব পাৰিব হেনো৷ সেয়েহে, মোক সহায় এটা কৰি দিব লাগে৷

: কেনেকুৱা সহায় বা?

এইবাৰ বৰুৱা মাষ্টৰে পলিথিনৰ মোনা এটা মোৰ ফালে আগবঢ়াই দি ক’লে,

: আপুনি এইখিনিৰ পৰা মোক ত্ৰিশটা কবিতা বাচি দিব লাগিব৷ আমাৰ বন্ধুত্ব দোহাই দি আপোনাক কাবৌ কৰিছোঁ৷

বৰুৱাৰ কথা পেলাব নোৱাৰি হ’ব বুলি কৈ লৈ আহিলোঁ৷ সেইদিনাৰ পৰা বৰুৱাৰ কবিতাবোৰৰ মাজত সোমাই গ’লোঁ৷ বৰুৱা বাক্যৰ গাঠনি দুখলগা৷ তাতোকৈ পুতৌজনক তেওঁৰ বানান৷ সেইবোৰ ঠিকঠাক কৰি যেনেতেনে আঠাইশটা কবিতা বাচনি কৰিলোঁ৷ 

কেইদিনমানৰ পিছত কবিতাৰ পলিথিনটো বৰুৱাক ঘূৰাই দিয়াত বৰুৱাই বোলে এইবোৰৰ আৰু প্ৰয়োজন নাই৷ তেওঁ হেনো ক’ৰ্চৰ কিতাপহে লিখিব৷ তাৰপৰাহে তেওঁৰ লাভ বেছি৷ মানে প্ৰমোচনত কাম আহিব৷

ইয়াৰ পিছত মোৰ অৱস্থা কি হ’ব পাৰে আপোনালোকে অনুমান কৰিব পাৰিছেই চাগৈ৷ চিধাই চন্দ্ৰক টিকি মাৰিলোঁ৷

“ঐ চন্দ্ৰ, এই পাঁচশ টকা ল৷ মণ্ডলৰ দোকানৰ পৰা ফুল এটা লৈ আহ৷ মগজুটো ঠাণ্ডা কৰোঁ৷”

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *