ফটাঢোল

মূল গল্প-নিচা,গল্পকাৰ- মানিক বন্দোপাধ্যায়: অনুবাদ- কলচুম বিবি 

পুলকেশৰ চিনেমা চোৱাৰ নিচা একেবাৰে নাছিল। যতীনৰো একেই। প্ৰকৃততে ভাল কোনো ছবিৰ খবৰ পালে, ৰুচি, ৰসবোধ আৰু বিচাৰশক্তি আছে বুলি তেওঁলোকে বিশ্বাস কৰা কোনো বিশ্বাসীলোকে খবৰ দিলে হয়তো কেতিয়াবা নিজে চখ কৰি ছবিখন চাই আহে। তাৰ বাহিৰে ইচ্ছা কৰি কোনোদিনেই সিহঁতে চিনেমা চাবলৈ নাযায়। যদিও মাজে মাজে যাবলগীয়া যে হয় তাৰ বেলেগ বেলেগ কাৰণ আছিল। চিনেমা চাবলৈ ভীষণ চখ আছে অথচ কোনেও লৈ নগ’লে যাব নোৱাৰে, এনে ধৰণৰ যাৰ বা যিসকলৰ আব্দাৰ এৰাই চলিব নোৱাৰি, তেওঁ বা তেওঁলোকৰ সৈতে যাবলগীয়া হয়।

সিহঁত দুই বন্ধুৱে ছায়াছবি যে সম্পূর্ণৰূপে উপভোগ কৰে তেনে নহয়। অলপ বেলেগ ধৰণে উপভোগ কৰে- দৰ্শকৰ যিধৰণৰ উপভোগৰ বাবে ছবিখন মুঠেই নিৰ্মিত হোৱা নাই। বাংলা আৰু হিন্দী ছবি হ’লে পুলকেশ আৰু যতীনৰ এই অভিনৱ উপভোগৰ ধৰণটো বেছ জমি উঠে। উদ্ভট অবাস্তৱ সৃষ্টিৰ বাহিৰে একঘেয়ামি কাহিনী, চৰিত্ৰবোৰ লগাতকৈ বেছি অমানুষিক, সংগতিবিহীন কথা-বতৰা, চালচলন, ভাব-ভংগী, যেতিয়াই তেতিয়াই গান, উৎকট হাঁহি-কান্দোন, কৌতুক ইত্যাদিয়ে সিহঁতৰ হাঁহিত যথেষ্ট খোৰাক যোগায়। আনবোৰৰ তন্ময়তাৰ সন্মান ৰখাৰ বাবে য’ত সশব্দে হঁহা সম্ভৱ নহয়, তাত ৰুমাল গুজি হাঁহিটো লুকুৱাই ৰাখে। এনেকৈয়ে টোপনি নোযোৱাকৈ, এঙামূৰি নিদিয়াকৈ তেওঁলোকৰ সময়ছোৱা পাৰ হৈ যায়। 

মৃণ্ময়ীয়ে এদিন আচৰিত হৈ পুলকেশক কৈছিল, 

: তুমি কান্দিছিলা! দৃশ্যটো সঁচাকৈ বৰ কৰুণ, কিন্তু- 

: কোনটো দৃশ্য? 

: ছোৱালীজনী যেতিয়া দোভাগ ৰাতি ঘৰ এৰি গুচি গৈ আছিল-

: এই দৃশ্যটো কৰুণ নেকি? মোৰতো বৰ কমিক যেন লাগিছিল। ইমান কাণ্ডৰ পিছত অপৰিচিত পিতৃৰ লগত দোভাগ ৰাতি ঘৰ এৰি যোৱাৰ কিবা কাৰণ আছে জানো? আমিতো নাজানো সেই মানুহজন ছোৱালীজনীৰ বাপেক বুলি। কিন্তু ছোৱালীজনীয়েও সেইটো জানেনে? মইতো ভাবিছিলোঁ ছোৱালীজনী যাতে ঘৰতেই থাকে তাৰ বাবেহে প্লটটো ইমান অন্ধকাৰ কৰা হৈছে। 

মৃণ্ময়ী আহত হৈ ক’লে, 

: অ’ তুমি কন্দা  নাই? হাঁহিত ফাঁটি পৰিছিলা।

দেহ-মনত স্বাস্থ্য, জীৱনত আনন্দ, অসংগতিৰ হাস্যকৰ দিশটোৱেই আগতে চকুত পৰে। সেইবাবে, জীৱনৰ সৈতে ছবিসমূহৰ সংযোগৰ অভাৱ দেখি, অস্বাভাৱিক কল্পনা দেখি, সস্তীয়া আৰু নিম্নৰুচিৰ ৰোমান্সৰ টোপাটোপে সৰা ৰস দেখি, আনকি মানুহৰ বাবে ছবিবোৰৰ প্ৰভাৱ কিছু কিছু ক্ষেত্ৰত যে ক্ষতিকৰ সেইটো ভাবিও, পুলকেশহঁতে বিদ্বেষমূলক সমালোচনাৰ প্ৰয়োজন অনুভৱ নকৰে। এই সকলো ছবি চোৱাৰ বাবে যিসকল পাগল তেওঁলোকৰ প্ৰতিও অৱজ্ঞাৰ ভাব পোষণ নকৰে। কেৱল এই ভাবি আচৰিত হয় যে ল’ৰা ভুলোৱা এই ধৰণৰ বস্তুৰে বয়স্ক মানুহে নিজক কেনেকৈ নিচুকাই ৰাখে। নিজক নিচুকাব পৰাকৈ ইমান বস্তু আছে এই জগতত। এনেকৈ আশ্চৰ্য হোৱাৰ সময়ত নিজক বস্তুতান্ত্ৰিক ভাবপ্ৰৱণতাহীন বুলি ভাবি তেওঁলোকে বৰ গৰ্ব অনুভৱ কৰে। 

তাৰপিছৰ জীৱনত পৰৱৰ্তী বাস্তৱ অধ্যায়ৰ নিয়ম, অনিয়ম, প্ৰয়োজন আৰু ঘাত-প্ৰতিঘাতৰ সূচনা হয়। যিধৰণে আৰম্ভ কৰিম বুলি ভাবিছিল পুলকেশ বা যতীন কাৰোৱেই সেইধৰণে নহ’ল। হাঁহিমুখে সিহঁতে সেই আৰম্ভক গ্ৰহণ কৰে আৰু প্ৰয়োজন হোৱা বৈচিত্ৰময় প্ৰেমৰ লীলাখেলাত কিমান যে সময় তাৰ ক’ত যে পাৰ হৈ গ’ল। 

শেষৰ তিনি বছৰ পুলকেশে এবাৰো কোনো চিনেমা চাবলৈ নগ’ল। এইলৈয়ে এদিন মৃণ্ময়ীৰ লগত তাৰ বৰকৈ কাজিয়া হ’ল। মৃণ্ময়ীয়ে আনৰ লগত সদায়ে চিনেমা চাবলৈ যায়। কিন্তু সেইটো কিয় হ’ব? পুলকেশে কিয় তাইক এদিনো চিনেমা চাবলৈ লৈ যাব নোৱাৰে? কোনজন স্বামীয়ে পত্নীৰ লগত এনে ব্যৱহাৰ কৰে? তাৰ নিজৰ যাবলৈ ভাল নালাগিব পাৰে, সেইবুলি মৃণ্ময়ীৰ চখ নাথাকিব নেকি? 

আন এদিন লৈ যাম।

: আন এদিন কিয়? আজি লৈ ব’লা।

শেষ পৰ্যন্ত সেয়াই কৰিব লগা হ’ল। বহুদিনৰ পিছত পুলকেশে সেইদিনাখন এখন বঙালী চিনেমা চালে। ছবিখন অলপ অস্বাভাৱিক, অদ্ভুত যেন লাগিল, কিন্তু আজি আৰু হাস্যকৰ বুলি অনুভৱ নহ’ল। আনকি অপৰিচিত নতুন তৰুণ ডাক্তৰে চুবুৰীয়া গাঁওখনত ভৰি থৈয়েই কম্পাউণ্ডাৰৰ বয়স্ক কুমাৰী জীয়েকৰ সৈতে পথাৰলৈ গৈ জঁ‌পিয়াই জঁ‌পিয়াই নৃত্যচ্ছন্দত ডুইট গান গোৱা দেখিও তাৰ হাঁহি নোলাল, বৰং বেছ মিষ্টি আৰু ৰসাল যেন অনুভৱ হ’ল ঘটনাটো। মচগুল হৈয়েই পুলকেশে শেষলৈ ছবিখন চালে আৰু শুনি গ’ল। 

পিছৰ শনিবাৰে অফিছৰ এজন সহকৰ্মীৰ লগত আকৌ চিনেমালৈ গ’ল। তাৰ পিছৰ সপ্তাহত তিনিবাৰ গ’ল। কেইমাহমানৰ ভিতৰতে সি নিয়মিতভাৱে চিনেমা চাবলৈ যোৱা কৰিলে আৰু ভালকৈ নিৰ্বিচাৰে ছবিসমূহ তন্ময় হৈ চাবলৈ আৰম্ভ কৰিলে। বন্ধুবোৰৰ লগত ছবি আৰু তাৰকাসকলৰ বিষয়ে আলোচনা তথা তৰ্ক কৰি ঘণ্টাৰ পিছত ঘণ্টা পাৰ কৰিবলৈ ধৰিলে।

এদিন মেটিনীত নাচ-গান, প্ৰেম-বিচ্ছেদ আৰু শেষত চমকপ্ৰদ মিলন থকা ছবি এখন চাই পুলকেশ বাহিৰলৈ ওলাই আহোঁতে যতীনৰ সৈতে দেখাদেখি হ’ল। চিপচিপকৈ বৰষুণ দি আছিল, যতীনে ছাতি লৈ ফুটপাথত খোজকাঢ়ি গৈ আছিল। যতীনক হঠাৎ দেখি পুলকেশক চিনি পাব নে নাই সন্দেহ হ’ল। তাৰ শৰীৰ ভাঙি পৰিছে, মুখত দাঢ়ি, পিন্ধনত আধা মলিয়ন কাপোৰ-কানি। যতীনে নিজেই তাক দেখি আগুৱাই আহিল। ইমানদিনৰ মূৰত দেখিছে, দুয়ো কিবা যেন নিৰ্জীৱ হৈ পৰিছে যাৰ বাবে মিলনৰ আনন্দ তেনে জোৰদাৰ নহ’ল। অলপ আচৰিত আৰু অলপ আনন্দিত হৈ পুলকেশে ক’লে, 

: যতীন! কলকাতালৈ কেতিয়া আহিলি?

যতীনে ক’লে, 

: এমাহমান হ’ল। তোৰ ঘৰলৈ যাম যাম বুলি ভাবিছিলোঁ, যোৱাহে হোৱা নাই।

যতীনৰ মুখত পুলকেশে মদৰ গোন্ধ পায়। চকুত দেখিবলৈ পায় নিচাৰ আৱেশ। কথাত অস্বাভাৱিক প্ৰফুল্লতা। দুয়ো বন্ধু ধীৰে-স্থিৰে কথা পাতে, খবৰ লয় আৰু দিয়ে, ইমান বছৰ ধৰি অজস্ৰ কথা জমা হৈছে, কিন্তু কোৱাৰ বা শুনাৰ তাড়না যেন সিহঁতৰ নাই। 

যতীনে ক’লে, 

: আহ, বহি কথা পাতোঁ।

: ক’ত বহিবি?

: আহচোন বাৰু। ওচৰতেই।

অলপ আগুৱাই বাওঁফালে গলিৰ ভিতৰৰ এখন মদৰ দোকানলৈ যতীনে তাক লৈ যায়। শনিবাৰৰ আবেলি সময়, ইতিমধ্যেই মানুহেৰে ঠাইডোখৰ গিজগিজাই আছে-ছিঙা কাপোৰ পৰিহিত খালী গাৰ লোকৰ পৰা পৰিষ্কাৰ পেণ্ট-চাৰ্ট পৰিহিত সকলো ধৰণৰ বঙালী আৰু অবঙালী লোকেৰে ভৰি পৰিছে। দোকানৰ বেঞ্চবোৰ ভৰা, থিয় হৈ আৰু উবুৰি হৈ বহিও বহুতেই মদ খাই আছে। ওচৰৰ কোঠাটোত এখন বেঞ্চত ঠাই অলপ আছিল, পুলকেশক বহাই যতীনে ক’লে,

: বহ, বটল এটা আনো। অলপমান চেলিব্ৰেট কৰা যাওক।

: মইতো সেইবোৰ নাখাওঁ।

: এদিন অলপ খাবি, তাতে কি হ’ল? ইমান দিনৰ মূৰত দেখা, অলপমান ফূৰ্তি নকৰিলে হ’বনে? 

ইয়াত সোমোৱাৰ পিছতেই যতীনক আগতকৈও বেছি তজবজীয়া, বেছি উৎসাহী যেন লাগিল। চেলিব্ৰেট কৰাৰ এটা ভাল উপলক্ষ্য পাইছে বাবে বৰ সুখী হৈছে যেন লাগিল, বেছি মদ খোৱাৰ বাবে তাৰ মনটোৱে তাক অস্বস্তিত নেপেলাব। পুৰণি বন্ধুৰ সৈতে দেখা হোৱাৰ বাবে সি যুক্তি পাইছে, কৈফিয়ৎ পাইছে, বেছি মদ খোৱাৰ সমৰ্থন পাইছে। যতীনে মদ আনিবলৈ যায়, পুলকেশে বহি বহি ভাবে। যতীনৰ অধঃপতনৰ বাবে তাৰ মনটো বেয়া হয়।

যতীন আহি বহাত সি সুধিলে, 

: কেতিয়াৰ পৰা খাইছ? দুই-তিনি বছৰ? এইটো ধৰিলি কিয়?

প্ৰশ্ন শুনি যতীনে হাঁহে।

: খালে অলপ ভাল লাগে আৰুনো কি?

গিলাছত মদ ঢালি খাই খাই যতীনৰ অন্তৰঙ্গতা বাঢ়ি যায়, সি খৰধৰকৈ, বেছি বেছিকৈ কথা কৈ যায়। এবাৰ চুমুক দিয়েই পুলকেশৰ সৰ্বশৰীৰ শিঁয়ৰি উঠিছিল, বমিৰ ভাব আহিছিল। আৰু খাবলৈ চেষ্টা নকৰি যতীনৰ কথা শুনি যায়। যতীনৰ প্ৰতি অদৃষ্ট কূপিত হৈছে, আঘাত দি দি থেতেলা কৰি দিছে জীৱনটো, কোনোদিনে বিশেষ সুবিধা কৰিবলৈ দিয়া নাই। চাকৰিটোৰ আৰম্ভণিতে বাপেক ঢুকাল। অলপমান টকা হাতত পৰাত চাকৰি এৰি এটা ব্যৱসায় আৰম্ভ কৰিছিল, সুবিধা নহ’ল। বীমাৰ দালালি কৰিছিল কেইদিনমান, সেইটোও নহ’ল। এটা এজেন্সিৰ কাম লৈছিল, তাতেও একো নহ’ল। দুটা ল’ৰা হোৱাৰ পিছত পত্নী অসুখত পৰিল, সেইলৈয়ো অলপ ভূগিছে। ভনীয়েকক বিয়া দিছিল, ভনীজনীকো তাইৰ স্বামীয়ে লৈ নগ’ল। বিৰক্ত হৈ সকলোকে গাঁৱৰ ঘৰলৈ পঠিয়াই দি নিজে কলকাতাত নতুন এটা ব্যৱসায় আৰম্ভ কৰিছে। 

: সংসাৰৰ হাংগামা নাই, খৰচৰ বাবে টকা পঠিয়াও, বছ। এইবাৰ ভালদৰে কিবা এটা নিশ্চয় কৰিম। দুবছৰৰ ভিতৰত যদি মটৰ নিকিনো– 

যতীনৰ পুৰা নিচা লাগিছে। সগৌৰৱে বুকু থপথপাই সি পুলকেশক কয়, ব্যৱসায়ত তাৰ কিমান তীক্ষ্ণবুদ্ধি, অলপ দিনতেই কি ধৰণে সি উন্নতি কৰিব, আন মানুহে কি ভুল কৰে আৰু সি কি ভুল নকৰিব, এনে সকলো ধৰণৰ  ডাঙৰ ডাঙৰ কথা। জীৱনত অসামান্য সাফল্য লাভৰ অহংকাৰতেই সি যেন পোন হৈ বহে, উত্তেজনাত কঁপি থাকে।

পুলকেশে তাৰ ফালে চাই থাকে। তৃতীয় বাৰৰ বাবে নটাৰ শ্বোত প্ৰিয় ছবিখন চাবলৈ যোৱাৰ সময়ত তাক লগত লৈ যাব নে অকলে যাব তাকে ভাবে।

☆ ★ ☆ ★ ☆

One comment

  • স্বপ্নালী কলিতা

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *