ফটাঢোল

মহাজন দা, চিদা দা আৰু বিজয়-আদিত্যৰ ৰাস উৎসৱৰ আয়োজন-দেবজিত শৰ্মা

ঘটনাটো বহুদিন আগৰ৷ আমাৰ বিজয় আৰু আদিত্যৰ চিনাকি একেবাৰে “কুঁহিপাত কুমলীয়া গছৰ আগত”ৰ দিনৰে পৰা৷ বৰশী বোৱা, লুকাভাকু খেলা, প্ৰেম পত্ৰ লিখা আদি সকলো কামতে দুয়ো দুয়োৰে সহচৰ৷ ঘটনাৰ পটভূমি ৰাস উৎসৱৰ সময়ৰ৷ দুয়ো অষ্টমমানত ভৰি দিছে সেইবছৰ৷ আদিত্য বিজয়ে থিৰাং কৰিলে সেইবাৰ ৰাস শিৱসাগৰতে চাব৷ পৰাপক্ষত মাজুলীৰ ৰাসেই উজনীত বিখ্যাত যদিও সকলোৰে শ্ৰদ্ধাৰ চিদানন্দ বৰাদা সেইবাৰ কিবা কামৰ সংক্ৰান্তত শিৱসাগৰত চেপ্টেম্বৰ মাহৰে পৰা থাকিবলৈ লৈছিল৷ গতিকে তেখেতৰ উৎসাহতে ভাস্কো মহাজনৰ নেতৃত্বত ৰাস উৎসৱ পতাৰ সিদ্ধান্ত লোৱা হ’ল৷ নিমন্ত্ৰণ পোৱাৰ পাছত বিজয় আৰু আদিত্যৰ আনন্দত তত নোহোৱা হ’ল, ভাস্কো মহাজনে মাতিয়েই থাকে দুয়োকে৷ এনেয়ো বাৰু সেইখিনি সময়ত ভটিয়াপাৰৰ পৰা দিচাংমুখলৈ প্ৰায় সকলোবোৰেই ভাতঘৰৰ দৰেই দুয়োৰে বাবে৷ গতিকে কোনে পায় দুয়োটাক৷ নতুনকৈ ফুটি উঠা দাড়িত মিহিকৈ ‘চুপাৰমেক্স’ৰ ব্লেড চলাই আদিত্য বৰঠাকুৰে বিজয়ৰ লগত উঠি দিলে ৪০৭ মিনি বাছত, লক্ষ্য শিৱসাগৰ! 

গৈ পোৱাৰ পাছতেই মহাজন দায়ে দুয়োকো কামত লগাই দিলে৷ আজিৰ দৰে তেতিয়া আৰু ইমান পটাপট কাম হ’ব পৰাকৈ বা যোগাযোগ কৰিব পৰাকৈ মোবাইল, চ’ছিয়েল মেডিয়া নাছিল৷ গতিকে পৰিস্থিতি কিমান কঠিন আছিল অনুমান কৰক৷ মহাজনে সকলোফালে কিমান চম্ভালিব! গতিকে মানুহক নিমন্ত্ৰণী পত্ৰ দিয়াৰ দায়িত্ব বিজয় আৰু আদিত্যকে দিলে৷ মহাজনদাৰ কথা পেলাব পাৰিনে! দুয়ো লাগি গ’ল কামত৷ প্ৰায় দুদিনৰ ভিতৰতেই আমন্ত্ৰণ কৰিবলৈ দিয়া তালিকাৰ প্ৰায় সকলোবোৰ শেষ হোৱা বুলি জনালে৷ মহাজন দা প্ৰায় আচৰিতেই হ’ল, ইমানখন দীঘল তালিকা ইমানবোৰ নাম! অথচ দুয়ো দুদিনতেই শেষ কৰি দিলে৷ ভালকৈ পৰীক্ষা কৰি তথা দুয়োকে মাৰাথন জেৰা চলাইহে মহাজনদায়ে গম পালে কথা বিষম৷ দুয়ো তালিকাৰ পৰা বাচি বাচি কেৱল নামৰ আগত শ্ৰীমতী থকাসকলৰ ঘৰতহে চিঠি বিলাবলৈ গৈছে৷ স্বভাৱ বেয়া নহ’লেও দুয়ো চিঠি বিলোৱাৰ অজুহাততে চাহ তামোলৰ পৰা ভাতৰ জুতি পৰ্য্যন্ত ল’লে৷ মহাজন দায়ে বহু ভাবি চিন্তি তালিকাৰ শেষৰ ফালে থকা ডিমৌৰ ওচৰৰ এজনক নিমন্ত্ৰণ কৰাৰ দ্বায়িত্ব দিলে৷ সঁচা কথা ক’বলৈ গ’লে মহাজন ‘আ’ বুলিলেই আলজিভা দেখা মানুহ৷ ইহঁতক অলপ বেছিকৈ মৰমৰ চকুৰে চোৱা বাবেহে এই ভুলটো হৈ গ’ল৷

“তহঁতে যাবি আৰু চিঠিখন দি তেখেতক ভালকৈ মাতি আহিবি৷ তেখেত মানে ঋষভদা মোৰ লগত খুব ভাল৷ মাত্ৰ তহঁত দুটাই তেখেতৰ ভতিজীজনীক দেখি বেলেগ কথা পাহৰি নাযাবি৷ খেলিমেলি হ’লে পিঠি বহল কৰিম কিন্তু এইবাৰ!” 

‘ভতিজীজনী’ – এই শব্দটোৱে যেন দুয়োৰে দেহৰ মাজেৰে ৪৪০ ভল্টৰ বিদ্যুৎ প্ৰবাহিত কৰি দিলে৷ পাছৰ এটা শব্দও কাণত নপৰিল৷ মাথোঁ সেইখিনি সময়ৰ জনপ্ৰিয় হিন্দী গীত “জবচে মিলে নেনা, তুমচে মিলে নেনা” দুয়োৰে অন্তৰাত্মাক জোকাৰি যোৱাকৈ বাৰে বাৰে কাণত ভাঁহি আহিবলৈ ধৰিলে……

: আৰু কিমান দূৰ হে বিজয়..

নবেম্বৰ মাহটো শীতে গৰকা হ’লেও বেলিটো চেং চেঙীয়া হৈয়ে পৰে৷ ডিমৌ বাছ ষ্টেণ্ডৰ পৰা নিতাইপুখুৰীৰ দিশেৰে দুই কিলোমিটাৰমান গৈ ৰ’দত ঘৰ্মাক্ত বৰঠাকুৰে অতিষ্ঠ হৈ বিজয়ক প্ৰশ্ন কৰিলে৷

: মহাজন দায়ে কোৱা হিচাপত পাবহিয়ে লাগে৷ কালভাৰ্টৰ কাষৰ ঘৰটোৱেই বুলি কৈছিল৷

 লগত অনা টোপোলাটোৰ পৰা বাছত নমাৰ পাছৰ ১২ নম্বৰ তামোলখন মুখত ভৰাই কৈ উঠিল বিজয় মহন্তই৷

: কি কালভাৰ্ট, লাইট প’ষ্ট কৈ থাকা হে! অথনিৰে পৰা তেনেকুৱা কিমানটা লাইট প’ষ্ট, কিমানটা কালভাৰ্ট পাৰ হ’লোঁ হিচাপ নাই! আৰু যাবলৈ নাই মোৰ, নাচাওঁ কাৰো ভতিজীক৷ মহাজনে যি কয় কৈ থাকিব!- 

তীব্ৰ বিৰক্তিৰে আদিত্য বৰঠাকুৰে কৈ উঠিল৷ অন্ততঃ এইখিনি সময়ত আদিত্যৰ বাবে কাৰোবাৰ কোমল চাৱনি, মিঠা মাততকৈ বিছনাত দীঘল দি নাক বজাই শুব পৰাৰ গুৰুত্বটো অধিক যেন অনুভৱ হ’ল৷ 

: অ’ তাৰ মানে তুমি ভতিজীক চাবলৈহে আহিছা৷ ঋষভদাক নিমন্ত্ৰণৰ বাবে অহা নাই?

কিবা গুপ্তধনৰ সন্ধান পোৱাৰ দৰে প্ৰাপ্তিৰ হাঁহি এটা মাৰি বিজয় মহন্তয়ে বলটো আদিত্য বৰঠাকুৰৰ ক’ৰ্টলৈ ঠেলি পঠালে৷

: থোৱা হে! নিজে এনে বিশ্বামিত্ৰ ঋষি! ভতিজীৰ নাম শুনি প্ৰথম হাঁহি তোমাৰ মুখতে ওলাইছিল৷ মিছা কৈছোঁ যদি বিদ্যা শপত খোৱা! 

একেবাৰে বেঙা বুলি ভাবিলেও আদিত্যই ওচৰৰ পৰা দুখনমান বিহু পূজা সমিতিৰ হিচাপ পৰীক্ষাৰ সভা দেখা পাইছে৷ গতিকে বিজয়ৰ চৰ্ট পিটচ বলটো সীমাৰেখাৰ বাহিৰলৈ বুলি হুক কৰিলে৷

বৰঠাকুৰৰ পাশুপাত অস্ত্ৰৰ আঘাটত এইবাৰ বিজয় ধৰাশায়ী হৈ পৰিল৷ পোনচাতেই মনলৈ আহিল অংক ছাৰৰ খঙাল মুখখন৷ যোৱা বাৰ ছয়মহীয়া পৰীক্ষাত দুটা অংক ভুল কৰি অহাৰ বাবে কম পিটন দিছিল নে! দুদিনলৈ একাটি হৈ হে বেঞ্চত বহিব লগা হৈছিল৷ “নাই, নাই! এইবোৰ বিষয়ত পাংগা ল’ব নোৱাৰি৷ সঁচা কথাটো কৈ দিয়াই ভাল” মনে মনে বিজয় মহন্তয়ে নিজকেই কৈ উঠিল৷

: ধেই, মই ধেমালিহে কৰিছিলোঁ বৰঠাকুৰ৷ আপুনিচোন গভীৰভাবে ল’লে কথাটো৷ হ’ব হে, যাকেই পচন্দ কৰে তাৰেই ভতিজী৷

 দুখোজ আগুৱাই অফষ্টাম্পৰ বাহিৰৰ বলটো মিড অন বাউণ্ডেৰীৰ বাহিৰলৈ ঠেলি দিলে বিজয় মহন্তয়ে৷

: ডান, ডান

ন’ বলত চিক্সটো মৰাৰ পাছৰ বলটো ফ্ৰী হিট পোৱাৰ সন্তুষ্টি এটা পৰিষ্ফুট হৈ উঠিল আদিত্য বৰঠাকুৰৰ মুখত৷

: ৰ’ব সেই চাইকেল লৈ অহা মানুহজনক সোধোঁ ঋষভদাৰ ঘৰ ক’ত,

ব্যস্ত ভাৱ এটাৰে বিজয় মহন্তয়ে কৈ উঠিল৷

“হেৰি খুৰা ৰ’বচোন!” – 

বিজয় মহন্তয়ে প্ৰায় বাট আগচি ধৰাৰ দৰেই চাইকেল আৰোহীজনক ৰ’বলৈ ইংগিত দিলে৷

: কোৱা ভাইটি 

পঞ্চাশউৰ্ধৰ ব্যক্তিজনে কোনোমতে চাইকেলখনৰ ব্ৰেক মাৰি বিজয় মহন্তক প্ৰশ্ন কৰিলে৷

: আমি মানে শিৱসাগৰ টাউনৰ পৰা আহিছোঁ৷ ঋষভ দাৰ ঘৰ কোনটো? 

বিজয় মহন্তই সুধিলে।

: ঋষভ দা? তোমালোকৰ দাদাহে নেকি সম্পৰ্কত? সেইটো ঘৰ

 প্ৰশ্নটোত আচৰিত হোৱা যেন দেখুৱাই অলপ আঁতৰৰ ঘৰ এটা আঙুলিয়াই দিলে৷

: বাৰু…ধন্যবাদ

পাছৰ শব্দকেইটা মানুহজনে শুনা পালে নে নাই সন্দেহ কাৰণ দুইটাই ধুমুহা গতিৰে পদুলিমুখ পালেগৈ৷

গোবৰ মাটিৰে লিপি ফু মাৰি ভাত খাব পৰা এখন চোতাল৷ ঋষভদাৰ চৌহদটো আদৰ্শ অসমীয়া কৃষক এজনৰ সবল আৰ্থিক অৱস্থাটোৰ যেন সুন্দৰ প্ৰতিফলন৷ “এনে এজন মামা শহুৰ পালে আৰু কি লাগে!” – সেই মুহূৰ্তত দুয়োৰে মনলৈ একেটা চিন্তায়েই একেলগে ক্ৰিয়া কৰিবলৈ ধৰিলে৷ 

: অঁ, কোৱাচোন কাক লাগে? ক’ৰ পৰা আহিছা? 

দুয়ো চিন্তা কৰি থাকোঁতেই প্ৰায় ৪০ বছৰমান বয়সৰ মহিলা এগৰাকীয়ে আহি মাত দিলে৷ 

“ঋষভ দাৰ বৌৱেক নহ’লে খুৰীয়েক!” – বিজয়ে আদিত্যৰ কাণত ফুচফুচাই ক’লে৷

: আমি মানে ঋষভদাক লগ কৰিবলৈ আহিছোঁ৷ শিৱসাগৰৰ ৰাসৰ বাবে আমন্ত্ৰণ জনাবলৈ আহিছোঁ।

 দুয়ো সমস্বৰে মাত লগালে।

: ধেই, তেখেত তোমালোকৰ খুৰা বা বৰদেউতাহে হ’ব৷ দাদা বুলি কিয় কৈছা?

মুখত সামান্য প্রশ্ৰয়ৰ হাঁহি এটা ফুটাই মানুহগৰাকীয়ে মাত লগালে৷ 

: হয় নেকি? কিন্তু আপুনিনো কোন? 

অভাৰৰ প্ৰথম বলটোতে লেগ বিফ’ৰ ইউকেট হোৱাৰ দৰে অৱস্থা এটাৰ সন্মুখীন হোৱা আদিত্যৰ মুখৰ পৰা কোনোমতে বাক্যটো নিগৰি আহিল।

: মই তেখেতৰ ভতিজী৷ বৰদেউতা ভাত খাই অলপ……

ইয়াৰ পাছত ভতিজীয়ে কিবা কৈছিল যদি শুনিবলৈ এটাৰো ধৈৰ্য্য নাছিল৷ ডিমৌৰ দিশে পথৰ ধূলি উৰুৱাই দুয়ো মাথোঁ দৌৰি আছে, যেন অলিম্পিকৰ ১০০ মিটাৰ দৌৰৰহে প্ৰতিযোগী৷ মাজে মাজে মহাজনক উদ্দেশ্যি দুটামান অশ্লীল শব্দ৷ 

……

: তাৰ পাছত কি হ’ল, ভাস্কৰ দা!  

বহুদেৰি হঁহাৰ পাছত কোনোমতে উশাহটো ঘূৰাই ভাস্কো মহাজনক প্ৰশ্ন কৰিলোঁ৷ 

“হা হা হা হা!” 

চৌদিশ কঁপাই ভাস্কৰ দায়ে নিজৰ চিৰপৰিচিত হাঁহিটো মাৰিলে৷ ক’ভিড, লকডাউন আদিৰ লগতে আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ বাবে বহুদিন কাকো লগেই পাব পৰা নাছিলোঁ৷ বিশেষ কাম এটাৰ পৰিপ্ৰেক্ষিতত পাছ এখন যোগাৰ হোৱাৰ সুবাদতে শিৱসাগৰলৈ আহি এয়া ভাস্কো মহাজনদাৰ ড্ৰয়িং ৰূমত চাহত চুমুক দি কথাৰ মহলা মাৰি আছোঁ৷

“তাৰ পাছত মানে যি হ’ল…” 

মহাজন দায়ে ক’বলৈ আৰম্ভ কৰিলে৷ 

অনুষ্ঠানৰ দিনা….

: তহঁত দুইটাই কথাবোৰ বুজিছনে? খেলিমেলি নকৰিবি৷ মোৰ সন্মানৰ কথা আছে৷

একান্ত বাধ্য ছাত্ৰৰ দৰে থিয় হৈ থকা আদিত্য আৰু বিজয়ক উদ্দেশ্যি চিদা দায়ে প্ৰশ্ন কৰিলে৷ 

: পাইছোঁ চিদা দা৷ আজি আমি আপোনাৰ লগতে ছাঁ হৈ ঘূৰি থাকিম৷ মহাজন দায়ে নিজৰ ধূতি এখন কেঁচীৰে কাটি সমানে ইতিমধ্যে ভগাই আমাক পিন্ধাই পঠাইছেই৷ আমি পুৰা সাজু৷ গতিকে চিন্তাই নকৰিব। 

চিদা দাক সম্পূৰ্ণ নিশ্চয়তা প্ৰদান কৰি বিজয় মহন্তই কৈ উঠিল৷ দুয়ো চিদাদাৰ লগত সেউজগৃহৰ এটা কোণত বিৰাজমান হৈ দুদিনমান আগৰ পৰা চলি থকা নিৰন্তৰ প্ৰশিক্ষণৰ পাঠখিনি পুনৰ জুকিয়াই ল’লে৷ দুয়োকে নিৰীক্ষণ কৰি চিদা দাও আস্বস্ত হ’ল, ধূতি পাঞ্জাবী আৰু ডিঙিত গামোচাৰে দুয়োকে সঁচাকৈয়ে নিজৰ শিষ্য যেন অনুভৱ হ’ল৷ 

প্ৰকৃততে চিদাদাৰ চিন্তা অলপ সুকীয়া৷ অনুষ্ঠানলৈ দুই এজন সাংবাদিকো আহিব বুলি মহাজনৰ মুখেৰে গম পাইছে৷ অনুষ্ঠানৰ উদ্যেক্তা তথা শিল্প সংস্কৃতিৰ লগত জড়িত বুলি ক’ৰবাত একলম যদি প্ৰকাশ পায় তেন্তে পাছলৈ শিল্পী পেঞ্চনৰ বাবে আবেদন কৰোঁতে এই বাতৰি কাকতৰ ‘পেপাৰ কাট’ কেইটায়ো যথেষ্ট কামত দিব৷ বিজয় আৰু আদিত্যক তেখেতৰ অনুগামী তথা শিষ্য হিচাপে প্ৰক্ষেপিত কৰি অলপ ভাৱমূৰ্তিটো অধিক উজ্জ্বল কৰাৰ একবাৰে ব্ৰহ্মাস্ত্ৰ৷ 

: চিদা দা, ৰাস আৰম্ভ হৈছেই৷ ব’লক সন্মুখলৈ যাওঁ৷

ইমানদেৰি উচপিচাই থকা আদিত্যই মাত দিলে৷ 

: ব’ল ব’ল৷ তহঁত দুইটা মোৰ পাছতেই বহিবি৷ মই সাংবাদিক দুজনৰ লগত বহিম৷ কিবা সুধিলেহে ক’বি৷ এনেই বাৰু তহঁতৰ কথা কোৱা আছে,

 স্থিতপ্ৰজ্ঞ  চিদাদাৰ কণ্ঠেৰে নিৰ্গত প্ৰতিটো বাক্যয়েই এই মুহূৰ্তত বিজয় আৰু আদিত্যৰ বাবে শিলৰ ৰেখা স্বৰূপ৷ 

: অ’, বৰা আহক৷ বহক৷

 সন্মুখৰ শাৰীত বহি থকা সাংবাদিকজনে মাত লগালে৷ 

চমু বাৰ্তালাপ চলি থকাৰ মাজতেই আদিত্য আৰু বিজয়ে পাছৰ শাৰীত আহি আসন গ্ৰহণ কৰিলে৷ চিদাদাৰ লগতে সাংবাদিকজনেও মূৰ ঘূৰাই মৃদু হাঁহিৰে দৃষ্টি বিনিময় কৰিলে৷ 

ইতিমধ্যে সূত্ৰধাৰী পৰ্ব শেষ হৈ শ্ৰীকৃষ্ণৰ নৃত্য আৰম্ভ হৈছে৷ সমান্তৰালকৈ আৰম্ভ হৈছে বিজয়ৰ খু-দুৱনি৷ চিদা দাৰ হাক বচন পাহৰি নিজৰ স্বভাৱসুলভ ভংগীৰে আৰম্ভ কৰিলে – 

: হেৰি বৰঠাকুৰ! শ্ৰী কৃষ্ণৰ কাষ্টিং ইমান ভাল নহ’ল নেকি? ইমান সৰু আৰু ক্ষীণমীন! ৰাৱণক কেনেকৈ বধ কৰিব?

: কি ফটুৱা কথা কোৱা হে? শ্ৰীকৃষ্ণই হিৰণ্যকশিপুক হে মাৰিছিল৷

উচপ খাই উঠা আদিত্যই সজোৰে প্ৰতিবাদ কৰি উঠিল।

: বেছি জানা নেকি? তেন্তে কংসই কাক হৰণ কৰিছিল?

বিজয় এইবাৰ যুদ্ধংদেহি ভাৱত৷ 

: তুমিয়েই সকলো জানা হে মহন্ত! কংসই কাকো হৰণ কৰা নাছিল৷ কংস শৰশয্যাত পৰিছিল৷

সমানেই ফেপেৰি পাতি আদিত্যই কৈ উঠিল৷ 

“চাটোপ চাটোপ…..” 

দুটা ক’লা অবয়ৱ আন্ধাৰৰ মাজেৰে দৌৰি আছে৷ লক্ষ্যস্থান অজ্ঞাত৷ পাছে পাছে ধূতি দাঙি গামোচাৰে মুখ ঢাকি চিদানন্দ বৰা দা৷ শিল্পী পেঞ্চনৰ সপোনটো ৰাসস্থলীতেই এৰি থৈ আহিছে৷

☆ ★ ☆ ★ ☆

9 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *