ৰাধা-কৃষ্ণ-দিগন্ত কুমাৰ ভট্টাচাৰ্য
মূৰত সামান্য বিষ অনুভৱ কৰিছোঁ। হাতখনত বিষ, বোধকৰো কিলাকুটিৰ কাষত মাখিছাল এৰিছে। চকু মেলি উঠিবলৈ চেষ্টা কৰোঁতেই দেখিলোঁ, বহুকেইখন মুখ।
এখন মুখ এজন বৃদ্ধৰ। চকুত খং-ক্ৰোধ।
তাৰ কাষত দুখন মুখ। দুয়োখন মুখৰ অভিব্যক্তি – ‘তইতো মৰিলি আজি। আমিয়েই হিৰো হ’ম…’।
আনখন মুখত অনুসন্ধিৎসা। চাৱনিত -‘কি কে’চ, মইতো বুজা নাই একো’।
বহুকেইটা দুৰ্গন্ধময় নলা-নৰ্দমাৰ কাষতে কুলুকুলুকৈ নিৰ্মল পানী বৈ থকা নিজৰা এটি দেখিলে মনটো যেনেকৈ প্ৰফুল্লিত হয়, সেই আটাইবোৰ মুখৰ কাষতে ৰাধাৰ মুখখন দেখিও মোৰ তেনেই হ’ল।
হেবাঙটোৰ দৰে মই ৰাধালৈ চালোঁ। মোৰ দুচকুৱে কৈ গ’ল – ‘হে ৰাধা, এবাৰ কোৱা যে তুমি মোক চিনি পোৱা..বহুত ভালকৈয়ে পোৱা যেনেকৈ ৰাধাই কৃষ্ণক পাইছিল। কোৱাচোন…ন’হলে মই শেষ আজি’
ফ্লেছবেক: আঠ ঘণ্টাৰ আগৰ….
এক বিমৰ্ষ মনেৰে বন্ধু ক্ৰান্তিধৰ আহি মোৰ ওচৰত বহিছিল। ফিজিক্সৰ প্ৰেক্টিকেল নহ’ল। মই তালুকদাৰ দাৰ হোটেলত গজা এটা মুখত দিছিলোঁ হে, তেনেতেই সি বহিল।
: কি হ’ল ক্ৰান্তি?
: নক’বি অ’ কৃষ্ণ। বহুত দুখ মনত।
: দুখ? কিয় দুখ? কেনেকুৱা দুখ?
: তই নহয় বেলেগ কোনোবা হ’লে তোৰ আজি মুখ ভাঙি দিলোঁহেঁতেন ঘুচিয়াই।এলফাবেটমতে তই মোৰ পিছৰ ছীটটোত বহিবি পৰীক্ষাত। তোৰ লগত ভাই মই সেয়ে পাংগা নলওঁ। তোৰ ভৰসাতে হায়াৰ-ছেকেণ্ডাৰী পাছ কৰিম বুলি ভাবি আছোঁ।
: হাৰে! মই কি কৰিলোঁ? ভালকৈ বুজাই ক’চোন!
: চা, এইচ.এছ ফাৰ্ষ্ট ইয়েৰত ছোৱালী এজনী আছে। নামটো – ৰাধা। জান তই?
: মনত পৰিছে। ৰঙা চাইকেল এখন যে চলাই আহে। গালত তিল আছে ন এটা?
: বাপ্পা ঐ, তই তিলটোও দেখিছ? মই আকৌ তই ছোৱালী-তোৱালী নোচোৱা চিধা-চাধা বুলি ভাবিছিলোঁ ৰে
: বাৰু, পিচে হ’ল কি তাইৰ?
: যোৱা দুমাহে, সঁচা কৈছোঁ দুমাহে তাই মোৰ টোপনি হৰণ কৰিছিল ভাই। টাৰ্মিনেলত ফিজিক্স, কেমিষ্ট্ৰি -সবতে ফেইল কৰাৰ তায়ো এটা কাৰণ, বুজিছ?
: প্ৰেম?
: আছিল। কালি সন্ধিয়া তাইক মোৰ মনৰপৰা আঁতৰাই পঠিয়ালোঁ। দুখ বহুত ভাই, কিন্তু কি কৰিবি? কিছুমান সুখ কপালত লিখা নাথাকেই নহয়, মানি লৈছোঁ।
: ঠিকে আছে। ভালকৈ পঢ় এইকেইদিন। ফাইনেললৈ তিনিমাহ হে আছে। পিচে মোৰ ওপৰত খং কিয় তোৰ?
: ৰাধা
: ৰাধা?
: অ’ ৰাধাৰ মনত তই সোমাই আছ, চাল্লা। সেই কাৰণেই মোক ‘না’ ক’লে,
: মই? কি ফাল্টু কথা কৈছ? মই দেখোন নাজানোৱেই ভালকৈ তাইক
: তোক চিনি পায়।
: ধুৰ, উল্টা-পুল্টা মিছা ক’বলৈ নাহিবি। মোক ভাল পাবলৈ মই কিবা ছলমান খান নেকি?
: তাইৰ কাৰণে তই ছলমান খান- আমিৰ খান সব। তই কেন্দ্ৰৰ ভিতৰত অংকত হায়েষ্ট পাইছিলি নহয়? তাই আকৌ কিবাকৈ ত্ৰিশ পাই অংক পাছ কৰিছে। সেয়ে তোৰ প্ৰতি দুৰ্বল..তাতে তই ঠাণ্ডা-মুণ্ডাও ন,
হঠাতে মোৰ বুকুতো অজান শিহৰণে খুন্দিয়ালে। ক্ৰান্তিয়ে বাৰু সঁচা কৈছে নেকি? সৰুতে আইতাই মোক কৈছিল- “তই যিজনী ছোৱালীক বিয়া পাতিবি, নামটো ‘ৰাধা’ হ’ব….”। আইতাৰ কথাটো ফলিয়াব নেকি বাৰু?
: কি ভাবিছ, কৃষ্ণ?
: নাই। কিন্তু মইতো তাইক নামাতোঁৱেই, তাইতো মোক কেতিয়াও মাতি পোৱা নাই
: তই বুৰ্বক মস্ত। ছোৱালীয়ে ডাইৰেক্ট ক’ব নেকি ল’ৰাক? এতিয়া শুন, আচল কথাটো। যোৱা দুমাহে সন্ধিয়া তাইৰ ঘৰৰ আগেৰে চাইকেল চলাওঁ হাফ-পেডেল মাৰি মাৰি। সিহঁতৰ ঘৰ বিদ্যাপুৰত। জান নে? প্ৰাইমেৰী স্কুলখনৰ কাষতে। তাই সন্ধিয়া ফুলত পানী দিবলৈ বাৰাণ্ডালৈ আহে। মই সদায় চাইকেলৰ চেইন ঠিক কৰি দহমিনিট তাতে ৰওঁ। কালি মৰণক শৰণ দি তাইক মাতিলোঁ। তাই মোক দেখি চিনি পালে। যেতিয়া মনৰ কথা ক’লোঁ, তাই ক’লে তাই হেনো মনটো কাৰোবাক দি থৈছে। বহুবাৰ সোধাৰ পাছত তোৰ নাম ক’লে। মই চাল্লা বেহুচ হ’বলৈ বাকী।
: তাৰ পাছত?
: তাৰ পাছত কি? তোলৈ খং এটা উঠি আহিছিল। কিন্তু ভাই, ছোৱালীজনী ভাল। খুলি ক’লে কথাবোৰ। মই ক’লোঁ তাইক তেতিয়া যে সিহঁতৰ ঘৰলৈ তোক লৈ যোৱাৰ দায়িত্ব মোৰ। তাই খুছ হৈ গ’ল।
: মই যাম? সিহঁতৰ ঘৰলৈ?
: অ’ যাবি। আজিয়েই
: আজিয়েই?
: ভাই, তাইক মই কথা দিছোঁ। তই আজি যাবি সিহঁতৰ ঘৰলৈ। অকলে। সন্ধিয়া সময়ত যাবি। মাক পাঁচৰ পৰা ছয়বজালৈ নামঘৰত থাকে। বাহিৰত যদি এম্বেছেডৰ গাড়ীখন নাথাকে, বুজিবি দেউতাক নাই। তই আৰামচে সোমাই যাবি। ওচৰৰ ঘৰটো খালী। এজন চকীদাৰ টাইপৰ বুঢ়া মানুহ থাকে। টেনছন নল’বি, তেওঁ কুকুৰীকণা। সন্ধিয়া নেদেখে। বিন্দাছ যাবি
: যদি কিবা প্ৰ’ব্লেম হয়?
: একো নহয়। হ’লে কাইলৈ আহি মোক দুচৰ লগাবি ক’লেজ চ’কত সবৰে সন্মুখত, হ’ব?
হঠাতে মোৰ চাৰিওকাষে ঘূৰি ঘূৰি ৰাধাই আহি যেন ভাৰত নাট্যম হে নাচিবলৈ ধৰিলে, ঠিক চিনেমাত দেখুওৱাৰ দৰে। ধোঁৱাৰ মাজত। প্ৰেমেই হ’ল নেকি বাৰু মোৰো? আস, এই প্ৰেমটোও সাংঘাতিক জিনিছ – মই ভাবিবলৈ ধৰিলোঁ।
সেইদিনা সন্ধিয়া –
সন্ধিয়া প্ৰায় পাঁচ বাজিছিল ঘড়ীত। ডিচেম্বৰৰ মাহ। আন্ধাৰ নামিছিল।
মই ৰাধাহঁতৰ ঘৰৰ ওচৰ পাইছিলোঁ। তেওঁলোকৰ ঘৰৰ সন্মুখত এখন লোহাৰ ডাঙৰ গে’ট। জুমি চাইছিলোঁ। নাই, ভিতৰত ৰাধাহঁতৰ পুৰণি এম্বেচেডৰখন নাই। বুজিলোঁ, দেউতাক নাই। ওচৰৰ নামঘৰটোৰ পৰা মহিলাসকলে নাম গাই থকা ৰিণিকি ৰিণিকি কাণত পাৰিছিল। বুকুখনে শব্দ কৰিবলৈ আৰম্ভ কৰিছিল।
গে’টখনৰ ওচৰ পালোঁ। দেখিলোঁ গে’টত তলা এটা ওলমি আছে। ঘৰত হয়তো কোনো নাই। বেয়া লাগি গ’ল মনটো। ই ক্ৰান্তিয়ে ৰাধাক মই যে আজিয়েই আহিম ভালকৈ চাগে নক’লে। আকৌ এবাৰ চাওতে দেখিলোঁ তলাটো বন্ধ নহয়। এনেই লগোৱা আছে। মই সেইটো টানি খুলিবলৈ চেষ্টা কৰিলোঁ। খোল খাই গ’ল। ঠিক সেই সময়তে কোনোবাই মোৰ পিঠিত হাত এখন থোৱা যেন লাগিল। মই উচাপ খাই পিছলৈ ঘূৰি চালোঁ। দুজন যুৱক। ওখ-পাখ, হৃষ্ট-পুষ্ট।
: ভাইটি, তুমি ইয়াতে থাকা?
: হয়, মানে নহয়
: ঘৰটো তোমালোকৰ নে?
: না নহয় নহয় –
: নহয়? তেনেহ’লে কাৰ ঘৰ এইটো?
: কৃষ্ণৰ, নহয় কৃষ্ণ মোৰ নাম
মোৰ কথাবোৰত খেলিমেলি লাগিল।
: কি কৈ আছাহে? এই ঘৰটো তোমালোকৰ নহয়? কাৰ ঘৰ?
: নাজানো..নহয় মানে জানো। মোৰ চিনাকি এঘৰৰ, মই আলহী,
: কোন চিনাকি? তুমি তলাটো ভাঙিলা নহয়? নে চাবিৰে খুলিলা? আমি দেখিছোঁ।
: নহয় দাদা, মই মাত্ৰ তলাটো টানিছিলোঁ। লকড্ নাছিলেই। মই ভিতৰলৈ যাবলৈ ওলাওঁতেই আপোনালোকে মাতিলে।
: তুমি বহুদেৰি ৰৈ আছিলা। আমি চিগাৰেট এটা শেষ কৰালৈ দেখি আছিলোঁ।
‘এইজন চোৰ হ’ব পাক্কা’, ‘স্কুটাৰ চোৰ হ’বও পাৰে’, ‘মেইন চোৰবোৰে এনে কম বয়সীয়াবোৰকে পঠিয়ায় প্ৰথমতে চাবলৈ’ – যুৱক দুজনে ফুচফুচকৈ নিজৰ মাজতে কথা পাতিছে। মোৰ বুকুখনে চিৰিংকৈ মাৰিলে। প্ৰেমৰ শিহৰণত নহয়, ভয়ত।
: ঐ ব’লচোন ভিতৰলৈ
মোক এইবাৰ এজনে হাতত ধৰি ভিতৰলৈ লৈ গ’ল। কলিং বেল বজালে। কোনো ওলাই অহা নাই। দুৱাৰত ঢকিয়ালে।
“ভগৱান, ৰাধাই যেন দুৱাৰখন খোলে” – মই ভিতৰি কামনা কৰিলোঁ।
নাই, ভগৱানে নুশুনিলে। দুৱাৰ খুলিলে বৃদ্ধ এগৰাকীয়ে খুপি-জুপি আহি।
: কাক লাগেনো?
: ককা, আমি দুজন কিয় আহিছোঁ ক’ম বাৰু। ছাত্ৰ-সমিতিৰ কিবা কলেকছন’ৰ কামত। তাৰ আগতে বেলেগ ঘটনা এটা হে কওঁ –
মোৰ হাতত ধৰি থকা যুৱকজনে ক’লে।
: কি কথা? কি ঘটনা?
: এই ল’ৰাজনক সন্দেহজনকভাবে আপোনালোকৰ ঘৰৰ সন্মুখত ঘূৰি-ফুৰা দেখিছিলোঁ বহু দেৰি। তাৰপাছত আপোনালোকৰ গে’টৰ তলাটো ভাঙি ভিতৰলৈ সোমাবলৈ চেষ্টা কৰোঁতেই ধৰি পেলালোঁ।
: কি কোৱা হে? ক’ৰ ল’ৰা এইজন?
: ই কৈছে আপোনালোকৰ আলহী হেনো
: আমাৰ আলহী?
বৃদ্ধ মানুহজনে চশমাযোৰ চকুৰ ওচৰলৈ নি মোক মূৰৰপৰা ভৰিলৈ চালে ভালদৰে। তেখেত হয়তো ৰাধাৰ ককাক।
এইবাৰ মই মাত লগালোঁ –
: ককা, এই দাদাকেইজনৰ কিবা ভুল হৈছে। মই আপোনালোকৰ ৰাধাৰ চিনাকি। তাই মোক মাতিছিল আজি সন্ধিয়া…।
: ৰাধাৰ চিনাকি? না না, ৰাধা একেবাৰে মাটিৰ মূৰ্তিটোৰ দৰে। কোনোবা ল’ৰাক যে তাই মাতিব, তাকো সন্ধিয়া সময়ত, মই মানি নলওঁ হে বোপা,
ককাকে চিঞৰি উঠিল।
: আপুনি ৰাধাক মাতকচোন এবাৰ –
সেহাই সেহাই ক’লোঁ মই।
: তাই দেউতাকৰ লগত বজাৰলৈ গৈছে
: দেখিছে ককা, ই ৰাধা নে কি ছোৱালীজনী যে নাই, সেইবোৰ জানে। সেয়েহে মিছাকৈ তাইৰ নাম লৈছে –
চান্দা বিচাৰি অহা যুৱক দুজনৰ এজনে মাত দিলে।
: ৰ’বাচোন ৰ’বা, সেই ওচৰৰ বৰ্মনহঁতৰ ঘৰত থকা চকীদাৰটোৱেও আমাক কৈছিল, প্ৰায়ে সন্ধিয়া হেনো ল’ৰা এজন আমাৰ ঘৰৰ ওচৰে-পাজৰে ঘূৰা-ঘূৰি কৰি থাকে। সেইজন বাৰু এইজনেই নেকি?
ৰাধাৰ ককাকে চান্দা পাৰ্টিলৈ চাই ক’লে।
: কৈছিলোঁ নহয় ককা, ই সন্দেহজনক। ইয়াক এৰি দিব নালাগে। চকীদাৰজন আছে যদি সোধকচোন, এতিয়াই ‘দুধ কা দুধ, পানী কা পানী’হৈ যাব
: ঐ নৰহৰি, নৰহৰি
ককাৰ চিঞৰত ওচৰৰ ঘৰৰ ৱালখনৰ ওপৰেৰে এখন মুখৰ আবিৰ্ভাৱ হ’ল। কাণ-মূৰ মাফলাৰেৰে ঢকা।
: ঐ নৰহৰি, তুমি যে কৈছিলা ল’ৰা এজনে সন্ধিয়া আমাৰ ঘৰৰ সন্মুখত ৰৈ থাকে, ঘূৰা-ঘূৰি কৰি থাকে। এইজনেই নেকি চোৱাচোন –
ককাই হাতত লৈ থকা টৰ্চটোৰ পোহৰ মোৰ মুখতে মাৰি পঠিয়ালে। মই চকু দুটা মুদি দিলোঁ।
অলপ সকাহ পালোঁ। অন্ততঃ নৰহৰিয়ে মোক নিচিনে। মই আগতে এইফালে অহাও নাই। কিন্তু মোক আচৰিত কৰি নৰহৰিয়ে বিপুল উৎসাহেৰে চিঞৰিলে-
: একদম খুৰা, এইজনেই। দেখিছোঁতো ইয়াক বহুদিন। মতলব কি সোধকচোন তাক…
মোৰ বিপক্ষে উকীল হিচাপে চান্দা পাৰ্টিৰ দুজনতো আছিলেই। নৰহৰি যেন হঠাতে ঘটনাটোৰ প্ৰধান সাক্ষী হৈ পৰিল। মই আত্মসাক্ষী হৈ শেষ চেষ্টা চলালোঁ- “কিন্তু এই নৰহৰিজন হেনো কুকুৰীকণা! এই আন্ধাৰত মোক বিশমিটাৰ দূৰৈৰপৰা চিনি পালে কেনেকৈ?”
: আচ্চা! তই মানে ওচৰৰ ঘৰৰ চকীদাৰ কোন, কেনে – সব খবৰ লৈ আহিছ ন? অ’ ককা, পুলিচ মাতোঁ। আন উপায় দেখা নাই। পুলিচে দুকোব দিলে সব কৈ দিব। ইহঁতৰ ডাঙৰ গেং থাকিব। আপোনালোকক ভাল বচালোঁ আমি দুজনে। শকত বৰঙণি এভাগি দিব আৰু আজি….
পুলিচ! মোৰ টেনছন বাঢ়িল। পুলিচে যদি মোক ধৰি লৈ যায়, ৰাধাই যদি মোক নিচিনোঁ বুলি কয় – মোৰ কি হ’ব? পুলিচ দেখিলেতো ৰাধাই ‘এওঁ মোৰ মনৰ কৃষ্ণ’ বুলি কৈ কিয় ফঁচিব।
ককাকে ভিতৰলৈ যাবলৈ ওলাইছে। এওঁলোকৰ ঘৰত যদি লেণ্ডলাইন ফোন আছে, যদি ফোন কৰি পুলিচক মাতে?
মই জ্বৰ ঘমা দি ঘামিবলৈ ধৰিলোঁ।মই হিতাহিত জ্ঞান হেৰুৱাই পেলালোঁ। মোক ধৰি থকা যুৱকজনৰ হাতখন এৰুৱাই মই দৌৰিবলৈ আৰম্ভ কৰিলোঁ গে’টৰ ফালে।
পিছে পিছে চিঞৰবোৰ উৰি আহিল – “ঐ পলাল, ধৰ তাক…চোৰ ই…ধৰ ধৰ”।
মই গে’টৰ বাহিৰ হৈ ৰাস্তাত ভৰি দিওঁতেই সন্মুখৰফালৰ পৰা অহা এম্বেচেডৰ এখনৰ সন্মুখত পৰিলোঁ। কেৰেচকৈ বিকট শব্দ এটা কাণত পৰিল। ভৰি-হাতত বিষ অনুভৱ কৰিলোঁ। বাগৰি পৰিলোঁ মই। চকামকাকৈ দেখিলোঁ এম্বেচেডৰৰ সন্মুখৰ ছীটত বহি আছে – ৰাধা। সেমেকা পোহৰতো তাইৰ গালৰ তিলটো জিলিকিছিল। মই চকু দুটা মুদি দিলোঁ।
মূৰত সামান্য বিষ অনুভৱ কৰিছোঁ। হাতখনত বিষ, বোধকৰো কিলাকুটিৰ কাষত মাখিছাল এৰিছে। চকু মেলি উঠিবলৈ চেষ্টা কৰোঁতেই দেখিলোঁ বহুকেইখন মুখ।
এখন মুখ এজন বৃদ্ধৰ। চকুত খং-ক্ৰোধ।
তাৰ কাষত দুখন মুখ। দুয়োখন মুখৰ অভিব্যক্তি – ‘তইতো মৰিলি আজি। আমিয়েই হিৰো হ’ম…’।
আনখন মুখত অনিসন্ধিৎসু। চাৱনিত -‘কি কে’চ, মইতো বুজা নাই একো’।
বহুকেইটা দুৰ্গন্ধময় নলা-নৰ্দমাৰ কাষতে কুলুকুলুকৈ নিৰ্মল পানী বৈ থকা নিজৰা এটি দেখিলে মনটো যেনেকৈ প্ৰফুল্লিত হয়, সেই আটাইবোৰ মুখৰ কাষতে ৰাধাৰ মুখখন দেখিও মোৰ তেনেই হ’ল।
হেবাঙটোৰ দৰে মই ৰাধালৈ চালোঁ। মোৰ দুচকুৱে কৈ গ’ল – ‘হে ৰাধা, এবাৰ কোৱা যে তুমি মোক চিনি পোৱা..বহুত ভালকৈয়ে পোৱা যেনেকৈ ৰাধাই কৃষ্ণক পাইছিল। কোৱাচোন…ন’হলে মই শেষ আজি’
বৰ্তমান:
: এহ, মোৰ আগত দম দেখুৱাবলৈ নাহিবাহে। পঁচিশ বছৰ আগৰ সেইদিনা মই যদি তোমাক ‘কোন এইজন, চিনি নাপাওঁ’ বুলি ক’লোঁহেঁতেন, কি অৱস্থা হ’লহেঁতেন ভাবাচোন এবাৰ
: অলপ আগেয়ে তাকেই ভাবি আছিলোঁ হে
: সদায় ভাবিবা, নাপাহৰিবাই। বুজিছা মোৰে, কৃষ্ণ!
☆ ★ ☆ ★ ☆
7:27 pm
তামাম মজা লাগিল
11:18 pm
আইতাকে কোৱাৰ দৰে কৃষ্ণৰ মানে ৰাধাৰ সৈতে বিয়া হ’ল।আকৌ এবাৰ নৰহৰিকো লগ পালো।বঢ়িয়া লাগিল দাদা।
10:39 am
বঢ়িয়া লাগিল দিগন্ত। নৰহৰি নামটো তোমাৰ বৰ প্ৰিয় নেকি হে, প্ৰায়বিলাক গল্পতে এই নামটো পাওঁ
12:33 pm
কিয় শেষ হ’ল যেন লাগে তোমাৰ লেখা! ৰৈয়েই থাকোঁ
6:41 am
দাদা, সঁচাকৈ চিনেমাৰ দৰে চাই গলোঁ৷ Ending টো হেপী হ’ল৷ আপোনাৰ গল্পবোৰত কলেজীয়া জীৱনটো বৰ সুন্দৰকৈ ফুটি উঠে৷ ভাল লগা৷
11:55 am
ভাল লাগিল