ফটাঢোল

বচপন কা প্যাৰ-ৰাজশ্ৰী শৰ্মা

কাহিনীটো আচলতে মোৰ নহয়, লগৰ এজনৰ হে। তথাপিও প্ৰেমতো প্ৰেমেই, তাতে আকৌ ফটাপ্ৰেম আপোনাৰেই হওক বা মোৰেই বা কোনোবা বেলেগৰ, অন্তৰৰ আৱেগটো একেই, নহয় জানো! আজি কেইদিনমান আগতে এটা গান খুব জনপ্ৰিয় হৈছিল। ‘জানে মেৰা জানেমন, বচপন কা প্যাৰ মেৰা ভুল নেহি জানা ৰে’ বুলি। মবাইলে, টিভিয়ে, এফ এম ৰেডিঅ’ সকলোতে কেৱল বচপন কা প্যাৰ। গানটো শুনিলেই আটাইৰে নিজৰ নিজৰ শৈশৱৰ ভাল লগা ছোৱালীজনী বা ল’ৰাটোৰ কথা মনত পৰেই। মোৰ লগৰজনে কোৱা মতে চাৰি পাঁচ বছৰ বয়সতে আমি যেতিয়া স্কুল যাবলৈ আৰম্ভ কৰিছোঁ, তেতিয়াই তাৰো প্ৰেমৰ শুভাৰম্ভ হৈছিল।

আমাৰ লগত এজনী ছোৱালী আছিল, নীতা নামেৰে। দীঘল চুলি, টনা টনা চকু, যি সময়ত আমিবোৰ আছিলোঁ তেল নেদেখা মৰাপাটৰ শুকান ৰচীৰ দৰে এমূৰ জপৰা চুলিৰে সজ্জিত, তেনে সময়তেই নীতা সদায়েই তেল লগোৱা দুডাল দীঘল বেণীৰে আহে। আমিবোৰৰ শুকান জেওৰা খৰি যেন চেহেৰাৰ পৰিৱৰ্তে নীতাৰ স্বাস্থ্যও অলপ ভাল আছিল। পঢ়া শুনাতো ভাল আছিল তাই। মুঠতে এক কথাত ক’বলৈ গ’লে নীতা আছিল আমাৰ ক্লাছৰ একমাত্ৰ মৰম লগা ছোৱালীজনী। 

সেই নীতাৰেই প্ৰেমত হাবুদুবু খালে আমাৰ লগৰ মৃগাংকই। সেই পাঁচ বছৰ বয়সৰ প্ৰেম মানে, মৃগাংকৰ মাকে নতুন ৰবৰ এডাল বা পেঞ্চিল এডাল যদি তাক দিয়ে, দুদিন পাছত সি সেইডাল তাইক গিফ্ট হিচাপে দিয়ে। তায়ো টিফিনত অনা ৰুটি আলু ভাজি অকমাণ বা আপেল এডোখৰ তাক দিয়েগৈ। মাজে মাজে তেতেলী টেঙা খাওঁতে পোৱা নকলি টকাৰ নোটো সলনা সলনি কৰে দুয়ো। আমিবোৰে দূৰৰ পৰা চাবহে পাৰোঁ আৰু!

স্কুলৰ লেজাৰত সি আমাক তাৰ ভৱিষ্যত পৰিকল্পনাবোৰ কয়, নুশুনিলেও বিপদ! পিটন খাব লাগে। সি ডাঙৰ হৈ ‘পুলিচ ইনিচপেক্টৰ’ হ’ব, নীতাক বিয়া পাতিব ইত্যাদি ইত্যাদি সপোন তাৰ। আকৌ নীতাই যদি কেতিয়াবা কিবা নোৱাৰে ছাৰ বাইদেৱে ক্লাছত কৰিবলৈ দিয়া কাম, আমিবোৰে পাৰিলেও পাৰোঁ বুলি ছাৰ বাইদেউক কোৱা মানা। নহ’লে ছুটীৰ পিছত শিলগুটি বৰ্ষণ বা বাঁহৰ স্কেলেৰে এচাট দুচাট আমি খাব লাগে। কেতিয়াবা কেতিয়াবা অতিষ্ঠ হৈ ছাৰক কৈ তাক পিটনো খুৱাওঁ কিন্তু হাজাৰ হ’লেও সি আমাৰে বন্ধু। প্ৰেমত পৰিলে মানুহৰ মগজুৰ নাট বল্টু ঢিলা হয়েই বুলি আমাক তিনি চাৰি বছৰ ফেইল কৰি আমাৰ লগতো পঢ়া দিবাকৰ বোলা ল’ৰাটোৱেও জানিবলৈ দিছিল। আমি তৃতীয় শ্ৰেণীৰ আগলৈ সেইবোৰ একো বুজি পোৱা নাছিলোঁ বাৰু। হ’লেও ক্লাছৰ মাজত মৃগাংকই নীতাক চাই থকা দেখিলে খুকখুকাই থাকি পাইছোঁ। মুঠতে মৃগাংক তেতিয়া নীতাৰ প্ৰেমত আকণ্ঠ নিমগ্ন আৰু বেলেগ একো নাই। স্কুলৰ চোতালত আমি বাকীবোৰে যেতিয়া শাৰী পাতি থিয় হৈ ‘ তুমি চিত্ত বৃত্তি মোৰ’ গাওঁ, সি তেতিয়া ‘ৰাহো মে উনচে মুলাকাত হো গয়ী’ গাই থাকে। পিছত গম পাওঁ নীতাৰ দেউতাকে আধা ৰাস্তাৰ পৰা স্কুটাৰৰ আগত তাকো থিয় কৰাই লৈ আনিছে সেইদিনা বুলি।

তেনেকৈয়ে পঢ়া শুনা, খেলা ধূলাৰ মাজেৰে চলি থকা বচপন কা প্যাৰৰ দিনতেই এটা বৰ ভয় লগা কথা আহিল। কথাটো বেলেগ নহয়, বৃত্তি পৰীক্ষা। চতুৰ্থ শ্ৰেণীলৈ উঠাৰ লগে লগেই আমাৰ ওপৰত বৃত্তি পৰীক্ষাৰ বাবে ঘৰতো স্কুলতো পঢ়াৰ বাবে তাগিদা বেছি হৈ আহিল। ছমহীয়া পৰীক্ষাৰ পাছত ছাৰে ক’লে এইবাৰ গৰম বন্ধতো তহঁতৰ ক্লাছ ল’ম, আহিবি। যিহেতু বৃত্তি পৰীক্ষা দিবলৈ আমি প্ৰায় পোন্ধৰজন মানকহে কৈছিল গতিকে গৰম বন্ধৰ এক্সট্ৰা ক্লাছত ছাত্ৰ ছাত্ৰীৰ সংখ্যাও কম আছিল।

মৃগাংকৰ সেইকেইদিন বৰ ফূৰ্তি। দুদিনমান আগৰে পৰা সি আমাক কুটুৰি আছিল যে এক্সট্ৰা ক্লাছৰ সময়ত তাক যেন আমি নীতাৰ লগত বহিবলৈ দিওঁ। আমিও ভালেই পালোঁ যিহেতু কিবা এটা কথাৰ কাৰণে তাইৰ লগত বহিবলৈ আমাৰো ইমান বেছি মন নাছিল। তথাপিও উপায় নাছিল কাৰণে বহোঁ আৰু। এতিয়া বন্ধৰ ক্লাছত কোন কাৰ লগত বহিব সেইবোৰ ধৰা বন্ধা নাছিল। বন্ধৰ ক্লাছৰ প্ৰথম দিনা পুৱা গৈয়েই মোৰ লগৰ বৰ্ণালীয়ে অংকিতাক সুধিলে, 

: ঐ, মৃগাংকই যে নীতাৰ লগত বহিব খুজিছে তই তাক আচল কথাটো কৈছ নেকি? এতিয়াই নক’বি নহ’লে সি আমি এনেই কোৱা বুলি ভাবিব।

: অঁ হয়তো কথাটো। এটা কাম কৰোঁ দে, আমি কোনেও তাক একো নকওঁ। ইহ বেটা একেবাৰে! নীতাহে ভাল, নীতাহে চোকা, নীতা ধুনীয়া, নীতাৰ টিফিন বঢ়িয়া টেষ্টী। অনবৰতে খালি নীতা নীতা! দুদিন তাইৰ লগত বহিবলৈ দে, গম পাব সি।

এনেদৰে আলোচনা কৰি মেলি আমি তাক আগবঢ়াই দিলোঁ। প্ৰথম দিনা ঠিকেই গ’ল। জ্যামিতিৰ প্ৰশ্ন এটা কৰিবলৈ দিলে ছাৰে, আৰু দুটামান কিবা দুৰ্গৰ সৈন্য ওলোৱা সোমোৱা কৰোঁতেই এঘণ্টা গ’লেই। মৃগাংকই অংক কি বুজিলে নাজানো, কিন্তু তাৰ নতুন নটৰাজৰ ৰঙা ক’লা পেঞ্চিল দুডাল গৈ নীতাৰ পেঞ্চিল বক্সটো শোভা বঢ়ালে।

দুদিনমান যোৱাৰ পাছত এদিন ক্লাছ চলি আছিল। ছাৰে বৰ্ডত দশমিকৰ অংক এটা দিলে। আমি আটায়ে দেখুৱালোঁ যদিও ছাৰে মৃগাংকৰ অংকটো ভুল হোৱা বুলি কৈ তাক দম এটা দিলে। অলপ সময় পাছত ক্লাছ চলি থাকোঁতেই সি সুৰসুৰকে প্ৰথম বেঞ্চৰ নীতাৰ কাষত বহি থকাৰ পৰা উঠি আহি পিছফালে বহা অভিজিত, দেবাংগহঁতৰ লগত বহিলহি। সিহঁতে তাক বাহুৰে খুন্দিয়াই কি হ’ল সোধা দেখিলোঁ।  আমিকেইজনীয়ে বাৰে বাৰে পিছফালে ঘূৰি চাই থকাও মস্কিল, ক’ৰবাত নাথ ছাৰৰ চকুত পৰিব লাগিলে কাণত ধৰি বাৰাণ্ডাত আঁঠু কাঢ়ি থাকিব লাগিব। ক্লাছ শেষ হ’ল কি নহ’ল সিদিনা, নীতাই আমাৰ কাকো মাত নিদি চিধাই গপগপাই গুচি গ’ল। মৃগাংকলৈ চাই দেখোঁ, সদায় তাই যোৱা সময়ত পিছফালৰ পৰা নেদেখা হোৱালৈ চাই থকা ল’ৰাটোৱে আজি মূৰেই দঙা নাই। কি হ’ল কেচটো বুলি আমি আটায়ে তাক বেঢ়ি ধৰিলোঁ।

: ঐ তহঁতে কিন্তু কাকো নক’বি দেই। আজিৰ পৰা মই নীতাক ভাল নাপাওঁ। তাইক বিয়াও নকৰাওঁ। আজিৰ পৰা তাইৰ লগত মোৰ কাট্টি। 

 তাৰ কথা শুনি অভিজিতে সুধিলে,  

: কাট্টি মানে? কেঞা আঙুলিৰে কাট্টি দিলে নেকি তোক তাই?

: কেঞা আঙুলি, বুঢ়া আঙুলি বাদ। মুঠতে আজিৰ পৰা মই নীতাক ভাল নাপাওঁ দে। 

 ইমান সুন্দৰ প্ৰেম কাহিনীটোৰ হঠাতে দি এণ্ড হোৱা দেখি আমাৰ কি অনুভৱ হৈছিল এতিয়া আৰু মনত নাই। কিন্তু কিয় জানিব মন গৈছিল বহুত।

: ঐ, কচোন। হঠাতে তোৰ হ’ল কি? তই বোলে আকৌ নীতাকে বিয়া পাতিবি ডাঙৰ হৈ।

মোৰ কথাত সি তলমূৰ কৰি ক’লে,

: তাইক বিয়া কৰাম কেনেকৈ? তাইৰ মূৰৰ পৰা ওকণি পৰি মোৰ অংকৰ বহীত পিলপিলাই আছিল। ছাৰে দিয়া অংকটোৰ তিনিটো গৈ শূন্য হৈ থাকিলে, অংকটোও ভুল হ’ল। ইপিনে তিনি দিন ধৰি মোৰ মূৰতো বৈদ্দ খজুৱতি। তাইৰ কাষত বহাৰ কাৰণেই মোৰো মূৰত ওকণি উঠিলে। এতিয়া অংকও ভুল হ’ল। আগৰ ৰাবাৰ, পেঞ্চিলবোৰতো গ’লেই! এতিয়াই ইমান অশান্তি দিছে তাই। বিয়া কৰালে যদি মা, বাহঁতৰ মূৰতো ওকণি উঠে মোক  মায়ে মাৰিবচোন। সেইকাৰণে তাইক আৰু ভাল নাপাওঁ। আজিৰ পৰা তাইৰ লগত মোৰ কাট্টি।

আমি আটায়ে গিৰ্জনি মাৰি হাঁহিলোঁ যদিও নিজৰ নিজৰ হাতকেইখন গম নোপোৱাতে মূৰ খজুৱাবলৈও উঠি গৈছিল নিশ্চয়!

☆ ★ ☆ ★ ☆

9 Comments

  • ডলী

    হা হা। ওকণিয়ে প্ৰেম বৰ্বাদ কৰিলে

    Reply
  • বেচেৰা , কোনোবাই মেডিকাৰ সেই বিশেষ চেম্পু টোৰ কথা কৈ তু তাক সাহ দিব পাৰে ?

    Reply
    • ৰাজশ্ৰী

      অ তো,মনতে নপৰিল কিজানি। নহ’লে চব প্যাৰ কা দুচমন??

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    হাঃ হাঃ ! ওকনিয়ে খোৱা প্ৰেম৷

    Reply
  • কমলা দাস

    ?? ওকনি প্ৰেম

    Reply
  • miranda

    মজা লাগিল??

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *