ফটাঢোল

টিউচন আৰু অভিজ্ঞতা-ৰিদ্বীপ যাযাবৰ 

কলেজীয়া শিক্ষা শেষ হোৱাৰ লগে লগেই ঘৰৰ পৰা চাঁপ এটি আহিল যে

টিউচন কৰিব লাগে। ছাত্ৰ‌ও ঠিক হ’ল। ছাত্ৰৰ ঘৰলৈ গৈ পঢ়াব লাগে।

জীৱনৰ প্ৰথম টিউচন। তাতে আকৌ নাৰ্ভাছনেচ। যথাসময়ত ছাত্ৰৰ ঘৰলৈ টিউচন কৰিবলৈ ছাৰ আগবাঢ়িল। ছাৰে চকী এখনত আৰু ছাত্ৰ‌ই বিছনাৰ ওপৰত সৰু টেবুল এখন লৈ পঢ়ি আছে। পঢ়া সুন্দৰকৈয়ে চলি আছে। ছাত্ৰক কিবা লিখিবলৈ দি হোৱাটচ এপত মেছেজ চেক কৰি থকা অৱস্থাত ভৰিদুখন দোলাই থাকোঁতে ছাৰৰ ভৰি এখনৰ কেঞা আঙুলীটো ছাত্ৰৰ বিছনাৰ তলত থকা কিবা পাত্ৰ এটাত লগাত প্ৰচণ্ড শব্দ এটি হ’ল। এই প্ৰচণ্ড বেদনাত ছাৰে চকুৰে সৰিয়হ ফুল দেখিবলৈ ধৰিলে। চকু-নাকেৰে পানী বৈ অহাৰ উপক্ৰমো হ’ল। শব্দ শুনি ওচৰৰ কোঠালীৰ পৰা ছাত্ৰৰ মাকে মাতিছে,

: বিট্টু, কিহৰ শব্দ হ’ল? 

বিট্টুৱে লগেলগে ক’লে, 

: দাদাৰ ভৰিখন কেৰাহীটোত লাগিছে।

কেৰাহীৰ নামটো শুনাৰ লগেলগেই ছাৰৰ অৱস্থা কাহিল হৈ পৰিল। ছাৰে আঙুলীটোক মালিচ কৰি থাকোঁতে ছাত্ৰৰ মাকে আহি ক’লে,

: সৃজন, খুব জোৰেৰে লাগিছে বোধহয়! মেন্থ’প্লাচ লগাই দিওঁ নেকি?

ছাৰে নালাগে বুলি ক’লে। ছাত্ৰৰ মাক আঁতৰি গ’ল। ছাৰেহে জানে কিমান লাজ লাগি আছে। তাতে প্ৰথম টিউচন।

প্ৰায় আধা ঘণ্টামানৰ পিছত বিষখিনি কমি আহিল। ছাত্ৰক পঢ়াই থাকোঁতে হঠাতে ছাত্ৰৰ সৰু ভায়েকৰ এণ্ট্ৰি। হাতত এটি চকলেট। চকলেটটি ছাৰৰ মুখৰ আগফালে ধৰি সৰু পোৱালীটোৱে কৈ আছে,

: চাওঁ, হা কৰাচোন! চকলেটটি খুৱাই দিওঁ।

সৃজন ছাৰে সৰু পোৱালীটোৰ গালখন টানি “তুমিয়ে খোৱা, ম‌ই নাখাওঁ” বুলি কোৱাত কিছু সময়ৰ কাৰণে নিশ্চুপ হৈ থাকি মাকৰ কাষলৈ গ’ল। আকৌ ১৫ মিনিটমানৰ পিছত পোৱালীটোৱে হাতত বিস্কুট এটি লৈ ছাৰক খুৱাবলৈ আহিল। ছাৰৰ সমস্যা বৃদ্ধি হ’ল। ছাৰে এইবাৰ বিস্কুট নেখায় বুলি কৈ পোৱালীটোক খেলিবলৈ পঠিয়াই দিলে আৰু ছাত্ৰক পঢ়াই থাকিল।

এইবাৰ ছাৰে মোবাইলটো উলিয়াই ফেচবুক-হোৱাটচ এপ চেক কৰিবলৈ লৈছিল মাত্ৰ! তেনেতে পোৱালীটো পুনৰ হাজিৰ হ’লহি। পোৱালীৰ হাতত এইবাৰ এটা কেডবেৰী চকলেট। চকলেটটো আনি এইবাৰো সেই একেই কথা। ছাৰে খাব লাগে! ছাৰে পোৱালীটোৰ ওপৰত মনে-মনে বিৰক্ত হৈ পৰিছে। ছাৰৰ মুখৰ আগত চকলেটটো  ইমানেই ওচৰত ধৰিলে যে ছাৰে ‘নাখাওঁ’ বুলি ক‌ওঁতে মুখখন মেল খোৱাৰ লগেলগেই চকলেটটো পোৱালীটোৱে ছাৰৰ মুখৰ ভিতৰত সুমুৱাই দিলেগৈ। পোৱালীটো আনন্দিত হৈ গুচি গ’ল। ছাৰৰ মুখৰ চকলেট ইফালে হজম হোৱাৰ পথত। ছাৰে এইবাৰ চৰম শান্তি পালে বুলি ভাবিলে। পঢ়া চলিয়ে থাকিল। কিছুসময় পিছত পোৱালীটো আহিয়েই ডাইৰেক্ট ছাৰৰ কাষলৈ গৈ হাতেৰে ছাৰৰ মুখখন খুলিবলৈ চেষ্টা কৰি থাকিল। ছাৰে মুখখন মেলি দিলে। ভিতৰত চকলেট নেদেখি পোৱালীৰ দুচকু জলজল হৈ পৰিল আৰু হাওঁ-হাওঁকৈ কান্দিয়েই পেলালে। ছাৰে অস্বস্তিবোধ কৰিলে। কান্দোনৰ শব্দ শুনি কাষৰ কোঠালিৰ পৰা ছাত্ৰৰ মাকে ক’লে,

: বিট্টু, ভাইটিয়ে কান্দিছে কিয়?

ছাত্ৰৰ লাজৱাব উত্তৰ,

: ছাৰে ভাইটিৰ চকলেটটো খাই পেলাইছে। 

ছাৰৰ বিষণ্ণতা বাঢ়ি গ’ল। মাকে দৌৰি আহি ছাৰৰ মুখলৈ আৱেগেৰ চা‌ই পোৱালীটোক কোলাত তুলি লৈ গ’ল। বাহিৰতো হৈ চৈ লাগিল যে ছাৰে চকলেট খাইছে আৰু এই কান্দুৰাই কান্দি আছে। ছাৰৰ এইবাৰ কাণদুখন গৰম হৈ পৰিল।

ছাৰে ভৰিৰ আঙুলীত পোৱা যন্ত্ৰণাখিনিতকৈ এইবিধ যন্ত্ৰণা বেছিকৈয়ে পালে যেন লাগিল।

প্ৰথমদিনৰ টিউচনত উপলব্ধ এই দুবিধ অভিজ্ঞতাৰে ছাৰে ভাবিয়ে থাকিল যে ঘৰলৈ কেনদেৰে বাট ল’ব! লাজতে মৰোঁ মৰোঁ অৱস্থা। 

হঠাৎ বিজুলী কাটি গ’ল। সেই সুৱৰ্ণ সুযোগতে ছাৰে টিউচন ছুটি দি ঘৰলৈ লৰ মাৰিলে।

☆ ★ ☆ ★ ☆

2 Comments

  • Ritupaban Bora

    বহুত ভাল লাগিল পঢ়ি ।

    • Ridwib

      আপোনালৈ অশেষ ধন্যবাদ জনালোঁ, দাদা।