পাছৱৰ্ড-যোগেশ ভট্টাচাৰ্য
“চিদানন্দ কাকতিদায়ে নতুন মোবাইল কিনিলে।”
খবৰটো বনজুইৰ দৰে বিয়পি গ’ল। বিয়পি যোৱাৰ কাৰণ দুটা। প্ৰথম কথা চিদানন্দদাদাই স্মাৰ্টফোন ভালদৰে চলাব নাজানে, সৌ তাহানিৰ বুটাম টিপা মোবাইল এটাৰেই ইমান দিনে কাম চলাই আছিল। এতিয়া হঠাৎ স্মাৰ্টফোন কিনি পেলোৱাত ঘটনাটোৱে নামঘৰৰ আয়তীৰ মেলত আৰু তিনিআলি চকৰ কেৰমৰ আড্ডাতো স্থান পালে। দ্বিতীয় কথাটো হ’ল চিদানন্দ কাকতিদাদাই এটা দুটা নহয়, গোটে গোটে চাৰিটা মোবাইল একেদিনাই কিনি পেলালে।
আচলতে সাধাৰণ মানুহে মোবাইল কিনাটো সাধাৰণ কথা। কিন্তু চিদানন্দ কাকতিদা অসাধাৰণ মানুহ হোৱা হেতুকে এই ঘটনাটিও অসাধাৰণ হৈ পৰিল। চিদানন্দদা হ’ল মিতব্যয়ী মানুহ। আচলতে তেওঁ কৃপণেই হয় বাৰু, তথাপি চুবুৰীটোৰ সন্মানীয় ব্যক্তি এজনক কৃপণ বুলি ক’বলৈ ভাল নালাগে বাবে আমি তেওঁক মিতব্যয়ী বুলিয়েই ক’ব লাগিব। কীপেড থকা পুৰণি নকীয়া ফোনটোৰ ডায়েল নম্বৰকেইটা কাকতিদাৰ ছোৱালীজনী জন্মাৰ আগতেই মচা গৈছিল। সেই ছোৱালীয়ে এতিয়া হায়াৰ চেকেণ্ডাৰীত পঢ়ে। কিন্তু দাদাৰ মোবাইল সলনি হোৱা নাছিল এদিন আগলৈ। পিচে হঠাৎ চাৰিটা স্মাৰ্ট মোবাইল একেদিনাই কিনি দাদাই এক প্ৰকাৰৰ অভিলেখেই সৃষ্টি কৰিলে।
দাদাই কিবা বস্তু কিনিলে ভালদৰে চাই চিতিহে কিনে। যোৱা মাহত এটা মাইক্ৰ’ৱেভ অভেন লৈছিল। এবছৰমান আগৰ পৰা দোকানে দোকানে ঘূৰি কোনটোৰ দাম কিমান, কোনটো সস্তাত পোৱা যাব, কোনটোত ডিচকাউণ্ট পোৱা যাব ইত্যাদি চালি-জাৰি চোৱাৰ উপৰিও ঘৰত অভেন থকা বিশ পচিশজন চিনাকী মানুহক অভেনৰ উপকাৰীতা অপকাৰীতা সুধি, ইলেক্ট্ৰিচিটি কিমান খাব, বেয়া হ’লে ফ্ৰী চাৰ্ভিচ কিমান দিনলৈ দিব ইত্যাদি খবৰ সঠিককৈ লৈহে তেওঁ অভেনটো কিনিছিল। গতিকে এইবেলি কাকো একো নোসোধাকৈ চিধাই দোকানলৈ গৈ চাৰিটা মোবাইল কিনি অনাটো সঁচাকৈয়ে আচৰিত কথা আছিল।
সেইদিনা সন্ধিয়া নামঘৰলৈ যাওঁতে চিদাদাৰ বৌৱে নতুন মোবাইলটো লগত লৈ গ’ল। সেইদিনা আয়তীসকলৰ নামত মন নবহিল। লৰালৰিকৈ বিষ্ণু সহস্ৰ নামৰ তালিকাৰ পৰা দহটামান নামৰ মাহাত্ম্য গাই উঠি সকলোৱে বৌৰ নতুন মোবাইলটো চাবলৈ উঠি পৰি লাগিল । এজনীয়ে সুধিলে,
: চিদা কাইটিৰ এনে কি সুমতি হ’লনো, যে চাৰিটা মোবাইল একেলগে কিনি আনিলে?
: নাজানো পায়। আজি পুৱা মোৰ পৰা মোবাইলটো খুজি নি মজিয়াত ঠেকেছি ভাঙিছে। প্ৰথমে দুখত কান্দি দিবৰ মন গৈছিল মোৰ, জানে বাইদেউ? পিছত যেনিবা নতুন এটা কিনি আনি দিলে লগে লগে।
: কিবা কথাত খং উঠিছিল নেকি দাদাৰ?
: নাজানো কিহে পাইছিল। মোৰ মোবাইলটো খুলি দিবলৈ কৈছিল। মই যেতিয়া পাছৱৰ্ডটো ক’লোঁ তেতিয়া মোবাইলটো ৱালত দলিয়াই ভাঙি কৈছে যে ইমান পুৰণি ষ্টাইলৰ পাছৱৰ্ড দিয়া মোবাইল মানুহে ব্যৱহাৰ কৰে নেকি? আজিকালি ফেচ লক, ফিংগাৰ লক চিষ্টেমৰ মোবাইল ওলাইছে। সেইবোৰ ল’ব লাগে।
: তাৰ পিছত?
: তাৰ পিছত কি আৰু, মোৰ মোবাইল ভাঙি সাৰি যাব পাৰিব নেকি? পিছত নিজেই দোকানলৈ গৈ এইটো আনি দিছে। বাইশ হাজাৰ পৰিছে।
: ভালেই দিয়ক। মানুহজনে হক কথাতে খং কৰিছে। এইবোৰ আচলতে খং নহয় মৰম হে। হেঃ হেঃ।
মোবাইলৰ প্ৰয়োজনীয়তা, অপকাৰীতা, উপকাৰীতা আদি আলোচনা কৰাৰ লগতে কাৰ কাৰ ল’ৰা ছোৱালী মোবাইলৰ বাবে জহন্নামে গ’ল ইত্যাদি বিশ্লেষণ কৰাৰ পিছত এখন হাতত প্ৰসাদ লৈ খাই থকাৰ দৰে প’জ দি কেণ্ডিড ফটো এখনকৈ উঠি সকলোৱে নামঘৰৰ পৰা বিদায় ল’লে।
চিদানন্দ কাকতিদাৰ ছোৱালী জুৰীয়ে সেইদিনা কলেজলৈ নতুন মোবাইলটো লৈ গ’ল। লগৰ ল’ৰা ছোৱালীবোৰে তাইক বেৰি ধৰি মোবাইলটো চাবলৈ লাগি গ’ল। চাৰিটা কেমেৰা লেন্স থকা মোবাইলটোৰে সকলোৱে ফটো উঠিলে। ফকাচ কৰি উঠিলে, ৱাইড এংগলত উঠিলে, চেল্ফি উঠিলে, ডুৱেল স্ক্ৰীণ ফটো উঠিলে, বেকগ্ৰাউণ্ড ‘ব্লেক-এন-হোৱাইট’ কৰি উঠিলে, মুঠতে সিদিনা ক্লাচলৈ নগ’লেই সিহঁত। কলেজৰ পৰা ঘৰলৈ যোৱাৰ পৰত পম্পীয়ে জুৰিক সুধিলে,
: কিমান ল’লে অ’ মোবাইলটোত?
: পচিশ হাজাৰ।
: ৱাও! তোৰ পাপাক তই কনজুচ বুলি কৱচোন? ইমান দামী মোবাইল দিলে যে?
: তাকেইতো, অলপ আচৰিত কথাই হৈছে ৰ! আচলতে মাক আনি দিছিল এটা। নিজেও এটা লৈছিল। মই আৰু ভাইটিয়েও কামোৰ দিলোঁ। প্ৰথমতে পাপাই নিজৰটো মোক দিব খুজিছিল। কিন্তু সেইটোৰ ডুৱেল কেমেৰা, ফকাচ ভালদৰে নহয়। সেইবাবে অলপ কামোৰ দি ভাইটি আৰু মোৰ বাবে দুটা ল’লোঁ।
: দেখিলি, তোৰ পাপাই তোক কিমান মৰম কৰে। ইমান দিনে নিদি নিদি আজি একেবাৰে দামী মোবাইল দি দিলে। মই দাদাৰ পুৰণি মোবাইলটোৰেই কাম চলাই আছোঁ এতিয়াও। হায়াৰ চেকেণ্ডেৰীত ফাৰ্ষ্ট ডিভিজন পালেহে নতুন মোবাইল দিব বুলি কৈছে দে’তাই।
মোবাইলটো কিনাৰ পিছদিনাখন অফিচত চিদানন্দ কাকতিদাক সকলোৱে পাৰ্টি বিচাৰি আগুৰি ধৰিলে। চিদা দাই স্মাৰ্টফোন কিনাটো এটা মহাজাগতিক ঘটনাতকৈ কম নাছিল। যেনেকৈ পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ, ধুমকেতুৰ আৱিৰ্ভাৱ আদি এবাৰ দেখিলে আৰু বহুবছৰ দেখাৰ কোনো সম্ভাৱনা নাথাকে তেনেকৈ চিদাদাইও বহুযুগলৈ বেলেগ এটা মোবাইল লোৱাৰ কোনো সম্ভাৱনা নাই, গতিকে পাৰ্টি নিদিয়াকৈ দাদাক সেইদিনা সহকৰ্মী সকলে চকীৰ পৰা উঠিবলৈকে নিদিলে।
চাহ চিংৰা খাই উঠি তামোল এখন চোবাবলৈ গুমটিখনৰ ওচৰলৈ গৈ থাকোঁতে দেৱজিত শৰ্মাই সুধিলে,
: দাদা, কথা এটা সোধোঁ বেয়া নাপায় যদি।
: সোধা আকৌ। বেয়া পাবলৈনো কি আছে।
: আপুনি ইমান দিনে বুটাম টিপা ব্যৱহাৰ কৰি কৰি হঠাৎ স্মাৰ্টফোন ল’লে যে। ঘটনা কি?
: এহ! ল’লোঁ দিয়া আৰু!
: পিচে চাৰিটা কিয় ল’লে?
: নহয় হে, এটাই লৈছিলোঁ বৌৱেৰাৰ বাবে। বিশ হাজাৰ দাম। কিবা লটাৰী অফাৰ চলি আছিল। আৰু এহেজাৰ টকা দিলে বাৰ হাজাৰ টকীয়া এটা পাম বুলি কোৱাত লৈ ল’লোঁ। ঘৰত ল’ৰা ছোৱালী দুটাই হাল্লা কৰিলে। আমি বুঢ়া বুঢ়ীয়ে নতুন মোবাইল লৈছোঁ, সিহঁতক দিয়া নাই। মোৰটো দিব খুজিছিলোঁ ছোৱালীজনীক, কিন্তু মোৰটো নলয়, কেমেৰা ভাল নহয় বোলে। ভাত পানী নোখোৱাৰ ভাবুকি দিয়াত উপায় নাপাই দুয়োকে দুটা কিনি দিবলগীয়া হ’ল আৰু!
: আচ্ছা বুজিছোঁ। উপায় নাই দিয়ক।
শনিবাৰে সন্ধিয়াৰ আড্ডাৰ যোগাৰকণ কাকতিদায়েই কৰিলে। চাৰিটা মোবাইল একেদিনাই কিনা মানুহে ৰঙীন পাৰ্টি নিদিলে চলিব নেকি! তিনিটা মান কিস্তি গিলাৰ পিছত সুকুমাৰ ডেকাই সুধিলে,
: সঁচাকৈ কওক কাকতিদা, যোৱাকালি মোবাইলকেইটা যে কিনিছিল, মৰমৰ উপহাৰ হিচাপে কিনিছিল নে কিবা গোলমলীয়া কাম কৰি বৌৰ প্ৰকোপৰ পৰা বাচিবলৈ কিনিছিল?
: এহ! তোমাৰ পৰা কিনো লুকাম? দেওবাৰে ফুৰিবলৈ যাওঁতে এওঁৰ মোবাইলত ছোৱালীজনীয়ে ফটো দুখনমান উঠাইছিল। যোৱাকালি ৰাতিপুৱা ভাবিলোঁ ফটোকেইখন কেনেকুৱা হৈছে চাওঁ। আমাৰ এওঁৰ মোবাইলটো হাতত লৈ দেখিলোঁ পাছৱৰ্ড দিয়া আছে। মই সুধিলোঁ পাছৱৰ্ডটো কি বুলি। তেওঁ ক’লে তেওঁৰ জন্মৰ তাৰিখটোৰ আঠটা সংখ্যা টাইপ কৰি দিবলৈ।
: তাৰ পিছত?
: তাৰ পিছত আৰু কি? একে ঠেকেচাত মোবাইলটো ভাঙি পেলালোঁ।
: আৰে, কি কয়, কিয় ভাঙিলে?
: নাভাঙি কি কৰিবা আৰু? তেওঁৰ জন্মৰ তাৰিখটো কি আছিল বুলি তেওঁক সুধিলে মোৰ মূৰটো ভঙা নগ’লহেঁতেন? ফটো নাচাওঁ বুলি ঘূৰাই দিলেও গম পালেহেঁতেন জন্মৰ তাৰিখটো পাহৰা বুলি। গতিকে নিজৰ মূৰটো বচাবলৈ মোবাইলটোকে ভাঙি দি ক’লোঁ ফেচ লক মোবাইল ব্যৱহাৰ কৰিব লাগে বুলি।
: আচ্ছা, ভালেই কৰিছে দিয়ক। আপোনাৰ দৰে হিচাপী মানুহে এনেকৈ খৰচ কৰি দিয়াত সন্দেহ হোৱা বাবেহে সুধিলোঁ, বেয়া নাপাব।
: এহ! বেয়া পাই কি লাভ হ’বহে? কিন্তু হিচাব ভুল হোৱা নাই মোৰ। মূৰত আঘাত পালে হস্পিতালত লাখৰ ওপৰত গ’লহেঁতেন। মোবাইল চাৰিটাত সত্তৰ হেজাৰ হে গৈছে। ঈশ্বৰক ধন্যবাদ যে সঠিক সময়ত উপস্থিত বুদ্ধিটো খেলালে।
☆ ★ ☆ ★ ☆
9:48 am
মজ্জা লাগিল দেই।
6:41 pm
বঢ়িয়া
12:00 pm
কেনে বুদ্ধি মানে