গোবিনৰ মহাদেউ গাঁওবুঢ়াৰ ঘৰলৈ গৈছিল-ধনজিৎ বৰুৱা
গোবিন্দ, সৰল ৰূপ গোবিন। গোবিন মেনেজাৰ নহ’ল। পামতে থাকি খেতি-বাতি চাই সময় কটালে। তাৰ মতে গোলাম নহ’ল কেতিয়াও। সেইবাবে হাকিম হোৱাৰ সুখো গ’ল তাৰ। যিকোনো কথাত গোবিনৰ মাত্র এষাৰ কথা, ‘হৈ যাব’।
ডিচেম্বৰত ঠাণ্ডা পৰে, পিকনিকৰ বাবে ভাল হয় মাহটো। গোবিন হয় মেনেজাৰ। তাৰ মতে সকলো পিকনিক প্লেচতেই উভৈনদী বস্তু পোৱা যায় তাহানিৰ দিনত। ৰংমনদাহঁতে বজাৰৰ কথা ক’বই নোৱাৰে গোবিনৰ উত্তৰ-
“হৈ যাব।”
“গোবিন, শাক-পাছলি নালাগিব জানো!”
“গাখীৰৰ কলহ এটা দি দিম। মখুনা বুঢ়াই আলুগুটিৰ পৰা তেল, নিমখ, হালধি সৱ দিব। ”
“গোবিন, দাইলত দিবলৈ ঔ টেঙা!”
” মহাদেউক কৈ দিম, গাঁওবুঢ়াৰ বন্দুক আনি চাৰিটা পাঁচটা পাৰি দিব। ”
“গোবিন, ধনীয়া!”
“মহাদেউৰ ঘৰত ধনীয়াত বনৰীয়া মহো পাক খায়, কে’লে লাগে।”
“গোবিন, হাঁহ!”
“শৰালি চিকাৰ কৰি থ’ব মহাই, মই বৰা চাউলৰ বস্তা লৈ থৈছোঁ।”
“গোবিন, বাকী কিবা কিবি!”
“তহঁতে মাত্র কেৰাহী দুখন ল’বি আৰু জুইশলা।”
সেইমতে চাবলৈ গৈ গোবিনৰ মহাদেউক মহাদেৱ যেন লগা হ’ল সকলোৰে।
দিনটো পালেহি। কাঠৰ মহলৰ ঘোঁৰাৰ গাড়ী এখন আৰু দীঘল এৰাল লৈ সকলোৰে যাত্রা। বিনা ৰচদত ঘোঁৰায়ো সুন্দৰ কদমত গৈছে। নদীৰ পাৰ পোৱা মানে বেলিটোৱে দেহৰ সকলো অংশত সমানে চুমিছে। সকলোৱে, জেকেট পাৱাৰ জোতা খুলি গোবিনৰ পাছে পাছে বহাটোত ঘূৰিছে। বহা মানে নেওতাৰ দৰে সমান সমান ঘৰত বিভিন্ন শাক-পাছলি। গোবিনৰ মহাকৰ তিয়নিখনো দেখিবলৈ নাই। সুধিলেই গোবিনে কয়, “গাঁওবুঢ়াৰ বন্দুক আনিবলৈ গৈছে”। শাকনিৰ মাজতে গোটা ভলুকাৰ বেৰৰ ঘৰ। হাতী সোমাব বিচাৰিলে হাতীয়েও মনত ৰাখিব। গোবিনে দৈৰ টেকেলি আৰু বৰা চাউলৰ বস্তাটো থৈ সকলো ৰছদ পাতি উঠাই গুচি আহি ঘোঁৰাৰ গাড়ীত উঠাই সিহঁতক বহিবলৈ ইংগিত দিলে। লাহে লাহে গোবিনৰ কথা কমি আহিছে। সিহঁতক বহাই সি নদীৰ ভৰিৰ সৰু গাঁঠি চোৱা পানী থকা কণেৰে গাড়ী দৌৰালে। গোবিনক হাঁহৰ কথা সুধিলত সি দেখুৱালে উলমি থকা বস্তাৰ ভিতৰত চাৰিটা ঠোঁট বন্ধ হাঁহ। গৈয়ে সি হাঁহ বাচিলে। সিহঁতক ভাত বনাবলৈ ক’লে। সি চাটনি কৰিলে, বুট আৰু জলকীয়াৰ পিচা অকণো কৰিলে লাই শাকৰ সৈতে, থুপথুপিয়াকৈ পালেং, আলুগুটিৰ পিটিকা, ফুলকবিৰ শুকান ভাজি। ৰান্ধি থকাৰ মাজে মাজে পাত-পটুৱা কাটিও আজৰি। বাকীবোৰে ব্ৰুচলিৰ কিক্ মাৰিছে। বিহু মেলাৰ কাজিয়াৰ ডেম’ আৰু অভিসাৰৰ নিশাৰ বিলৈবোৰৰ কথা পাতিছে। তাৰপাছত ঘূৰিল কলহ। কলহ ভাঙি ভাত-পানী খাই উঠাৰ পাছত এতিয়া গাড়ীখন সকলোৰে বিছনা। গোবিনে সকলোকে শুৱাই এৰালডালেৰে মেৰিয়াই, ঘৰমুৱা হ’ল। পাছত কাঠৰ মহলত সকলোৰে জ্ঞান মুকলি হৈ লাজে লাজে সকলো চাইকেল লৈ বিহু জুৰি জুৰি ঘৰ পালেহি। সকলোৰে মন আছিল গোবিনৰ মহাকক চোৱা। অতদেৰি সিহঁতে ধাৰণা কৰিলে থুলন্তৰ এজন মানুহ, ধীৰ গম্ভীৰ কথা। হাতত এডাল ধুনীয়া লাখুটি।
কথাবোৰ ঠিকেই আছিল। কিন্তু এদিনৰ পাছত ৰংমনদা আকৌ গৈছিল মহাকৰ বাবে লোকেল কণী বিচাৰি। ভোগী ঠাই, নয়নাভিৰাম দৃশ্য, কম দামত সতেজ বস্তু ভাবি। গোবিনৰ মহাকৰ বহাত কমেও দহ-বিশটা মানুহ থুপ খাই তৰ্ক-বিতৰ্ক কৰি আছে। “কেনে জাঘান্তিক ল’ৰা, চুঁৱৰৰ বাচ্চা, নোমটেঙৰ”, আদি বিভিন্ন গালিৰে কাৰোবাক থকা-সৰকা কৰি আছে। তাৰ মাজত আহি ওলাইছেহি গোবিনৰ মহাদেউ। ( তেঁৱেই হ’ব চিউৰ) সিহঁতে ভবাৰ সম্পূর্ণ ওলোটা। ভলুকা বাঁহৰ দৰে কঠিন ওখ। হাতত কষ্টৰ ফলত উঠি পাক খাই থকা সিৰ। হাতত দীঘল নালৰ হেংডাং।
“কটা নিধক! বুইছা, মাত্র দৈৰ টেকেলি আৰু বৰা চাউলৰ বস্তা এটা দি সি মোৰ শাকনি তহিলং কৰি গ’ল।”
সিহঁতে গাড়ীত শুই থাকোঁতে চাগৈ গোবিনে আৰু এক কোটা শাক পাছলি উঠাই নিলে। আজি ৰাতিপুৱা সি সুহুৰিয়াই শনিবৰীয়া বজাৰলৈ গৈছে।
“মতা ঘাই হাঁহ নিলে চাৰিটা, চুৰটৰ পেকেট, কলহ দুটা, পাৰি থোৱা ঔটেঙা। উস উস উস! এইবাৰে নহয় আগতেও, মই নথকাত সি বিনিময় কৰে, হুহ!… পাৰি নেকি দৈৰ টেকেলি আৰু বৰা চাউলৰ বস্তা এটাত ইমান দিব। জানো ময়েই কৰবাত জন্ম দিছিলোঁ নে ঘৈণীয়ে এৰা!.. নিজৰ বুলি সলাই নিয়ে। ছিঙি দিম তাৰ মূৰা। যোৱাবাৰ চুৰীয়া নিছে, তাৰ আগতে জহৰ হাফকোট এটা, সলনি দিয়ে শৰালি হাঁহ আৰু কণামুচৰি দুটা। বিচাৰ কৰা কোন! খহাই দিম এইবাৰ।”
হেংডাংখনৰ চিকচিকাই থকা ধাৰৰ পৰা বাছিল কাৰণেই নে গোবিনৰ গোবিন্দৰ কৃপাত নে, ভয়ৰ বাবেই ৰংমনদাৰ ডিঙিৰ পাছফালটো বিষালে অলপ।
ৰংমনদাই হেনো ভাবিলে কণী হে, নালাগে চলিব। হেংডাঙখনৰ আগত নচলিব। গোবিনৰ মহাদেউ ভবাৰ দৰে নহয়। ওহোঁ, মুঠেই নহয়। গাঁওবুঢ়াৰ বন্দুক নহয় সাতডলীয়া জোঙৰ পঁচা, আঁউজাই থৈছে বেৰত। তাতোতকৈ ডাঙৰ কথা সেইজন গোবিনৰ মহাদেউ নহয়েই ঈশ্বৰ। গোবিন্দই জানে। সিহঁতে হে নাজানে চাগে।
এয়া মহাদেউৰ শেষ দেখা।
কৃষ্ণ, গোবিন্দ গোবিন্দ।
তেতিয়াৰ পৰা গোবিন ৰান্ধনিক পাম পথাৰৰ বনৰীয়া মহো পাক খাই পৰা ধনীয়া আনিবলৈ কোনেও নপঠিয়ায়। কি পাত্তা। অচিনজন মহাদেউ বুলি ভাবিব পাৰে। হাতীটো শুৰত ধৰি আনে যদি। কাঢ়া নিৰ্দেশ। গোবিনে একো গোটাব নালাগে। গোবিনৰ মহাদেউ গাঁওবুঢ়াৰ বন্দুক আনি ওলাবহি পাৰে।
☆ ★ ☆ ★ ☆
12:54 pm
আপোনাৰ লিখাৰ ষ্টাইল টো যে?