দিল্লী কা লাড্ডু-ডাঃ পাৰ্থসাৰথি ভূঞা
স্বামী আৰু স্ত্ৰীৰ মাজৰ সমন্ধটো কেনেধৰণৰ তাক বুজাবলৈ টান। মানুহে কয় বিয়া বোলে দিল্লী কা লাড্ডু, খালেও পস্তায় আৰু নাখালেও পস্তায়, মানে বিয়া পাতিলেও পস্তাব লগা হ’ব পাৰে আৰু নাপাতিলেও পস্তাব লগাত পৰে। মই পিচে ভাবোঁ যে জীৱনটো সুন্দৰকৈ চলাই নিবৰ বাবে এগৰাকী জীৱনসংগীৰ খুবেই প্ৰয়োজন। জীৱনৰ বহু কঠিন সময়ত স্বামী আৰু স্ত্ৰী, এজনে আনজনৰ বাবে শক্তি আৰু সাহস হৈ থিয় দিব পাৰে।
সাধাৰণতে দেখা যায় নৱ দম্পত্তীৰ মাজত মৰমৰ এঠা বেছি। লাহে লাহে সংসাৰ বাঢ়ে, ল’ৰা ছোৱালীৰ যত্ন, সিহঁতৰ পঢ়া শুনা আৰু নানা সাংসাৰিক ভেজালৰ বাবে পতি পত্নীৰ সেই মৰম ভিতৰত থাকিলেও প্ৰকাশ নহয়। হয়তো কোনোদিনা কাৰোবাৰ দিনটোত এটা কথাও পতা নহয়। দুয়োৰে নানা কৰ্ম ব্যস্ততাৰ বাবে হয়তো এজনে কিবা এটা ক’লে আনজনে ৰুক্ষভাৱে উত্তৰ দিয়াৰ পাছত তাকেই লৈ কাজিয়া পেছাল লাগে। কিন্তু প্ৰায়ে এইদৰে কাজিয়া পেছাল হৈ থকা বহু স্বামী স্ত্ৰীক জীৱনৰ বিয়লি বেলাত দেখিছোঁ, এজনে আনজনৰ লগেই নেৰে, এজনে আনজনৰ প্রতিটো কথাৰ খবৰ লয় আৰু যেন সেই বিয়াৰ পাছৰ মৰমবোৰ ঘূৰি আহে। সেয়ে কিছুৱে কয়, স্বামী স্ত্ৰীৰ সম্পৰ্ক যেন কাৰ্টুন চৰিত্ৰ “টম এণ্ড জেৰি”ৰ দৰে! এটাই আনটোক অনবৰতে খুচি বিন্ধি থাকে যদিও, এটাই আনটোক এৰিব নোৱাৰে।
বাৰু, এতিয়া এটা নিজৰ অভিজ্ঞতা কওঁ। মই চেম্বাৰত বহি আছোঁ। এহাল নৱবিবাহিত পতি পত্নী। বিয়া হোৱা চাগৈ দুই তিনিমাহমান হৈছে। ন ছোৱালীৰ গাটো অলপ দুৰ্বল। ডাক্তৰক দেখুৱালে, দুটামান তেজৰ পৰীক্ষা কৰিবলৈ দিলে। পেচেণ্টক বহাই ব্লাড লোৱা এজনীয়া চ’ফাখনত (অলপ আহল বহলেই বাৰু) দুয়োজন বহি আছে, গিৰিয়েকৰ কান্ধত ন ছোৱালীয়ে মূৰ পেলাই আছে। মই আকৌ এনে এটা স্থানত বহি আছিলোঁ যে মই তেওঁলোকক দেখি আছোঁ, কিন্তু মোক তেওঁলোকে দেখা নাপায়। হঠাৎ চক খাই উঠাৰ দৰে কৰি পত্নীয়ে এখন হাতেৰে আনখন হাতৰ ফালে দেখুৱাই ক’লে – ‘মহ, মহ।’ ক’ত ক’ত বুলি গিৰিয়েকে লাহেকৈ মহটো মৰাৰ চেষ্টা চলালে। ন ছোৱালীয়ে হাঁহি হাঁহি বোলে,
“ইয়ে, ইমান লাহেকৈ মাৰিছে, মহ উৰিয়েই গ’ল”।
গিৰিয়েকে মিচিকিয়া হাঁহিৰে মিঠা মাতেৰে বোলে-
“তুমি দুখ পাবা বুলি লাহেকৈ মাৰিছিলোঁ আকৌ।”
সঁচাই দেই, নতুনতে যে ইমান মৰম। এনেবিলাক কেচ আগলৈকে ষ্টাডি কৰিবলৈ মন যায় যে দুবছৰমানৰ পিছতো গাত মহ পৰিলে গিৰিয়েকক মাৰিবলৈ দেখুৱাই দিব নে, “এই মহবোৰৰপৰা শান্তি নাই আৰু” বুলি নিজেই মাৰিব আৰু যদি নিজে মাৰিবলৈ অসুবিধা হোৱা শৰীৰৰ কোনো স্থানত মহটো পৰাৰ বাবে গিৰিয়েকক মাৰিবলৈ কয়, গিৰিয়েকে এতিয়াৰ দৰে মাৰিব নে এনেকৈ মাৰিব যে পত্নীয়ে ক’ব, “উফ মহ মাৰিছে নে বাঘ হে! ইমান জোৰেৰে মাৰিলে, ফৰফৰাই গৈছে”।
এইখিনিতে আৰু এটা কৌতুক মনত পৰিল। পত্নীয়ে গিৰিয়েকক বোলে, “মোৰ লগত কাজিয়া লাগিলে আপুনি মোৰ মা দেউতাক লগতে কিয় টানি আনে হে?” গিৰিয়েকে বোলে, “আমাৰ টিভি ফ্ৰীজ কিবা বেয়া হ’লে আমি সেইবিলাক যিটো কোম্পানীৰ তাকো গালি নিদিওঁ জানো, কথা সেইটোৱেই”।
আকৌ এবাৰ এজন মানুহৰ খুব অসুখ হ’ল। তেওঁৰ ভয় হ’ল যে তেওঁৰ কিছুদিনৰ পাছতেই মৃত্যু হ’ব। সেয়ে তেওঁ নিজৰ পত্নীক তেওঁৰ কিবা এটা হ’লে কেনেদৰে চলিব লাগে সেই বিষয়ে ক’বলৈ ধৰিলে আৰু লগতে ক’লে যে,
“আৰু এটা বিশেষ অনুৰোধ মোৰ মৃত্যু হ’লে তুমি অকলশৰীয়া জীৱন কটাব নালাগে, মোহনৰ লগত বিয়া হৈ যাবা।”
ঘৈণীয়েকে আচৰিত হৈ সুধিলে,
: কি কথা কয়? মই জনাত মোহন দেখোন আপোনাৰ অতিকৈ বেয়া পোৱা মানুহ?
গিৰিয়েকে উত্তৰ দিলে,
: সেই বাবেইতো কৈছোঁ!
বাৰু ধেমালি যিয়েই নহওক, ইংৰাজীত এষাৰ কথা আছে, পতি পত্নীৰ মাজত জীৱনজুৰি সু সম্পৰ্কৰ বাবে দুয়ো এইটো ভাবিব লাগিব যে, “আই এম নট এৱভ য়ু, আই এম নট বিল’ য়ু, বাট অলৱেইজ বিচাইডছ য়ু”।
☆ ★ ☆ ★ ☆
9:46 am
হা হা! দিল্লী কা লাড্ডু খাই চবে পোস্তায়। তথাপিটো খায়েই।