ফটাঢোল

এজ ইজ জাষ্ট এ নাম্বাৰ-বৰ্ণালী ফুকন

: দুইজনী অকলশৰীয়া মানুহ ট্ৰেইনত যাম মোৰ চিন্তাই লাগিছে৷

বাইদেউৰ কথাশুনি মই অবাক লাগি তাইলৈ চালোঁ৷

: মইচোন অকলেই অহাযোৱা কৰি আছোঁ৷

: তথাপি অকলশৰীয়া দুজনী ছোৱালী দেখি কোনোবাই……

: কোনোবাই কি?

: কোনোবাই চল পাব পাৰেতো! জোকাই যদি৷

: কি? কাক জোকাব?

: আমাক  দুজনীক আক’৷

 : তই মই এতিয়া ছোৱালী হৈ আছোঁ?পঞ্চাশ একাৱন্ন বছৰীয়া ছোৱালীনে?

: ছোৱালীয়েইতো!

: হ’ব মই লৈ যাম দে তোক সুৰক্ষিত কৰি৷

গুৱাহাটীলৈ এইবাৰ মোৰ লগতে বাইদেউও যাবলৈ ওলাইছে৷ যোৱাৰ দুদিনৰ আগতে মোলৈ ফোন কৰিলে, 

: শুনিছ মই পেণ্ট এটা কিনিছোঁ৷

: মানে?

: জীন্স এটা৷

: কিয় কিনিলি? গুৱাহাটীত বজাৰ কৰিম বুলি কৈছিলিচোন৷

: ট্ৰেইনত পিন্ধি যাবলৈ আক’৷ তেতিয়াহে আমাক স্মাৰ্ট বুলি সৱেই ভয় খাব৷

মই তাইৰ কথা শুনি অবাক লাগিলোঁ৷

: কোনে ক’লে পেণ্ট পিন্ধিলে মানুহে ভয় কৰে বুলি?

: এহঃ হ’ব দে৷ তই একো এটা নাজান৷

নিৰ্দিষ্ট দিনত আমি ষ্টেচন পালোঁগৈ৷

ষ্টেচনত নামিহে তাইলৈ চালোঁ৷ সঁচাই স্মাৰ্ট লাগিছে তাইক৷ পিন্ধনত ডেনিম ৰঙৰ জীন্স আৰু নীলা টি চাৰ্ট আৰু ভৰিত এযোৰ স্পৰ্টছ শ্বু৷ চকুৰ চানগ্লাছযোৰ মূৰত উঠাই থোৱা আছে৷

মাইকত ভাঁহি আহিল-

“অলপ পিছতে উজনিমুৱা ৰাজধানী এক্সপ্ৰেছখন ষ্টেচন আহি পাবহি”..

দূৰৈৰ পৰা ৰে’লৰ উকি ভাঁহি আহিছে৷

: ঐ পালেহি ব’ল৷

মই হাতখনৰ ঘড়ীটোলৈ চালোঁ৷ এতিয়াও পোন্ধৰ মিনিট বাকী৷

: ৰহ! সময় হোৱা নাই৷

মোৰ কথালৈ তাই মন কৰা যেন নালাগিল৷ লৰালৰিকৈ দুই মিনিট মানৰ আগতে চাৰ্জত দিয়া ফোনটো এৰুৱাই বেগত ভৰালে৷

মই তাইৰ কাণ্ড দেখি সুধিলোঁ, 

: দুই মিনিট হৈছিল হে! চাৰ্জ হ’ল জানো?

তাই উৎসুক হৈ বাহিৰলৈ ডিঙি মেলি চালে৷

: আহিবৰ হৈছে৷

এইবুলি তাই থিয় হ’ল৷ টিকটটো দেচোন চাওঁ বুলি কম বুলি কোৱা নহ’ল৷

এসপ্তাহৰ আগতেই ভিনিদেউক গান গোৱাদি গাই গাই তাই টিকট কটোৱালে৷ টিকট দেখাতো বাদেই টিকটৰ নম্বৰ, ক’চ্ছ ইত্যাদিৰ কথা একোৱেই গম নাপাওঁ৷

তাই যি গতিৰে উধাতু খাই হাতৰ ট্ৰলি বেগটো লুটিপুটি খুৱাই টানি নিবলৈ চেষ্টা কৰা দেখিলোঁ উপায়ন্তৰহৈ ময়ো থিয় হ’লোঁ৷ মোৰ ইমান দিনে অকলশৰে অহা-যোৱা কৰি অভ্যাস হৈ গৈছে৷

: নাই অহা বহ তই৷

মই থাপ মাৰি তাইৰ হাতৰ পৰা বাগৰি পৰিবলৈ লোৱা বেগটো চম্ভালি লৈ ক’লোঁ। উভতি তাই আকৌ বহি পৰিল৷

সময় তেতিয়া নিশা ন বাজি ত্ৰিশ মিনিট৷ এক নং প্লেটফৰ্মত ৰাজধানীখন আহি সোমাবহি৷ দুইজনীয়ে ট্ৰলি বেগ দুটা চোঁচৰাই আগবাঢ়ি গ’লোঁ৷ মোৰ পিঠিত ইতিমধ্যে  কাপোৰ আৰু যাৱতীয় বস্তুৰে বেগ এটা৷ বাইদেউৰ হাতত খোৱা বস্তুৰ এটা মস্ত টোপোলা৷ নিৰ্দিষ্ট ডবাটোত উঠিবলৈ বাইদেউ তৎপৰ হৈ উঠিল৷ টিকট বাইদেউক দি থোৱা আছে। গতিকে নিশ্চিত হ’বলৈ সুধিলোঁ৷

: টিকটত ক’চ্ছ নং কিমান দিয়া আছে চালি?

: অঁ অঁ  A4৷

 

গাড়ী প্লেটফৰ্মত সোমাইছে যদিও ধীৰে ধীৰে গতি কৰি আছে৷ এহাল দম্পতীয়ে চলন্ত ৰে’লখনৰ ডবাটোত উঠিবলৈ যত্ন কৰিছে৷ তাকে দেখি বাইদেউ পিছ পৰি নাথাকি  পিছে পিছে বাকচটো আৰু কান্ধত বেগলৈ উঠিবলৈ আগবাঢ়িল৷

মই তাইক চিঞৰিলোঁ, 

: ৰহ ৰহ ! লাহে ধীৰে৷ পোন্ধৰ বিশ মিনিট মান ৰ’ব৷

তেতিয়ালৈ সেইখিনিত আৰু দুই তিনিজন মানুহ উঠিবলৈ ৰৈছেহি৷

দম্পতী হাল ৰে’ল চলি থকা অৱস্থাতেই দৌৰি-ঢাপৰি উঠাৰ চেষ্টা কৰিলে আৰু বাইদেৱেওঔ হাৰি নিদি চলন্ত ট্ৰেইনত উঠাৰ চেষ্টা কৰি থাকিল৷ তলত উঠিবলৈ ৰৈ থকা এজনে বিৰক্তিৰে কোৱা শুনিলোঁ

: আৰে বাবা  নামিব বিচৰা কেইজনকতো কমচেকম নামি ল’বলৈ দিয়ক৷

তলৰ পৰাই জুমি চালোঁ ট্ৰেইনৰ ভিতৰলৈ৷ মিলটেৰী পোছাকৰ তিনি চাৰিজনমান সৈনিক নামিব নোৱাৰি বাইদেউহঁতৰ কাণ্ড উপভোগ কৰিছে৷ ইতিমধ্যে চলন্ত ট্ৰেইনত উঠিব খোজা দম্পতী হাল উপৰলৈ উঠি ভিতৰলৈ যোৱাৰ বাট নাপাই পুনৰ তললৈ নামি আহিবলৈ চেষ্টা হেৰাল৷ নামিবলৈ লোৱা যাত্ৰীবোৰে দম্পতীহালক ঠেলি নমাই দিলে৷ গাড়ীয়ে তেতিয়াও তাৰ গতিবেগহে কমাইছে৷ তেতিয়াও সম্পূৰ্ণৰূপে ৰখাই দিয়া নাই৷ সৈনিককেইজন নামিবলৈ পালেহে৷ মই বাইদেউক ফুচফুচাই ক’লোঁ,

: ৰহ উঠিবি৷

তাই মোৰ কথা কাণত সোমোৱা যেন নালাগিল৷ দম্পতীহালৰ লগত তাই ট্ৰেইনখনৰ কাষে কাষে সমানে দৌৰিছে। বেগটো ধৰি দিবলৈ নাপালোঁ৷ দুটাকৈ বেগ হাতত লৈ বাইদেউ চুঁচৰি-বাগৰি ট্ৰেইনত উঠিল৷ ট্ৰেইনখন ৰোৱাত মই মোৰ হাতৰ বাকচটো ট্ৰেইনত উঠাই দি ময়ো উঠি ল’লোঁ৷ মোৰ মনত নাই টিকেটৰ নম্বৰ৷ আগদিনা খৰখেদাকৈ তাইৰ হাতত থকা টিকটখনত চোৱা নহ’ল চিট নম্বৰ৷ তথাপি বাইদেউৰ ওপৰত থকা অটল বিশ্বাসক সৰোগত কৰি তাইৰ পিছে পিছে আগবাঢ়িলোঁ৷ তাইলৈ চালোঁ তাই মানুহ ফালি আগবাঢ়িছে৷ এবাৰত মোলৈ উভতি চালে

তাইৰ চাৱনিতে বুজিলোঁ৷ “ট্ৰেইনত যে উঠিলি ! ঠিক ডবাটোত উঠিছ নে?”

মই মূৰটো জোকাৰি অভয় দিলোঁ৷

“হয় হয় আমি A4 তে উঠিছোঁ৷

একোবত এটা চিট পাই তাই চিঞৰি উঠিল৷

: পালোঁ পালোঁ দে ৷

তাই কাষৰ অহা-যোৱা কৰোঁতে পোৱা চিটটো দখল কৰি মোলৈ গৰ্বেৰে চাই পঠিয়ালে৷

: ল বিচাৰি দিলোঁ এতিয়া, চিটত বহ

মুখ ফুটাই নক’লেও তাইযে তাকে বুজাব বিচাৰিছে বুজি পালোঁ৷ মই বহিলৈ চিটৰ তললৈ আমাৰ দুইজনীৰ বাকচ দুটা চালান দিলোঁ৷ মানুহবোৰ অহা-যোৱা কৰি থকাৰ বাবে আমাৰ বাকচ দুটাই আমাৰ দুইজনীক বাৰুকৈয়ে বিব্ৰতবোধ কৰাইছে৷ পাৰহৈ যোৱা মানুহবোৰে বাকচসহ আমাৰ অৱস্থা আৰু অহাযোৱা বাটটো বাকচ কেইটাই ভেটি ধৰাত বিৰক্তি পাইছে বুলি মই বুজি পাইছিলোঁ৷ হওক যি হ’লেও অন্তত চিট বিচাৰি পালোঁ৷ হঠাৎ মোৰ চকু গ’ল চিটটোৰ কাষত জিলিকি থকা নম্বৰটোলৈ৷ মোৰ এনে লাগিল উঠি আহোঁতে তাই যেন 50-51 বুলি আওৰাই আহিছিল৷

: কিমান নম্বৰ আছিল?

মই হাউলি তাইৰ কাণৰ ওচৰত ফুচফুচাই সুধিলোঁ৷

: এইটোৱে এইটোৱেই৷ 

এই বুলি তাই ডাঠিকৈ ভৰিৰ পাদুকাযোৰ সলকাই উঠি বহি ল’লে চিটত৷

: টিকটটো৷

তাই মোৰ কথা আওকাণ কৰি ইফালে-সিফালে চালে৷ এইবাৰত চাগে চিটৰ কাষত থকা নম্বৰটো তাইৰ চকুত পৰিল। একেজাঁপে তাই উঠি থিয় হ’ল৷

: এইটো নহয়৷ আগলৈহে বুলি তাই তাতে বাকচ এৰি আগলৈ পাতিহাঁহজনীৰ দৰে গাটো হেলাই-দোলাই আগবাঢ়ি গৈ একেবাৰে শেষৰ চিটটো পালেগৈ৷ ময়ো তাই কি কৰিব বিচাৰিছে তত্ ধৰিব নোৱাৰি তাইৰ পিছে পিছে আগবাঢ়িলোঁ৷ তাই মোক বহিবলৈ কৈ বেগকেইটা আনিবলৈ উঠিছে আৰু! সন্মুখৰ ছোৱালীজনীয়ে সুধিলে,

: মেম, হুৱাট ইজ ইওৰ চিট নম্বৰ৷

মই টপৰাই উত্তৰ দিলোঁ,  

: 50-51 

: উই হেভ অলচ’ 50-51

মোৰ এইবাৰ বাইদেউলৈ সন্দেহ হ’ল

: দেচোন টিকটটো৷

একপ্ৰকাৰৰ জোৰকৈ ক’লোঁ৷

এইবাৰ একো প্ৰতিবাদ নকৰি তিনি মিনিট মান বেগটো খুছৰি টিকটটো মোৰ হাতত দিলে ৷ তাত 50-51ৰ বিপৰীতে টটকৈ জিলিকি আছে AGE বুলি৷ আৰু তাৰ অলপ তলতে 8-11, 

ইমান সময়ে তাৰমানে ……

পুনৰ তাইৰ পিছে পিছে বেগকেইটা চোঁচৰাই চিট নং 8-11 বিচাৰি আগবাঢ়িলোঁ৷ তাই চিটত বহিলৈ মোলৈ মিচিকিয়াই হাঁহিলে৷

: তই কি 50-51ৰ ঠাইত 8-11 আমাৰ বয়স বুলি ভাবিলি?

হাঁহি থকা দেখি তাইক ক’লোঁ,

কাষৰ মানুহটোৱে শুনে বুলি মনে মনে ক’লে,

: মনেমনে থাক  আমাক বুঢ়ী বুলি ভাবিব৷ অৱশ্যে এইজ ইজ জাষ্ট এ নাম্বাৰ৷

চকু টিপিয়াই পাদুকাযোৰ খুলি তাই চিটটোত পথালিকৈ পৰি দি ক’লে,

: উফ! কি টেনশ্যন! ধেই!

এনেই পিছলৈ দৌৰ মাৰিলোঁ৷

☆ ★ ☆ ★ ☆

5 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *