ফটাঢোল

মূল: চকুহাল গ’ল,গল্পকাৰ: বলাইচাঁদ মুখোপাধ্যায়,অনুবাদ-মুনমুন সৰকাৰ

সৰ্বসাধাৰণৰ দৃষ্টিত হয়তো তাই বৰ সুশ্ৰী নাছিল।

ময়ো যে তাইক খুব ধুনীয়া দেখিছিলোঁ‌ তেনেকুৱা ঠিক নহয়। কিন্তু তাইক প্ৰাণভৰি ভাল পাইছিলোঁ‌। তাইৰ চকুহালত যে কি আছিল নাজানো। তেনে সপোন সপোন যেন লগা ধুনীয়া চকু মোৰ জীৱনত যেন কাহানিও দেখা নাছিলোঁ। চকুত দুষ্টামি ভৰা আছিল। 

সেই কুৎসিত আৰু চঞ্চলা মিনিয়ে মোৰ মন কাঢ়ি নিছিল। তাইৰ চকুহালে মোৰ মন কাঢ়ি নিছিল। তাইৰ চকুহাল দেখি মই মুগ্ধ হৈ পৰিছিলোঁ‌।

মোৰ মনত আছে এদিন তাইক লোকচক্ষুৰ অন্তৰালত নি কৈছিলোঁ‌, 

: মোৰ মন যায় তোমাৰ চকুহাল লৈ থৈ দিওঁ।

: কিয়?

: সেই চকুহালে মোক পাগল কৰিছে, তোমাতকৈও মই তোমাৰ চকুহালক বেছি ভাল পাওঁ।

ইমান ভাল পাইছিলোঁ‌, অথচ তাইক মই নাপালোঁ। কোনোবা অচিনাকি এজন আহিল, বাজনা বজাই, বিয়া পাতি তাইক নিজৰ কৰি লৈ গ’ল। মনটোত বৰ দুখ লাগিল। কিন্তু সেই দুখ মই চম্ভালি ল’ব পাৰিলোঁহেঁতেন যদি আৰু এক মৰ্মান্তিক ঘটনা ঘটি নগ’ল হয়।

মিনি যেতিয়া মাকৰ ঘৰলৈ আহিল, মই দেখিলোঁ যে তাইৰ দুয়োটা চকুৱেই অন্ধ। কাৰণস্বৰূপে যি গম পালোঁ সেয়া হ’ল গোলাপজল দিবলৈ গৈ চকুত তাই অন্য দৰৱ দি পালে। মোৰ সৈতে এদিন তাইৰ দেখা হ’ল, মই সুধিলোঁ‌,

: অসাৱধানতাৰ বাবেই ইমান ধুনীয়া চকুহাল নষ্ট কৰি পেলালা?

তাই ক’লে, 

: কিয় যে চকুহাল নষ্ট হৈ গ’ল সেয়া যদি নুবুজা তেন্তে নজনাই ভাল।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *