ফটাঢোল

মূল-সেইজন ময়েই আছিলোঁ, লেখক-গুলজাৰ: ভাৱানুবাদ : পূৰ্ণময়ী

হয়তো তুমি কটাইছা বহু দিন, বহু মাহ , বহু বছৰ,

কিন্তু যি শেষ হ’ব নোখোজে, মই সেই নিশাটোৱে!

হয়তো বহুত কথোপকথন কৰিছা বহুজনৰ লগত,

পিচে হৃদয়ত যিটো লাগি ধৰিছিল

সেই কথাটোও ময়েই আছিলোঁ!

ভীৰৰ মাজত নিজকে যেতিয়া

অকলশৰীয়া পোৱা,

আপোন যেন লগা সেই সংগও কিন্তু ময়েই!

কটাব পাৰা বহুত সুন্দৰ সময় সকলোৰে লগত,

কিন্তু যিটো তুমি কেতিয়াও পাহৰিব নোৱাৰা

সেই স্মৃতিও মাত্ৰ ময়েই!!

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published.

error: Content is protected !!