ফটাঢোল

তেজে-পূঁজে মানুহ! -ৰঞ্জিত হাজৰিকা

সম্বন্ধত একো নহয় যদিও চুবুৰীয়া হিচাপে তেওঁক দাদা বুলি মাতোঁ আৰু ভাবোঁও সেইদৰেই৷ কেইবছৰমানৰ আগেয়ে চাকৰিৰ পৰা অৱসৰ লৈছে যদিও এতিয়াও থুলন্তৰ চেহেৰা তেওঁৰ৷ গাৰ ৰং এই যেন তেজে ফুটি যাওঁ, ফাটি যাওঁ৷ খোৱা-বোৱাতো আগৰণুৱা৷ স্বভাবত একেবাৰে চিধাচিধি৷ দাদাই কাৰো অহিত চিন্তা কৰাৰ উদাহৰণ নাই৷ দাদাৰ কেৱল এটাই দোষ আৰু সেই দোষটোৰ বাবেই বহুতে তেওঁৰ পৰা আঁতৰি থাকিব বিচাৰে৷ 

চেঙেলীয়াসকলৰ ভাষাত তেওঁ “কিছু কামোৰ”৷ আচলতে দাদাই অনবৰতে নিজৰ গাত কিবা নহয় কিবা এটা অসুখ লাগি থকা বুলি ধাৰণা এটা লৈ থাকে আৰু সেইবোৰকে বখানি বখানি আনৰ কাণ ঘোলা কৰে৷ আজি যদি গেষ্ট্ৰিকৰ সমস্যা, কাইলৈ হয়তো পেটৰ গণ্ডগোল৷ এদিন যদি ইউৰিক এচিড বাঢ়িছে, আনদিনা বাঢ়িছে কলেষ্টৰেল৷ কাৰোবাক লগ পালেই চকু-নাক কোঁচাই দাদাৰ মুখেৰে ওলোৱা প্ৰথম বাক্যটো সাধাৰণতে এনে ধৰণৰ হয়—“এ নক’বা আৰু গা-মূৰ একেবাৰে ভাল নহয়৷ কালিৰে পৰা…”৷ তাৰ পিছত শুনি যাওক বিধে বিধে বেমাৰৰ নাম আৰু সেইবোৰৰ লক্ষণ৷ মুঠতে এইডছ্‌ আৰু কেন্সাৰক বাদ দি তেওঁৰ নোহোৱা বেমাৰ কিবা আছে বুলি মোৰ মনে নধৰে! সঁচা কথা ক’বলৈ গ’লে উচ্চাৰণ কৰোঁতে দাঁত ভাঙিবলৈ লোৱা দুবিধমান বেমাৰৰ নাম মই তেওঁৰ পৰাই প্ৰথম শিকিছোঁ৷ মই ধাৰণা কৰা মতে এইখন মহানগৰীত এনে এজন চিকিৎসক হয়তো নোলাব যাৰ চেম্বাৰত তেওঁৰ পদধূলা পৰা নাই৷ আচলতে ফীজৰ অংকটো নথকা হ’লে দাদাক দেখিলে বহু চিকিৎসকেও যে দূৰতে ফৰিং চিটিকা দিলেহেঁতেন তাতো মোৰ তিলাৰ্ধও সন্দেহ নাই৷ দাদাৰ পৰা বেমাৰৰ এশ এবুৰি লক্ষণ শুনি চিকিৎসকেও তেওঁৰ বিশাল শৰীৰটো পিটিকি মোহাৰি পৰীক্ষা কৰে৷ লেবৰেটৰীতো কিবাকিবি পৰীক্ষা এসোপা কৰিবলৈ দিয়ে৷ পিচে পৰীক্ষাত বেমাৰ একো নোলায়৷ আচলতে বেমাৰ থাকিলেহে ওলাব! চিকিৎসকে দাদাক সন্তুষ্ট কৰিবলৈকে দুই-এপদ ঔষধ লিখি দিয়ে৷ মূলতঃ ভিটামিন জাতীয় ঔষধবোৰ বেচ নিষ্ঠাৰেই খাই যায় তেওঁ৷ তথাপি বেমাৰৰ ভূতটোৱে তেওঁক এৰা নিদিয়ে৷ কাৰোবাক লগ পালেই একেবোৰেই কথা–“বুজিছা, দৰবেহে ৰাখিছে কেনেবাকৈ৷ দৰব খাই অমুকটো অলপ ভাল পাইছোঁ৷ হ’লে কি হ’ব? কালিৰে পৰা আকৌ তমুকটোৱে ধৰিছে…”৷

সেইজন দাদা সেইদিনা পুৱাই মোৰ ঘৰ পালেহি৷ আহিয়ে ধুপুচকৈ বহিল চকীখনত৷ অলপ সেঁহাই সেঁহাই দাদাই ক’লে,

: মূৰটো কিবা আচন্দ্ৰাই কৰাৰ নিচিনা লাগিছে হে৷ এঠাইত তেজ দি আহিলোঁ বুজিছা৷ সেই বাবেই হ’বলা…৷

ওচৰৰ ক্লাবটোৰ ল’ৰাবোৰে এইকেইদিনতে ৰক্তদান শিবিৰ এটাৰ আয়োজন কৰাৰ কথা শুনি আছিলোঁ৷ কিন্তু দাদাৰ দৰে অলপধতুৱা মানুহজনে এইদৰে তেজ দিবলৈ যাব বুলি সপোনতো কল্পনা কৰা নাছিলোঁ৷ মুহূৰ্ততে দাদাৰ প্ৰতি শ্ৰদ্ধাৰে মনটো ভৰি গ’ল৷ আচলতে আমি ওপৰে ওপৰে চায়েই মানুহৰ বিষয়ে নিজাববীয়াকৈ ধাৰণা এটা কৰি লওঁ আৰু সেইটোকে ধ্ৰুৱসত্য বুলি ধৰি থাকোঁ৷ অথচ গভীৰ অন্তৰ্দৃষ্টিৰে একোজন মানুহৰ ব্যক্তিত্বত ভুমুকি মাৰিলে কেতিয়াবা আমাৰ ধাৰণাৰ সম্পূৰ্ণ বিপৰীত ছবি এখনো ভাঁহি আহিব পাৰে৷ দাদাৰ বেলিকাও যেন কম-বেছি পৰিমাণে তেনেকুৱাই হ’ল৷ নিজৰ শৰীৰটোকে লৈ অনবৰতে ব্যস্ত থকা মানুহজন আনৰ বাবেও যে কিমান দৰদী৷ আনৰ বাবে নিজৰ গাৰ তেজ দিবলৈকো কুণ্ঠাবোধ নকৰা মানুহজনে ইতিমধ্যে চকীখনতে হেলান দি চকুহাল মুদি দিছে৷ গাটো দুৰ্বল লগা বুলি তেওঁ সম্ভৱ ধৰি লৈছে৷ সেইটোত মই বাৰু অলপো আচৰিত হোৱা নাই৷ স্বাস্থ্যক লৈ ইমান ভয়াতুৰ মানুহজনে ৰক্তদান কৰি আহিছে— মানসিকভাৱে অলপ দুৰ্বল হোৱাটো সমূলি আচৰিত কথা নহয়৷ দাদাৰ মহানুভৱতাখিনি ভাল লাগি গ’ল৷ ৰক্তদান কৰাৰ পিছত মিঠাই খোৱা দেখিছোঁ বহুতক৷ ঘৰত আনি থোৱা ৰসগোল্লাৰ টোপোলাটোত দুটাহে আছিল৷ দাদাই অলপ সকাহ পাওক বুলি পানী এগিলাচৰে সৈতে দুয়োটা ৰসগোল্লাই আনি দাদাক দিলোঁহি৷ দাদাৰ চকুহাল এইবাৰ মেল খালে৷ উজ্জ্বলো হ’ল চকুহাল৷ ৰসগোল্লাৰ ছাইজটো সম্ভৱ দাদাৰ পচন্দ হৈছিল৷ পচন্দ হোৱাৰ কথাও৷ লাচিত নগৰৰ সেই বিখ্যাত দোকানখনৰ ৰসগোল্লাৰ ছাইজ টেনিছ বলটোতকৈ বৰ বেছি সৰু নহয়৷ দুটা নে তিনিটা কামোৰতে প্ৰথমটো ৰসগোল্লা শেষ কৰি পানী দুঢোকমান খাই ল’লে তেওঁ৷ মুখখন আৰু অলপ উজ্জ্বল হ’ল৷ এইবাৰ দ্বিতীয়টো ৰসগোল্লা মুখৰ আগলৈ নি দাদাই ক’লে,

: খাই লওঁ দিয়া৷ আবেলিলৈ বা কি ওলায়৷ এতিয়া দি থৈ আহিছোঁহে৷ 

ভালকৈ বুজি নোপোৱাত সুধিলোঁ– 

: দাদা, কি দি থৈ অহাৰ কথা ক’লে? 

এইবাৰ দাদাই মোক মোটামোটি ভেকাহিৰ সুৰতে ক’লে,

: ইমান দেৰিনো কি শুনিলা হে? ডাক্তৰে ছুগাৰ টেষ্ট কৰিবলৈ দিছে৷ লেবৰেটৰীত তেজৰ ছেম্পল দি আহিলোঁ বুলি কোৱা নাই…? 

সেই মুহূৰ্ততে মই যেন আকাশৰ পৰা আহি মাটিতহে পৰিলোঁহি! দাদাই ইতিমধ্যে দ্বিতীয়টো ৰসগোল্লাত প্ৰথম কামোৰটো মাৰিছে৷ নাকামোৰা হ’লে মই কিজানি ৰসগোল্লাটো তেওঁৰ মুখৰ আগৰ পৰা কাঢ়িয়েই আনিলোঁহেঁতেন…!

আবেলিলৈ দাদাৰ ফোন-

: হে’ৰা ছুগাৰ নৰ্মেলেই দেখুৱাইছে দেখোন৷ পিচে ছুগাৰ নৰ্মেল হ’লে কি হ’ল৷ আজি দুপৰীয়াৰ পৰা ভাগৰ ভাগৰ লাগি আছে৷ থায়ৰইডেই পালে নেকি…! 

ইয়াৰ পিছত দাদাৰ মুখেৰে কমেও ১৫মিনিট সময় বিবিধ ৰোগৰ অন্তহীন বৃত্তান্ত…!

☆ ★ ☆ ★ ☆

3 Comments

  • ৰাজশ্ৰী শৰ্মা

    ধেৎ তেৰি??

    Reply
  • মোৰ এই দাদা জনক বিধান এটা দিবলৈ মন গৈছে, ?? ?? সচাঁ কৈ চেমনীয়া সকলে ঠিক নামেই দিছে

    Reply
  • Rintumoni Dutta

    দাদাৰ স্বভাৱ চৰিত্ৰ মোৰ সৈতে একেই, ময়ো যোৰহাটৰ এজন ডাক্তৰো বাকী থোৱা নাই।

    বঢ়িয়া লাগিল ৰঞ্জিত দা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *