সম্পাদকীয়- প্ৰণীতা গোস্বামী বৰঠাকুৰ
পল অনুপল কৰি,
বাৰ দিন মাহ কৰি
বছৰবোৰ পাৰ হৈ যায়।…
সোঁৱৰণীৰ দলিচাত
সময়ৰ আবিৰে
সেন্দুৰীয়া ফুল বাচি যায়।।
বছৰবোৰ যেন চকুৰ আগতে শেষ হৈ গৈ আছে। নতুনক আদৰি লৈ ৰং-তামাচা কৰি স্মৃতিবোৰ সজীৱ হৈ থাকোঁতেই বছৰটো শেষ হ’বৰ হয়েই। আকৌ নতুন এটা বছৰক বহুত আশাৰে আদৰি অনা হয়। মনত আকৌ নতুন উদ্যম, নতুন প্ৰত্যাশাই পোশা মেলে, বিশ্বাসে খোপনি পোতে। আমি কৰ্মস্পৃহা পাওঁ, জীয়াই থকাৰ হেঁপাহ জাগে। এইদৰেই নিৰবচ্ছিন্নভাৱে জীৱন আগবাঢ়ি গৈ আছে, সোঁৱৰণীৰ জোলোঙাটোও গধুৰ হৈ গৈ আছে। সময়ে আমাৰ দুখৰ-ত্ৰাসৰ দিনবোৰ পাহৰণিৰ গৰ্ভত বিলিন হোৱাত সহায় কৰে, সুখ-আনন্দৰ দিনবোৰ মধুৰ স্মৃতি হৈ মানসপটত উজ্বলাই ৰাখে। সময়ৰ লগত খোজ মিলাই নতুনক আদৰি লোৱাই সমাজৰ নিয়ম। পুৰণিৰ ভেঁটিত নতুনে গজালি মেলে, সময়ে তাক ঠন ধৰি উঠাত সহায় কৰে। পুৰণি দিনবোৰে আমাক অভিজ্ঞতাৰে পুষ্ট কৰে, সেই অভিজ্ঞতাই নতুনক আগুৱাই যোৱাত সহায়ৰ হাত আগবঢ়ায়। আশাবোৰে পোৱালি জগাই উমলিবলৈ লয়।
আশাই মানুহৰ জীৱন। আশাবোৰ নথকা হ’লে আমি কি লৈ জীয়াই থাকিলোঁহেঁতেন, ভাবি চাওকচোন! বিগত দুটা বছৰে আমি বহুত শংকাত দিন পাৰ কৰিছোঁ। বহুজনক হেৰুৱাই শোকত ভাগি পৰিছোঁ। তথাপিও মনত এটা আশা আছে, ভাল দিনবোৰ পুনৰ ঘূৰি আহিব, আকৌ আগৰ দৰেই আমি চলিব পৰা হ’ম। মনত আশাবোৰ পুনৰ পঞ্জীভূত হয়। আমি পৰিস্থিতিক স্বীকাৰ কৰি ল’বলৈ বাধ্য হওঁ। ন’ভেল কৰ’ণা ভাইৰাছে যোৱা দুটা বছৰে আমাক বহুত শিকাইছে, পাহৰি যোৱা বহুত কাম পুনৰ কৰিবলৈ শিকাইছে। এই মহামাৰীয়ে মানৱজাতিক নিজৰ ভুলবোৰ আঙুলিয়াই দিছে। মানৱীয় গুণবোৰে পুনৰ সাৰ পাই উঠিছে। এই সন্ত্ৰাসৰ পৰা পৰিত্ৰাণ পাবলৈ সমগ্ৰ বিশ্বই প্ৰচেষ্টা অব্যাহত ৰাখিছে। মহামাৰীৰ ত্ৰাসৰ পৰা মানৱজাতিক উজ্জীৱিত কৰিবলৈ তৎপৰ হৈ পৰিছে। তাৰ ফলশ্ৰুতিত লাহে লাহে কোঙা হৈ পৰা জনজীৱনে আশাৰ ৰেঙণি দেখিছে।
বিশ্বৰ লগতে আমাৰ দেশৰ উঠি অহা প্ৰজন্মলৈও এই মহামাৰীয়ে ভাবুকি কঢ়িয়াই আনিছে। বিশেষকৈ বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ থকাৰ ফলত শিক্ষাৰ্থীৰ জীৱনৰ সেন্দুৰীয়া গতি প্ৰায় স্থবিৰ হোৱাৰ পথত অৱতীৰ্ণ হৈছিল। কিন্তু বিজ্ঞান প্ৰযুক্তিৰ যুগত জন্মগ্ৰহণ কৰা আজিৰ শিশুসকলৰ বাবে যেন আন এখন দুৱাৰ খোলা আছিল। শিক্ষা অবিহনে ছাত্ৰ জীৱন আধৰুৱা। গতিশীল শিক্ষা ব্যৱস্থাত যাতে মহামাৰীৰ সন্ত্ৰাসে বাধাৰ প্ৰাচীৰ গঢ়ি তুলিব নোৱাৰে তাৰবাবে শিক্ষা ব্যৱস্থাই পথ সলনি কৰিবলৈ বাধ্য হৈছে। সম্প্ৰতি শিক্ষা ব্যৱস্থাৰ এক আমূল পৰিবৰ্তন দেখা গৈছে। ‘অনলাইন’ শিক্ষা ব্যৱস্থাই বৰ্তমান অধিক জনপ্ৰিয়তা লাভ কৰিছে। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা বহু সুৰক্ষিত আৰু ক্ষিপ্ৰ যেন ভাৱ হৈছে। এই ব্যৱস্থাই শিক্ষাৰ্থীৰ ভৱিষ্যত, পৰিয়ালৰ ভৱিষ্যত আৰু দেশৰ ভৱিষ্যত বহু পৰিমানে সুৰক্ষিত ৰখাত সহায় কৰিছে। কণমানিহঁত প্ৰাৰম্ভিক অৱস্থাত এই ধৰণৰ শিক্ষা আহৰণৰ লগত পৰিচিত নাছিল বাবে অলপ অসুবিধা হৈছিল। শ্ৰেণীকোঠাৰ পৰিবেশ সৃষ্টি কৰিবলৈ যাওঁতে শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ মাজত যোগসূত্ৰ গঢ়ি তুলিবলৈ যথেষ্ঠ কষ্ট হৈছিল। কিয়নো বহু অভিভাৱক এই ব্যৱস্থাৰ বিষয়ে একেবাৰেই অজ্ঞ আছিল। বহুতে স্মাৰ্ট ফোনৰ ব্যৱহাৰেই ভালকৈ কৰিব নাজানিছিল। লগতে মহামাৰীয়ে কৰ্মজীৱন স্থবিৰ কৰি তোলাত মধ্যবিত্ত পৰিয়ালবোৰত আৰ্থিক অনাটনে দেখা দিছে। এনে পৰিস্থিতিত এটা স্মাৰ্ট ফ’ন বা লেপটপ এটা কিনি সন্তানক অনলাইন ক্লাছ কৰিবলৈ দিয়াটোও সাধ্যৰ বাহিৰত হৈ পৰিছে। নিজৰ পৰিয়াল পোহ-পাল দিয়াটোৱেই বহু পৰিয়ালত চিন্তাৰ কাৰণ হৈ পৰিছে, তেনে ক্ষেত্ৰত উচ্চ মূল্যৰ ফ’ন এটা ক্ৰয় কৰা কিমান যুক্তিসংগত, সেয়াও বিচাৰ্যৰ বিষয়। আৰ্থিক দুৰ্বলতা অনলাইন শিক্ষা ব্যৱস্থাত হেঙাৰ হৈ থিয় দিছে। কিন্তু পৰিস্থিতিয়ে বাধ্য কৰাৰ বাবে সম্প্ৰতি প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰী অনলাইন ক্লাছৰ লগত অভ্যস্ত হৈ পৰিছে। কণমানিটোৱেও মোবাইল চলাবলৈ শিকিছে। ঘৰতে বহি অভিভাৱকৰ তত্বাৱধানত পাঠ আহৰণ কৰিছে। এই শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীক ইণ্টাৰনেটৰ লগত পোনপটীয়াকৈ জড়িত কৰিছে, ফলত কিতাপ পঢ়ি বুজি নোপোৱা কথাবোৰ শিক্ষামূলক এপৰ দ্বাৰা সহজে আয়ত্ব কৰিব পাৰিছে। এই শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি বৰ্তমান বহুতো নতুন নতুন শিক্ষামূলক এপ গঢ়ি উঠিছে, যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকল যথেষ্ঠ উপকৃত হৈছে বুলি জানিব পৰা গৈছে। ইয়াৰ সমান্তৰালভাৱে এই শিক্ষা ব্যৱস্থাত বহুত আসোঁৱাহো দেখা গৈছে। যি সময়ত এটি কণমানিক এগৰাকী সু-নাগৰিক ৰূপে গঢ় দিবলৈ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ দ্বাৰাই সুস্থ-সবল কৰি তুলি আগবঢ়াই নিব লাগে, সেইসময়ত অভিভাৱকে হাতত মোবাইল তুলি দিবলৈ বাধ্য হৈছে। ভাৰতবৰ্ষৰ দৰে দেশত উন্নয়নৰ গতি দীঘলীয়া যদিও দেশৰ দৰিদ্ৰতা, নিবনুৱা আৰু মধ্যবিত্ত লোকৰ সংখ্যাও কম নহয়। ইয়াৰোপৰি অত্যাধিক মোবাইল ফোনৰ ব্যৱহাৰে শিক্ষাৰ্থীৰ একাগ্ৰতা, লক্ষ্য আৰু নিষ্ঠাৰ বহু পৰিমাণে সলনি কৰাত অৰিহণা যোগাইছে। বহু শিক্ষাৰ্থীয়ে মোবাইলৰ অপব্যৱহাৰৰ দ্বাৰা অশ্লীল ভিডিও চাই অসৎ চিন্তা মনত পুহি কুকৰ্ম কৰিবলৈ আগবাঢ়িছে, যিটো সমাজৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে। আমি এইক্ষেত্ৰত তেওঁলোকক সু-পথ দেখুৱাই ভাল দিশটোৰ প্ৰতি আকৃষ্ট কৰি আগুৱাই নিব লাগিব।
শিক্ষা হৈছে শৃংখলাবদ্ধ জ্ঞান আহৰণৰ এক মাধ্যম। আমি বিভিন্ন ক্ষেত্ৰৰ পৰা আহৰণ কৰা অভিজ্ঞতামূলক জ্ঞানসমূহ যাতে যোগাত্মক দিশত আৰু উপযুক্ত পৰ্যায়ত লাভ কৰিব পাৰোঁ, তাৰ বাবে উচিত আৰু প্ৰকৃত আনুষ্ঠানিক শিক্ষাৰ প্ৰয়োজনীয়তা উল্লেখনীয়। জীৱনৰ বাটত আমি বহুতো সংঘাতৰ মাজেৰে, বহুতো দিশ বিবেচনা কৰি জীৱন যাপন কৰিবলগীয়া হয়। প্ৰতিটো পৰিবেশৰ লগত খাপ খুৱাই জীয়াই থাকিবলৈ আমাক মৌলিক প্ৰয়োজনখিনিৰ আৱশ্যকতাৰ লগতে সুস্থিৰ জীৱন নিৰ্বাহৰ বাবে নিৰাপত্তাও অতি আৱশ্যক। জীৱনটো পৰিচালনা কৰিবলৈ আমাক যেনেদৰে সামাজিক জ্ঞান আৰু শিক্ষাৰ প্ৰয়োজন, ঠিক তেনেদৰে জীৱনটো সুস্থিৰভাৱে আগবঢ়াই নিবলৈ আমাক উচিত যৌন শিক্ষাৰো প্ৰয়োজন। যৌনতা জীৱনৰ এক এৰাব নোৱাৰা অধ্যায়। মুকলিকৈ প্ৰকাশ নকৰিলেও হয়তো জীৱনৰ ‘যৌৱন’ৰ কালছোৱাত প্ৰায় সকলো লোকেই যৌনতাক লৈ মানসিক বিভ্ৰান্তি বা সমস্যাৰ সন্মুখীন হৈছে। বিশেষকৈ কৈশোৰ কালৰ শেষৰ সময়ছোৱাত (১৬-১৮বছৰ) যুৱক-যুৱতীসকলৰ অধিকাংশই এই সমস্যাত পৰে। আৱেগিক তাড়নাৰ ফলতেই বহুতে যৌনতাৰ প্ৰতি দুৰ্বল মনোভাৱ প্ৰকাশ কৰে। আজিৰ সমাজ বহুদূৰ আগবাঢ়ি গৈছে যদিও যৌন সম্পৰ্কীয় কথাবোৰত ভাগ ল’বলৈ, আলোচনা কৰিবলৈ আজিও বহুতে সংকোচবোধ কৰে। যৌনতাক লৈ থকা সংকোচবোধ আৰু শংকাই আমাৰ মনত যৌনতাৰ প্ৰতি দুৰ্বল মনোভাৱৰ সৃষ্টি কৰিছে। যাৰ ফলত যৌন তাড়নাই গ্ৰাস কৰা লোকৰ মনটোত এক পিশাচৰ জন্ম দিয়ে, যাৰবাবে তেওঁলোকে বিপৰীত লিংগৰ কোনো ব্যক্তিক আঘাত হানিবলৈও কুণ্ঠাবোধ নকৰে। যাৰবাবেই সমাজত দিনে দিনে যৌন সম্পৰ্কীয় অঘটন, বলাৎকাৰ, হত্যা আদি বৃদ্ধি পাবলৈ ধৰিছে। কেৱল যে অশিক্ষিত লোকৰ দ্বাৰাইহে এনে অঘটনবোৰ সংঘটিত হৈ আহিছে এনে নহয়, বহু উচ্চ শিক্ষিত লোকৰ দ্বাৰাও এনে ঘটনা সংঘটিত হোৱা পৰিলক্ষিত হৈছে। পুৰুষ-নাৰী উভয়ে এনে উৎপীড়নৰ লগত জড়িত থকা বুলি জনা যায়।
সমাজত ঘটি থকা এনে যৌন উৎপীড়নৰ মূলতে দুটা কথাই আঙুলিয়াব পাৰি। ১) যৌন শিক্ষাৰ অভাৱ, ২) নৈতিক শিক্ষাৰ অভাৱ। সেয়ে আমাক উচিত যৌন শিক্ষাৰ প্ৰয়োজন আছে। স্কুল-কলেজৰ পাঠ্যক্ৰমত যৌন শিক্ষা সম্পৰ্কে বয়স অনুযায়ী ছাত্ৰ-ছাত্ৰীৰ বোধগম্য হোৱাকৈ উচিত, শৃংখলাবদ্ধ আৰু ধাৰাবাহিক যৌন শিক্ষা বিষয়ৰ পাঠৰ অন্তৰ্ভুক্তিৰ প্ৰয়োজনীয়তা আছে। নৈতিক শিক্ষা অবিহনে এই পাঠ্যক্ৰম ফলপ্ৰসু নহ’ব। সেয়ে যৌন শিক্ষাৰ সমান্তৰালকৈ নৈতিক শিক্ষাৰ পাঠো পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগিব। একমাত্ৰ নৈতিকতাৰ মাজেৰে লাভ কৰা যৌন শিক্ষাইহে মানুহৰ নৈতিক চৰিত্ৰ স্খলন হোৱাৰ পৰা বচাব পাৰিব। যৌনতাক লৈ সংকুচিত মনোভাৱ আঁতৰাই নিকা মনোভাৱ গঢ় দিব পাৰিলেহে সমাজখন এই ব্যাধিৰ পৰা পৰিত্ৰাণ পাব।
আজিৰ প্ৰজন্ম কাইলৈ দেশৰ ধৰণী। তেওঁলোকক সুস্থ বাতাবৰণত ডাঙৰ-দীঘল কৰাটো আমাৰেই দায়িত্ব নহয় জানো! অভিভাৱক, শিক্ষক আৰু সুস্থ শৈক্ষিক পৰিৱেশ এটাই এটি শিশুক সু-নাগৰিক হিচাপে গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। “শিক্ষকসকল ভৱিষ্যত প্ৰজন্মৰ মেৰুদণ্ড স্বৰূপ”। শিশুসকলক সু-নাগৰিক হিচাপে গঢ় দিয়াত শিক্ষকসকলৰ যথেষ্ঠ অৰিহণা আছে। ইয়াৰোপৰি শিশুসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাত চৰকাৰৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ।
আহকচোন আমি সকলোৱে মিলি কণমানিহঁতৰ মুখত হাঁহি বিৰিঙাই সমাজখন সৰ্বাংগসুন্দৰ কৰি তোলোঁ। আমি আশাবাদী। অনাগত দিনবোৰ ভৱিষ্যত প্ৰজন্মৰ বাবে উদগণিমূলক, আনন্দদায়ক আৰু সুৰক্ষিত হৈ আহক। ভগৱানক কৰযোৰে এটাই প্ৰাৰ্থনা জনাওঁ-
“অসত্যৰ অজ্ঞান নাশী
দিয়া সত্যৰ জ্ঞান
তিমিৰ বিনাশী প্ৰভু
কৰা জ্যোতিৰ দান….”
শেষত সকলোকে আগন্তুক “বৰদিন” আৰু ইংৰাজী “নৱবৰ্ষৰ” হিয়াভৰা ওলগ জনালোঁ। নতুনে কঢ়িয়াই আনক সুখ-সমৃদ্ধি আৰু আনন্দৰ বতৰা। ঘৰবোৰ উপচি পৰক সুখৰ হাঁহিৰে….
ফটাঢোল ই-আলোচনী
পঞ্চম বৰ্ষ পঞ্চম সংখ্যা।
☆ ★ ☆ ★ ☆
10:48 am
ভাল লাগিল বা সম্পাদকীয় টো। প্ৰয়োজনীয় বহুত কথাই।
12:31 pm
ধন্যবাদ ৰাজশ্ৰী
2:15 pm
সাম্প্ৰতিক পৰিস্থিতিক সামৰি এটি সুন্দৰ সম্পাদকীয় আগবঢ়ালে। বহুত ভাল লাগিল।পঢ়ি আছোঁ আলোচনীখনো লাহে লাহে। অভিনন্দন আপোনালৈ বা??
5:41 pm
ধন্যবাদ নাজিয়া।
12:52 pm
খুব ভাল লাগিল সম্পাদকীয়টো বা৷ খুবেই দৰকাৰী কথা৷ সমসাময়িক সমস্যাবোৰৰ বাস্তৱ নিৰূপন৷
5:43 pm
ধন্যবাদ নীলাক্ষি। সুখী হ’লোঁ
1:05 pm
সাম্প্ৰতিক কথাৰে ভাল হৈছে সম্পাদকীয়টো৷
5:44 pm
অশেষ ধন্যবাদ। উৎসাহিত হ’লোঁ।
1:48 pm
খুউব সুন্দৰ সম্পাদকীয়। ভাল লাগিল বা
9:20 pm
ধন্যবাদ ৰীম।
3:55 pm
ভাল লাগিল পঢ়ি বাইদেউ। সুন্দৰ পজিটিভ মেচেজ
9:28 pm
বহুত ধন্যবাদ কাবেৰী। সুখী হ’লোঁ।
7:04 pm
সাম্প্ৰতিক পৰিস্থিতিৰ সুন্দৰ বিশ্লেষণ,নৱ প্ৰজন্মৰ উত্তৰণৰ বাবে ভুল ত্ৰুটিবোৰ আঁতৰাই তেওঁলোকক সুন্দৰ ভবিষ্যত দিবৰ বাবে চিন্তাৰ উন্মেষ ঘটোৱা ‘সম্পাদকীয়’টো অত্যন্ত সুন্দৰ হৈছে।আপোনাৰপৰা এনে এটা ‘সম্পাদকীয়’ই আশা কৰিছিলোঁ।সৰল ভাষাই ‘সম্পাদকীয়’টো অধিক মনোগ্ৰাহী কৰি তুলিলে।
9:30 pm
অশেষ ধন্যবাদ অৰবিন্দ। তোমাৰ সুন্দৰ মন্তব্যই উৎসাহিত কৰিলে।
8:49 pm
সঁচাই সময়বোৰ যেন বৰ জটীল হৈ পৰিছে।আমাৰ অভিভাৱকসকলৰ বাবে যেন নতুন প্ৰত্যাহ্বান। অতি সুন্দৰ বিশ্লেষণেৰে এটি সময়োপযোগী সম্পাদকীয়।বৰ ভাল লাগিল বা।
9:19 pm
সুন্দৰ মন্তব্যৰ বাবে তোমাক বহুত ধন্যবাদ জনালোঁ ❤️
10:02 pm
সুন্দৰ সম্পাদকীয় … ভাল লাগিল
7:55 am
ধন্যবাদ জনালোঁ।
11:57 am
সুন্দৰ মন্তব্যৰ বাবে আন্তৰিকতাৰে ধন্যবাদ জনালোঁ
7:01 am
আমি আশাবাদী!
সময়ৰ সকলো দিশ সাঙুৰি লিখা আপোনাৰ সম্পাদকীয় পঢ়ি বৰ ভাল লাগিল বাইদেউ৷
7:56 am
হয়, আমি আশাবাদী।
ধন্যবাদ জনালোঁ সুন্দৰ মন্তব্যৰ বাবে।
10:10 am
সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয়, খুব ভাল লাগিল বাইদেউ
11:59 am
ধন্যবাদ ৰিণ্টু।
6:50 am
সম্পাদকীয়টো পঢ়ি ভাল লাগিল৷ বৰ্তমান পৰিস্থিতিক লৈ বিশ্লেষণ কৰা লেখা৷ ভাল লাগিল পঢ়ি৷
12:00 pm
ধন্যবাদ পাপৰি। উৎসাহিত হ’লোঁ।