ফটাঢোল

সীমান্ত বৰাক সুঁৱৰি -দেবজিত শৰ্মা 

কিছু অগতানুগতিক সত্বা থাকে যিয়ে সময়ৰ বুকুত নিজৰেই এক সুকীয়া লহৰ সৃষ্টি কৰি থৈ যায়, যাক কালৰ স্ৰোতেও মচিব নোৱাৰে৷ তেনে এক ব্যক্তিত্বৰ নামেই হৈছে, প্ৰয়াত সীমান্ত বৰা ওৰফে বুবু৷ 

ইতিহাস প্ৰসিদ্ধ জাগী গাঁৱৰ শিক্ষাবিদ স্বৰ্গীয় কৃষ্ণৰাম বৰা আৰু স্বৰ্গীয়া লিলিমাই বৰাৰ জেষ্ঠ সন্তান সীমান্ত বৰাৰ জন্ম হৈছিল ১৯৭২ চনৰ ডিচেম্বৰ মাহৰ ১ তাৰিখে৷ সংস্কৃতিবান পিতৃ আৰু মাতৃৰ সন্তান সীমান্ত বৰাও আছিল সংস্কৃতিৰ সাধক৷ সৰুৰে পৰা চিত্ৰকলাৰ লগতে নাট্য আৰু গীত মাতৰ লগতো খুব ঘনিষ্ঠ ভাবে জড়িত আছিল৷ কৰ্মজীৱনত ব্যৱসায়ী ৰূপে সুপ্ৰতিষ্ঠিত হোৱাৰ পাছতো সাংস্কৃতিক কৰ্মী ৰূপে নিজৰ সুকীয়া পৰিচয় এটা গঢ় দিবলৈ সক্ষম হৈছিল৷ গুৱাহাটীৰ পুলিচ ৰিজাৰ্ভৰ বিহু মঞ্চৰ সাংস্কৃতিক সম্পাদক ৰূপেও কাৰ্য্যনিৰ্বাহ কৰিছিল, য’ত সীমান্ত বৰাৰ যোগেদিয়েই বৰ্তমানৰ বহু প্ৰতিষ্ঠিত কণ্ঠশিল্পীয়ে মঞ্চৰ জগতখনত নিজৰ যাত্ৰা আৰম্ভ কৰিছিল৷

প্ৰয়াত সীমান্ত বৰায়ে ভাল গীতিকাৰ তথা সুৰকাৰ ৰূপেও নিজৰ চানেকি ৰাখি গৈছে৷ মৰিগাঁও জিলাৰ জাগী ভকতগাঁও অঞ্চলত সীমান্ত বৰাৰ সংগীত পৰিচালনাৰে বহু নাট মঞ্চস্থ কৰা হৈ গৈছে, য’ৰ সংগীতে যথেষ্ট সমাদৰ লাভ কৰিছিল৷ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী শ্ৰী়যুতা তৰালী শৰ্মা, শ্ৰীযুত প্ৰসেনজিত লাহন, শ্ৰী প্ৰিয়াকুং বৰদলৈ, শ্ৰী ৰূপম ভূঞা আদিৰ লগতো প্ৰয়াত সীমান্ত বৰায়ে সংগীতৰ কাম কৰিছিল৷ বুবুদা নামেৰে জনপ্ৰিয় সীমান্ত বৰাৰ বিগত বৰ্ষৰ ১৪ ডিচেম্বৰ তাৰিখে কিডনী জনিত ৰোগত পৰলোক প্ৰাপ্তি হয়৷ মহান শিল্পী জনাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনাৰ লগতে তেখেতৰ সৃষ্টিৰাজি যাতে অমৰ হয়, তাকেই কামনা কৰিলোঁ৷

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *