অভিনেতা অতুল পাচনীৰ সৈতে অন্তৰংগ আলাপ
অসমৰ ভ্ৰাম্যমান, চিনেমা, ধাৰাবাহিক আৰু এটা সময়ৰ বহুত প্ৰচলিত ভিচিডিৰ তেখেত এখন চিনাকি মুখ৷ ‘চিঞৰ’ ছবিত যদি ‘বোবা’ চৰিত্ৰ এটাৰ ৰূপায়নেৰে শব্দহীন হৈয়ো দৰ্শকক বহু কথা কৈ গৈছে, ‘হলধৰত’ নাঙল চোৰৰ চৰিত্ৰত অভিনয়েৰে সমাজৰ ডাঙৰ ডাঙৰ চোৰবোৰৰ প্ৰতি এক সবল প্ৰত্যহ্বান আগবঢ়াইছে৷ আনহাতে বাস্তৱৰ ৰসাল চৰিত্ৰ ‘ফেনখোৱা’ৰ সুন্দৰ উপস্থাপনেৰে কেতিয়াবা পাঠকৰ পেটৰ নাড়ী ডাল ডাল কৰিছে৷
হয়, ঠিকেই ধৰিছে৷ অসমৰ জনপ্ৰিয় মঞ্চ আৰু বোলছবিৰ জনপ্ৰিয় অভিনেতা অতুল পাচনীৰ কথাকেই কৈছোঁ৷ ফটাঢোল পৰিয়ালৰ তৰফৰ পৰা যোগাযোগ কৰা হৈছিল তেখেতৰ লগত সাক্ষাৎকাৰৰ বাবে, সানন্দৰে সন্মতি প্ৰদান কৰিছিল৷ গুৱাহাটীৰ জু-ৰোডত অৱস্থিত তেখেতৰ বাসগৃহত আমি মিলিত হৈছিলোঁ।
ফটাঢোল : দাদা,নমস্কাৰ৷
অতুল পাচনী : (সুন্দৰ হাঁহিৰে সৈতে) নমস্কাৰ৷ কওক ক’ৰ পৰা আৰম্ভ কৰোঁ৷
ফটাঢোল : দাদা, একেবাৰে আৰম্ভণিৰ পৰা৷ আপোনাৰ জন্ম, শৈশৱ আৰু শিক্ষা জীৱনৰ বিষয়ে কওকচোন অলপ।
অতুল পাচনী : মোৰ জন্ম, পৃথিৱীৰ বিখ্যাত নদীদ্বীপ মাজুলীত ১৯৫৯ চনৰ ২১ ফেব্ৰুৱাৰীত৷ কৰতিপাৰ সত্ৰত মোৰ জন্ম৷ সেইবছৰ বৰ ডাঙৰ বানপানী হৈছিল৷ সেই পানীৰ মাজতে মথাউৰিত আশ্ৰয় গ্ৰহণ কৰি থকা অৱস্থাতে মোৰ জন্ম হৈছিল৷
মোৰ চাৰি বছৰমান বয়সত আমাৰ সত্ৰখন ব্ৰহ্মপুত্ৰৰ খহনীয়াই গ্ৰাস কৰাত অসম চৰকাৰে আমাৰ সত্ৰখন তিতাবৰত প্ৰতিষ্ঠা কৰিছিল৷ মোৰ দেউতা এজন ৰাজ্যিক তথা ৰাষ্ট্ৰপতিৰ পুৰস্কাৰপ্ৰাপ্ত শিক্ষক আছিল৷ তেখেতে যোৰহাটত “৪ নং ৱাৰ্ড প্ৰাথমিক বিদ্যালয়” বুলি এখন বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু তাৰ প্ৰধান শিক্ষকো আছিল৷ মাজুলীৰ পৰা নিয়ে মোক দেউতাৰ বিদ্যালয়ত নাম ভৰ্তি কৰি দিছিল৷
ফটাঢোল : আপুনি সৰু কালত দুষ্ট আছিল নে?
অতুল পাচনী : একেবাৰে বাঘৰ আগতেল খোৱা আছিলোঁ৷ “হেড মাষ্টৰৰ ল’ৰা যেতিয়া কোনে পায় আৰু! “কেতিয়াবা কাজিয়া লাগিলে মাৰ-পিট কৰি নাকৰ বাৰান্দা উফৰাই দিছিলোঁ সমনীয়াৰ৷ লোকৰ বাৰীৰ আম, লেটেকু, পনীয়ল চুৰ কৰাত উস্তাদ আছিলোঁ৷ মোৰ অব্যৰ্থ লক্ষ্যয়ে বহুতৰ ঘৰৰ খিৰিকীৰ আইনা ভাঙিছিল৷ মোৰ ঘৰলৈ এইবোৰক লৈ প্ৰায়েই অভিযোগ আহিছিল৷ ফলশ্ৰুতিত দেউতায়ে মোৰ পিঠিত প্ৰায়ে ভূগোলৰ মেপ আঁকি দিছিল৷ এইদৰেই দুষ্টালিৰ মাজেৰে মোৰ শৈশৱকালটো পাৰ হৈছিল৷
ফটাঢোল : আপোনাৰ প্ৰথম অভিনয় ক’ৰ পৰা কেনেকৈ আৰম্ভ হৈছিল?
অতুল পাচনী : মই উচ্চ মাধ্যমিক যোৰহাট পলিটেকনিক হাইস্কুলত পঢ়িছিলোঁ৷ সেইখিনি সময়ত যোৰহাটৰ প্ৰায়বোৰ বিদ্যালয়তে শ্ৰেণীবোৰৰ মাজত “বিদ্যালয় সপ্তাহ”ত একাংক নাট প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছিল৷ মই অষ্টমমান শ্ৰেণীত পঢ়ি থকা সময়তেই এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি নিজ পৰিচালনাৰে নাট মঞ্চস্থ কৰি শ্ৰেষ্ঠ পৰিচালক আৰু শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ বঁটা লাভ কৰোঁ৷ তেতিয়াৰ পৰায়েই নাটকৰ প্ৰতি বেলেগ এটা প্ৰেমৰ জন্ম হ’ল৷ এইখিনিতে এটা কথা সংযোগ কৰা উচিত হ’ব, সেইখিনি সময়ত যোৰহাটৰ বিভিন্ন বিদ্যালয়ৰ শ্ৰেষ্ঠ অভিনেতা আৰু নাট পৰিচালক সকলে একত্ৰিত হৈ এটা অনুষ্ঠানৰ জন্ম দিছিল, ‘নৱজ্যোতি শিল্পী সমাজ’৷ এই অনুষ্ঠানটোৰ বেনাৰত অসমৰ বিভিন্ন স্থানত একাংক নাট প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিলোঁ৷ আমি অসমৰ বিভিন্ন ঠাইত প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিলোঁ আৰু মিশ্ৰিত সফলতা লাভ কৰিছিলোঁ৷
ইয়াৰোপৰি যোৰহাট থিয়েটাৰ হল, জিলা পুথিভঁৰালৰ ৰংগমঞ্চ, তৰাজান নাট্য মন্দিৰ আদিত আমি পূৰ্ণাংগ পৰ্যায়ৰ নাটো সফল মঞ্চ ৰূপায়ণ কৰি দৰ্শকৰ সমাদৰ লাভ কৰিছিলোঁ৷ উল্লেখযোগ্য যে সেইখিনি সময়ত আমি অভিনয় কৰাসকলেই নিজস্ব চৰিত্ৰটো ৰূপায়ণৰ বাদেও পোহৰ, সংগীত, মঞ্চ সজ্জা আদি সকলোবোৰ কামেই কৰিব লগা হৈছিল৷ বহু কষ্টৰ মাজেৰে এই যাত্ৰাৰ আৰম্ভণি হৈ আজিৰ পৰ্যায় লাভ কৰিছেহি৷
ফটাঢোল : আপুনি ভ্ৰাম্যমান নাটকৰ লগত কি দৰে জড়িত হ’ল?
অতুল পাচনী : নৱজ্যোতি শিল্পী সমাজৰ লগত অসমৰ বিভিন্ন প্ৰান্তত নাটক কৰি কৰি ঘূৰি ফুৰা সময়ৰে কথা৷ যোৰহাটৰ কাছাৰী ময়দানত অসমৰ বিভিন্ন ভ্ৰাম্যমান নাটক কৰা নাট্য দলবোৰ গৈছিল৷ সেই নাটকবোৰ চাবলৈ গৈ মই তেতিয়াই ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰেমত পৰিছিলোঁ৷ মনলৈ এটা চিন্তায়ে বাৰে বাৰে আহিছিল, “ময়ো যদি ভ্ৰাম্যমান থিয়েটাৰৰ এজন অভিনেতা হ’ব পাৰোঁ!”- আৰু এদিন কাকো নজনোৱাকৈয়ে মনে মনে মই পলাই গৈ অপ্সৰা থিয়েটাৰত যোগদান কৰোঁ৷ সেইখিনি সময়ত আলফাৰ জনপ্ৰিয়তা তুংগত আছিল৷ ঘৰৰ মানুহৰ চিন্তা হৈছিল, মই গৈ আলফাতে যোগ দিলোঁ নেকি! যিহেতু মই খুব দুষ্ট আছিলোঁ, কোনোবাই মোক হত্যা কৰিলে নেকি বুলিও চিন্তা হৈছিল৷ যি কি নহওঁক কেনেবাকৈ কিবা যোগসূত্ৰত একমাহমান পাছত গম পালে মই গৈ থিয়েটাৰত যোগ দিয়া বুলি৷ সেই ভ্ৰাম্যমানৰ প্ৰযোজক আছিল নাট্যকাৰ জিতেন শৰ্মাদেৱ৷ সেই থিয়েটাৰত মই তিনি বছৰ থাকিলোঁ৷
ফটাঢোল : আপোনাৰ পত্নীও এগৰাকী সুদক্ষ অভিনেত্ৰী৷ দুয়োৰে প্ৰেম বা চিনাকি ক’ত কেনেকৈ প্ৰথমে হৈছিল?
অতুল পাচনী : অপ্সৰাত অভিনয় কৰি থকা দিনৰে কথা৷ মই যাত্ৰা আৰম্ভ কৰাৰ তিনি নম্বৰ বছৰত আখৰা শিবিৰলৈ বহুত নতুন নতুন অভিনেতা অভিনেত্ৰীৰ আগমন হ’ল৷ সেইসকলৰ মাজতে আখৰা শিবিৰলৈ বিশ্বনাথ চাৰিআলিৰ পৰা এগৰাকী অভিনেত্ৰীৰো আগমন হৈছিল৷ মিঠা বৰণীয়া, উজ্জ্বল চকুৰ ছোৱালীজনী.. অলপ লাজ লাজকৈ বহি থাকে, গহীন গম্ভীৰ৷ প্ৰথম দৃষ্টিতেই কিবা ভাল লাগি গ’ল৷ আপাতত ক’বলৈ গ’লে প্ৰেমত পৰিলোঁ৷ এতিয়া সমস্যা হ’ল কোৱা যায় কেনেকৈ! মানে আজিৰ দিনৰ “ইলু ইলু” বা ‘আই লাভ ইউ’টো কেনেকৈ ক’ম! তাই কিবা গালি পাৰিব নেকি! চুচুক-চামাককৈ তাই মানে অনিমাৰ ওচৰলৈ গৈ ক’লোঁ,
“অনিমা, তোমাক কথা এটা কওঁ৷ যদি কথাটোত তোমাৰ সন্মতি নাই মোক খং নকৰিবা বা কথাটো যদি তোমাৰ গ্ৰহণযোগ্য নহয় তাতো মই আপত্তি নকৰোঁ৷”
তেতিয়া অনিমাই ক’লে “কওঁকচোন দাদা”।
মই তেতিয়া মোৰ মনৰ কথা ব্যক্ত কৰিলোঁ,
“মই তোমাক ভাল পাব বিচাৰোঁ৷ কেৱল ভালপোৱাই নহয়, মই তোমাক বিয়াও পাতিব বিচাৰোঁ৷”
তাই এক মিনিট সময় মৌন হৈ ৰৈ একমিনিটৰ পাছত সন্মতি জ্ঞাপন কৰিলে৷ অনিমাৰ লগত মোৰ প্ৰেম হ’ল, এইখিনিলৈ ঠিকেই আছিল৷ কিন্তু ইয়াৰ পাছতেই মই বিপৰ্যয়ৰ সন্মুখীন হ’লোঁ৷ কাৰণ অনিমা আছিল এগৰাকী মাছমৰীয়া সম্প্ৰদায়ৰ ছোৱালী, আনহাতে মই সত্ৰৰ নৈষ্ঠিক পাচনী বংশৰ৷ ঘৰ তথা পৰিয়ালৰ পৰা যথেষ্ট বাধাৰ সন্মুখীন হ’লোঁ৷ এনেতে এদিন দূৰ ক’ৰবাৰ এখন দোকানৰ পৰা ভাঁহি অহা নমস্য শিল্পী সংগীত সূৰ্য প্ৰয়াত ড° ভূপেন হাজৰিকা দেৱৰ “যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে দুয়ো দুয়োকে হেনো বিয়া পাতে”…. গীতটিয়ে মোৰ সংকল্পক আৰু দৃঢ়তা প্ৰদান কৰিলে৷ অনিমা দাসক মই অনিমা পাচনী কৰিলোঁ৷ অনিমাৰ ঔৰষত মোৰ দুটি সন্তানৰ জন্ম হ’ল, প্ৰথমা কন্যা সন্তান অনন্যা পাচনী আৰু পুত্ৰ নানান পাচনী৷ অনন্যা অভিনেত্ৰী হিচাপে ইতিমধ্যে অসমৰ ৰাইজৰ মাজত পৰিচিত৷ পুত্ৰয়ো বৰ্তমান বহুকেইখন জনপ্ৰিয় অসমীয়া ধাৰাবাহিক পৰিচালনা কৰি সুখ্যাতি লাভ কৰিছে৷
ফটাঢোল : আপোনাৰ অভিনয়ৰ যাত্ৰাটোলৈ পুনৰ উভতি যাব খুজিছোঁ৷ আপোনাৰ ডাঙৰ পৰ্দাত অৰ্থাৎ চেলুলয়ডৰ যাত্ৰা আৰম্ভ হৈছিল এখন কলাত্মক ছবি ‘চিঞৰ’ৰে! সেই অভিজ্ঞতাৰ বিষয়ে অলপ জনাবচোন!
অতুল পাচনী : চিনেমাৰ দিশটোলৈ যোৱাৰ আগতে মোৰ সেই সময়ৰ আৰ্থিক অৱস্থাটোৰ বিষয়ে অলপ কৈ লওঁ৷ অনিমাক বিয়া পতাৰ সময়ত মোৰ আৰ্থিক অৱস্থা একেবাৰে দূৰ্বিসহ আছিল৷ পৰিয়াল স্বজন সকলোৰে পৰা এলাগী হৈ যোৰহাটৰ সৰু ভাৰাঘৰ এটাত দিন অতিবাহিত কৰিছিলোঁ৷ সেইখিনি সময়তে দুষ্ট বন্ধু কেইজনমানৰ প্ৰৰোচনাত পৰি মদ আৰু ভাঙৰো বেপাৰত হাত দিছিলোঁ যদিও মাত্ৰ বিশ দিনতে মোৰ বেপাৰত লালবাটি জ্বলিল৷ তেওঁলোকেই বাকীত নি নি সকলোবোৰ খাই শেষ কৰিলে৷ লালবাটি জ্বলিলেও মই উপলব্ধি কৰিলোঁ প্ৰভু ভগৱন্তই মোক অভিমন্যুৰ চক্ৰবেহু সদৃশ সেই পৰিবেশৰ পৰা উদ্ধাৰ কৰিলে৷ এই প্ৰসংগতে মই আজিৰ নৱ প্ৰজন্মক ক’ব খোজোঁ, যিমানেই কঠিন পৰিবেশ নাহক কিয় কেতিয়াও যেন অবাটে নাযায়৷ সৎ পথত কষ্ট কৰিলে সদায় ফল পোৱা যাবই৷ ইয়াৰ পাছতে শ্ৰীমতীৰ পৰামৰ্শক্ৰমে বিশ্বনাথ চাৰিআলিত থকা তেওঁৰ অকলশৰীয়া মাতৃক চোৱা-চিতাৰ লগতে নিজৰো জীৱন সংগ্ৰামৰ যুঁজখন চলাই নিবলৈ শাহুৰ ঘৰলৈ প্ৰস্থান কৰোঁ৷ বিশ্বনাথ চাৰিআলিত গৈ কাৰোবাৰ ঘৰত হাজিৰা কৰিলোঁ, কাৰোবাৰ ঘৰত চূণ-তেল দিলোঁ, সৰু টেবুল এখন লৈ তামোল পাণ বিক্ৰী কৰিলোঁ, বাতৰি-কাকত, আলোচনী লৈ বাটে পথে, বাছষ্টেণ্ডত, কিতাপ-পত্ৰ বিক্ৰী কৰিলোঁ৷ ইয়াৰ সমান্তৰালকৈ চলি থাকিল নাট্য চৰ্চা৷ দিনত হ’লে জীৱন সংগ্ৰাম আৰু সন্ধিয়া বীণাপানী নাট্য মন্দিৰত গৈ নাট্য চৰ্চা৷ বিশ্বনাথ চাৰিআলি, চতিয়া আদি অঞ্চলত অপেচাদাৰী নাট্য চৰ্চাৰ খুব ভাল পৰিবেশ এটা আছে৷ তেনেকৈয়ে জীৱন সংগ্ৰাম আৰু নাট্য চৰ্চাৰ মাজেৰে মই বিশ্বনাথ চাৰিআলিত প্ৰায় ১৪ বছৰ পাৰ কৰিলোঁ৷ এই সময়চোৱাত অসমৰ বিভিন্ন প্ৰান্তত হোৱা নাট প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিছিলোঁ৷ এবাৰ ডুলিয়াজানত অনুষ্ঠিত হোৱা “অসম নাট্য সন্মিলনী পূৰ্ণাংগ নাট প্ৰতিযোগিতা”ৰ মাত্ৰ তিনি মিনিটৰ এটা চৰিত্ৰ ৰূপায়ণ কৰি শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিলোঁ৷ সেইবাৰ বিচাৰক আছিল স্বনামধন্য চিত্ৰ পৰিচালক শ্ৰদ্ধাৰ অতুল বৰদলৈ ডাঙৰীয়া আৰু নাট্যকৰ্মী ৰফিকুল হুচেইন ডাঙৰীয়া৷ অতুল দায়ে নাট শেষ হোৱাৰ পাছতেই মোক লগ ধৰি মোৰ অভিনয়ৰ উচ্চ প্ৰশংসা কৰাৰ লগতে মোক এখন ছবিত অভিনয়ৰ প্ৰস্তাৱ দিয়ে৷ সেই ছবিখন অসমৰ প্ৰায়বোৰ অপেচাদাৰী মঞ্চৰ নাট্যকৰ্মীক লৈ কৰা হৈছিল৷ কেমেৰাৰ ব্যাকৰণ নজনা মোক চিনেমাৰ মুখ্য চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ দিয়া হ’ল, য’ত মই এজন বোবাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ৷ ইয়াৰ পাছত তেখেতৰ দ্বিতীয় ছবি ‘গ্ৰহণ’ত মই এজন অতিথি শিল্পীৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ৷ ইয়াৰ পাছত গুৱাহাটীৰ জিলা পুথিভঁৰালত নাট্যকাৰ পংকজ জ্যোতি ভূঞাৰ নাট “কিবা এটা হৈ আছে”, য’ত মই দুই মিনিটৰ চৰিত্ৰ এটা ৰূপায়ণ কৰি শ্ৰেষ্ঠ কৌতুক অভিনেতাৰ সন্মান লাভ কৰিছিলোঁ, নাট উপভোগ কৰি থকা প্ৰয়াত যশস্বী পৰিচালক বিদ্যুত চক্ৰৱৰ্তী, নাট্যকৰ্মী তথা চলচিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকা আৰু সুদক্ষ কেমেৰামেন অজান বৰুৱাদেৱে মোক নাট শেষ হোৱাৰ পাছতেই আহি সেউজ গৃহত(গ্ৰীণ ৰূম)ত লগ ধৰি এটা প্ৰস্তাৱ আগবঢ়ায়৷ গল্পকাৰ অপূৰ্ব শৰ্মাৰ গল্পৰ আধাৰত নিৰ্মিত ‘হলধৰ’ ছবিত অভিনয় কৰোঁ যিখন ছবিয়ে ১৯৯২ চনত শ্ৰেষ্ঠ পৰিচালকৰ প্ৰথম ছবিৰ ‘ইন্দিৰা গান্ধী বঁটা’ লাভ কৰিছিল৷ পৰিচালক আৰু প্ৰযোজকৰ সামান্য গাফিলতিৰ বাবে মোৰ নামটো শ্ৰেষ্ঠ অভিনেতাৰ পৰিৱৰ্তে সেইবাৰ শ্ৰেষ্ঠ পাৰ্শ্ব অভিনেতাৰ শিতানত দিয়া হৈছিল৷ সেইবাৰ প্ৰতিযোগিতাৰ জুৰি হিচাপে থকা শ্ৰদ্ধাৰ পুলক গগৈ দেৱে পাছত মোক আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱলৈ আমন্ত্ৰণ কৰি সম্বৰ্ধনাৰ ব্যৱস্থা কৰে৷ সেইখন ছবিয়েই মোৰ টাৰ্ণিং পইণ্ট৷ মোৰ দূৰ্বিসহ জীৱনৰ তাতেই অন্ত পৰিল৷
ফটাঢোল : গুৱাহাটীত প্ৰতিষ্ঠা বা ইয়াৰ সাংস্কৃতিক জগতখনৰ লগত কেনেকৈ জড়িত হ’ল?
অতুল পাচনী : হলধৰৰ সফলতাৰ পাছতেই সকলোৰে পৰামৰ্শমতে আমি দুয়ো গুৱাহাটীলৈ আহিলোঁ৷ সাংস্কৃতিক সঞ্চালয়ত অস্থায়ী কৰ্মীৰূপে ৯০০ টকাত দুয়ো কৰ্মৰত হ’লোঁ৷ সেইখিনি সময়ত শ্ৰদ্ধাৰ অভিনেতা নিপন গোস্বামীদেৱেও এইটো বিষয়ত যথেষ্ট সহায় কৰিছিল৷ কিন্তু কামত যোগদান কৰাৰ পাছৰে পৰা অন্য কাম কৰিব নোৱাৰা হ’লোঁ৷ ধৰা ১০ দিন শ্বুটিঙত ব্যস্ত থাকিলোঁ,গতিকে দহদিনৰ দৰমহা কৰ্তন৷ ইতিমধ্যে ধাৰাবাহিকৰো বহুক কাম পাবলৈ ধৰিছিলোঁ৷ গতিকে সকলো গমিপিটি এদিন চাকৰিটো ইস্তফা দিলোঁ৷ তেতিয়াৰে পৰা দুয়ো চাকৰি নকৰি মোৰ পত্নীৰ নামত “অনিমা প্ৰডাকচন” নামৰ এটা প্ৰযোজনা গোষ্ঠীৰ জন্ম দি একাণপতীয়াকৈ কামত লাগিলোঁ৷ গুৱাহাটী দূৰদৰ্শনৰ কমিচন প্ৰগ্ৰেমৰ অনুষ্ঠানবোৰো সৌ সিদিনালৈকে কৰি আহিছোঁ৷ এনেকৈয়ে চলি আছোঁ আৰু!
ফটাঢোল : আপুনি চলচিত্ৰত আৰম্ভণি কৰিছিল চিৰিয়াছ চৰিত্ৰৰে৷ সাধাৰণতে দেখা যায় যে নায়কৰ চৰিত্ৰতহে নিজকে প্ৰতিষ্ঠা কৰাৰ প্ৰায় সকলোৰে হাবিয়াস থাকে৷ আপুনি বিশেষতঃ কৌতুক অভিনেতা হিচাপেই নিজকে সফলভাবে প্ৰতিষ্ঠা কৰিলে৷ সমগ্ৰ পৰিক্ৰমাটো সামৰি আপোনাৰ নিজস্ব উপলব্ধি কি?
অতুল পাচনী : খুব সুন্দৰ প্ৰশ্ন কৰিছা৷ নৱ ৰসৰ অন্যতম কঠিন ৰস হৈছে হাস্য ৰস৷ যিজন অভিনেতাই সেই ৰসক প্ৰতিফলিত কৰিব পাৰে, তেঁৱেই সম্পূৰ্ণ অভিনেতা বুলি ক’ব পাৰি৷ মই নিজে প্ৰথমে বহু চিৰিয়াছ চৰিত্ৰতে অভিনয় কৰিছিলোঁ৷ কিন্তু টেলিভিশ্যনৰ ধাৰাবাহিকত কৌতুক অভিনেতা হিচাপেই আৰম্ভণি কৰিছিলোঁ৷ অসমৰ ৰাইজেও সেই ৰূপত মোক আকোঁৱালি ল’লে৷ তাৰ মাজতো বহুকেইখন ছবিত মই চিৰিয়াছ চৰিত্ৰতে অভিনয় কৰিছোঁ৷ জাহ্নু বৰুৱাৰ “সাগৰলৈ বহু দূৰ”, “কুশল কোঁৱৰ, “কণিকাৰ ৰামধেনু”, “তৰা”, ড° সান্তনা বৰদলৈৰ “অদাহ্য” আদিত চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছোঁ৷ শেহতীয়াকৈ প্ৰয়াত হোমেন বৰগোহাঁঞি ছাৰৰ প্ৰথম উপন্যাস “সুবালা”ৰ একেনামৰ চিত্ৰনাট্য ৰূপৰ ছবিখনতো মই চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছোঁ৷
ফটাঢোল : বৰ্তমান ইউটিউব জাতীয় মঞ্চত ছবি প্ৰদৰ্শনৰ এটা জোঁৱাৰ উঠিছে৷ এই ক্ষেত্ৰত আপোনাৰ নিজৰ কিবা পৰিকল্পনা?
অতুল পাচনী : মই এই ক্ষেত্ৰত নিজে বৰ আগ্ৰহী নহয়৷ কাৰণ ডাঙৰ পৰ্দাৰ মধুৰতা বেলেগ৷
ফটাঢোল : আজিৰ দিনৰ খুব জনপ্ৰিয় “ষ্টেণ্ড আপ কমেডি” সম্পৰ্কে আপোনাৰ দৃষ্টিভংগী কি? আপুনি নিজেও কিবা কৰাৰ কথা চিন্তা কৰিছে নেকি?
অতুল পাচনী : বৰ্তমান মই কাম কৰি থকা বিষয়টোৱেই হৈছে এইটো৷ আমি মঞ্চত একক অভিনয় কৰি থাকোঁতেও কেতিয়াবা ঠিতাতে কোনোবা সংলাপ এটা সৃষ্টি কৰোঁ৷ আমি পূৰ্বতেও ‘কৃপাবৰ কৌতুক গোষ্ঠী’ নামৰ এটা অনুষ্ঠানৰ যোগেদি অসমৰ বিভিন্ন ঠাইত দলীয় কৌতুক অভিনয় কৰিছিলোঁ৷ গুৱাহাটীলৈ অহাৰ পাছত বিগত ত্ৰিশ বছৰে বিৰামহীন ভাবে একক কৌতুক অভিনয় কৰি আহিছোঁ৷
ফটাঢোল : যিহেতু আমাৰ আলোচনীখন হাস্য বংগৰ গতিকে আপোনাৰ পৰা অভিনয়ৰ লগত জড়িত কিবা ৰসাল ঘটনাৰ কথা জানিবলৈ বিচাৰিম!
অতুল পাচনী : ৰসাল অভিজ্ঞতা বহুত আছে৷ কেতিয়াবা অভিনয় কৰি মঞ্চৰ পৰা নামি অহাৰ পাছত জাঁপ মাৰি পিঠিত উঠি দিয়া, তামোল খোৱা ওঁঠেৰে চুমা খাই গাল ৰঙা কৰি দিয়া আদি অলেখ কাহিনী আছে৷ এবাৰ ডুলীয়াজানত নাটক কৰিবলৈ যাওঁতে বৰ সাংঘাতিক ঘটনা হৈছিল৷ মই তাত এটা ৰিক্সাৱালাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ৷ মোৰ সাজ-সজ্জা ৰিক্সাৱালাৰ, লগতে চুলিবোৰ জপৰা-জপৰি, চকুত ফেচকুৰি, ফটা লং পেণ্ট চাৰ্ট, মদৰ ভাটিত গৈ মদ খোৱাৰ ৰূপ এটা ফুটাই তোলা হৈছে৷ সমস্যাটো হ’ল মোক সেউজগৃহৰ স্বেচ্ছাসেৱকসকলে প্ৰবেশ কৰিবলৈ নিদিয়া হ’ল৷ “ক’ৰ এইটো পাগল আহিছে” বুলি বাৰে বাৰে খেদি দিয়ে৷ মই অভিনয় কৰিবলৈ আহিছোঁ বুলি কওঁতেও মানি নলয়৷ বহু অনুৰোধৰ পাছতো ফল নধৰাত আমাৰ দলৰ সম্পাদকক জনোৱাতহে তেখেতৰ যোগেদি প্ৰবেশৰ অনুমতি পালোঁ৷ অৱশ্যে স্বেচ্ছাসেৱকজনে মোক পাছত ক্ষমা খুজিছিলহি৷ এইবোৰেই আৰু!
ফটাঢোল : আপোনাৰ লগত বহু সময় কথা পাতিলোঁ৷ শেষ কৰাৰ পূৰ্বে আমাৰ পাঠকৰ বাবে কিবা এষাৰ ক’বলৈ অনুৰোধ জনালোঁ৷
অতুল পাচনী : ফটাঢোল বুলিলে মোৰ এখন নাটকলৈ মনত পৰে৷ কুশলদেৱ গোস্বামীৰ নাটক “ফটাঢোলৰ চেও”৷ ফটাঢোলৰ কাম আছে, ফটাঢোলৰ শব্দটো অলপ অগতানুগতিক৷ মোৰ পাঠক সমাজক ইমানকে ক’ব লগা আছে যে, হাঁহিয়ে মানুহৰ আয়ুস বঢ়ায়৷ বাহিৰৰ দেশবোৰত “লাফিং ক্লাব” আছে৷ তাত মানুহে আয়ুস বঢ়াবৰ বাবে হাঁহিবলৈ যায়৷ হাঁহক, হঁহুৱাক, আয়ুস বঢ়াওক৷ আলোচনীখন পঢ়ি থাকক৷
ফটাঢোল : আমাক ইমানখিনি সময় দিয়াৰ আপোনাক অশেষ ধন্যবাদ৷ আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলোঁ৷
অতুল পাচনী : ধন্যবাদ।
( সাক্ষাৎকাৰটো যুগুতালে দেবজিত শৰ্মাই৷ সহযোগ কৰিলে প্ৰণীতা গোস্বামী বৰঠাকুৰ আৰু দিম্পল কলিতাই)
☆ ★ ☆ ★ ☆
10:51 pm
প্ৰিয় কৌতুক অভিনেতাজনৰ বিষয়ে বহু নজনা কথা জানিব পাৰিলোঁ।অভিনেতাজনে জীৱনত লাভ কৰা ৰসাল অভিজ্ঞতাটি পঢ়ি অনুভৱ হ’ল সেই নিৰ্দিষ্ট চৰিত্ৰ ৰূপায়ণ কিমানযে নিখুঁত আছিল! অতি সুন্দৰ সাক্ষাৎকাৰ।ভাল লাগিল।
11:10 am
জীৱন সংগ্ৰামত জৰ্জৰিত হৈয়ো আনক হঁহুৱাই থাকিব পৰা সহজ নহয়। প্ৰকৃত অভিনেতা তেওঁ।
10:14 am
প্ৰিয় কৌতুক অভিনেতাজন আৰু তেওঁৰ জীৱন সংগ্ৰামৰ বিষয়ে জানিবলৈ পাই খুব ভাল লাগিল। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিলো
11:08 am
সংগ্ৰাম কৰি আনক হঁহুৱাই থাকিব পৰা জনেই প্ৰকৃত অভিনেতা।