ইমাৰ্জেঞ্চি-কমলা দাস
বহু বছৰ আগৰ কথা। দিল্লী ফুৰিবলৈ গৈ হোটেলত আছিলোঁ। দুদিনমান দিল্লীত ঘুৰাৰ পাছত এইবাৰ আমি প্লেন বনালোঁ তাজমহল চাবলৈ যোৱাৰ। দিল্লীৰপৰা আগ্ৰা বহু দূৰ। আমি আগতে আগ্ৰা গৈ পোৱা নাই। সেয়ে হোটেলৰ মেনেজাৰকে সুধিলোঁ, আগ্ৰালৈ কেনেকৈ গ’লে সুবিধা হ’ব! মেনেজাৰে আমাক ক’লে যে টুৰিষ্ট বাছ সদায় যায়। আমি যদি যাওঁ তেন্তে মেনেজাৰেই আমাক বাছ আৰু বাছৰ টিকটৰ সকলো সুবিধা কৰি দিব। বাছে আহি আমাক হোটেলৰপৰা লৈ যাব আৰু ঘুৰি অহাৰ পাছত হোটেলত থৈও যাব। আমি ভালেই পালোঁ। তেওঁলোককেই ব্যৱস্থাখিনি কৰি দিবলৈ ক’লোঁ। তেৱোঁ আগ্ৰহেৰে কৰি দিম বুলি গাত ল’লে। অৱশ্যে তেওঁৰ আগ্ৰহ দেখি অলপ আচৰিতো হ’লো আমি! কাৰণ ইয়াৰ আগলৈকে দিল্লীৰ কোনো মানুহে বিনা কাৰণত একো সহায় কৰা দেখা নাছিলোঁ। পাছত মেনেজাৰৰ আগ্ৰহৰ কাৰণ জানিছিলোঁ। এনেদৰে বাছ বিলাকক মানুহ যোগাৰ কৰি দিয়াৰ বিনিময়ত তেওঁ হেনো কমিচন পায়!
যি নহওক, নিৰ্দিষ্ট দিনত, নিৰ্দিষ্ট সময়ত খুব ৰাতিপুৱাই হোটেলৰ সন্মুখত আহি বাছ হাজিৰ হ’ল আমাক নিবলৈ। আমিও পুৱতি নিশাই শুই উঠি গা – পা ধুই সাজু হৈ আছিলোৱেই। বাছ আহি ৰোৱাৰ লগে লগে উঠিলোঁ গৈ।
বাছখনে আৰু কেইবাখনো হোটেলে – হোটেলে গৈ মানুহ উঠালে। আৰু বেলেগ যাত্ৰীও উঠাই বাছৰ চিটবোৰ ভৰ্তি হোৱাত, বাছে আগ্ৰা অভিমুখে যাত্ৰা আৰম্ভ কৰিলে।
যিসকলে দিল্লীৰপৰা আগ্ৰালৈ বাছেৰে নাইবা সৰু গাড়ীৰে গৈ পাইছে, তেওঁলোকে জানে দিল্লীৰপৰা আগ্ৰালৈ যোৱা ৰাস্তাটো কিমান ধুনীয়া! মসৃণ ৰাস্তাৰ দুয়োকাষে সুন্দৰ সেউজীয়া বননি। দৃশ্যবোৰ চাই – চাই গৈ বহুত ভাল লাগে।
প্ৰকাণ্ড বাছখনত আমাৰ কাৰো লগত কাৰোৰেই চিনাকি নথকা বিভিন্ন ঠাইৰ, বিভিন্ন যাত্ৰী একেলগে গৈছোঁ। মাজে মাজে চকু ঘুৰাই চাওঁ যাত্ৰীসকলক। সকলোৰে নাক মুখৰ ডিজাইন বিলাক বেলেগ – বেলেগ। মুখৰ গঢ় চাইয়েই ক’ব পাৰি তেওঁলোক অসমৰ নহয় বুলি। একোটা দ’লত ডেকা গাভৰুৰ পৰা সৰু ল’ৰা – ছোৱালী, বুঢ়া – বুঢ়ীও আছে। সৰু পৰিয়াল একোটাও পৰিয়াল আহিছে।
বাছৰ আৰামদায়ক চিটবোৰত আমি গা এৰি দিছোঁ। টোপনিৰ আৱেশ এটাই আমেজ আনি দিছে। তীব্ৰ গতিত গাড়ী দৌৰি আছে। মাজে মাজে গাইডজনে গাড়ীৰ কেবিনৰপৰা ওলাই আহি, লাউডস্পিকাৰ এটা লৈ, ওচৰৰ ঠাই বোৰৰ বিৱৰণ ডাঙি ধৰেহি আমাৰ মাজত। টোপনিৰ আমেজ লগা আমি, এটা চকু মেলি, এটা চকু মুদি তেওঁৰ কথাখিনি শুনোঁ। দহমান বাজিছে তেতিয়া। সকলোৰে ভোক লাগিছে। ইফালে ৰাতিপুৱা গাড়ীত বহাৰপৰাই ক’তোৱেই গাড়ী ৰখোৱা নাই বাবে সকলোৰে প্ৰাকৃতিক বিসৰ্জনবোৰো জোৰেৰে অনুভৱ হৈ আছে! এনেতে বিহাৰী পৰিয়ালৰ বুঢ়া মানুহ এজনে ডাঙৰ কৈ চিঞৰিলে,
: আৰে গাড়ীৱালা ভাই, মুত্ৰ বিচৰ্জন কে লিয়ে থোৰা গাড়ী ৰুক্কো তো!
আমি নিজৰ – নিজৰ আৱেশত মগ্ন হৈ অহা মানুহখিনিয়ে প্ৰথমে তেওঁৰ মাত শুনিলোঁ! তাৰ পাছত তেওঁ কি কৈছে অনুধাৱন কৰিবলৈ চেষ্টা কৰিলোঁ! আৰু এক মিনিটমান পাছত তেখেতৰ কথা বুজিব পাৰি তেওঁলৈ আমি আটায়ে এনেকুৱা আচৰিত ভাৱত ঘুৰি ঘুৰি চালোঁ যে যেন জীৱনত আমি কোনো দিনে, কোনেও, মুত্ৰ বিসৰ্জন কৰিয়েই পোৱা নাই!
কেবিনৰ ভিতৰত থকা গাড়ীৱালাই পিছে তেওঁৰ কথাটো শুনিলে নে নুশুনিলে গ’ম নাপালোঁ। ফো – ফোৱাই গাড়ী দৌৰিয়েই থাকিল!
মই বহা ঠাইৰপৰা মানুহজনক ভালদৰে দেখা পাওঁ বাবে, পুনৰ এবাৰ মানুহজনলৈ ভালদৰে চালোঁ। বিহাৰী পৰিয়াল এটাৰ লগত অহা সেই বয়সস্থ মানুহজনে ধুতি – পাঞ্জাৱী পিন্ধি আহিছে। লেঙলেঙীয়া ওখ, ক’লা আৰু খীণ মানুহজনে ধুতি কোঁচাই আঁঠুৰ ওপৰত তুলি থৈ এনেকুৱা এটা প’জত বহি আহিছে, যেন গাড়ী ৰ’লেই দৌৰি নামি গৈ কামটো কৰিব পাৰে! বহিছেও তেওঁ গাড়ীৰ সন্মুখৰ ফালৰ চিটত।
গাড়ী দৌৰি আছে। বেচেৰা মানুহজনে উচপিচাই আছে আৰু পাঁচ, দহ মিনিটৰ মূৰে – মূৰে সুৰ লগাই,
: পিচা..আআআ..ৱ কৰ্না হ্যে, পিচা..আআ..ৱ কৰ্না হ্যে, কৈ কৈ আহি আছে!
পৰিয়ালৰ মানুহ এজনীয়ে সৰু – সৰুকৈ কিবা কয় তেখেতক! শুনি তেখেতে অলপ সময় মনে – মনে থাকে। কিন্তু প্ৰাকৃতিক তাড়না কোনে ৰোধ কৰিব পাৰে! পুনৰ তেওঁ গাড়ী ৰখাবলৈ চিঞৰে!
আন মানুহ কোনেও তেখেতৰ কথাত গুৰুত্ব দিয়া নাই।
এনেতে গাড়ীৰ কেবিনৰ দৰ্জাখন খুলি গাইডজন ওলাই আহিল। সেইজন ওলোৱাৰ লগে – লগে বিহাৰী মানুহজনে গাড়ীখন ৰখাবলৈ বুলি, বৰ আশাৰে তেওঁলৈ চালে। কিন্তু গাইডজনে যেতিয়া যাত্ৰীসকলক কিবা ক’বলৈ বুলি মাইক টো ঠিক – ঠাক কৰিবলৈহে ল’লে, তেতিয়া আৰু তেওঁ ধৈৰ্য্য ধৰি নাথাকিল! তেখেতে এনেকুৱাকৈ চিঞৰিলে যে গাইড বেচেৰাই হতভম্ব হৈ গ’ল! তীক্ষ্ণ দৃষ্টিৰে মানুহজনলৈ চাই, পাগলৰ নিচিনা আচৰণ কৰা মানুহজনৰ পৰিস্থিতি অনুমান কৰিব পাৰি সিজনাই তুৰন্তে ড্ৰাইভাৰক গাড়ী ৰখাবলৈ কবলৈ পুনৰ কেবিনৰ ভিতৰলৈ সোমাই গ’ল!
গাইড সোমাই যোৱাৰ পাঁচ মিনিটমান পাছত অলপ হাবি – বননি থকা আওঁহতীয়া ঠাইত গাড়ীখন ৰখাই দিলে। কণ্ডাক্টৰে ওলাই আহি যাত্ৰীসকলোক ক’লে যে এতিয়া অকল সেই বুঢ়া মানুহজনৰ বাবে গাড়ী ৰখাইছে। বাকী যাত্ৰীসকলৰ বাবে দহ মিনিটমান পাছতেই হোটেল এখনত ৰখোৱা হ’ব। তাত সকলোৱে ফ্ৰেচ হৈ ল’ব পাৰিব আৰু লগতে খাই ল’বও পাৰিব!
পিছে কণ্ডাক্টৰৰ কথা শেষ নহ’লেই! বুঢ়া মানুহজনে নামিবলৈ যো – জা আৰম্ভ কৰোতেই, ডেকা মানুহ ভালে কেইজনমানে কণ্ডাক্টৰক দুৱাৰ মুখৰপৰা ঠেলি – হেঁচি কাষৰীয়া কৰি থৈ, দৌৰাদৌৰিকৈ নামি গৈ ৰাস্তাৰ দাঁতিতে শাৰী পাতিলে! আৰু ইমাৰ্জেঞ্চি হৈ থকা বুঢ়া মানুহজনে সকলোৰে শেষত গৈহে শাৰী পুৰালে বেচেৰাই!
☆ ★ ☆ ★ ☆
4:00 pm
হা হা। বঢ়িয়া লাগিল।
6:41 pm
ধন্যবাদ ডলী
6:23 pm
হাঃ হাঃ ভাল লাগিল পঢ়ি ।
6:42 pm
ধন্যবাদ শ্ৰুতিমালা
10:56 pm
হাঃ হাঃ
2:51 pm
??,বঢ়িয়া
6:16 pm
বঢ়িয়া জমনি মাহী?