পুৰোহিতৰ বিলৈ-জয়ন্ত দাস
“সচ্চা! আয়ৈ দেহী৷”
বোৱাৰীয়েক ৰীতাৰ কথাত শাহুৱেক বাসন্তী আনন্দতে জঁপিয়াই উঠিল৷ লগে লগেই তেওঁ বোৱাৰীহঁতৰ কোঠালৈ দৌৰ মাৰিলে৷ বোৱাৰীও শাহুৱেকৰ পিছে পিছে সোমাই আহিল৷ নাতিনী নিৰিবিলিক মৰমতে আকোঁৱালি ল’ব খুুজিও তেওঁ তৎক্ষণাত ৰৈ গ’ল৷ হাত দুখন পিছুৱাই আনিলে৷ বিছনাখনৰ ওপৰত বহি ম’বাইল পিটিকি থকা নাতিনীয়েকে একো নুবুজি তায়েই আইতাকৰ ফালে আগবাঢ়ি আহিল৷
: ৰ’বা, ৰ’বা৷ তুমি আগুৱাই নাহিবা৷ মোক নুচুবা৷
আইতাকৰ কথা শুনি তাই ভেবা লাগি মাকৰ ফালে চাই থাকিল৷
: আৰু বোৱাৰী শুনা, তুমি জনা-বুজা ছোৱালী হৈ তাইক এনেদৰে তোমালোকে শোৱা বিছনাখনত কিয় থাকিব দিছা৷ তাইক বেলেগে মাটিতে বিছনা এখন পাৰি দিয়া৷
: কিন্তু মা ইমান ঠাণ্ডাত তেনেকৈ মাটিত বিছনা কৰি দিলে তাইচোন বহুত কষ্ট পাব৷ তাতকৈ মোৰ লগতেই তাই থাকক৷
বোৱাৰীৰ কথা শুনি শাহুৱেকে গৰজি উঠিল৷
: কি পাপিষ্ঠ কথা ক’ব আহিছা? গো-গোঁসাই একো নমনা হ’লা৷ অতবছৰে দিল্লীত থাকি এইবোৰহে শিকিলা? এইচব একো নহ’ব৷ মুঠতে মই যেনেকৈ কৈছোঁ তেনেকৈয়ে হ’ব লাগিব৷ লগতে তাই এইকেইদিন গোটেই নিয়মখিনিও মানি চলিব লাগিব৷
ৰীতাই লাহেকৈ মূৰ দুপিয়ালে৷
কথাখিনি কৈয়েই বাসন্তী কোঠাৰ পৰা ওলাই আহিল৷
: মা, আইতাই কিউ এইছা কৰিছে? মোক ইমান প্যাৰ কৰে কিন্তু আজি পাপ্পি দিব আহিয়ো নিদিলে আৰু তোমাৰ ওপৰত হে গুচ্ছা কৰিলে৷
নিৰিবিলিক কি উত্তৰ দিব ৰীতাই ভাবি নাপালে৷ মুখেৰে একো নামাতি মাত্ৰ ক’লে,
: তুমি ইয়াতে বহি থাকাচোন৷ ৰূমৰ পৰা বাহিৰলৈ ওলাই নাহিবা৷ মই আইতাৰৰ লগত অলপ কথাপাতি আহোঁ৷
: মা, চাহ জলপান আনো নেকি?
ড্ৰয়িং ৰূমৰ চোফাত বহি থকা শাহুৱেকক ৰীতাই সুধিলে৷
খাম ৰ’বা অলপ পিছত৷ চাওঁ আহাচোন৷ বহা ইয়াতে৷
ৰীতা ওচৰৰে চকী এখনত বহিল৷
: কওঁকচোন মা৷
: শুনা, এইকেইদিন তাই কিছু নীতিনিয়ম মানি চলিব লাগিব৷ যেনে ধৰা তাই ভাতপানী একো খাব নোৱাৰিব৷ অকল ফল-মূল আৰু বুট-মগুহে খাব পাৰিব৷ এই নিয়মখিনি কঠোৰভাৱে পালন নকৰিলে ভৱিষ্যতে তাইৰ লগতে গোটেই ঘৰখনৰ বাবেই বেয়া৷
মাকৰ কথাত ৰীতা বৰ আচৰিত হ’ল৷
: কিন্তু মা, এইকেইদিন যিমান পাৰে ভালকৈ খোৱা-লোৱা কৰিবহে লাগে৷ অকল এইকেইদিনেই নহয়, আগলৈকেও ভালকৈ খালেহে তাইৰ শৰীৰ, মন-মগজু সঠিকভাবে বৃদ্ধি হ’ব৷ এতিয়াৰ পৰা তাইৰ লাহে লাহে শাৰীৰিক পৰিৱৰ্তনো আহিব৷ গতিকে মা যিমান পাৰি পুষ্টিকৰ খাদ্য খোৱাবহে লাগে৷
: যি দেখিছোঁ দিল্লীত থাকি তুমি মোতকৈও বেছি জনা হৈ পৰিলা বোৱাৰী৷
বাসন্তীয়ে ভেকাহি মাৰি উঠিল৷
: আৰু শুনা, খবৰটো দেউতাকক দিলানে নাই? সি বা আকৌ দিল্লীৰ পৰা আহিব পাৰে নে নোৱাৰে?
: দিছোঁ মা৷ পিচে তেওঁ হেনো আহিব নোৱাৰে৷ আৰু আপোনাকো একেবাৰে যিখিনি নিয়ম নকৰিলে নহয় সেইখিনিহে কৰিব দিছে৷ মানুহ-দুনুহ, আত্মীয়-স্বজন মাতি মাজনীক কইনা সজাই এচুকত বহাই থৈ ভোজ-ভাতৰ আয়োজন কৰিব মানা কৰিছে৷
বোৱাৰীৰ কথাশুনি বাসন্তী কিছুসময় চুপ হৈ থাকিল৷ মুখখনৰ ৰঙো অকণমান সলনি হৈ পৰিল৷ হঠাতে তেওঁ উচাৎ মাৰি কোঠাটোৰ পৰাই বাহিৰলৈ ওলাই আহিল৷
সম্পূৰ্ণ ৩ বছৰৰ পিছত সিহঁত নিজৰ ঘৰখনলৈ আহিছে৷ ইয়াৰ আগতে নিৰিবিলি যেতিয়া ক্লাছ ফৰ’ত আছিল তেতিয়াহে আহিছিল৷ হঠাতে এনেকুৱা হ’ব বুলি তাই ভবাই নাছিল৷ শৰীৰটোৰোচোন বিশেষ পৰিৱৰ্তন দেখা নাছিল৷ কথাবোৰ ভাবি ভাবিয়েই ৰীতা বাৰাণ্ডাতে বহি থকা শাহুৱেকৰ ওচৰ পালেহি৷
: মা, মই চাৰিআলিৰ দোকানলৈ যাওঁ৷ মাজনীৰ বাবে অকমান খোৱাবস্তু লৈ আহোঁগৈ৷
শাহুৱেকে মুখেৰে একো নামাতিলে৷
ৰীতাই উত্তৰলৈ অপেক্ষা নকৰি কোঠাৰ পৰা পইচাৰ বেগটো আৰু মোনাখন লৈ খৰ খোজেৰে দোকানলৈ বুলি ওলাই গ’ল৷ বজাৰ কৰিব গ’লে ৰীতাই মোনাখন নিবলৈ কেতিয়াও নাপাহৰে৷ এই অভ্যাসটো অৱশ্যে তাই গিৰিয়েকৰ পৰাই শিকিছে৷ সি প্ৰায়েই কয় আমিয়েই যদি মোনাখন লৈ বজাৰলৈ নাযাওঁ তেতিয়াহ’লে প্লাষ্টিকৰ ঠোঙাত বস্তু দিয়া দোকানীবোৰক উৎসাহিত কৰাহে নহ’ব জানো!
চকটোৰ একমাত্ৰ মিঠাইৰ দোকনখনৰ মিঠাইবোৰ পছন্দ নালাগিল ৰীতাৰ৷ তথাপিও কেইটামান ৰসগোল্লা লৈ ওচৰৰে দোকানখনৰ পৰা কাজুবাদাম, কিচমিচ আনমল আদি শুকান ফল বেছিকৈয়ে ল’লে৷ লগতে চকলেটো কিছু ল’লে৷ বজাৰৰ পৰা পোনে পোনেই ৰীতা সিহঁতৰ কোঠাত সোমাল৷ মোনাখনৰ বস্তুবোৰ উলিয়াই দি নিৰিবিলিক ভোক লাগিলে যি মন যায় খাবলৈ কৈ পাকঘৰলৈ বুলি ওলাই আহিল৷
তেনেদৰেই দিনবোৰ পাৰহৈ গৈ থাকিল৷ ইতিমধ্যেই ৪ দিনৰ দিনা ওচৰৰে আয়তী কেইজনীমান মাতি নিৰিবিলিৰ গা-ধোৱা পৰ্বটোও শেষ কৰিলে৷ আজি তাইৰ ৭ দিনীয়া ব্ৰতৰো অন্তিম দিন৷
বাসন্তী চোতালতে পায়চাৰি কৰি আছে৷ ৮ বজাতেই আহি পাম বুলি কোৱা তেওঁৰ চিনাকি পুৰোহিত নকুল শৰ্মা ৯’ বজালৈকে আহি নোপোৱাত তেওঁ অস্থিৰ হৈ পৰিছে৷ নাতিনীয়েকক পৰাচিত কৰি শুচি কৰিবলৈ নকুল শৰ্মাক মাতি পঠিয়াইছিল তেওঁ। এনেতে নকুল শৰ্মা সোমাই আহিল৷
: এহ বৰ দেৰি কৰিলেহে দেও৷
শৰ্মাক দেখিয়েই বাসন্তীয়ে মাত লগালে৷
: নাই দিয়ক, বেছি দেৰি হোৱা নাই৷ আপুনি যা-যোগাৰখিনি সাঁজু কৰি ৰাখিছে নে?
: ৰাখিছোঁ, ৰাখিছোঁ৷ আহক ভিতৰলৈ৷
পিছফালৰ বাৰাণ্ডাত কঠ এখন পাৰি তাত শৰ্মাক বহিবলৈ দিলে৷ পৰাচিত কৰিবৰ বাবে প্ৰয়োজনীয় পূজাৰ সামগ্ৰীখিনি উলিয়াই নিৰিবিলিকো আন এখন কঠৰ ওপৰত বহাই দিলে৷
শৰ্মাই পলম নকৰি সামগ্ৰীসমূহ সুন্দৰকৈ সজাই লৈ মন্ত্ৰোচ্চাৰণ আৰম্ভ কৰিলে৷ ৰীতা তেওঁলোকৰ ওচৰতে ঠিয় হৈ থাকিল৷
: বাৰু এতিয়া দূবৰি বনখিনি হাতত লোৱা৷
পুৰোহিতজনে ক’লে৷
তাই একো বুজি নাপায় মাকৰ মুখৰ ফালে চালে৷
লগেলগেই মাকে ক’লে,
: গ্ৰাশ্ব হাত মে ল’৷
নিৰিবিলিয়ে মাকে কোৱাৰ দৰে দূবৰি বন অলপ হাতত ল’লে৷
: এতিয়া তিল কেইটামান দৈখিনিৰ ওপৰত দি মই যি কওঁ তুমিও কৈ যাবা৷
পুৰোহিতজনে পুনৰ ক’লে৷
আকৌ তাই একো নুবুজি মাকৰ ফালে চাই থাকিল৷
লগে লগেই মাকে বুজাই দিলে,
: থোৰা তিল দহী কে ওপৰ মে ৰাখ’ অউৰ পূজাৰী য য বল্তে হে সাথ মে বল’।
মাজনীয়ে “ঠিক হে মাম্মী” বুলি তেওঁ কোৱাৰ দৰে কৰি গ’ল৷
: ফুল তুলসী কেইটামান লৈ হাতযোৰ কৰা৷
সেই একেই দশা৷ পুনৰ মাকে কৈ গ’ল৷
: ফুল অউৰ তুলসী লিফ লেকে হাথ যোৰকৰ প্ৰণাম কৰ’৷
দোভাষীৰ জৰিয়তে শৰ্মাই যেনেতেনে কামখিনি আগবঢ়াই নি আছে৷ কিন্তু বাৰে বাৰে তেনেকৈ মাকৰ সহায় ল’বলগীয়া হোৱাত তেওঁৰ ভাল লগা নাই৷ সেয়ে তেঁৱো মাকৰ ভাষাৰেই আৰম্ভ কৰিলে৷
: আভী গ্ৰাছ হাত মে লৈ পানী চুৱ আউৰ মই যি বলেংগে সাথ বল’৷
নিৰিবিলিয়ে কথাখিনি বুজি পাই তেওঁ কোৱাৰ দৰে কৰাত বৰ আনন্দ পালে৷ তাৰমানে এতিয়া আৰু মাকৰ প্ৰয়োজন নাই৷ সেয়ে তেওঁ উৎসাহিত হৈ পুনৰ আৰম্ভ কৰি দিলে৷
: আভী ফুল হাথ মে লৈ প্ৰণাম কৰ’৷
: জল ডাল’৷
: গ্ৰাছ ফুল কে ওপৰ ফেক’৷
: ৰাইচ পানী মে ডাল’৷
পূৰ্ণগতিত মন্ত্ৰোচ্চাৰণ চলি থাকিল লগতে কি কি কৰি যাব লাগিব তাৰো দিহা দি গৈ থাকিল৷
তায়ো পুৰোহিতে কোৱামতে কৰি গৈ থাকিল৷
: আভী ফুল তুলসী দূবৰি হাথ মে লৈ সাষ্টাঙ্গে প্ৰণাম কৰা৷
: ইয়ে সাষ্টাঙ্গে প্ৰণাম ক্যা হ্যায়?
নিৰিবিলিয়ে বুজি নাপায় বামুণক প্ৰশ্ন কৰিলে৷
সাষ্টাঙ্গে প্ৰণাম এতিয়া কেনেকৈ বুজাই বামুণে৷ মাকৰ ফালে চাই দেখে যে ইতিমধ্যে তেঁৱো তাৰ পৰা আঁতৰি গৈছে৷
পুনৰ মাজনীয়ে প্ৰশ্ন কৰিলে,
: সাষ্টাঙ্গে প্ৰণাম ক্যা হ্যায়?
ইপিনে বুজাই ক’ব পৰা নাই শৰ্মাই৷ কি কৰিব কি নকৰিব উপায় নাপায় নিজেই পেটটো মাতিত পেলাই সন্মুখৰ ফালে হাতদুখন দীঘলকৈ মেলি হাতযোৰ কৰি দেখাই দি ক’লে “এইছা কৰ’”৷
: অ আচ্ছা, য়োগা কৰণা হে অভী৷
য়োগাই কৰা বা ভাৰত নাট্যমে কৰা, তুমি যি ইচ্ছা সেয়াই কৰা মুঠতে মোৰ কাম শেষ৷
: ধুৰ কি পাল্লাত পৰিলো ৰে আজি!
তেওঁ স্বগতোক্তি কৰি উঠিল৷
☆ ★ ☆ ★ ☆
7:34 pm
দুভাষীত মন্ত্ৰোস্বাৰণ… ভাল লাগিল। ্
10:50 pm
হাঃ হাঃ