ফটাঢোল

এক্সছাৰচাইজ-ডাঃপাৰ্থসাৰথি ভূঞা

: লিজা, ছাৰা…এইফালে আহা সোনকালে! চোৱা  পাপাই কিমান এক্সছাৰচাইজ কৰি আছে।

শ্ৰীমতীৰ চিঞৰত চক খাই সাৰ পালোঁ। লগে – লগে মোবাইলটো হাতত লৈ চাওঁ পুৱা আঠ বাজিল। চেহ্ আজিও নহ’ল। এলাৰ্মটো নাবাজিল নেকি বাৰু? নাই, নিশ্চয় বাজিছিল! কেতিয়ানো অফ্ কৰি আকৌ শুই থাকিলোঁ গমেই নাপালোঁ।

ইফালে মাক – জীয়েকহঁ‌তৰ মোলৈ চাই চাই হাঁহি। সৰুজনীটো আৰু এখোপ চৰা।

: ছাৰা বা, পাপাৰ এইটো কি এক্সছাৰচাইজ জানা? ‘কৰুণা খেদোৱা এক্সছাৰচাইজ’ (তাই ক’ৰণাক কৰুণা বুলি কয়)। মানে শুই – শুই জোৰে – জোৰে নাক বজাই থাকিলে কৰুণাই ভয় খাই নাকত নোসোমাই!

: হেই, ৰাতিপুৱাই তহঁতৰ মানে হ’ল আৰু মোক জোকাবলৈ! পৰীক্ষা চলি থকা নাইনে? যা, পঢ়িবলৈ যা।

কৃত্ৰিম খং দেখুৱাই ব্ৰাছ কৰিবলৈ উঠি আহিলোঁ।

কালি ৰাতি ভাবিছিলোঁ যে এলাৰ্ম দি মোবাইলটো অলপ দূৰত থৈ দিম যাতে ৰাতিপুৱা বাজিলে বন্ধ কৰিবলৈ উঠি যাব লগাত পৰে। কিন্তু ৰাতি মোবাইল চাই – চাই টোপনি অহাত আকৌ সেই আন দিনৰ দৰেই বিছনাৰ কাষতে থৈ শুই গলোঁ‌।লাভৰ মূৰত আজিও সেই আগৰ দৰেই ঘটনা ঘটিল।

আজি সোমবাৰ। যোৱা কেইবাটাও সোমবাৰৰপৰা ৰাতিপুৱা এক্সছাৰচাইজ কৰিম – কৰিম বুলিও হোৱাগৈ নাই। কালি ৰাতি ইহঁতৰ আগত কৈছিলোঁ যে কাইলৈ যদি নকৰোঁ মোৰ নাম বদলাই দিবি। ভাগ্যে আজি যেনিবা সেইটো কথা উল্লেখ নকৰিলে।

আজি কিছুদিনৰ পৰা মানুহে মোৰ পেটটো লৈ মন্তব্য দিবলৈ লোৱাৰ পৰা এক্সছাৰচাইজ আৰম্ভ কৰাটো ভাল হ’ব বুলি ভাবি আছিলোঁ। যোৱা সোমবাৰেও ৰাতিপুৱা উঠা নহ’ল। মঙ্গলবাৰে আকৌ মোৰ নতুন কাম আৰম্ভ কৰিবলৈ মন নাযায়। সেয়ে বুধবাৰৰ পৰা আৰম্ভ কৰিম বুলি ভাবিলোঁ। বুধবাৰে ৰাতিপুৱা এলাৰ্মটো বাজোঁ‌তে মোবাইলটো হাতত লওঁতে তাৰিখটো চকুত পৰিল। দেখো সেইদিনা আছিল তেৰ তাৰিখ! ভাবিলোঁ ধেই, আনলাকি থাৰটিনতনো কিয় আৰম্ভ কৰোঁ বাৰু। সেয়ে অফ কৰি শুই থাকিলোঁ।

তাৰ পাছত আহিল বৃহস্পতিবাৰ, সেইটোও মোৰ পচন্দৰ নহয়। শুক্ৰবাৰে আকৌ সন্ধিয়া বিয়া এখন আছিল। সেয়ে ভাবিলোঁ ৰাতিপুৱা সোনকালে উঠি এক্সছাৰচাইজ কৰিলে প্ৰথম দিনাই চাগে গাটো ইমান ফ্ৰেছ লাগি নাথাকিব। গতিকে সেইদিনাও বাদ দিলোঁ। বাকী শনি আৰু দেওবাৰেনো আৰু মানুহে কষ্ট কৰেনে, নহয় জানো? সেয়ে আজিৰ পৰা মানে সোমবাৰৰ পৰা খাটাং কৰিমেই বুলি আছিলোঁ। পিছে আজিও নহ’ল। যি হ’ল হ’ল, মঙ্গলবাৰে যেতিয়া আৰম্ভ নকৰোঁ, অহা বুধবাৰৰ পৰা ৰক্ষা নাই বুলি মনতে ভাবি ব্ৰাছ কৰি ওলাই আহিলোঁ‌।…………………..

আজি বুধবাৰ, আজি কিন্তু মোৰ গাত দোষ নাই। যোৱা ৰাতি হস্পিটেলৰ পৰা ডেৰ বজাত জৰুৰী ফোন এটা আহিছিল। ফোনটো ধৰি যাৱতীয় পৰামৰ্শখিনি দিয়াৰ পাছত টোপনি ভাঙি গ’ল। তাৰ পাছত প্ৰায় আধা ঘণ্টা মান ইকাতি – সিকাতি কৰি থাকি ৰাতিপুৱা সোনকালে উঠিব নোৱাৰিম বুলি গম পাই লগাই থোৱা এলাৰ্মটো অফ কৰি শুই থাকিলোঁ।

দিনটো ব্যস্ততাৰে কটাই ৰাতি ভাত খাই উঠি এতিয়া মোবাইলটো লৈ আকৌ বিচনাত পৰিছোঁ। কাইলৈ আৰু বৃহস্পতিবাৰ – চিহস্পতিবাৰ নামানোঁ‌। ৰাতিপুৱা উঠি এক্সছাৰচাইজ কৰিমেই বুলি মোবাইলত এলাৰ্মটো দিলোঁ। কিছুদিনৰ পৰা ব্যস্ততা বৰ বাঢ়িছে। লেখা মেলাও কমিছে! আজিকালি মানুহে দেখিলেই সোধে আপোনাৰ দীঘলীয়া লেখা নোপোৱাই হ’লো বুলি। এইবাৰ আকৌ ‘ফটাঢোল ই – আলোচনী’ৰ সম্পাদক আমাৰ মহাজন। কিবা এটা লিখি পঠিয়াব লাগিব নহলে বেয়া পাব। অহ্ আজি দেখোন বাইছ তাৰিখ হ’লেই! বাইছ ডিচেম্বৰ মানে বছৰটো যাবৰে হ’ল, কেইটামান দিনহে বাকী। এহ্, বছৰটো শেষেই হ’ব যেতিয়া এইবছৰ এক্সছাৰচাইজ আৰম্ভ কৰোঁ জানো! একেবাৰে নতুন বছৰত মানে দুই হেজাৰ বাইছৰ (২০২২) জানুৱাৰীৰ এক তাৰিখৰ পৰাই আৰম্ভ কৰা ভাল। নতুন বছৰত নতুন উদ্যমেৰে। নহয়নে? ভাগৰো লাগিছে, আজি এলাৰ্ম নিদিয়াকৈয়ে শুই যাওঁ আৰু দিয়ক!

শুভৰাত্রি।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *