নাটকৰ ভাও- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য
দৃশ্যাংশ ১
সৰুতে আমাৰ গাঁৱৰ সংঘৰ বেনাৰত প্ৰতিবছৰে ৰঙালী বিহু আৰু পূজাৰ সময়ত নাটক কৰা হৈছিল। নাটক মানে পূৰ্ণাংগ সামাজিক নাটক আৰু মূল নাটকক মঞ্চলৈ আগবঢ়াই আনিবলৈ এখন গীতি নৃত্য-নাটিকাও আছিল লগত। আমি তেতিয়া ক্লাছ ফাইভত পঢ়ি আছিলোঁ, মূল নাটকত অভিনয় কৰাৰ সুযোগ নাপালেও নৃত্য-নাটিকাত অভিনয় কৰাৰ সুযোগ প্ৰায় প্ৰতিবছৰে পাইছিলোঁ আৰু মঞ্চত উঠাৰ দুৰ্বাল হেঁপাহৰ বাবে সন্ধিয়াৰ পৰা হোৱা আখৰাৰ সময়ত দৈনিক উপস্থিত আছিলোঁ। অঞ্চলটোৰ বিখ্যাত বিখ্যাত অভিনেতা পৰিচালকৰ, অভিনয় পৰিচালনা চোৱাৰ চাক্ষুস অভিজ্ঞতা হৈছিল।
নাটকৰ অভিনেতা কিছুমানৰ বাবে কিছুমান চৰিত্ৰ নিৰ্দিষ্ট কৰি থোৱা আছিল। প্ৰভাত দা বুলি এজন আছিল, সেইজনে যি নাটকেই নহওঁক হাবিলদাৰৰ চৰিত্ৰটো পোৱাটো এশ শতাংশই খাটাং। আনকি কিছুমান নাটকত দৃশ্যাংশৰ অলপ সালসলনি কৰি হ’লেও প্ৰভাতদাৰ বাবে হাবিলদাৰৰ চৰিত্ৰ এটা সৃষ্টি কৰা হৈছিল। নাটকত হাবিলদাৰ হ’বলৈ প্ৰভাতদাৰ দেহত থকা বিশেষ গুণটো হৈছে বৰ ডাঙৰ শব্দ কৰি হুইচেল বজাব পৰাটো। মঞ্চত উঠি হুইচেলত যিটো সুঁহুৰি দিব, মানে গোটেই গাঁৱে গম পাই প্ৰভাতদা মঞ্চত উঠা বুলি।
এদিনাখন আখৰাত ব্যস্ত হৈ আছে সকলোবোৰ, আমিবোৰ আখৰা চোৱা দৰ্শক। প্ৰভাতদাই আখৰা কৰিব লগা একো নাথাকে, মঞ্চত উঠি হুইচেল বজোৱাটোৱেই তাৰ অভিনয়।সংলাপ বৰ বিশেষ একো নাথাকেই, গতিকে সিও সেইদিনা আমাৰ লগতে আখৰাৰ দৰ্শক।
পূৰ্ণগতিত আখৰা চলি আছে,পৰিচালকে দৃশ্যাংশৰ লগত মিলাকৈ বিভিন্ন মুদ্ৰা, সংলাপ নিক্ষেপণ ইত্যাদিবোৰ দেখুৱাই গৈ আছে অভিনেতা-অভিনেত্ৰীসকলক। হঠাৎ কোনোবাই আখৰাগৃহৰ বাহিৰত চিঞৰিলে “ষ্টপ”।
মাত্ৰ এটা “ষ্টপ”তেই আখৰা বন্ধ, বাহিৰৰ ফালে মানুহবোৰে উৎসুকতাৰে জুমি জুমি চালে, কি হ’ল তাৰমানে, কিহৰ “ষ্টপ”এইটো। প্ৰভাতৰ ককায়েক বাহিৰৰ পৰা আখৰাগৃহৰ ভিতৰলৈ সোমাই আহি পৰিচালক মহোদয়ৰ ওচৰলৈ ধাৱমান হৈছে। উপস্থিত ৰাইজৰ বুজিবলৈ বাকী নাথাকিল যে “ষ্টপ”ৰ উৎস প্ৰভাতৰ ককায়েক।
প্ৰভাতৰ শান্ত সৌম্য ককায়েকজনে গৈ পৰিচালক মহোদয়ক বিনম্ৰতাৰে সুধিলে,
: চাৰ, এই হাবিলদাৰৰ চাকৰিটোৰ পৰা আমাৰ ভাইটিৰ জীৱনভৰ প্ৰমোচন নহ’বই নেকি?
দৃশ্যাংশ ২
নাটকত প্ৰভাতৰ চৰিত্ৰ সলনি হ’ল, অলপ ডিমোচন হোৱাৰ দৰে হ’ল। হাবিলদাৰৰ পৰা গৈ হালোৱাৰ চৰিত্ৰ পালে, তাকো মূল নাটকৰ পৰা গৈ নৃত্য-নাটিকা পালে। প্ৰভাতদাৰ কোনো আপত্তি নাই, যি চৰিত্ৰই নহওক, আন্তৰিকতাৰে কৰিব, মুঠৰ ওপৰত মঞ্চত উঠাৰ সুযোগ পালেই হ’ল।
প্ৰভাত হালোৱা, বলধ মই আৰু চুনু বুলি মোৰ লগৰীয়া এজন। দৃশ্যটোত চুনু আৰু মই আঁঠুকাঢ়ি যাম, এজনৰ বাঁওভৰি আৰু এজনৰ সোঁ ভৰিখন পিছফালে ডাঙি দিম আৰু প্ৰভাতে এখন হাতেৰে আমাৰ দুয়োখন ভৰি একেলগে মুঠি মাৰি ধৰি আনখন হাতেৰে হালোৱা এচাৰিডালেৰে আমাৰ দুয়োটাৰ তপিনাত কোবাই কোবাই হাল বাই মঞ্চৰ পৰা ওলাই আহিব।
বলধ দুটা নিৰ্বাচনৰ দায়িত্বও প্ৰভাতকে দিয়া হৈছিল আমাৰ সৰু ল’ৰা-ছোৱালীৰ গেংটোৰ পৰা আৰু তেখেতেও চটবটীয়া দেখি মোক আৰু চুনুক নিৰ্বাচন কৰিলে।
নিৰ্দিষ্ট দিনত মঞ্চৰ তলত সাজু আমি বলধ দুটা আৰু হালোৱা। বলধৰ কাপোৰযোৰ পিন্ধাত চকুদুটা প্ৰায় ঢাকি ধৰিলে মোৰ, অলপ অলপ দেখা পাওঁ, অৰ্ধদৃষ্টি।
তেনেকৈয়ে মঞ্চৰ আঁৰকাপোৰৰ পিছফালে মই, চুনু আৰু প্ৰভাতদা উঠিলোঁ। আমাৰ দৃশ্যৰ সময় আহিল, আঁঠুকাঢ়ি মই আৰু চুনু মঞ্চত প্ৰৱেশ কৰিলোঁ পিছে পিছে হালোৱা প্ৰভাত।মোৰ আৰু চুনুৰ এখন এখন ভৰি মুঠি মাৰি ধৰি নাঙলত ধৰাৰ দৰে ধৰিব লাগে প্ৰভাতে। চুনু মোতকৈ এফুটমান ওখ, গতিকে তাৰ ভৰিদুখনো মোতকৈ বহুখিনি দীঘল। প্ৰভাত হালোৱাই এখন চুটি ভৰি আৰু এখন দীঘল ভৰি একেলগে মুঠি মাৰি ধৰিব পৰা নাই। দৃশ্যাংশটোত এটা বলধে লাঠ মাৰিবও লাগে হালোৱাই তপিনাত এচাৰিৰে কোব নিদিয়া পৰ্যন্ত। চুনুৱে ছয় লাঠমান মাৰিলে প্ৰভাতক, ইফালে প্ৰভাতে আমাৰ দুয়োৰে ভৰি দুখন মুঠি মাৰি ধৰিব অশেষ চেষ্টা কৰি আছে। ভৰিদুখনেই একলগ কৰি মুঠি মাৰিব ধৰিব পৰা নাই, আমাৰ তপিনাত কোবোৱাটো দূৰৈৰ কথা। মাথোঁ, হুৰ হুৰ, হুৰ কলি, হুৰ বগী বুলি চিঞৰি আছে।
ছয় সাত লাঠ প্ৰভাতৰ কঁকালৰ পৰা নিম্নাংশত পৰিলেই ইতিমধ্যে। দৰ্শকে প্ৰভাতক মঞ্চৰ সন্মুখৰ পৰা ইয়াৰ্কি কৰা আৰম্ভ হৈ গৈছে ইতিমধ্যে। হাবিলদাৰক হাল চলাব দিলে বোলে এনেকুৱাই হ’ব।
অতীষ্ঠ হৈ প্ৰভাতে হাতৰ এচাৰিডাল দলিয়াই দুয়োখন হাতেৰে মোৰ আৰু চুনুৰ ভৰি দুখন পাতিচাইকেলৰ হেণ্ডেলত ধৰাৰ দৰে ধৰি ল’লে। মুখৰ মাত হুৰ হুৰ সলনি হৈ ভ্ৰোম ভ্ৰোম হৈ গ’ল। ঠেলি ঠেলি আমাক দুয়োটাক মঞ্চৰ পৰা বাহিৰলৈ উলিয়াই আনিলে।
তলত পৰিচালকৰ ৰঙা চকু। প্ৰভাতদাই ক’লে,
“এনেকুৱা বলধৰ হাল চলোৱাতকৈ পাৱাৰ টিলাৰ চলোৱাই ভাল।”
☆ ★ ☆ ★ ☆
9:59 am
মজা ?
8:18 pm
লাঠ কেইটাৰ পৰা হাবিলদাৰ ভাল বাচিলে।
11:30 pm
হাঃ হাঃ