ফটাঢোল

কথোপকথন-ৰিদ্বীপ যাযাবৰ

(১)

বন্ধু ১:  হেৰ’! কিছুদিনৰ পৰা লক্ষ্য কৰিছোঁ, ত‌ই বহুখিনি পৰিৱৰ্তন হৈছ’। পিচে তোৰ এই পৰিৱৰ্তনৰ আচল ৰহস্যনো কি?

বন্ধু ২: গীতা অ’। পুৱা শুই উঠাৰে পৰা ৰাতি টোপনি যোৱালৈকে কেৱল গীতাৰ বাণী।

বন্ধু ১:- বাপৰে, তেন্তে ময়ো এইবেলিৰ গ্ৰন্থমেলাত ‘গীতা’-খনকে কিনিম দেই। আমি দুয়ো মিলি থাকিব পাৰিম।

বন্ধু:- হুইট্ খেকাৰ খোৱা, গীতা মোৰ মানুহজনীৰ নাম, ত‌ই ভাবি থকা পুৰাণখন নহয়‌।

 (২)

মাতৃভাষাৰ পাঠদানত শিক্ষক মহোদয়ে কৃষ্ণফলকত বাক্য এটি লিখিলে,

“আজি প্ৰচণ্ড শীত নামিছে।”

আৰু এইটো লিখি দিয়াৰ পিছত প্ৰশ্ন কৰিলে,

: এতিয়া কোৱাচোন, এইটো কি ধৰণৰ বাক্য?

শেষৰ বেঞ্চত বহি থকা নগেনৰ উত্তৰ,

: ছাৰ, এইটো উঃহুঃহু কাঁপাকাঁপিমূলক বাক্য।

শিক্ষক মহোদয়ে খঙেৰে ক’লে,

: ঐ গৰু, কি কৈছ ত‌ই?

নগেন: এইটো ৰাগিয়াল বাক্য, ছাৰ।

শিক্ষক: ম‌ই তোৰ পিঠিৰ ছালখন নমাই দিহে এৰিম।

নগেন: এইটো অত্যাচাৰমূলক বাক্য ছাৰ।

শিক্ষক: চুপ, একদম চুপ, নহ’লে!

নগেন: এইটো বাক্-স্বাধীনতা হৰণকাৰী বাক্য, ছাৰ।

শিক্ষক: হাৰে, ত‌ই মোক পাগল কৰিবলৈ আহিছ? ত‌ই মোক তেজপুৰলৈ পঠিয়াব খুজিছ নেকি?

নগেন: এইটো আনন্দদায়ক বাক্য, ছাৰ।

শিক্ষক মহোদয়ে খঙেৰে আকৌ ক’লে,

: তোক আজি ম‌ই মাৰিহে এৰিম, ৰ।

নগেন: এইটো উগ্ৰপন্থীমূলক বাক্য, ছাৰ।

শিক্ষক: ত‌ই এতিয়াই শ্ৰেণীকোঠাৰ পৰা আঁতৰ হ।

নগেন: এইটো চৰম অসভ্যতামূলক বাক্য, ছাৰ।

শিক্ষক: হে ভগৱান, ম‌ই ক’তে মৰোঁ ঐ!

নগেন: এইটো এন্ধাৰত বাট বিচৰামূলক বাক্য, ছাৰ।

শিক্ষক: ধূৰ, ময়েই ওলাই যাওঁ। পাঠদানে নকৰিম যাহ্।(এইবুলি কৈ শিক্ষক মহোদয়ে যাবলৈ ওলাল।)

নগেন: ধন্যবাদ ছাৰ, এইটো আমাৰ চাহিদা পূৰণমূলক বাক্য, ছাৰ।

(৩)

ছোৱালী এজনীয়ে ফেচবুকত পৰিবেশন আগবঢ়ালে,

‘মোৰ হাতত মহে কামুৰিলে।’

লগে লগেই মন্তব্যসমূহ আহি পৰিল।

বন্ধু ১: o-m-g! তুমি ঠিকেঠাকে আছানে?

বন্ধু ২: ম‌ই সৌ মহটোৰ ৰক্তখিনি পান কৰিহে এৰিম।

বন্ধু ৩: এই ধৰণৰ মহবিলাকৰ কিয় জনম হয়?

বন্ধু ৪: তুমি সৌ মহটোৰ address খিনি দিয়াচোন, শিক্ষা দিবলৈ গৈ আছোঁ।

বন্ধু ৫: একো নহয় dear, ইমান চিন্তিত নহ’বা।

বন্ধু ৬: ম‌ই তোমাৰ ঘৰলৈ গৈ আছোঁ, হস্পিতাললৈ যাব লাগিব, infectionৰ কথাও আছে।

বন্ধু ৭: মহটো জন্মিয়েই কিয় যে নমৰিল!

ইত্যাদি।

এই একেটা পৰিবেশনকে আমাৰ ডেকাচামৰ কোনোবাই পৰিবেশন কৰিলে হয়তো এইধৰণৰ মন্তব্যৰে প্ৰশান্ত সাগৰ হৈ পৰিব,

বন্ধু ১: আব্বে, নলাৰ কাষত শুই থাকিলে মহে নাকামুৰিব নেকি?

বন্ধু ২: huge missed! মহটোকে কামুৰিলে হিচাপ বৰাবৰ হৈ গ’লহেঁতেন।

বন্ধু ৩: আঁঠুৱা তৰিবলৈ তোৰ হাতদুখন নাই নেকি বে?

বন্ধু ৪: ফটা-ছিঙা আঁঠুৱাখনৰ মেৰামতি নকৰিলে এনেকুৱা হ’ব‌ই।

বন্ধু ৫: মৰ্টিন নজ্বলালে এনেকুৱা মহে কামুৰিব‌ই, ভিখাৰী।

আৰু লেটেষ্ট মন্তব্যটো,

বন্ধু ৬: আইনক নিজৰ হাতত তুলি নল’বি, গাত মহ পৰিলেই পুলিচক খবৰ কৰিবি।

(৪) 

ষাঠি বছৰ আগেয়ে একোটাকৈ চিংৰা(চামোচা)ৰ দাম আছিল ৫০-৬০ প‌ইচাকৈ। ফোনত কথা পাতিবলৈ কমছেকম ৫/- টকাৰ পৰা ১০/- টকাকৈয়ে লাগিছিল।

আৰু এতিয়া ফোন কলৰ বাবে ৫০-৬০ প‌ইচা আৰু চিংৰা(চামোচা)ৰ ৫/- ৰ পৰা ১০/- টকাৰ ভিতৰত। মূল্যবৃদ্ধি বুলি কোৱা নহয়, দামৰ সৈতে দ্ৰব্যৰ সাল-সলনিহে কৰা হৈছে। 

প্ৰথমতে চাহৰ দোকানতেই ৰাজনীতিৰ সূত্ৰপাত ঘটিছিল, এইকাৰণেই মোদীজীয়ে দেশৰ পি এম হ’বলৈ সক্ষম হৈছে। এতিয়া ফেচবুক-হোৱাটছেপত ৰাজনীতি চলি আছে। তেন্তে ক’ব পাৰোঁ  অনাগত দিনত দেশৰ পি এমগৰাকী ফেচবুক-হোৱাটছেপৰ কোনো এটা গ্ৰুপৰ এডমিনগৰাকীয়ে হ’ব পাৰিব। ফেচবুক তথা হোৱাটছেপত সুদক্ষতাৰে গ্ৰুপ চলাই থকা সকলো গ্ৰুপ এডমিনক বেষ্ট অফ লাক জনালোঁ।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *