ফটাঢোল

ভোজ- নীলাক্ষি কাকতি

: অই দিগন্ত কামটো হ’বগৈ নে? দিনটো শেষ হ’বলৈয়ে হ’লচোন!

: ধেই তই বৰ মাথা খাই থাক’ অ’৷ মই থাকোঁতে তই ইমান চিন্তা কৰি থাকিব লাগেনে? হ’ল বুলিয়ে ধৰ৷ কালি মায়ে ববিতাহঁতৰ ঘৰত বৰাচাউল খুন্দিবলৈ যাব৷ চাউলৰ খৰাহি, চালনী ইত্যাদিবোৰ ময়ে দাঙি লৈ আহিম৷ সেই চলতে তোৰ মনৰ কথাটোও তাইক কৈ আহিম৷ হ’বনে? তই মাত্ৰ নিজৰ কথা ৰাখিবি৷

: আৰে ভাই৷ মই কথা ৰাখিমেই৷ দেউতা কালি উৰুকাৰ বজাৰ কৰিবলৈ হাটলৈ যাব৷ সেই চেগতে মই আমাৰ হাঁহ এটা চুৰ কৰি আনিম৷ ৰাতিলৈ আমাৰ ভোজলৈ হৈ যাব৷ 

: হৈ যাব অ’ হৈ যাব৷ তোৰ প্ৰেম ৰাজধানী এক্সপ্ৰেছতকৈও বেছি স্পীদত দৌৰিব৷  দে দে বিশ টকা এটা দে৷ পাণ খাওঁ৷ 

: অ’ দিগন্ত৷ মোৰ চোন কিবা ভয় ভয় লাগিছে৷ তাই মোক ভাল পাবনে? 

: ধূৰ৷ তই মোৰ মূৰৰ মুড়িঘণ্টা বনাই দিছ৷ শুন নিতুল৷ তাই তোক ভাল পাই বুলি পাক্কা জানো৷ দেখা নাছিলি? এইবাৰ ভাওনা চাব যাওঁতে তই দিয়া বাদামৰ পেকেটটো তাই টিপতে দীপাৰ পৰা লৈছিল৷ ইহ তাই তোলৈ চাই কি হাঁহি মাৰিছিল! যা যা টেনচন নল’বি যা৷ পিছত বিয়া-বাৰু পাতিলে মোক ভাল চাই পেণ্ট-চাৰ্ট এযোৰ দিবি৷ 

: হ’ব দে দোষ্ট৷ তাইক নাপালে মই এই গাঁওত আৰু নাথাকোঁৱেই৷ ল এইটো বিশ টকা৷

**

গাঁৱৰ ডেকাচাং

ৰাতুল, বিনয়, দিগন্তহঁতে ভেলাঘৰ এটা সাজিছে৷ ৰাতিলৈ উৰুকাৰ ভোজৰ আয়োজন চলিছে৷ ইতিমধ্যে নিতুলে ঘৰৰ তেলাল হাঁহ এটা চুৰ কৰি ভেলাঘৰটোৰ পিছফালে বান্ধি থৈছে৷ মুন্নাই অলপ সময় আগতে হাটৰ পৰা বাহু মাছ লৈ আনিছে৷ গুণীণে ঘৰৰ পৰা সৰু-সৰু নতুনকৈ ওলোৱা আলু আনিছে৷ তাৰো ভাজি এখন হ’ব৷ লগতে বিনয়ৰ গুৱাহাটীৰ পৰা অহা ভিনিহিয়েকে তালৈ মনে মনে অনা পানীয়ৰ বটল এটাও আনিছে৷ সি বৰকৈ খাটনি ধৰাত ভিনিহিয়েকে তাক না ক’ব নোৱাৰিলে৷ সেয়ে তাৰ আজি অলপ ডিমাণ্ডটো বেছি৷ বাবুলালৰ পৰা চানা অলপো অনা হৈছে৷ সন্ধিয়া পানীটোপাৰ লগত খাবলৈ৷ মুঠতে এটা আনন্দমুখৰ ভোগালী পৰিৱেশ৷

: অই ৰাতুল৷ মই এটা কথা ভাবিছোঁ অ’৷ আজি আবেলি মা ববিতাহঁতৰ ঘৰলৈ যাব চাউল খুন্দিব৷ সিহঁতৰ ঘৰৰ পৰা মই বস্তুবোৰ লৈ আনিব লাগিব খুন্দা হ’লে৷ মাৰ কাম শেষ হওঁতে সন্ধিয়া লাগিবই৷ সেই সুযোগতে তহঁত দুটামানে সিহঁতৰ ঘৰৰ পিছফালৰ ৰাস্তাটোৰে সোমাবি৷ সিহঁতৰ ঘৰত ধেৰ হাঁহ আছে৷ তাৰে দুটামান লৈ আহিবি৷ এটা হাঁহে আমাৰ অতসোপাৰ কি হ’ব? 

: ধেই কি কৱ দিগন্ত! ধৰা পৰিলে ঘৰত পিঠি ফালিব৷

: তহঁতে পাৰৰ কলিজা লৈ কেনেকৈ জীয়াই আছ’ বে? মই আছোঁ না৷ মই মাককে জীয়েককে কথাত ব্যস্ত ৰাখিম অলপ সময়৷ তেতিয়াই তহঁতে কামটো কৰিবি৷ মাত্ৰ খবৰদাৰ নিতুলক কথাটো নক’বি৷ সি ববিতাক খেপ দি আছে৷ সি গম পালে প্লেনটো পণ্ড হ’ব৷

: ৱাহ কি বুদ্ধি বে তোৰ! ঠিক আছে মই আৰু বুলু যাম৷

সন্ধিয়া লাগিছে৷ লাহে লাহে ডেকাচাঙৰ আড্ডা জমি উঠিছে৷ কোনোবা এজনে ডেকত বাজি উঠা কুসুম কৈলাশৰ গানত নাচিব আৰম্ভ কৰিছে৷ দুজনমানে ৰাতিৰ ভোজৰ বাবে চৌকা ঠিক কৰাত ব্যস্ত৷ 

: অই নিতুল তহঁতে মোৰ চেউৰীজনী যোৱা দেখিছ নেকি? মাকৰ লগতে আছিল৷ জানো ক’ত নাইকিয়া হ’ল! মই হাটৰ পৰা ঘূৰোঁতে আজি দেৰিয়েই হ’ল৷ পথাৰৰ পৰা গাইজনী লৈ আহি থাকোঁতে বলৰাম দাইটিয়ে ডেকাচাংখনৰ পিছফালে এটা পাক মাৰি গ’ল৷ কিজানিবা তেওঁৰ ঘৰৰ চেউৰীজনী সেইফালে ভুলতে সোমাইছেই! হঠাতে পিছফালে নিতুলে ঘৰৰ পৰা মনে মনে আনি বান্ধি থোৱা হাঁহজনী দেখি দাইটিয়ে সুধিলে,

: হেৰৌ এইজনী হাটৰ পৰা আনিলিনে? কিমান ল’লে? বেছ তেলাল হ’ব৷ খাই ভাল পাবি৷

: অ’ –অ’৷ মানে মই নাজানো৷ ৰুবুলেহে আনিছে৷ 

থতমত খাই নিতুলে উত্তৰ দিলে৷ বিপৰীত দিশৰ পৰা আহি থকা দিগন্তক দেখি সি উশাহ সলালে৷ 

: বাৰু হ’ব দে৷ চেউৰীজনী দেখিলে খবৰ দিবি৷ চাচোন আজি উৰুকাৰ দিনানো মোৰ কপালত এইখন লিখা থাকিব লাগেনে?

: হ’ব দিয়ক৷ দেখিলে জনাম৷ 

দাইটি যোৱাৰ ফালে চাই নিতুলে কোনোমতে উশাহ ল’লে৷ কিয়নো সিহঁতৰ ঘৰৰ হাঁহকেইজনী দাইটিয়ে ভালদৰে চিনি পায়৷ চকুৰে কম দেখে বুলিহে আজি সি ৰক্ষা পৰিল৷ নহ’লে তাৰ যি কৰাইচ বাপেক! নিজৰ থু খিনিকো “নিজৰে বস্তু কিয়নো পেলাম”-বুলি ভাবি গিলি থোৱা তাৰ বাপেকে যদি গম পাই যে সি নিজৰ ঘৰৰে হাঁহ চুৰ কৰি উৰুকাৰ ভোজ খাইছে, তাক যে বাপেকে গটা মাৰি উলিয়াই দিব খাটাং৷ কিন্তু ববিতাৰ বাবে সি হাঁহ কিয় আকাশৰ তৰাও আনিব পাৰিব৷ মাত্ৰ সি দিগন্ত ববিতাহঁতৰ ঘৰলৈ যোৱাৰ অপেক্ষা কৰি আছে৷ সি তাৰ মনৰ কথা তাইক কৈ তাইৰ মনটো ল’লেই হয়!

: অই দিগন্ত তই এতিয়াও ববিতাহঁতৰ ঘৰলৈ যোৱাই নাই যে?

: যাম ৰ৷ তইনো কোনখন ভাৰত স্বাধীন কৰিবলৈ পগলা হৈ আছ’? মাৰ হ’লে ফোন কৰিব বুলি কৈছিল৷ সেয়ে যোৱা নাই৷ এইমাত্ৰ হ’ল বুলি কৈছে৷ সেয়ে যাব ওলাইছোঁ৷ ৰ’চোন৷ এই ৰুবুল আৰু বুলুক দেখিছ নে? অই ৰুবুল৷ ক’ত আছ’?

: আছোঁ৷ আছোঁ৷ হাঁহটো চাফা কৰি আছোঁ৷ 

: অ’ ঠিক আছে৷ মই যাওঁ৷ তহঁত যাবি৷ 

দিগন্তই ৰুবুল আৰু বুলুক কিবা ইংগিত দিয়া যেন লাগিল নিতুলৰ৷

: ইহঁতক আকৌ ক’লৈ মাতিছ?

: নাই অ’৷ ৰাতি জুই পুৱাবলৈ অলপ বেছিকৈ খৰি নালাগিব নেকি? এইখিনিচোন ৰান্ধোঁতেই শেষ হ’ব৷ বুলুহঁতৰ ভৰাঁলঘৰৰ পিছফালে খৰি কেইডালমান আছে৷ তাক সেইকেইডাল ৰুবুলৰ লগত লৈ আহিব দিছোঁ৷ চা ভাই তই ঘৰৰ পৰা হাঁহ আনি আমাক খোৱাবি আৰু আমি এই খৰি কেইডালো আনিব নোৱাৰিম নে? দে দে৷ কলীয়া গোঁসাইক সেৱা কৰ৷ তোৰ বাবেই মই যুদ্ধলৈ যাবলৈ ওলাইছোঁ৷

: অ’ অ’৷ যা যা৷ কামটো কৰিহে আহিবি৷

: অই ৰুবুল শুনচোন৷ 

ৰুবুলক কাণত ফুচফুচাই কিবা ক’লে৷ 

“সচাকৈয়ে এই দিগন্তই সকলোৰে কথা ইমান চিন্তা কৰে! এনে বন্ধু পোৱা টান!” নিতুলে মনতে ভাবিলে৷

: অ’ মা হ’লনে? 

নঙলামুখৰ পৰাই দিগন্তই মাকক চিঞৰলে৷

: অ’ দিগন্ত দা আহক ভিতৰলৈ৷ বৰমা আপোনাৰ বাবেই ৰৈ আছে৷ ববিতাই ভিতৰৰ পৰা মাত লগালে৷

: এহ নেযাওঁ নেকি ভিতৰলৈ৷ মাক ওলাই আহিব দিয়া৷ বস্তুখিনি মই লৈ যাওঁ৷ 

: ইহ কিয়নো তেনেকৈ কৈছে? আহক আহক৷ মায়ে চাহ বনাইছে৷ আজি উৰুকাৰ দিনা এনেকৈ যাবনে? ববিতাই তাৰ ফালে চাই লাজ লাজকৈ হাঁহি এটা মাৰিলে৷

: উৱা এইজনীয়েচোন বেলেগ হাঁহি মাৰিছে! মইনো তেনেহ’লে মোৰ চেনিকলৰ দোকানখন কিয় বন্ধ কৰোঁ? প্ৰভু দায়দোষ নধৰিবা৷ বন্ধুৰ খেপক কিডনেপ কৰিব ওলাইছোঁ৷ ইহ মোৰনো কি দোষ? তাইহে ইংগিত দিছে৷ সি মনে মনে ভাবিলে৷

: নাই এনেয়ে আৰু৷ বিহুৰ কথা৷ তোমালোকৰো ধেৰ কাম থাকিব নহয়৷ ময়ো আকৌ মাক সহায় কৰি দিব লাগিব নহয়৷ ঘৰত মা-দেউতা আৰু মইহে৷

: উৱা! আপুনি বৰমাক সহায়ো কৰি দিয়ে? কমখন ভাগ্য নে বৰমাৰ! আপোনাৰ মানুহজনী বৰ লাকী হ’ব দেই৷

: হে হে৷ নাজানো আৰু৷ আমালৈনো আৰু ক’ৰ ছোৱালী আহিব?

: ইহ৷ কিয়নো তেনেকৈ কৈছে? ওচৰে-পাজৰেও থাকিব পাৰে৷ বিচাৰিব জানিব লাগিব৷

: অ’ মা! এই দেখোন আহোঁ আহোঁ কৰিয়েই আছে৷ মইহে বুজা নাছিলোঁ৷ নিতুল বাদ দে তোৰ আশা৷ তোক বেলেগ এজনী চাই দিম৷ 

সি মনতে ভাবিলে৷

: বাৰু ব’লা৷ ভিতৰলৈ যাওঁ৷ কিছু দূৰত সি ৰুবুল আৰু বুলুক দেখিলে৷ সি ভিতৰলৈ গ’লেই পৰিকল্পনা মতে সিহঁত পিছফালেদি ববিতাহঁতৰ গঁড়ালত সোমাব৷

: অ’৷ দিগন্ত আহিছ৷ আহ৷ তোলৈ ৰৈ আছিলোঁ৷ চাহ বনাইছোঁ৷ মাৰৰ লগত তোৰে কথা পাতি আছোঁ৷ কচোন কি কৰি আছ’ এতিয়া?

: খুৰী ব্ৰইলাৰ ফাৰ্ম এখন খুলিছোঁ৷ টাউনৰ কম্পিউটাৰ দোকান এখনত কাম এটাও পাইছোঁ৷ চাওঁ যদি সকলোখিনি মিলে কৰিম চাগে কামটো৷ 

: হওঁক৷ হওঁক৷ বৰ ভাল পালোঁ৷ মুঠতে কিবা এটা কৰি থাকিব লাগে৷ কিছুমান যে ল’ৰা থাকে আৰু৷ আমাৰ এই বলেনৰ পুতেকটো–চেহ নামটোৱে পাহৰিলোঁ৷ অ’ মনত পৰিছে৷ নিতুল৷ দিনে -ৰাতিয়ে মাত্ৰ চাইকেলখন লৈ আমাৰ ৰাস্তাটোৰে অহা-যোৱা কৰি থাকে৷ বাপেকৰ হোটেলত খাই আছে৷ চিন্তা কিহৰ?

: নাই নাই৷ কুঞ্জ বাইদেউ৷ আমাৰ বাবা আকৌ একেবাৰে বেলেগ৷ বিনা কামত ঘৰৰ পৰাই নোলায়৷ 

: তাকেই৷ গাঁৱৰ গোটেই ডেকাসোপাই ধ্বংস হ’ল৷ আমাৰ আকৌ ভয়েই লাগি আছে আজি৷ ঘৰখনত মানুহ বুলিবলৈ তিনিটা৷ যোৱাবাৰ জেওৰা-জপনা সোপাকে উৰুকাৰ ভোজ বুলি জুইত জাপি দিলেগৈ৷  এইবাৰ বা কৰে? ৰাতিলৈ এওঁ দ্বীপেন মিস্ত্ৰিক মাতিছে পহৰা দিবলৈ৷ বোপা তই আকৌ এইসোপাৰ লগত অতপালি নকৰিবি৷

: নাই নাই খুৰী৷ মই ঘৰতে ভাত খাম৷ মাত্ৰ বিনয়হঁতৰ ঘৰত এপাক যাব লাগিব৷ গুৱাহাটীৰ পৰা দীপাবাৰ ভিনদেউ আহিছে৷

: যাবি যাবি৷ সিহঁতৰ ঘৰলৈ ময়ো এপাক যাব লাগিব৷

হঠাতে ‘কু’-বুলি শব্দ এটা তাৰ কাণত পৰিল৷ মানে পৰিকল্পনা মতে কাম হৈ গ’ল৷ 

: মা দেৰি হ’ল৷ ঘৰলৈ যাওঁ ব’ল৷ খুৰী, ববিতা আহোঁ দেই৷ বিহু খাবলৈ আহিব৷

: হেৰা ল’ৰা এটা আমাৰ পদূলিত অহা-যোৱা কৰি থকা যেন পালোঁ৷ টৰ্চটো মাৰি চাওঁতে সৌটো আমাৰ বলেন কৰাইচৰ পুতেক নিতুল যেন দেখিলোঁ৷ 

পৰ্দাখন আতঁৰাই ববিতাৰ দেউতাক সোমাই আহিল৷ 

: এহ৷ নক’ব আৰু সেই ডলাৰ বগৰীটোৰ কথা৷ অহ৷ চাওকচোন চাওক ভালদৰে৷ আজি উৰুকা বুলি কিবা নিয়াৰ পাং পাতিবও পাৰে৷ শান্তি নাই আৰু এইচবৰ অতপালিত৷

: ই আকৌ ইয়ালৈ কিয় আহিছিল? 

দিগন্তই মনতে ভাবিলে৷

: খুৰা ভালে আছে নহয়? আমি এয়া যাব ওলাইছোঁ৷ চিন্তা নকৰিব খুৰী৷ আমি আছোঁ নহয়৷ দৰকাৰ হ’লে পহৰা দিম৷

: অ’ বোপা আছোঁ আৰু ঈশ্বৰৰ কৃপাত৷ বাৰু যোৱা৷ নবৌ আহক গৈ৷ ময়ো ৰাতিৰ বাবে পহৰা দিবলৈ সাজু হওঁ৷

: টক্ টক্৷ অই দিগন্ত দৰ্জা খোল৷ মই নিতুল৷ 

: অই কি হ’ল? এনেকৈ ফোপাইছ যে? মই ডেকাচাঙলৈ গৈ আছোঁ ৰ৷ মাক অলপ সহায় কৰি দি আছোঁ৷

: মোক বচা৷ ববিতাৰ বাপেকে মোক মাৰিবলৈ খেদি আহিছে৷ 

: কিয়?? কি কৰিলি তই?

: তই সিহঁতৰ ঘৰলৈ যোৱাৰ পিছত ৰুবুল আৰু বুলুকো অলপ পিছতে সিহঁতৰ ঘৰৰ ফালে যোৱা দেখি ময়ো সিহঁতৰ পিছ লৈছিলোঁ৷ অলপ পিছত দেখিলোঁ দুয়োৰে হাতত দুটা মোনা৷ দুয়ো চুপাচুপি কৰি তাৰ পৰা লৰ মাৰোঁতে ময়ো চাইকেলখন লৈ সিহঁতৰ পিচ ল’ব লওঁতেই জোতপোত খাই পৰি গ’লোঁ৷ উঠি আকৌ চাইকেল চলাব লওঁতেই সন্মুখৰ পৰা ববিতাৰ দেউতাক আহি ওলাল৷ মই ভয়তে লৰালৰিকৈ গুচি আহিলোঁ৷ মোক বোধকৰোঁ বুঢ়াই দেখিলে৷ এতিয়া মেচি দাখন লৈ আমাৰ ঘৰলৈ মোক কাটিবলৈ দৌৰি আহিছে৷ মই বোলে সিহঁতৰ হাঁহ চুৰ কৰিলোঁ৷ চাচোন মই আছোঁ জীয়েকক অনাৰ ধাণ্ডাত৷ মই বাৰু কিয় হাঁহ চুৰ কৰিম সিহঁতৰ? ঘৰৰ পিছফালেদি যেনেতেনে পলাই আহিছোঁ৷ তোৰ তাত বুঢ়াই বিচাৰি আহিলে মই অথনিৰ পৰা তোৰ তাত থকা বুলি ক’বি৷

: হেহ৷ তোকনো কিহে পাইছিল সিহঁতৰ পিছ ল’বলৈ? মই অলপ আগতে আহি পাইছোঁহে ববিতাহঁতৰ ঘৰৰ পৰা৷ আহচোন আহ৷ ভিতৰলৈ আহ৷ ইফালে খানালৈ যাবলৈয়ো দেৰি হৈছে৷

: অ নবৌ৷ নবৌ৷ 

বাহিৰত নিতুলৰ বাপেকৰ চিঞৰ৷ 

: অ’ বলেন৷ 

ভিতৰৰ পৰা দিগন্তৰ মাকে হাত মচি মচি ওলাই আহিল৷ দুয়ো ভয়তে প্ৰমাদ গণিলে৷ এইবাৰ আকৌ কি হ’ল?

: নবৌ আমাৰ লাট চাহেবটো আপোনালোকৰ ঘৰলৈ আহিছে নেকি? 

: ৰ’বাচোন৷ আগতে কোৱা কি হ’ল? পেটৰ পোক এইবুলি বিহুৰ দিনা কিয় গালি পাৰিছা?

: নক’ব আৰু নবৌ৷ ই কুলাংগাৰে মোৰ সৰ্বনাশ কৰিলে৷ ঘৰৰ হাঁহজনী চুৰ কৰি ভোজত সিজাইছেগৈ৷ মই গঁড়ালঘৰ মাৰিবলৈ যাওঁতে গন্তি কৰোঁতেহে ওলাল কথাটো৷ এজনী হাঁহ কম৷ হায়ৈ-বিয়ৈ কৰাত বলো দাইটিয়েহে কথাৰ ওৰ ফাদিল কৰিলে৷ দাইটিয়ে বোলে চেউৰীজনী বিচাৰিব যাওঁতে আমাৰ হাঁহজনী দেখা যেন পাইছিল৷ মই দৌৰ মাৰি গাঁৱৰ ডেকামখাই খানা খোৱা ঠাইত ভেলাঘৰটোৰ পিছফালে টৰ্চ মাৰি চাওঁতেহে কথাটো ফাদিল হ’ল৷ হাঁহজনীৰ পাখিৰ ৰঙতেই ধৰিব পাৰিছোঁ সেইজনী আমাৰ ফুটফুটী বুলি৷ হায় হায়৷ কটা নিধকে নিজৰ ঘৰতে সিন্ধি দিলে৷ ইয়াক পালেই মই আজি কাটিম৷ ইফালে দুলুৱে মোৰ পদূলিত চিঞৰি আছে সি বোলে সিহঁতৰো হাঁহ দুটা আনিছে৷ উফ্ উফ্! কি হতচিৰি যোৱাটোক মাকে জন্ম দিলে ঔ নবৌ!

: অই নিতুল৷ দেৰি নকৰ৷ তোক মোৰ লগত খুৰাই দেখিলে মোৰো আজি খানা শেষ৷ পিছফালৰ দৰ্জাইদি পলা৷ তোৰ বাপেৰে তোৰ নেলু চিঙাৰ আগতে তই বিনয়হঁতৰ ঘৰলৈ যাগৈ৷ মই সুযোগ বুজি তোক খানাৰ ঠাইলৈ লৈ আনিম৷

: অ’ এইখন কি হ’ল হয়? ববিতাৰ লগত মোৰ নহ’বগৈ মানে!

: ববিতাৰ চিন্তা বাদ দে৷ নহ’লে বাপেৰৰ দাৰ ঘাপত তোৰ ঘৰৰ হাঁহজনীৰ লগতে তয়ো একে ঠাই পাবিগৈ৷ যা যা৷ সোনকালে যাগৈ৷ 

: হ’ব দে৷ তই কিবা এটা কৰিবি তেন্তে৷ মই আহোঁ৷

“ববিতাক কলেজত গ’লে এইবাৰ লগ ধৰিব লাগিব৷ ”

নিতুল পিছফালেদি যোৱালৈ চাই দিগন্তই হুমুনিয়াহ এটা মাৰিলে৷

☆ ★ ☆ ★ ☆

4 Comments

  • Pranita Goswami

    হাঃ হাঃ বেচেৰা নিতুল। বৰ ভাল লাগিল।

    Reply
  • সুকুমাৰ গোস্বামী

    ??? মহা মস্কিল

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    মজা লাগিল৷

    Reply
  • ডলী

    বঢ়িয়া লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *