ফটাঢোল

ড’লষ্টম যাত্ৰা -অগ্নিভ দত্ত 

ড’লষ্টম!! তেনেই সৰু টাউন এখন, কিন্তু খুবেই মৰম লগা আটোমটোকাৰীকৈ সজাই ৰখা টাউনখন!  দুবছৰমান আগতেই ভাবিছিলোঁ এবাৰ এটা পাক মাৰিব লাগিব! বিভিন্ন কাৰণত কামটো হৈ উঠা নাছিল! তিনিদিনীয়া বন্ধ এটা থকাত ভাবিলোঁ সেই কেইদিনতেই এপাক মাৰি আহিব পাৰিলে ভাল হয়! 

ভবামতেই কাম, লগা লগ তাত থকাৰ ব্যৱস্থা থকা ঠাইবোৰ চোৱা আৰম্ভ কৰিলোঁ! দক্ষিণ আফ্ৰিকাৰ মানুহবোৰ ফুৰি খুব ভাল পায়, গতিকে এনেকুৱা দীঘলীয়া বন্ধৰ সময়ত থকাৰ ব্যৱস্থা বিচাৰি উলিওৱাটো অলপ কষ্টকৰ! গতিকে ড’লষ্টমৰ লগতে তাৰ ওচৰে-পাজৰে থকা ঠাইবোৰতো চকু ফুৰাব লাগিলোঁ! 

ড’লষ্টমৰ দুই এঠাইৰ লগতে ড’লষ্টমৰ ওচৰৰ-পাজৰৰ ঠাই কিছু চৰ্ট লিষ্ট কৰি সেই সমুহৰ মানুহখিনিক ফোন কৰি খা-খবৰ ল’ব ধৰিলোঁ! দুই এখনত ফোন কৰি গম পালোঁ আমি বিচৰাধৰণৰ সুবিধাখিনি সকলোতে নাই, কোনো এখনত আকৌ নিজে খোৱাৰ সুবিধা নাই! এনেকৈ চাই থাকোঁতে চকুত পৰিল ভেলী অফ দ্যা ৰেইনব’ বোলা ৰিজৰ্ট এখনত! দেখিয়েই মনটো ভাল লাগি গ’ল! বিভিন্ন ধৰণৰ থকাৰ ব্যৱস্থা আছে! 

হোটেলৰ ৰূমৰ পৰা টেণ্টলৈ! টেণ্ট বোলাৰ লগে লগেই ভাবিলোঁ এইবাৰ টেণ্টত থকাৰ সোৱাদটো ল’ব লাগিল! আমি সাধাৰণতে ফুৰিব গ’লে যিমান পাৰোঁ সিমান নিজে ৰান্ধি-বাঢ়ি খাব পৰা ব্যৱস্থা থকা থকাৰ সুবিধা ঠাই গ্ৰহণ কৰোঁ! নিজে ৰান্ধি খোৱাৰ সুবিধা থাকিলে লাভ কেইবাটাও, কম খৰছটো অন্য কথা কিন্তু খোৱা-বোৱাটো নিজৰ মতে কৰিব পৰা যায়, লগতে সাধাৰণতে গধূলি সময়তো মিলি-জুলি ৰান্ধি খাই ফূৰ্তিও লাগে! 

গতিকে ভেলী অফ দ্যা ‘ৰেইনব’ ত টেণ্টতে থাকিবলৈ ঠিক কৰিলোঁ! ঠিক কৰি ফোন কৰোঁতেহে লাগিল গৰবৰ, বোলে এটাই টেণ্ট খালী আছে সেইটোত দুজন থাকিব পাৰে, হানিমুন চুইট! আমি বোলো আমাক তিনিটা মানুহ থাকিব পৰা লাগে, হানিমুন বাদ দিয়া! ৰিজৰ্টখনৰ কেয়াৰ টেকাৰ কেটে অকণমান সময় খুজিলে! এঘণ্টামানৰ পাছত খবৰ দিলে বেলেগ এহাল ডেকা-ডেকেৰীক হানিমুন চুইটো ল’বলৈ দি সিহঁতি লোৱা চাৰিখন বিছনাৰ টেণ্টটো আমাক দিবলৈ সাঁজু কৰি তুলিলে! কেটক ধন্যবাদ দিলোঁ! 

আমাৰ ঘৰৰ পৰা প্ৰায় ৪০০ কিঃমিঃ দূৰত অৱস্থিত ৰিজৰ্টখন! শনিবাৰে পুৱা ৭ বজাত ওলাই যোৱাৰ প্লেন কৰিলোঁ। বাটত বেলফেষ্ট বুলি ঠাই এখনতে ঠিক ১০.৩০ মানত পাই তাতে ব্ৰেকফাষ্ট কাম লান্স মানে ব্ৰান্স কৰিম বুলি ঠিক কৰিলোঁ! অৱশ্যে ৰাতিপুৱা ঘৰতে অকণমান ভাত-ডালি আলুপিতিকাৰে এঠাল মাৰি ল’লোঁ! লগত ল’লোঁ ঘৰতে নিৰ্মিত বাৰ্গাৰ কেইটামান! ৭ বাজি কেইমিনিটমান যোৱাৰ পাছতেই আমি ওলালোঁ আমাৰ গন্তব্যস্থান অভিমুখে! 

২০০ কিঃমিঃ মান যোৱাৰ পাছত হাইৱে’ৰ পেট্ৰল পাম্প এটাত ফ্ৰেছ হ’বৰ বাবে সোমালোঁ! হাইৱে’ৰ এইবোৰ পেট্ৰল পাম্পৰ লগতেই থাকে সৰু চুপাৰ মাৰ্কেটৰ দৰে কিছু লগতে কেইখনমান ৰেষ্টুৰেণ্ট! ৰপুৱা ভাতকেইটা খাই অহাত বেলেগ খাব মন নগ’ল, গতিকে ফ্ৰেছ হৈ কফি দুকাপকে টেক এৱে হিচাবে  লৈ আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ! বেলফেষ্টত যিহেতু ক’ত খাম চাইয়ে থৈছিলোঁ গতিকে আৰু ক’তো নৰৈ চিধাই বেলফেষ্ট পালোঁগৈ! আৰু যেতিয়া জিপিএছে নি বেলফেষ্টৰ নিৰ্দিষ্ট ৰেষ্টুৰেণ্টখনৰ ওচৰ পোৱালেগৈ, বাহিৰৰ পৰাই ৰেষ্টুৰেণ্টখন দেখি পছন্দ একেবাৰেই নহ’ল! 

ৰীমাৰো পছন্দ নোহোৱা দেখি ঠিক কৰিলোঁ আৰু বেলেগ ৰেষ্টুৰেণ্ট বিচাৰি সময় নষ্ট নকৰোঁ! ৰাষ্টাতে ক’ৰবাত গাড়ী ৰখাই  ঘৰতেই বনাই অনা বাৰ্গাৰকেইটা খাই লোৱা যাওক! কথামতেই কাম, বেলফেষ্ট টাউনৰ পৰা ওলাই এডোখৰ নিৰিবিলি ঠাইত ৰাষ্টাৰ কাষত গাড়ীখন ৰখাই গোটেইকেইটাই বাৰ্গাৰ কেইটা খাই ল’লোঁ, গৈ পোৱালৈ অন্তত পেটটোৱে একো দিগদাৰ নকৰে বুলি নিশ্চিত হ’লোঁ! খাই উঠিয়েই আকৌ আৰম্ভ কৰিলোঁ যাত্ৰা, তেতিয়াও আৰু প্ৰায় ৫০ কিঃমিঃ যাত্ৰা বাকী, তাৰে আকৌ প্ৰায় ১৫ কিঃমিঃ ৰাস্তা বেয়া মানে শিলগুটি দিয়া ৰাস্তা, গতিকে অলপ সময় লাগিব! 

যি কি নহওক নিৰ্দিষ্ট সময়ত ৰিজৰ্ট পালোঁহি, পৰিবেশটো দেখিয়েই লাগিল ভবাধৰণৰেই পাইছোঁ ঠাইকণ! কেটৰ হাতৰ পৰা ছাবি লৈ নিৰ্দিষ্ট টেণ্টলৈ আগবঢ়াই দিলে হিগোয়ে! গাড়ীৰ পৰা বস্তু নমায়েই ঠিক কৰিলোঁ, হাতত যিহেতু সময় আছেই ভাতকেইটামান ৰান্ধি খাই লোৱা হওক! টেণ্টটোৰ বাহিৰত ৰন্ধাৰ ব্যৱস্থা সুন্দৰকৈ কৰা আছে! আমাৰ আচলতে প্লেন আছিল বেলফেষ্টত লান্স যিহেতু কৰিম, গতিকে আবেলিলৈ বাৰ্গাৰকেইটা খাম, কিন্তু যিহেতু বাৰ্গাৰ ইতিমধ্যে পেটত গতিকে একো নোখোৱাকৈ ৰাতিলৈকে থকাটো অসম্ভৱ কথা! 

ইফালে ঘৰতে মূৰ্গী আৰু গাহৰি মাংস দুভাগকে বনাই দীপ ফ্ৰীজত ভৰাই থৈ তেনেকৈ লৈ আহিছিলোঁ যাতে অনাগত তিনিদিনত মাছ-মাংস ৰান্ধি সময় নষ্ট কৰিব লগা নহয়! তাৰ পৰাই এটা অংশ উলিয়াই গেছত গৰম কৰি ল’লোঁ, লগতে প্ৰেচাৰ কুকাৰত ভাত উঠাই দিলোঁ! তৎক্ষণাত গৰমে গৰমে ভাত মাংস ৰেদি হৈ গ’ল! গোটেইকেইটাই তৃপ্তিৰে ভাতসাঁজ খাই টেণ্টৰ ভিতৰৰ বিছনাকেইখনত পৰি দিলোঁ! গাটো অকণমান টঙাই লৈ ঠিক কৰিলোঁ অলপ তহলকে দিয়া যাওক ১০০০ হেক্টৰৰ ৰিজৰ্টখনত! ইতিমধ্যে ছাবি ল’ব যাওঁতে কেট আৰু হিগোয়ে বুজাই দিছেই ৰিজৰ্টখনৰ ভিতৰতেই কি কি কৰিব পাৰোঁ! বিভিন্ন চৰাইৰ ৰম্যভূমি, লগতে হৰিণা, বন গাহৰিকে দুই এটা জন্তুও আছে ৰিজৰ্টখনত! 

চাৰিওফালে পাহাৰ তাৰ মাজত চাৰিখন  বিল! সেই বিলৰেই বৈশিষ্ট হ’ল ৰেইনব’ ট্ৰট মাছ! মাছ ধৰাৰ নিজৰ সঁজুলি থাকিলে নিজে ধৰিব পাৰি, নহ’লে ৰিজৰ্টৰ পৰা ভাড়াত লৈয়ো মাছ মাৰিব পাৰি, কিন্তু এটাই চৰ্ত মাছ মাৰিবহে পাৰিব কেৱল চখৰ বাবে কিন্তু আকৌ বিলত এৰি দিব লাগিব! ৰিৰ্জটখনত প্ৰায় ৭০, ৭৫ জন মানুহ থাকিব পাৰে! আমি প্ৰথম কিছুদূৰ গাড়ীখন লৈ আহি এঠাইত ৰখাই তাৰ পৰাই ৰিজৰ্টখনৰ বিভিন্ন অংশলৈ খোজকাঢ়ি ফুৰিবলৈ ঠিক কৰিলোঁ! প্ৰকৃতিৰ কি এক মনোমোহা ৰূপ! 

বিলৰ পাৰত দেখিলোঁ বিভিন্নজনে বৰশী লৈ মাছ মৰাত ব্যস্ত! ইফালে দহজনে বিলৰ পাৰে পাৰে খোজ কাঢ়িছে, কোনোজনে ট্ৰেকিং কৰিছে নিৰ্দিষ্ট ট্ৰেকিঙৰ পথেৰে, কোনোবাজনে চৰাই-চিৰিকতি নিৰীক্ষণ কৰিছে! আমি ঠিক কৰিলোঁ বৰশী আমি পিছদিনা বাম, সেইদিনা গধূলি হোৱালৈ বিলৰ পাৰে পাৰে ঘূৰিলোঁ!  লগতে বিছনা চাদৰ এখন পাৰি তাতে বহি লৈ, শুই লৈ মনোমোহা প্ৰাকৃতিক পৰিবেশটো যিমান পাৰি উপভোগ কৰিলোঁ! এপাকত এখন বিলৰ এটা পাৰত সৰু আটোমটোকাৰী ঘৰ এটা দেখি সেইটোকে চাব ধৰিলোঁ! অলপ পাছত ঘৰটোৰ পৰা মানুহ এহাল ওলাই আহি নিজেই চা-চিনাকি হ’ল! 

গাৰ্ট আৰু মেৰিঞ্জা! গাৰ্ট পেছাত ব্যৱসায়ী আৰু মেৰিঞ্জা আৰ্ট থেৰাপিষ্ট! তিনি সন্তানক আইতাক-ককাকৰ লগত থৈ দুয়ো দুদিনৰ বাবে অকলে কিছু সময় কটাব আহিছে! দুয়ো সেই আটোমটোকাৰী ঘৰটোতে আছেহি! আমাক ভিতৰলৈ মাতি নি ঘৰটো দেখুৱালে! এটা ঐতিহাসিক মিল, পানীৰে চলা টাৰবাইনেৰে চলোৱা হৈছিল মিলটো! উইটপৰ্ট মিল বুলি জনা মিলটোৱে ১৯ শতিকাত বৃটিছ আৰু শ্বেতাংগ আফ্ৰিকানসকলৰ মাজত চলা এংগল ব’ৰা যুদ্ধৰ সময়ত শ্বেতাংগ আফ্ৰিকানসকলক খাদ্য যোগানত বিশেষ ভূমিকা লৈছিল! প্ৰতি ১৫ মিনিটত ৭০ কেজি ওজনৰ খাদ্যৰ বেগ মিলটোত খুন্দিবলৈ সক্ষম হৈছিল! 

সুন্দৰকৈ মিলটোক তেনেদৰেই ৰাখি মানুহ থাকিব পৰাকৈ সজাই পৰাই তোলা হৈছে! ঘৰটোৰ বাহিৰ ফালেই পানীৰে চলা টাৰবাইনটো! ১৯৯৪ চনৰ পৰা চলা নাই টাৰবাইনটো, তথাপি সুন্দৰকৈ ৰখা হৈছে! চাৰিওফালে ঘূৰি মেলি চাই গাৰ্টহঁতৰ পৰা বিদায় ল’লোঁ!  লাহে লাহে বিলৰ পাৰটো চেঁচা বতাহে আৱৰি ধৰিলে, ইফালে সূৰ্য অস্ত যাবৰো হ’ল! ঠাণ্ডা বতাহজাকে বুজাই দিলে ডলষ্টম কিয় বেলেগ, এই গ্ৰীষ্মকালটো জেকেট পিন্ধাবলৈ বাধ্য কৰি তুলিলে শীতল বতাহজাকে! 

সন্ধ্যা নামি অহাৰ লগে লগে আমিও টেণ্ট অভিমুখে যাত্ৰা কৰিলোঁ! লাহে লাহে যেন দিনটোৰ ভাগৰজাকে খেদি আহিব ধৰিছিল! টেণ্ট পাইয়েই অনুভৱ কৰিলোঁ গৰম চাহ একাপৰ! চাহকাপ হাতত লৈ টেণ্টৰ বাহিৰত থকা চকীত বহি লৈ নিৰ্জণ হৈ পৰা পৰিবেশটোত বিভিন্ন চৰাই-চিৰিকতিৰ কোলাহলে মনটো একেবাৰে সতেজ কৰি তুলিলে! ইফালে সন্মুখৰ বিলখনত বিভিন্ন হাঁহৰজাকৰ চিঞৰ! গৰম চাহকাপ মাফিন, চানাচুৰ, বিস্কুটেৰে খাই খাই আমি কথা পাতি পৰিবেশটো যিমান পাৰোঁ উপভোগ কৰিলোঁ!

লাহে লাহে সন্ধ্যাই সম্পূৰ্ণ আন্ধাৰৰ ৰূপ ল’লে, ঘিটমিটিয়া আন্ধাৰ! আমি টেণ্টৰ ভিতৰতেই ৰেষ্টো ল’লোঁ, ইটো, সিটো বস্তুবোৰ চিজিলো লগাই ল’লোঁ! ৰাতি ভাবিলোঁ ডালি এখন ৰান্ধি লোৱা হওক, লগতে সৰু আলুৰ ভাজি এখন কণী বইল আৰু ৰান্ধি অনা মাংসৰ ভাগ! আঠমান বজাত ৰান্ধিবলৈ টেণ্টৰ পৰা  বাহিৰলৈ ওলালোঁ! বাহিৰত ভালেই ঠাণ্ডা পৰিছে! বস্তুখিনি ৰান্ধোঁতে বৰ বেছি সময় নালাগিল! দহ বজালৈ খাই বৈ ৰেডি হ’লোঁ! ইমান সোনকালে শোৱাৰ অভ্যাস নাই ঘৰত, কিন্তু কৰিবলৈকো একো নাই, ইণ্টাৰনেট ৰিচেপশ্যনৰ ওচৰতহে আহে, ইয়াত চেগা-চৰাকৈ ফটককেহে লাগে! টিভিৰো কথা নাই! গতিকে সকলো ভাবি শুই দিলোঁ সোনকালেই! 

পুৱা সোনকালে উঠি ৰীমাই বাহিৰত খোজকাঢ়িবলৈ গ’ল, আমি শুইয়েই থাকিলোঁ, ভাবিলোঁ এইখিনি বিলাস কৰা উচিত ফুৰিব আহি! অকণমান আৰামত উঠি ওলাই যোৱাৰ আগতে বন, ব্ৰেড, জাম, কণীৰ অমলেট খাবলৈ ঠিক কৰিলোঁ! ৰীমাই ক’লে ৰাতিৰ ভাত যথেষ্ট থাকিল, ফ্ৰীজতে থোৱা আছে! লগে লগে ফ্ৰাইদ ৰাইচৰ আইটেম এটাও যোগ দিয়া হ’ল! পুৱাই ব্ৰেকফাষ্টৰ নামত দগৰি খাই ১০ বজাত আমি বৰশী বাবলৈ ওলাই গ’লোঁ! বৰশী বোৱাৰ সা-সৰঞ্জামবোৰ কেট আৰু হোগোৰ পৰাই ভাৰাত ল’লোঁ! 

ফ্ৰাই ফিচিং হল বৰশী মৰাৰ পদ্ধতিটো! বৰশীৰ ৰদডাল কিটিপত ধৰি বৰশীৰ কাটা থকা ৰছীডাল ঘূৰাই ঘুৰাই বহু দূৰলৈ দলিয়াই দিয়াৰ বাবেই নামটো ফ্লাই ফিচিং! অৰ্নীৰ ফূৰ্তি ইমানকেইটা মাছ ধৰাৰ ঠাই পায়! তাৰ লগে লগে আমিও অকনমান বৰশী বাই, বাকী তাকেই গটাই আমি ইফালে সিফালে  ঘূৰিবলৈ ওলাই গ’লোঁ!অৰ্নীয়ে নিজৰমতে ফূৰ্তি কৰক বুলি আমি অলপ ওলাই গ’লোঁ খোজেৰে! দুঘণ্টামানৰ পাছত ঘূৰি ঘূৰি অৰ্নীৰ ওচৰ পাওঁতে জনালে মাছ এটাও পোৱা নাই! কেম্পিং চকীকেইখনত বহি লৈ আমি প্ৰাকৃতিক দৃশ্যকেই উপভোগ কৰাত লাগিলোঁ! 

এটা সময়ত দুপৰীয়াৰ ভাতসাঁজ খাই আহিবলৈ টেণ্টলৈ আহিলোঁ সৰঞ্জামখিনি আকৌ ল’মহি বুলি হোগোৰ হাতত গটাই! দুপৰীয়া ভাত মাংস, ডালিৰে ভাত খাই অলপ ৰেষ্ট ল’লোঁ টেণ্টৰ ভিতৰতেই! চৰাই-চিৰিকটিৰ শব্দৰ বাহিৰে বেলেগ একো শব্দ নাই! টেণ্টবোৰো দূৰে দূৰে গতিকে কোনেও কাৰো কথা নুশুনে! গধূলি যিহেতু ৬:৩০ বজাৰ পাছতহে হয় গতিকে আমি ৪:৩০ বজাৰ পাছতহে লাহেকৈ ওলাই গ’লোঁ, অৰ্নীৰ বৰশী বোৱাৰ চখৰ কাৰণে! আকৌ সা-সৰঞ্জামখিনি লৈ মাছ ধৰাত লাগিল! আমি আকৌ খোজ কাঢ়িবলৈ গ’লোঁ লগতে ইটো সিটো চোৱাত লাগিলোঁ! কিদৰে টাৰবাইনো চলোৱাৰ বাবে পানীৰ গোটেই ব্যৱস্থা কৰিছিল সেইটো চাওঁতেও সময় অলপ গ’ল! 

তাৰপাছত ওচৰতে থকা পাহাৰটোৰ ফালেও অলপ খোজকাঢ়ি আহিলোঁ, ৰাস্তাতে হৰিণাকেইটামানে আমাক দেখি হাবিৰ ভিতৰলৈ লৰ মাৰিলে! এনেদৰে ঘূৰি ঘূৰি অৰ্নীৰ ওচৰ পাওঁতে সন্ধ্যা নামিবই হ’ল, তাৰ ওচৰৰে এহালে মাছ পালে! সেইকাৰণে সি ৫ মিনিট মিনিটকৈ মাছ পাইনি চেষ্টা কৰি থাকিল! লাহে লাহে পূৰাই আন্ধাৰ হ’ল, গতিকে তাক সামৰিবলৈ কৈ বস্তুখিনি কেটৰ হাতত জমাদি টেণ্ট পালোঁগৈ! কাইলৈ পুৱাই ভাবিলোঁ ঘৰ যোৱাৰ আগতে ডলষ্টম টাউনখন সোমাই যাম! গতিকে নিৰ্দিষ্ট সময়ৰ আগতেই ৰিজৰ্ট এৰি যাম বুলি ঠিক কৰিলোঁ! 

ৰাতি আকৌ মাংস, ভাতেৰে এসাঁজ খাই বস্তুবোৰ ঠান-ঠিত লগাই সোনকালে শুই পৰিলোঁ! পিছদিনা পুৱা ৰীমাৰ লগতে আমিও উঠি হাবিৰ মাজে মাজে খোজকাঢ়িলোঁ, লগতে বিলৰ পাৰে পাৰেও খোজকাঢ়ি টেণ্ট পাই ঠিক কৰিলোঁ ওলাই যোৱাৰ আগতে খিচিৰীকে খাই যোৱা যাওক! আহোঁতে হোৱাৰ দৰে হ’লেও তেতিয়া বিশেষ চিন্তা নাথাকিব! কথামতেই ফটকে খিচিৰী ৰান্ধি এপেটকে মাৰি লৈ ডলষ্টমলৈ বুলি ওলালোঁ! ৭০ কি:মি:তকৈ অলপ বেছি! 

ডলষ্টম টাউনখন পায়েই মনটো ভাল লাগি গ’ল, ৰাস্তাটোৰ দুয়োকাষে বিভিন্ন ৰেষ্টুৰেণ্ট,  সৰু বৰ আৰ্ট গেলাৰী আদি! গাড়ীখন এঠাইত ৰখাই থৈ খোজকাঢ়ি ফুৰিবলৈ ল’লোঁ! হাতত ৪ ঘণ্টামান আছে! প্ৰথমেই আটোমটোকাৰীকৈ সজাই থোৱা বেলজিয়ান ৱেফলৰ দোকান এখনত সোমালোঁ! তেতিয়াহে মন কৰিলোঁ মানুহেৰে ঠাঁহ খাই পৰিছে! মানুহ বেছি মানেই সেইখনৰ খোৱা বস্তুৰ কদৰ আছে সেইটো বুজিব পাৰি! তিনিও বিভিন্নধৰণৰ ৱেফেল অৰ্ডাৰ কৰিলোঁ! সঁচাই কি অপূৰ্ব সোৱাদ! এই সৰু টাউনবোৰত এটা কথা মন কৰিছোঁ ক’তো ডাঙৰ ব্ৰেণ্ডৰ ৰেষ্টুৰেণ্ট চেইনবোৰ নাই, অথচ এইবোৰ ঠাই টুৰিষ্টেৰে দপদপাই থাকে গোটেই বছৰ! 

ৱাফেল খাই উঠি আৰ্ট গেলাৰী দুই এটা ঘূৰি সৰু-সুৰা দুই এপদ বস্তু কিনিলোঁ! ইফালে যোৱাৰো সময় হৈছে লাহে লাহে! সেই অঞ্চলৰ বিখ্যাত ৰেইনব’ ট্ৰট মাছ তিনিকেজিমান কিনি লৈ গাড়ীত ভালকৈ থৈ আহি ৰেষ্টুৰেণ্ট এখনত দুপৰীয়াৰ ভাগ খাদ্য খাবলৈ সোমালোঁ! ৰীমা অৰ্নী খোৱাত বেয়া, ল’লেহে খাব নোৱাৰিলেই, খিচিৰী, ৱাফেলে তেতিয়ালৈ বাট এৰিয়েই দিয়া নাই বোলে! মোৰখিনি ঠিকে ঠাকে খাই আমি আকৌ ঘৰ অভিমুখে যাত্ৰাত ওলালোঁ! তিনিটা দিন চকুৰ পলকতে পাৰ হৈ যোৱাত বেয়াও লাগিলে!

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *