ষ্টেট্ অৱ ইকুৱিলিব্ৰিয়াম – জয়ন্ত দত্ত
এনেকুৱা সময়তে বৰ অসুবিধাত পৰোঁ। ৰাতি টোপনিৰ চলেৰে শ্ৰীমতীৰ গাত ভৰিখন উঠাই থৈ দিছোঁ, শ্ৰীমতীয়েও টোপনিৰ জালতেইনে নিজৰখন বুলি ভাবিয়েই মোৰ ভৰিখনকে খজুৱাই আছে। আৰামতে মোৰ চকু দুটা মুদ খাই আহিছে। অলপ পিছতে সিখন ভৰিৰ সৰুগাঁঠিৰ ওচৰত এটা পিৰপিৰনি অনুভৱ কৰিলোঁ, বোধহয় আঁঠুৱাৰ ভিতৰত ম’হ সোমাইছে। চুপে-চাপে পৰি থাকিলোঁ কিছুসময়। পিৰপিৰনিটো ক্ৰমাৎ তীব্ৰ হৈ আহিল। হাতখন পিৰপিৰনিটোৰ ফালে আগুৱাই গৈয়ো ৰৈ গ’ল। ঠাইডোখৰ খজুৱাবলৈ হ’লে মই ইখন ভৰি লৰাব লাগিব, তেতিয়াহ’লে বৰ্তমান যিটো সাম্য অৱস্থান বজাই ৰাখিছোঁ সেয়া ভংগ হ’ব। ফলত যদি শ্ৰীমতীয়ে অলপমানো সাৰ পোৱা যেন হয়, মোৰ ফালে আৰাম গুচি মুহূৰ্ততে হাৰাম হ’ব। ইফালে পিৰপিৰনিটোৱেও যেন মোৰ অৱস্থা দেখি বেছিকৈহে ৰং পালে। উফ্, কিযে পয়মাল! গোটেই পৃথিৱীৰে নক্সা সলাই পেলাব পৰা সিদ্ধান্ত লোৱাৰ ক্ষমতা থকা বীৰসকলো এনেকুৱা পৰিস্থিতিত যে চৰখৰীয়াত পৰিব, মই বাজী লগাই ক’ব পাৰোঁ।
হয়,মই শ্ৰীমতীক সমীহ কৰোঁ আৰু এই কথাটো ক’বলৈ মই অকনো লাজ নকৰোঁ। ইয়াৰ কাৰণো অৱশ্যে নোহোৱা নহয়। শ্ৰীমতী যিমান কষ্টসহিষ্ণু অৰ্থাৎ শ্ৰীমতীয়ে দিনটোত যিমান কাম কৰিব পাৰে, তাৰ আধাও মোৰ পক্ষে কৰা সম্ভৱ নহয়। এদিন দুপৰীয়া হঠাৎ এজন আলহী আহি ওলালহি, আলহী মানে মোৰে দূৰ সম্পৰ্কীয় কোনোবা এজন। ইতিমধ্যে মই পাকঘৰৰ পৰা অহা প্ৰেচাৰ কুকাৰৰ হুইছেলৰ শব্দ শুনি উঠিছোঁ, ভাত-আঞ্জা ৰেডি হৈছেই তাৰমানে। তথাপিও সৌজন্যতাৰ খাতিৰতেই আলহীক ভাত খাই যাবলৈ অনুৰোধ কৰিলোঁ আৰু কিবা দৈৱ-দুৰ্বিপাকত আলহীও মান্তি হ’ল। আপুনি বিশ্বাস নকৰিব, ইতিমধ্যে সাঁজু হোৱা ভাত-আঞ্জাৰে শুদাই-নিকাই আলহীক সোধ-পোছ কৰাৰ নামত শ্ৰীমতীয়ে এদম লেতেৰা বাচন বেচিনটোত ভৰ্তি কৰি থৈছে। আলহী যোৱাৰ পিছত সেইসোপা ধুই থাকোঁতে মই পেটে পেটে শ্ৰীমতীৰ কষ্টসহিষ্ণুতাৰ প্ৰশংসা নকৰাকৈ থাকিব পৰা নাই, কিদৰে শ্ৰীমতীয়ে হঠাৎ অহা এজন মাত্ৰ আলহীৰ নামতে ইমানসোপা বাচন লেতেৰা কৰাৰ কষ্ট কৰিবলগীয়া হৈছে। মই হোৱা হ’লেতো কিজানি ইয়াৰে আধাও বাচন লেতেৰা নকৰাকৈয়ে আলহীক বিদায় দিলোঁহেঁতেন।
সেইবোৰ বহুত কথা, কৈ থাকিলেও শেষ নহয়। অত্যাধিক কষ্ট কৰে বাবেই মই দেখাত নহ’লেও ভিতৰে ভিতৰে শ্ৰীমতীৰ বাবে ব্যথিত হওঁ। বাচন ধোৱা, কাপোৰ ধোৱা, ভাত ৰন্ধা আদি কামবোৰ সেয়েহে নিজে কৰি শ্ৰীমতীক অলপ সকাহ দিবলৈ চেষ্টা কৰোঁ। টিভিৰ ৰিম’টটো সসন্মানে শ্ৰীমতীৰ হাতত অৰ্পন কৰো, সন্ধিয়া সময়ত দুখনমান চিৰিয়েল চালেহে যদি তেওঁৰ মানসিক স্বাস্থ্যটো অটুট থাকে। কাৰণ মই জানো, মানসিক চাপে মানুহক খুলি খুলি খাব পাৰে।
সৌ সিদিনাৰ কথাই চাওঁক। সম্পৰ্কীয় মানুহ এঘৰৰ বিয়াৰ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সন্ধিয়া দুয়ো গৈ বিয়াঘৰ পালোঁগৈ। শ্ৰীমতীক নমাই বাইকখন সুচল ঠাই এডোখৰত ৰাখি বিয়াঘৰৰ পদূলিত সোমাওঁ মানে শ্ৰীমতীয়ে আসন বিচাৰি উলিয়াই ইতিমধ্যে অৱস্থান গ্ৰহণ কৰিছেই। দূৰৰ পৰাই দেখিলোঁ শ্ৰীমতীৰ কাষৰ চকীখনত তেওঁৰেই পুৰণি বান্ধৱী এগৰাকী। বান্ধৱীৰ মুখখন কেঁহেৰাজ বৰণীয়া, কোষ্ঠকাঠিন্যত ভোগা মানুহৰ দৰে, সমগ্ৰ মুখমণ্ডলতে মানসিক চাপৰ চিন সুস্পষ্ট। আলেঙে-আলেঙে তেওঁলোকৰ হাৱ-ভাৱ লক্ষ্য কৰাটোৱেই ঠিক হ’ব বুলি ভাবি চকী এখনত বহি পৰিলোঁ। ক্ষন্তেক পিছতে দেখা পালোঁ শ্ৰীমতীৰ মূৰটো ক্ৰমাৎ বান্ধৱীৰ ফালে হাউলি পৰিছে, যেন বান্ধৱীয়ে কাণত কিবা গোপন মন্ত্ৰহে দিছে। কিছুসময় লক্ষ্য কৰি দেখিলোঁ সিগৰাকীৰ মুখমণ্ডল লাহে লাহে পোহৰ হ’বলৈ ধৰিছে আৰু আমাৰগৰাকীৰ সংকুচিত হ’বলৈ ধৰিছে। শেষলৈ বান্ধৱীয়ে হাঁহি-হাঁহি ভোজনগৃহলৈ বাট পোনালে আৰু শ্ৰীমতীৰ কেঁহেৰাজ বৰণীয়া মুখখনে ইফালে সিফালে কিবা বিচাৰি ফুৰিলে। মই বোলো আজি সৰ্বনাশ, বান্ধৱীয়ে মানসিক চাপৰ বোজাটো শ্ৰীমতীলৈ হস্তান্তৰ কৰিছে আৰু এতিয়া শ্ৰীমতীয়ে নিজৰ বোজা পাতলাবলৈ কাৰোবাৰ সন্ধান কৰিছে। অগত্যা পৰিবেশটোত হস্তক্ষেপ কৰাটোৱেই শ্ৰেয় হ’ব বুলি ভাবিলোঁ। যেনেতেনে কিবা এমুঠি খাই, বিয়াঘৰীয়াক মাত লগাই ওলাব পাৰিলেই ৰক্ষা কাৰণ ইয়াতে মানসিক চাপ ব্যৱস্থাপনা আৰম্ভ কৰিলে সেইফালে কিমান দেৰি হয় তাৰ কোনো ঠিকনা নাই। তাতোকৈ ৰাতি বিছনাত শুই শুইয়ে শ্ৰীমতীৰ বক্তৃতাৰ অমিয় সুধা পান কৰা ভাল।
কথামতেই কাম, খাই-বৈ উঠি কইনাৰ হাতত লেফাফাটো গুঁজি দি একেবাৰে ঘৰ পালোঁহি। ঘৰ পায়েই হাত-ভৰি ধুই চিধাই বিছনাত উঠিলোঁগৈ, এনেও আজি আৰু ৰাতিৰ সাঁজৰ কথা চিন্তা কৰি বিশেষ একো লাভ নাই। মুখৰ যিহে ৰং, তাতে বাইকত ঠেকেচা খাই মোৰো কঁকালৰ অৱস্থাও তথৈবচ, অলপ পোনাই লোৱাটোৱেই ভাল হ’ব। অলপ পিছতে লাইটটো নুমাই শ্ৰীমতীও বিছনাত উঠিলহি। বিছনাত উঠিয়ে,
: হেৰা, টোপনি আহিলেইনে কি?
বুলি মাত দিওঁতে বুকুখন একেবাৰে চিৰিংকৈ মাৰিলে। সেপ ঢুকি কোনোমতে মাতটো উলিয়াই “আছো দিয়া” বুলি ক’বলৈহে পালোঁ, শ্ৰীমতীয়ে আৰম্ভ কৰিলেই নহয়। উশাহটো দীঘলকৈ টানি লৈ, বিয়াঘৰত বান্ধৱীয়ে কাণে কাণে দি থোৱা সংসাৰৰ বাতৰিৰ হেডলাইনবোৰ বিতংকৈ মোৰ কাণৰ কাষত বৰ্ণনা কৰিবলৈ লাগি গ’ল। প্ৰথমতে কিছুসময় “ও…আ” কৰি থাকিলোঁ, “ও…আ” বন্ধ হোৱাত শ্ৰীমতীয়ে দুবাৰমান ঢকিওৱাও মনত আছে, তাৰ পিছত কি হ’ল মনত নাই।
প্ৰথমতে মোৰ টোপনি আহিছিল, নে অত্যাধিক মানসিক চাপৰ প্ৰকোপত লেবেজান হৈ শ্ৰীমতীৰে টোপনি আহিছিল, মই ভালদৰে গম নাপাওঁ। মাজৰাতি যেতিয়া এবাৰ খকমককৈ সাৰ পাই দেখিলোঁ, শ্ৰীমতীৰ এখন ভৰি মোৰ গাৰ ওপৰত (মোৰ হাতখনে অথনিৰেপৰাই শ্ৰীমতীৰ ভৰিখনকে খজুৱাই আছে তাৰমানে!) মোৰ অৱস্থা আৰু বেছি কাহিল হ’ল। একেভাজে শুই থাকি মোৰ কঁকালখন টনটনাইছে, এবাগৰ সলাই সিকাতি হ’ব পাৰিলেহে ৰক্ষা পৰিম। কিন্তু এই সাম্য অৱস্থানটো ভংগ কৰিবলৈ সাহসে কুলোৱা নাই, জানোচা শ্ৰীমতীয়ে সাৰ পাই যায় আৰু বাতৰিৰ বাকী থকা অংশ পৰিবেশন কৰিবলৈ আৰম্ভ কৰে। চেহ্ কি পয়মাল! অৱশেষত আঁঠুৱাখনৰ এটা মূৰ দাঙি ধৰিলোঁ। আশা এটাই, অন্ততঃ আঁঠুৱাৰ ভিতৰত এটামান হ’লেও মহ সোমাওঁক আৰু শ্ৰীমতীৰ সিখন ভৰিৰ সৰুগাঁঠিৰ ওচৰতে লাহেকৈ হ’লেও একামোৰ শোধাওঁক! হে প্ৰভূ, ৰক্ষা কৰা।
(শ্ৰীমতীৰ হাতত মৰমেৰে।)
☆ ★ ☆ ★ ☆
7:07 pm
ভাল লাগিল।