ফটাঢোল

পৰিৱৰ্তন-সঞ্জীৱ কুমাৰ মহন্ত 

সৰুতে দেখিছিলোঁ   হেঁপাহৰ গাঁওখনত 

      আঘোণৰ বিনন্দীয়া ৰূপ,

সময়ত পৰিবৰ্তনত    সলনি হ’ল সকলো

               ভাবিলেই লাগে দুখ!


শৈশৱত দেখা   আঘোণৰ পথাৰখন

           ক্ৰমে যেন হেৰাই যায়,

আজিকালি বহুতেই        এৰিছে খেতি

          চৰকাৰী ফ্ৰী চাউল পায়।


আগতে দেখিছিলোঁ  গাঁৱৰ প্ৰত্যেকেই 

         ন-মুঠি লগে-ভাগে খায়,

চুঙাত-দিয়া চাউল   খাবলৈ হ’লেও 

          বহুতেই নিমন্ত্ৰণ পায়।


জীয়াৰী-বোৱাৰীৰ    কাঁচিৰ চিকমিকনিত

           পথাৰ পৰিছিল ভৰি 

ৰবাব টেঙাৰ জুতি লৈ    লখিমী চপাইছিল

            মুখত লৈ প্ৰাপ্তিৰ হাঁহি।


গাঁৱৰ কাৰোবাৰ      কিবাকৈ থাকি গ’লে

          চপাবলৈ পথাৰৰ ধান,

গাঁৱৰ আটায়ে        লাগি-ভাগি দিছিল   

       হাউৰি আছিল যাৰ নাম।


সৰুতে দেখিছিলোঁ        পশুধনৰ গচকত   

           চোতালত লখিমী সৰে,

আজিকালি আকৌ      ট্ৰেক্টৰ, মেচিনে 

             তাৰ ঠাই আহি ল’লে।

আজিকালি দেখোঁ     খেতিত লাগি দিবলৈ   

                মানুহ পাবলৈ ট‍ান,

নিজে কৰিব নাজানিলে      খেতি-বাতিৰ কাম 

           দূৰৈৰ পৰাই বুলিবা ৰাম।


আজিকালি এচামে      দাৱনী আনেগৈ 

              বিলাসী গাড়ীত তুলি

আমি বিচাৰিলে            উত্তৰটি দিয়ে

           অলৰেডী বুকিং বুলি

 সৌ সিদিনা        গৈছিলোঁ বিচাৰি

         দাৱনী মাতোঁগৈ বুলি,

মোক ওলোটাই          প্ৰশ্ন কৰিলে

       হাজিৰা জানো বেছিকৈ দিবি।


চহৰৰ কাষৰীয়া         দাদাহঁত আহে

               বিলাসী গাড়ী লৈ 

আমাক উঠাই                লৈ যায়হি

             খেতিৰ কাম কৰিবলৈ।


৩০০ টকাৰ       হাজিৰাৰ সতে

          খোৱাই ধুনীয়াকৈ ভাত,

আপোনাৰ পথাৰৰ          কামলৈ গ’লে

            জানো সেই সুবিধা পাম?

সিঁহতৰ কথা শুনি      কি ক’ম ভাবি 

             মুখৰ হেৰাল মাত

বেছিভাগেই  হ’ল          সুবিধাভোগী

             পৰিৱৰ্তনৰ  কৃপাত।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *