দেদাই-শান্তনু চেতিয়া
দেদাই মানে আমাৰ দদাই৷ বিহুনামৰ দৰে মুখে মুখে বাগৰি অহা নাম-দেদাই৷ বাপেকৰো দেদাই পেটমচা পুতেকৰ মুখতো সেই প্ৰথম দেদ-দাই৷ দেদাই আমাৰ গাঁৱৰ এটা উল্লেখনীয় চৰিত্ৰ৷ দেদাই নহ’লে আমাৰ গাঁৱৰ বুৰঞ্জীয়েই নহয়৷ দেদাই আচল নামটোনো কি আজিলৈকে জানিবলৈ চেষ্টা কৰা নাই, নকৰো৷ চলি যাব পৰা জোখাৰে খেতি-খোলা থকা খামীদাৰ মানুহ দেদাই৷ পৰিয়ালটোও সৰু৷ একমাত্ৰ ছোৱালীজনী চৰুভঙাৰ ফাললৈ উলিয়াই দিয়াৰ পাছত এতিয়া খুৰীটিৰ সৈতে গৃহস্হলী চলাই আছে৷ দেদাই বয়সো কিছু হৈছে৷ ৪২ ৰ আন্দোলনত বোলে ম’হৰ টোকোনেৰে অসমীয়া চিপাহী এটাক ফ্লেট কৰি দিছিল৷
হওঁতে দেদাই পাঠশালাৰ বাৰান্দালৈকেহে গৈছিল, ভিতৰ নোসোমালে৷ আমি কেইটামানে ভোগৰামৰ গোলাৰ সন্মুখৰ চাংখনত বহি লৈ দেদাইক দুটামান ক-ক, ম-ম শিকাইছিলো৷ লাভ নাই নহ’ল- ‘ক’ টোৰ হাঁকোটাটো সদায় ওলোটা ফালে দিওঁতেই গ’ল৷ দেদাইক লৈ কাহিনী বহুত৷ এবাৰ দেদাই ক’ৰবাত বায়স্ক’প চাবলৈ গ’ল৷ জীৱনত প্ৰথম দেখা৷ পৰ্দাত দেখিলে মুষলধাৰে বৰষুণ৷ পিচদিনাই গ’ল নহয় গৰুহালে নাঙলটো লৈ পথাৰলৈ৷ জেঠৰ বাৰখৰ৷ খুৰীটি আচৰিত বোলো, এই খৰত ক’ত হালবোৱাগৈ” দেদাই ওপৰলৈ চালে-এৰা হয়, কালিনো সেইজাক বৰষুণ ক’ত দিলে৷
এদিন ভোগৰামৰ গোলাৰ আগত বহি আছো৷ এনেতে দেদাই আহিল৷ ভোগৰামে ক’লে, ‘ভোগাই গুৰ এসেৰ দে’৷ ভোগৰামে বোলে-দেদাই আজিকালি সেৰ নাই নহয়, কিলোহে আছে৷’ অ’ হয় নেকি, তেনেহ’লে কিলোকে এসেৰ দে৷’ এইয়ে আমাৰ দেদাই৷
এবাৰ চোতালত মৰণা মাৰিবলৈ ডাঙৰি উলিয়াই লৈছিল৷ আহিল নহয় ক’ৰবাৰপৰা হুৰমূৰকৈ বৰষুণ এজাক৷ দেদাই মৈত উঠিল, দিলে মেচীদাখনকে ওপৰলৈ দলি মাৰি বোলে, “কুকুৰপোৱালী, এতিয়াহে আহিবলৈ পালি, কাটি টুকুৰাটুকুৰ কৰিম৷”
জীৱনত প্ৰথম চিনেমা হলত চিনেমা চাবলৈ গৈছে ৷ লক্ষ্মী চিনেমা হল ৷ ইতিমধ্যে চিনেমা আৰম্ভ হ’লেই ৷ আন্ধাৰে- মোন্ধাৰে দেদাই হলত প্ৰবেশ কৰিলে ৷ টিকট চেকাৰে দেদাইক চিটতো টৰ্চ মাৰি দেখুৱাই দিলে ৷ ফ’ল্ডিঙ চকী, বেচেৰা দেদাইএ চিটতো পেলাইলৈ বহিব লাগে বুলি নাজানি তিনিঘন্টা সময় চিটৰ গাদীটোতে বহি গোটেই চিনেমাখন চালে ৷ সন্ধিয়া ভোগৰামৰ দোকানলৈ ফেৰেকা খোজেৰে অহা দেদাইক যেতিয়া সুধিলো তেতিয়াহে উৰহী গছৰ ওৰটো ওলালে ৷
মাজতে অৰ্থনৈতিক অৱস্থা বেয়া ফাললৈ যোৱাত দেদায়ে লাওপানীৰ ব্যৱসায় কৰিবলৈ লৈছিল ৷ লাওপানী আবকাৰী আওঁতাত নপৰে, গতিকে ব্যৱসায়টো অবৈধ ৷ আহিল নহয় পুলিচৰ জীপ এখন ৷ আঘোণ মাহ, দেদায়ে দিলে ধাননিৰ মাজেৰে তিনিমূৰীয়া হৈ কুকুৰ খোজীয়া দৌৰ ৷ আমি ভোগৰামৰ গোলাৰ আগত ফৌচালী কৰি থকা কেইটাই কেইফাৰলংমান আঁতৰৰ পৰা আলেখ লেখ চাই আছো ৷ ধাননীৰ তলে তলে কুকুৰখুজীয়া খোজেৰে অহা দেদাই হঠাৎ আমাৰ সন্মুখত ওলাল ৷ ধৰা পৰিও একো হোৱা নাই জাতীয় অভিনয় এটাৰে দেদাই আমাৰ আগেদি গম্ভীৰ খোজেৰে গমন কৰিলে ৷ আমাৰ লগৰে বিৰাজে সুধিলে, “বোলো দেদাই কথাটোনো কি, ঘৰৰ মুখত যে পুলিচৰ গাড়ী ৷” দেদাই বুকুখন ফুলাই উত্তৰ দিলে, “ খুলশালিটো আহিছে, ঘৰত চাহ দিবলৈ চেনি অকনমানেই নাই, লাজ নালাগে নি ৷” দেদাই খুলশালিটোনো কেতিয়া পুলিচৰ চাকৰিত সোমালে আমি ভাবি উৱাদিহ নাপালো ৷
এইয়াই আমাৰ দেদাই ৷ গাঁৱৰ এটা বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰ ৷ পিছে দেদাই এতিয়া বাৰ্ধক্য পীড়িত ৷ সৰহভাগ সময় বিচনাতে থাকে ৷ আমি কিন্তু তেখেতৰ লগ এতিয়াও এৰা নাই ৷ সন্ধিয়া সময়ত তেখেতৰ বিচনাৰ কাষত বহি এতিয়াও তেখেতৰ ফিতাহি কথাৰ টোপোলাটোৰ সোৱাদ লওঁ ৷ থাককচোন এইদৰে ৰসাল কথাৰ হেলেঙী বোৱাই দেদাই আমাৰ মাজত দুদিনমান বেছিকৈ জীয়াই ৷ আহিব আপুনিও, প্ৰত্যাহিক জীৱনৰ জঞ্জাল সামৰি দেদাইপৰা লৈ যাবহি জীৱন জী থকাৰ এচিচা টনিক ৷
☆ ★ ☆ ★ ☆
9:55 am
বহুত হাঁহিলো। ভাল লাগিল।
6:15 pm
অশেষ ধন্যবাদ । বৰ লৰালৰিকৈ ভাস্কৰৰ আপদাৰত কিবা এটা লিখিলো।