নাইটমেয়াৰ-লোনা বৰা
ৰাতি সাৰ পালোঁ। সময় দুই বাজি দহ মিনিট গৈছে। ঠাণ্ডা দিনত ৰাতি মাজে মাজে কেতিয়াবা উঠিবলগীয়া হয়। এলাহ আৰু ঠাণ্ডাত কোনোমতে বাথৰূমলৈ গৈ খৰধৰকৈ আকৌ লেপৰ তলত সোমাই ল’লোঁ। উফ, কি আমেজ… চকুহাল লাহেকৈ মুদি নিজকে টোপনিৰ কোলাত এৰি দিলোঁ। ক্ৰমান্বয়ে আশ পাশৰ সকলোবোৰ মন মগজুৰ পৰা ধূসৰ হৈ আহিল।
টোপ..টোপ..টোপ..টোপ… প্ৰায় ডেৰ, দুই ছেকেণ্ডৰ ব্যৱধানত প্ৰতিটো টোপৰ শব্দ।
টোপনিৰ আৱেশ আঁতৰি ঠাণ্ডাৰ অনুভৱখিনি আকৌ লাগিল। কাণখন থিয় কৰি টোপ, টোপ শব্দটো মন দিবলৈ ল’লোঁ। নাই তেনে কোনো শব্দ কাণত নপৰিল। টোপনিতে ভ্ৰম হোৱা বুলি ধৰি লৈ আকৌ শুবলৈ চেষ্টা কৰিলোঁ। লাহে লাহে টোপনিয়ে নিজৰ আৱেষ্টনিৰ ভিতৰত সোমোৱাই ল’বলৈ ধৰিলে। কিছু সময়ৰ পিছতে আকৌ,
টোপ..টোপ..টোপ..টোপ
এইবাৰ উঠি বহি ল’লোঁ। এনেকৈ আৰু কি শুম… শব্দটোৰ উমান ল’বলৈ চেষ্টা কৰিয়ো বিফল হ’লোঁ। আকৌ বিছনাত পৰিলোঁ। এইবাৰৰ উদ্দেশ্যে শুৱা নহয়, টোপ, টোপটোহে। চকু মুদি, উশাহ চেপি, কাণ পতাৰ পিছত আকৌ…
এইবাৰ ৰখি থকা নাই। কাণখন একে ঠাইতে নিৱদ্ধ কৰি, লাহেকৈ উঠি, হাতত সাৰে ভৰিত সাৰে, লক্ষ্যৰ প্ৰতি অগ্ৰসৰ হ’লোঁ। বেডৰূমৰ দৰ্জা খুলি, ছোৱালীৰ ৰূমৰ আগেদি, বাহিৰৰ বাথৰূম অতিক্ৰম কৰি পাকঘৰ পালোঁগৈ। এক, সুন্দৰ, সৱল, সুস্থিৰ টোপ, টোপ শব্দ।
পাকঘৰৰ টেপটো বেয়া হৈছে, লিক কৰিছে। গামলা এটা আনি টেপটোৰ তলত পাতি দি শুব আহিলোঁ। লাভ নাই। আগতে কাণ পাতি শুনিবলগীয়া শব্দটো স্পষ্ট হ’ল। আকৌ পাকঘৰ পালোঁগৈ। পানী পৰাতো বন্ধ কৰাৰ উপায় বিচাৰি টেপটো অলপ দেৰি হেঁচি, টানি, পকাই, পিটিকি চালোঁ। অৱশেষত বেমাৰৰ চিকিৎসা বিচাৰি পালোঁ। এডাল ৰছীৰ প্ৰয়োজন হ’ল। চুচুকচামাককৈ ঘৰৰ অন্য সদস্যবোৰ সাৰ নোপোৱাকৈ নিজৰ ৰূমত ৰছী বিচাৰি চলাথ কৰিলোঁ। আঁঠুৱা ফিটাৰ ৰ’লটোৰ পৰাই এডুখৰি কাটি ল’লোঁ। পাকঘৰলৈ গৈ আটি আটি ফিটাডাল টেপটোত বান্ধিলোঁ। কিছুসময় তাতে থিয় হৈ টেপটোৰ আলেখলেখ চাই বুজিলোঁ, এতিয়া শুবলৈ পাৰিম নিশ্চিন্তে।
ইমান দেৰি অনুভৱ নকৰা ঠাণ্ডাটোৱে কঁপনি উঠাই দিলে। বিছনাখনত পৰি লেপৰ তলত সোমাই চকুকেইটা মুদি দিলোঁ। সোনকালেই গম পালোঁ ইমান দেৰি লগ নিদিয়া দেখি টোপনিয়ে বিদায় লৈ ক’ৰবাত পালেগৈ। আকৌ নিমন্ত্ৰণ জনাব লাগিব। এই ঠাণ্ডাত লেপৰ তলত সোমাই ভেড়া গণাৰ বাদে টোপনি মাতি অনাৰ অন্য উপায় নাই। চকু মুদি যিমান পাৰোঁ মনোযোগ দি ভেড়া গণিবলৈ আৰম্ভ কৰি বাৰটামান গণাৰ পিছতে মোৰ লগতে আৰু এজনাই আৰম্ভ কৰিলে গণিবলৈ।
খঙতে মই গণা বন্ধ কৰি দিলোঁ, তেখেতে কিন্তু বন্ধ নকৰিলে।
ইয়াৰ আকৌ কি হ’ল…! এদিনো এনে কৰা নাই আগে।
মনতে খাঁটি অসমীয়াবোৰে আখৈ ফুটা দিলে। কাণখন জোৰকৈ গাৰুটোৰে হেঁচা মাৰি ধৰিলো। লাভ নহ’ল।
উফ, আজি কিহে পালে ঐ….
এখেতৰ লগত উপায় বিচাৰি যুঁজি নাথাকি চিধা ৰূমৰ পৰাই উলিয়াই দিয়া ভাল। এই ভাবি বিছনাখনৰ পৰা সাউত্কৰে নামি, খঙত তেখেতৰ ফালে চাই চোঁচা ল’লোঁ। নিজৰ পছন্দ মতে চপাই লোৱা, বেৰখনত মোৰ ফালে চাই চাৰি বাজি পোন্ধৰ মিনিটত সগৌৰৱে ওলমি থকা ৱাল ঘড়ীটো গঁজালটোৰ পৰা এৰাই একেকোবে ড্ৰইং ৰূমত থৈ আহিলোঁগৈ।
আহি বিছনাখনত পৰি চকুকেইটা আকৌ এবাৰ মুদি দিলোঁ। নিজান, নিস্তব্ধ কেউফালে, ৰাতি পুৱাবৰে হ’ল, টোপনিটো কিমান দূৰ বা পালেগৈ!
☆ ★ ☆ ★ ☆