ফটাঢোল

মূল-অধ্যায়, গল্পকাৰ-চাহাব খান চিফৰ : অনুবাদ- পূৰৱী কটকী

গধূলি বাহিৰলৈ ফুৰিৱলৈ ওলাই যাওঁতেই দেখিলোঁ আগে আগে এজন খীণ, দুৰ্বল যেন লগা মানুহ এজন থৰকবৰককৈ গৈ আছিল। ওচৰলৈ গৈ দেখিলোঁগৈ তেওঁৰ অৱস্থা অতি বেয়া। তেওঁ ভাগৰুৱা আৰু থৰকবৰককৈ বৰ কষ্টৰে খোজকাঢ়ি গৈ আছিল, মই তেওঁক সুধিলোঁ,

: আৰে ভাই তুমি কোন? তোমাৰ ইমান বেয়া অৱস্থা কেনেকৈ হ’ল?

তেওঁ তলমূৰ কৰিয়ে লাহেকৈ আৰু হতাশ হৈ ক’লে, “টকা”। তেওঁৰ এটা শব্দৰ উত্তৰ মই বুজি নাপালোঁ, পুনৰ সুধিলোঁ,

: কোন তুমি? তোমাৰ নাম কি?

তেওঁ পুনৰ মোৰ ফালে চাই নিৰাশ হৈ ক’লে,

: মই টকা, সেই টকা যাক পাবলৈ মানুহে ৰাতি-দিন দৌৰি আছে। সেই টকা যাক কাৰেঞ্চি বুলিও কোৱা হয়।

মই সুধিলোঁ সঁচাকৈ কোৱা তুমি কোন হয়? তুমি টকা হ’বই নোৱাৰা। তুমি কোনোবা ছলনাময়, যিয়ে নিজকে টকা বুলি কৈছে। মানুহে কয়, টকাৰ বহুত শক্তি আৰু তোমাৰ অৱস্থা দেখি লাগিছে যেন এইমাত্ৰ চিকিৎসালয়ৰ ভেণ্টিলেটৰৰ পৰা উঠি আহিছা। মোৰ কথা শুনি ছলনাময় ব্যক্তিজনৰ হতাশা বাঢ়ি গ’ল। প্ৰথমে তেওঁ আকাশৰ পিনে চালে আৰু মোৰ চকুত চকু হৈ ক’বলৈ ধৰিলে,

: মই বাঢ়ি অহা দামৰ বোজাৰ তলত হেঁচা খাই গৈ আছোঁ, মুদ্ৰাস্ফীতি বঢ়াৰ কাৰণে মোৰ অৱস্থা আগৰ দৰে হৈ থকা নাই, ডলাৰৰ তুলনাত মই দুৰ্বল হৈ গৈ আছোঁ।

এই কথাখিনি কওঁতে কওঁতে তেওঁৰ মুখখন কন্দনামুৱা হ’ল। মই ক’লোঁ,

: চৰকাৰেতো বিকাশৰ কথা কয়, তেনেহ’লে তোমাৰ অৱস্থা ইমান বেয়া কেনেকৈ?

টকায়ে ক’লে,

: চৰকাৰৰ কথা নক’বা আৰু তেওঁলোকৰটো অভ্যাসেই “মনৰ কথা” কোৱাটো, প্ৰকৃততে অৱস্থা কি সেইটো জানিবলৈ নিবিচাৰানে জনতাক জনাব নোখোজা। আহা মোৰ লগত তোমাক বাস্তৱিকতাৰ লগত মুখামুখি কৰাই দিওঁ।

এইখিনি কৈ মোক নিজৰ পাছে পাছে আহিবলৈ ইংগিত দিলে। টকাই লাহেকৈ থৰকবৰক খোজেৰে আগবাঢ়িবলৈ ধৰিলে, মই তেওঁৰ পিছে পিছে গৈ থাকিলোঁ।

অলপ দূৰ গৈ আমি এঠাই পালোঁগৈ। তাত এগৰাকী মহিলা ৰৈ আছিল, তেওঁক বৰ দুৰ্বল দেখা গৈছিল, এডাল লাখুটিৰ ভৰত তেওঁ ঠিয় হৈ আছিল। তেওঁক দেখি মই টকাক সুধিলোঁ,

: তেওঁ কোন?

টকাই ক’লে,

: তেওঁক চিনি পোৱা নাই? এয়া দেশৰ অৰ্থব্যৱস্থা।

মই অৰ্থব্যৱস্থা অৱস্থা দেখি আচৰিত হৈ গ’লোঁ। মই ক’লোঁ,

: এয়া কেনেকৈ সম্ভৱ? দেশে ইমান উন্নতি কৰিছে, একেৰাহে বিকাশৰ পথত আগবাঢ়ি গৈছে, তেনেহ’লে অৰ্থব্যৱস্থাৰ এনে দূৰৱস্থা কেনেকৈ হ’ব পাৰে?

অৰ্থব্যৱস্থাই ক’লে,

: টকাৰ দাম দৈনিক নিম্নগামী হৈছে, জি.দি.পি.ৰ দৰ কমি ৬.২ শতাংশ হৈছেগৈ। আনফালে ক’লাধনৰ বাবে একেৰাহে লোকচান সহিব লগা হৈছে। মানুহে বেংকৰ পৰা কোটি টকা খাই বিদেশলৈ পলাই গৈছে, নোটবন্দীৰ সকলোতকৈ বেছি প্ৰভাৱ মোৰ ওপৰত পৰিল, এনেকুৱাত মোৰ এনে ব্যৱস্থা হ’বই।”

মই ক’লোঁ,

: কিন্তু চৰকাৰৰ মতে দেশৰ আৰ্থিক ৰূপ মজবুত হৈছে আৰু মিডিয়াইও ইয়াকে কৈছে।

অৰ্থব্যৱস্থাই উত্তৰ দিলে,

: মিডিয়া আৰু চৰকাৰ কথা নক’বা তেওঁলোকে সঁচাটো নকয়।

আমি এইবোৰ কথা পাতি থাকোঁতেই সন্মুখত ক’লা ধোঁৱা উৰিবলৈ ধৰিলে। যেতিয়া ধোঁৱাখিনি আঁতৰিল তেতিয়া প্ৰকাণ্ড আৰু ভয়ঙ্কৰ মানুহ এটা দেখিলোঁ, মানুহটোৱে ক’লা কাপোৰ পিন্ধি আছিল, যাৰ চেহেৰাও ক’লা আছিল। যি আমাৰ ফালে চাই জোৰজোৰকৈ হাঁহিছিল।

মই সুধিলোঁ,

: কোন তুমি?

তেওঁ উত্তৰ দিলে,

: ক’লাধন।

মই তেতিয়া ক’লোঁ,

: তুমিয়ে সেই ক’লাধন। তুমি জানানে দেশৰ গোটেই সমস্যাবোৰৰ এটা মুখ্য সমস্যা তুমিয়ো। তোমাক নাকী লগালে সেই গোটেই সমস্যাবোৰকে কমাব পৰা যাব। দেশত হোৱা নোটবন্দীৰ সকলোতকৈ ডাঙৰ কাৰণ তুমিয়েটো আছিলা। নোটবন্দীয়ে তোমাক নাকী লগাবলৈ গৈছিল, তুমিচোন মুকলি হৈ ঘূৰি ফুৰিছা। নোটবন্দীৰ কাৰণে দেশৰ সাধাৰণ জনতাই কিমান অশান্তিৰ সন্মুখীন হ’ল, প্ৰায় এশৰো অধিক লোকৰ মৃত্যু হ’ল। সকলোবোৰ তোমাৰ বাবে হ’ল আৰু তোমাৰ বিশেষ পাৰ্থক্যও পৰা নাই।

এইবোৰ শুনি তেওঁ হাঁহিৱলৈ ধৰিলে, তেওঁক হাঁহি থকা দেখি মোৰ খং উঠি গ’ল, আৰু মই ক’লোঁ,

: ভালেই হ’ল তুমি সম্মুখলৈ নিজে আহিলা এতিয়া তোমাৰ ৰখজা নাই, এতিয়া তুমি পলাব নোৱাৰা।

মোৰ কথা শুনি ক’লাধনে হুংকাৰ কৰি ক’বলৈ ধৰিলে,

: মোক কোনে ধৰিব? মোক ধৰাটো যদি ইমান সহজ হ’লহেঁতেন, তেনেহ’লে কেতিয়াবাই ধৰিব পাৰিলেহেঁতেন। উদ্যোগপতি, ৰাজনেতা, অধিকাৰী, চেলিব্ৰটি সকলোৰে লগত মোৰ বন্ধুত্ব আছে তুমি মোৰ একো কৰিব নোৱাৰা।

সেইদৰে কৈ এটা হুংকাৰ দি সেইখিনিৰ পৰা তেওঁ নোহোৱা হৈ গ’ল। মই টকা আৰু অৰ্থব্যৱস্থালৈ চালোঁ। দুয়োৰে চেহেৰাত হতাশা আছিল।

হঠাৎ আকাশৰ পৰা ঢেৰেকণি যেন কিবা এটা গৰজি উঠিল, আৰু তাৰ পৰা ওখ শৰীৰ এটা ভয়ানক আকৃতি সন্মুখলৈ আহিল, তাক দেখিয়ে টকা কঁপি উঠিল আৰু চেহেৰাত ভয় দেখা গ’ল। মই সেই আকৃতিটোক সুধিলোঁ,

: তুমি কোন? তোমাক দেখি টকায়ে কিয় ভয় কৰিছে?

সি উত্তৰ দিলে,

: মই মূল্যবৃদ্ধি। মোৰ সন্মুখত টকাৰ এনেকুৱা অৱস্থা হ’বই।

তাক দেখি মোৰ ধৈৰ্য্য বান্ধ ছিঙি গ’ল, মই ক’লোঁ,

: তুমি আমাৰ জীয়াই থকা অশান্তি কৰি দিছা। প্ৰতিদিনেই বাঢ়ি গৈ থাকা, তোমাৰ বাবে দুখীয়া মানুহবোৰ মৰি গৈছে। তুমি গমেই পোৱা নাইনে?

মূল্যবৃদ্ধিয়ে ক’লে,

: ইয়াত মোৰ একো দোষ নাই, মোৰটো কামেই সেইটো একেলেঠাৰিয়ে বাঢ়ি গৈ থকা। ইয়াত মোক দোষ নিদিবা, তুমি ভাবা নেকি যে জনতাৰ গোটেই দুখ-কষ্ট কাৰণ কেৱল মইহে!

মই ক’লোঁ, “অঁ।”

মূল্যবৃদ্ধিয়ে ক’লে,

: এয়া তোমাৰ ভুলধাৰণা, প্ৰত্যেক সমস্যাক নিয়ন্ত্ৰণ কৰিব পৰা যায়, লাগিলে সেয়া মূল্যবৃদ্ধি, ক’লাধন আৰু টকাৰ দুৰ্বলতাই নহওঁক কিয়, লাগিলে সেয়া নিম্নগামী অৰ্থব্যৱস্থাই নহওঁক কিয়, সৰু-বৰ যিকোনো সমস্যাৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পৰা যায়।

মই সুধিলোঁ,

: কেনেকৈ?

মূল্যবৃদ্ধিয়ে ক’লে,

: শুদ্ধ নীতি বনাই আৰু সততাৰে পালন কৰিব লাগিব। ৰাজনেতাই প্ৰত্যেক ক্ষেত্ৰতেই নিজৰ লাভৰ কথা চিন্তা নকৰি প্ৰথমেই দেশ আৰু জনতাৰ লাভৰ কথা চিন্তা কৰিব লাগিব তেতিয়া প্ৰত্যেক সমস্যা সমাধান হ’ব।
মই ক’লোঁ,

: তোমাৰ কথা বাৰু সত্যই।

টকা আৰু অৰ্থব্যৱস্থাও মোৰ কথাত হয়ভৰ দিলে। আমি কথা পাতিয়ে আছিলোঁ, আমাৰ ওচৰলৈ ৰাজনীতি আহি থকা দেখিলোঁ তাৰ পিছে পিছে “সাম্প্ৰদায়িকতা”, “জাতিবাদ”, “অৱসৰবাদ”, “ভ্ৰষ্ট্ৰাচাৰ” আহি আছিল, ওচৰলৈ আহিয়ে ৰাজনীতিয়ে ক’লে,

: তোমালোকে চিন্তা নকৰিবা মই আছোঁ নহয়, মই থাকিলে সকলো ঠিক হৈ যাব। ইমান সময়ে সাম্প্ৰদায়িকতা, জাতিবাদ, অৱসৰবাদ, ভ্ৰষ্টাচাৰো ৰাজনীতিৰ লগত সমানে ঠিয় হ’ল। মই টকা আৰু অৰ্থব্যৱস্থাৰ ফালে চালোঁ। দুয়োৰে চেহেৰাত হতাশা আৰু মৌনতা আছিল। মূল্যবৃদ্ধিৰ ফালে চাওঁতে দেখিলোঁ সি বাঢ়ি গৈ আকাশ চুইছে আৰু ৰাজনীতিয়ে আমালৈ চাই মিচিকিয়াই হাঁহি আছে।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *