ফটাঢোল

কাটা চামুচ-যোগেশ ভট্টাচাৰ্য 

: চবৰে গাৰ্লফ্ৰেণ্ড আছে, মোৰেই নাই অকল। কিবা এটা কৰক না দাদা।

দেৱজিতে চাহত চেনী দি চামুচখন কাপটোত থৈ বিস্কুট আনিবলৈ যোৱাৰ সময়তে চামুচখনে কাপটোক খাটনি ধৰিলে।

: মই গাৰ্লফ্ৰেণ্ড কেনেকৈ বিচাৰি দিম তোক? তই নিজে বিচাৰিব লাগিব। অঁ, যদি তোৰ কাৰোবাক পছন্দ হৈছে তেনেহলে দিহা পৰামৰ্শ দি তোক সহায় কৰিব পাৰোঁ।

চীনামাটিৰ কাপটোৱে গহীনত উত্তৰ দিলে।

: পৰামৰ্শ বিচাৰিয়েতো আপোনাৰ কাষলৈ আহিছোঁ। প্লেট বৌৰ লগত আপোনাৰ যুগ যুগৰ প্ৰেম কাহিনী কোনেনো নাজানে। কিবা এটা কৰক আৰু।

: চা, প্ৰথম কথা তই কোনোবা এজনীক পছন্দ কৰিব লাগিব। আৰু তই পছন্দ কৰিলেই নহ’ব। তোকো তাই পছন্দ কৰিব লাগিব। মই তোৰ বৌয়েৰৰ বাহিৰে কাৰো পিনে আজিলৈ চকু তুলিও চোৱা নাই। গতিকে প্ৰথমে তই ‘লয়েল’ হৈ দেখুৱাব লাগিব।

: মই লয়েল নহ’ম বুলিনো কোনে ক’লে আপোনাক? 

: এহ, মই নেজানো বুলি ভাবিছ? চবৰে লগত ফ্লাৰ্ট কৰি ফুৰ তই। গিলাচ, বাতি, চৰিয়া চবৰে লগত চেনী খাই ফুৰ তই। আনকি হৰলিক্স, আমুল, চেনী, চাহপাতৰ দৰে আলহী পাকঘৰত সোমালেই প্ৰথমে তয়েই চুপতি মাৰিবলৈ যাৱ। তাতকৈ এজনী একেবাৰে গোটাই ল। হকিন্স চন্দ্ৰ কুকাৰ খুড়া  আৰু ঢাকনি খুড়ীক দেখা নাই? ঢাকনি খুড়ীৰ চৰ্দিৰ প্ৰব্লেম এটা আছে। দিনে আঠ দহবাৰ মান হাচিয়ায়। তথাপি খুড়াই খুড়ীক এৰি গিলাচ, হেতাৰ কাষ চপা দেখিছ?

: হেই সেইকেইজনী মোৰ টাইপৰ নহয় দেই। শুই বহি বডি বঢ়োৱাৰ বাহিৰে কিনো কৰিছে সিহঁতে? এনেই কেতিয়াবা সিহঁতৰ লগত দেখাদেখি হ’লে দুই এটা কথা পাতোঁ বুলিয়েই সিহঁতৰ লগত চেনী খাওঁ বুলি কিয়নো ভাবিছে আপুনি? আপোনাৰ প্লেট বৌৰ লগতোচোন প্ৰায়েই কথা-বতৰা পাতোঁ। মোক লাগে মোৰ দৰেই এক্টিভ এজনী। আৰু লগতে মোৰ দৰে শ্লিম ফিগাৰৰো হ’ব লাগিব। বাতিৰ দৰে এক্সট্ৰা লাৰ্জ চেহেৰাৰ গাৰ্লফ্ৰেণ্ড নেলাগে মোক। তাই মোক কোঁচত লৈ ফুৰিলে মোৰ ইজ্জত ক’ত থাকিব কওকচোন।

: হমম, তেনেহলে তোৰ লগত মিলাকৈ আছে ৰ এজনী।

: কোননো দাদা?

চামুচে কাপটোক বৰ আগ্ৰহেৰে সুধিলে। 

: মই নিজে লগ পোৱা নাই, আমাৰ প্লেট বৌৱেৰেহে লগ পাইছে। কিবা ফ্ৰক নে ফৰ্ক নাম তাইৰ। আমাৰ বৌৱেৰই লগ পালে সিদিনা মালিকে চাওমিন খাই থকাৰ সময়ত। 

: অ, ময়ো শুনিছো। বৰ ষ্টাইলিছ বোলে।

: অ, তাই বিদেশত থাকি অহা। তোতকৈ বেছিয়েই স্মাৰ্ট হ’ব চাগে। তই চেষ্টা এটা দি চাব পাৰ।

: কেনেকৈ চেষ্টা দিম দাদা? লগ পোৱাৰ সুবিধা এটা কৰি দিব নেকি? আপুনি আমাৰ মালিকৰ লগত বেছি ক্ল’জ। কিবা এটা মিলাওক আৰু।

: হেই এইডাল। মোৰ কথা মালিকে শুনিব নেকি? পিচে মই তোক ইনফৰ্মেচন এটা দিব পাৰোঁ।

: কওক দাদা।

: শুন, যোৱাকালি আদিত্য নামৰ মানুহ এটা আহিছিল আমাৰ মালিক দেৱজিতক লগ ধৰিবলৈ। অহা দেওবাৰে পিকনিকত যাব। আমাকো লগত নিয়াৰ কথা আলোচনা হৈ আছিল‌। পিকনিকত হেনো হাই ফাই মানুহ আহিব। সিহঁতে হাতেৰে ভাত নাখায়, প্লাষ্টিকৰ গিলাচত চাহ নাখায়। গতিকে বাল্টি দা, কেটলি বাইদেউহঁতৰ লগতে আমাকো নিব। কাটা চামুচজনীকো লগত নিব।

: কাটা চামুচ কোন আকৌ দাদা?

: আৰে, সেই ফ্ৰক নে ফৰ্কজনী। আমাৰ ইয়াতে তাইক কাটা চামুচ নাম দিছে। নাম বাদ দে হেৰৌ। তোৰ বাবে এয়াই বঢ়িয়া সুযোগ। অলপ নিজকে প্ৰিপেয়াৰ কৰি ল।

: প্ৰিপেয়াৰ কৰিবলৈ কি আছে দাদা, হৈ যাব। আপুনি চাই থাকক।

প্লেনমতেই দেওবাৰে ব্ৰক্ষ্মপুৱাই দেৱজিতৰ ঘৰলৈ আদিত্য নামৰ মানুহজন আহি পালে। দুয়ো বাচন-বৰ্তন বেগত ভৰাবলৈ লাগি গ’ল। চেল্ফত পৰি থকা চামুচখনে দেখিলে কেৰাহী, চৰিয়া, বাল্টি, হেতা, কোৰাচ, খণ্টি আদি এটা বেগত ভৰাইছে আৰু কাপ, প্লেট, গিলাচ আদি অলপ সৰু মোনা এখনত ভৰাইছে। সি মন কৰিলে যে ফৰ্কজনীকো সেইখন মোনাতে ভৰাইছে। কিন্তু বাতৰি-কাগজেৰে তাইৰ মুখখন ঢাক খাই থকা বাবে সি তাইৰ মুখখনহে নেদেখিলে। সি জানিছিল সেই সৰু মোনাখনত তাকো ভৰোৱা হ’ব আৰু তেতিয়াই সি তাইৰ লগত কথা পাতি ইমপ্ৰেছ কৰিবলৈ আৰম্ভ কৰি দিব।

কিন্তু এয়া কি, মালিকহঁতেচোন বেগ বান্ধি যাবলৈ ওলাল। তাক ল’বলৈ পাহৰিলেনে কি! সি উচপিচাবলৈ ধৰিলে। তেনেতে এটা নিগনিয়ে চেল্ফৰ ওপৰেদি দৌৰ মাৰোঁতে ঠেঙত লাগি চামুচখন মাটিত পৰিল। দেৱজিতে ঘূৰি চাই চামুচখন উঠাই আদিত্যক দিলে,

: এইখনো ভৰাই লওকহে বৰঠাকুৰ। 

: এহ, গাঠি মাৰিলোঁৱেই নহয় কাপ প্লেটৰ মোনাখন। আদা, নহৰুৰ মোনাতে ভৰাই দিয়ক আৰু।

গোটেই যাত্ৰাটো বেচেৰা চামুচখনে আদা নহৰুৰ উৎকট গোন্ধ সহ্য কৰি গ’ল একমাত্ৰ ফৰ্কজনীক লগ পোৱাৰ আশাত। পিকনিকস্থলীত যেতিয়া তাক আধামৰা অৱস্থাত আদা নহৰুৰ মোনাৰ পৰা উদ্ধাৰ কৰা হ’ল, সি চাৰিওফালে চাই দেখিলে কেটলি, কেৰাহী, কাপ, হেতা, খণ্টি সকলোৱে নিজ নিজ কামত লাগিছে। একমাত্ৰ ফৰ্কজনীয়ে টেবুল এখনৰ ওপৰত আৰামত চানবাথ লৈ থকা দেখিলে সি। ৰ’দৰ পোহৰত চিকমিকাই তাই আৰু ৰূপৱতী হৈ উঠিছিল। সি ৰ লাগি চাই ৰ’ল অলপ পৰ। তাৰ পিছত তাৰ গেবাৰী খাটন আৰম্ভ হৈ গ’ল। কোনোবাই তাক জেলীৰ পেকেটত ভৰাই দিলে, কোনোবাই নিমখত ডুবালে। কোনোৱে তাৰ মূৰটো কণীৰ গাত খুন্দিয়াই বাকলি এৰুৱালে, কোনোৱে আকৌ জলকীয়াৰ আচাৰত তাক ডুবাই আচাৰ উলিয়াই খালে। এনেদৰে কাম কৰি প্ৰায় শেষ হোৱাৰ পৰত কোনোবা এজনে তাক চাহৰ কাপটোত ডুবাই চেনী গুলিবলৈ ধৰিলে। সি কাপটোক ক’লে,

: দাদা, চান্সেই পোৱা নাইচোন তাইৰ লগত কথা পাতিবলৈ। তাই একো কাম-বন নকৰি শুই বহি আছে, আৰু আমাক ইমান কামত লগাই মাৰিছে।

: মই কৈছিলোঁচোন, অলপ বিলাতী ফেশ্যনৰ এইজনী। পিজ্জা, বাৰ্গাৰ, কেক, চেন্দুইচ, মমো ইত্যাদিৰ লগতহে তাইৰ মিতিৰালি। আমাৰ দৰে চাহ-জলপানৰ লগত লাগি নাথাকে তাই। পিচে তই চান্স পাবি। পিকনিক খাবলৈ ডলী বুলি ছোৱালী এজনী আহিছে। অলপ ষ্টাইল মাৰি থাকে তাই। ভাত খাওঁতে তাই তোক আৰু ফৰ্কজনীক একেলগে লৈ খাব। ভূঞা বুলি ডাক্টৰ এজনো আছে, তেঁৱো লব পাৰে তহঁতক। কুৱেইটত চাকৰি কৰা দত্ত ইঞ্জিয়াৰটোৱেও চামুচেৰে ভাত খাব পাৰে। এই হাই প্ৰফাইলবোৰৰ মাজৰ কোনোবা এজনেটো চান্স দিবই তহঁতক। সেই সময়খিনিতেই তাইক ইমপ্ৰেছ কৰি ল’বি।

ভাত খোৱা পৰলৈ সি পৰ দি ৰ’ল। অৱশেষত খোৱাৰ সময় আহিলত তাক টেবুলত পেলাই থোৱা হ’ল। তাৰ নিচেই ওচৰত ফৰ্কজনী আছিল যদিও মাতিবলৈ সুযোগ নাপালে সি। বহু অপেক্ষাৰ অন্ততঃ অৱশেষত ডলী নামৰ ষ্টাইলিচ মহিলাজনী আহিল। সিও আশাৰে সাজু হ’ল, কিন্তু ডলীজনীয়ে চামুচ তামুচ একো নলৈ হাতেৰে খোৱা আৰম্ভ কৰি কাষত থকা এজনীক ক’লে,

: বিয়াই-সবাহে বৰ দিগদাৰ বুজিছা। হাতেৰে খাবও লাজ লাগে, ইপিনে চামুচেৰে খাওঁতে পেটেই নভৰে। পিকনিকতহে ভালদৰে সানি-পিটিকি ভাত আঞ্জা খাব পাৰি।

তাৰপিছত আহিল ডাক্টৰ ভুঞা। তেঁৱো হাতেৰে খাবলৈ আৰম্ভ কৰি এজনক ক’বলৈ ধৰিলে,

: ভালদৰে হাত ধুই খোৱাটো চামুচেৰে খোৱাতকৈ বেছি ভাল। আজিকালি মানুহে চামুচ বেছিকৈ ব্যৱহাৰ কৰে যদিও হাতেৰে খোৱাৰ উপকাৰ বেছি।

কথাবোৰ শুনি চামুচখন হতাশ হ’ল। ফৰ্কজনীৰ লগত চিনাকী হোৱাৰ সকলো চান্স নোহোৱা হ’ল। কিন্তু তেনেতে চামুচখনৰ বাবে ভগৱানৰ দূত হৈ আহিল এজন লোক। তেওঁ প্লেট এখনত খোৱাবস্তু লৈ লগত স্পুন আৰু ফৰ্ক, অৰ্থাৎ চামুচ আৰু কাটা চামুচ লৈ টেবুল এখনত বহিল।

চামুচখনে ফূৰ্তিতে সাত জাঁপ মাৰিলে। তাৰ নিচেই কাষত বহি থকা ফৰ্কজনীলৈ চাই ক’লে সি,

: তুমি মই মিলি মানুহজনক ভাল চাৰ্ভিচ দিম দেই আজি। 

: চাৰ্ভিচ দিবি ৰহ, মানুহটোৱে টেটুলৈকে মদ গিলি আহিছে। হাতৰ পৰা কেনেবাকৈ পৰিলে চিধাই নলাত পৰিবি। 

: আৰে তুমি কেনেকৈ জানিলা?

: আমাক উঠাই প্লেটত থওঁতে হাত কেনেকৈ কঁপিছিলে দেখা নাই তই কণা? 

চামুচে বুজিলে যে ফৰ্কজনী স্মাৰ্টেই নহয়, মুখচোকাও। সি সাৱধানে কথা ক’বলৈ ধৰিলে।

: শুনা, মানুহটো হুঁচত নাই যদি আমিয়েই কিবা কৰি এডজাষ্ট কৰিব লাগিব।

: হ’ব দে। শুন, তই বেঙেনা ভাজিত হেচি ধৰ। মই বিন্ধি লৈ উঠাম।

চামুচে বেঙেনা ভাজিপিচ ইমান আলফুলে ধৰিলে যে ফৰ্কজনীয়ে টানি দিওঁতে বেঙেনা চিটিকি মাটিত পৰিল। তাই চামুচক চিঞৰি ক’লে,

: জহনীত যোৱা, মালিকে একো শিকোৱা নাই তোক? গাত বল নাই নেকি? তই আচলতে নিমখ, চেনী উঠোৱাৰে যোগ্য। এইবাৰ কণীটোত অলপ জোৰেৰে ধৰিবি।

: চৰি মেম, এইবাৰ ভালকৈ ধৰিম দিয়া।

: হেৰৌ মূৰ্খ, তই গোল কণীটো ধৰিব পাৰিবি নেকি? এইবাৰ মইহে ধৰিম। তই মাত্ৰ মাজেৰে কাটিবি। তাৰ পিছত বাকীখিনি মই কৰিম।

এইবাৰ টেনচনত চামুচে কণীটোত এনে এটা ব্ৰক্ষ্ম কাটন দিলে যে কণীটোৰ এফাল ‘মৰিলো ঔ’ বুলি চিটিকি কাষত ভাত খাই থকা ভদ্ৰমহিলা এগৰাকীৰ পাতত পৰিলগৈ। মহিলাগৰাকীয়ে চিঃ চিঃ বুলি কণীফাল পেলাই দি কণীৰ মালিককো এজাউৰি দিলে। ইপিনে ফৰ্কে চামুচক দুই তিনি ৰাউণ্ডমান গালি গালাজ পাৰিলে।

: আমাৰ কণী খোৱাজনে মদ খাই ভদ্ৰলোক হৈ আছে বুলিহে বাচিলোঁ। সুস্থ অৱস্থাৰ লোক হ’লে আমাক দলিয়াই অফলিয়াই মাৰিলেহেঁতেন। 

চামুচখনে আগলৈ সাৱধান হ’বলৈ শপত খালে। কিন্তু ফৰ্কজনীৰ লগত একেলগে মাছ উঠাব যাওঁতেও নগুৰ নাগতি হ’ল। মাংস উঠাওঁতে হাদ্দি থালত ৰৈ গ’ল, মাংস দূৰৈত চিটিকি গ’ল। সদৌ শেষত ৰসগোল্লাটো ফৰ্কজনীয়ে কপকপীয়াকৈ বিন্ধি ধৰিছিল যদিও চামুচে কাটিব নোৱাৰিলে। ময়দা বেছিকৈ দিয়া সাতটকীয়া গোল্লাটোৰ চেপা খাই ৰস চিটিকি আকৌ আন এগৰাকী ভদ্ৰমহিলাৰ কাপোৰত পৰিল। পিচে চেল্ফি উঠাৰ কোবত মহিলাগৰাকীয়ে গম নাপালে। কিন্তু গোল্লাৰ মালিকে “চৰি বাইদেউ, ৰস পৰিছে” বুলি কৈ মাংসৰ জোল লাগি থকা হাতেৰে বগা চেলৱাৰটো মচি দিয়াতহে এক গতা খালে। সেই গতাত হাতৰ কাঁহী চিটিকি পৰিল। চামুচ আৰু ফৰ্ক চিটিকি গৈ কাষৰ নিজৰাটোৰ পাৰত পৰিল গৈ। বেচেৰী ফৰ্কজনী অলপৰ বাবেহে উটি ন’গল। তাইৰ দীঘল আঙুলি চাৰিটাৰে চামুচৰ ডিঙিত সাৱটি ধৰি কোনোমতে ওলমি ৰ’ল। তাইৰ ঠেংখন পানীৰ সোঁতে নচুৱাবলৈ ধৰিলে।

ফৰ্কজনীয়ে সেপ ঢুকি ক’লে,

: এতিয়া কি হ’ব আমাৰ? পানীয়ে উটুৱাই নিব আমাক। 

চামুচে এনেই পানীলৈ ভয় নকৰে। চাহত চেনী গোলা, পানীত হৰলিক্স গোলা কাম কৰিয়েই থাকে সি। তথাপি নদীৰ পানীত পৰিলে উটি যাব বুলি অলপ টেনচন খাইছিল সি। কিন্তু ফৰ্কজনীয়ে তাক তেনেদৰে সাৱটি ধৰাত তাৰ টেনচনে পেঞ্চন ল’লে। দেহৰ মাজেৰে শিহৰণ এটা বৈ গ’ল তাৰ। মন ডাঠ কৰি সি ক’লে,

: ধেই, পানীলৈ ভয় কৰে নেকি? মইটো দিনটো কাপ গিলাচৰ পানীত ডুবিয়ে থাকোঁ। 

: মই পানীত নামি পোৱা নাই। ভয় লাগে মোৰ। তুমি মোক এৰি নিদিবা প্লিজ। 

সি মন কৰিলে যে তাই প্ৰথমবাৰ তুমি বুলি কৈছে তাক। সি তাইক আশ্বাস দিলে, 

: চিন্তা নকৰিবা, উটি গ’লেও মোৰ ডিঙি এৰি নিদিবা। কিন্তু মোৰ বোধেৰে যোৱাৰ পৰত আমাক বিচাৰিবই মালিকে।

: উমম, মালিকে মোক নিবিচাৰে বুলি জানো। মাহৰ মূৰত এদিন দুদিনহে কামত আহোঁ মই। কিন্তু তুমি নহ’লে মালিক চলিবই নোৱাৰিব। গতিকে তোমাক বিচাৰি আহিলে মোকো উঠাই নিব চাগে। 

: উমম, তুমি মোৰ ডিঙিত ভালদৰে ধৰি থাকিবা মাত্ৰ।

: থেংকিউ। আৰু অথনি ৰাফকৈ কোৱা বাবে বেয়া নাপাবা। মোৰ কামবোৰ অলপ হাই ফাই বুলি তোমাক পাত্তা দিয়া নাছিলোঁ। কিন্তু এতিয়া বুজিলোঁ যে তুমি নহ’লে পাকঘৰ মেনেজ কৰাটো প্ৰায় অসম্ভৱ হ’ব। আই এম ভেৰি চৰি।

; চোৱা আমি দুয়ো মিলিজুলি থাকিবই লাগিব৷ এতিয়া আমাৰ মালিকে বিয়া বাৰু পতা নাই বাবে পাকঘৰৰ কাম বেছি নাই। কিন্তু মালকনী আহি গ’লে আমি একেলগে কাম কৰিব লাগিব। চাওমিন, মমো, পিজ্জা আদি অনলাইন অৰ্ডাৰ কৰি যেতিয়া ঘৰত খাবলৈ ধৰিব তেতিয়া আমি দুয়ো সমানে চাৰ্ভিচ দিব লাগিব।

ফৰ্কজনীয়ে মূৰ দুপিয়ালে। 

যাবৰ পৰত দেৱজিতে কেৰাহী হেতা ধুবলৈ আহোঁতে  চামুচ আৰু ফৰ্কক উঠাই লৈ গ’ল। ওভতনি যাত্ৰাত মানুহবোৰে মিউজিক বজাই নাচি বাগি গ’ল। কোনোবা এটাই চামুচ আৰু ফৰ্ক উলিয়াই লৈ বাছৰ চিটত বজাই গ’ল। মিউজিকৰ তালে তালে চামুচ আৰু ফৰ্কজনিয়েও ইটোৱে সিটোক খুন্দিয়াই নাচি নাচি গ’ল।

☆ ★ ☆ ★ ☆

4 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *