ফটাঢোল

অসমীয়াৰ প্ৰথম জ্ঞানপীঠ-মৃত্যুঞ্জয়-উদয়াদিত্য চাংমাই

জীৱনজোৰা সাধনাৰ বাবে কাব্য ঋষি নীলমণি ফুকনদেৱলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা। অসম, অসমীয়া সাহিত্য আৰু অসমীয়া জাতিয়ে ইয়াৰ পূর্বে দুবাৰ সাহিত্যৰ বাবে প্ৰদান কৰা এই শ্ৰেষ্ঠ সন্মান লভাৰ সাক্ষী  হৈ ৰৈছে। প্ৰথম ১৯৭৯ চনত মৃত্যুঞ্জয়ৰ বাবে বীৰেন্দ্ৰকুমাৰ ভট্টাচার্য আৰু দ্বিতীয়বাৰ ২০০০ চনত জীৱনযোৰা সাধনাৰ বাবে ড° মামনি ৰয়চম গোস্বামীয়ে কঢ়িয়াই আনিছিল এই সন্মান। 

জ্যোতিপ্রসাদ আগৰৱালাই অসমীয়া ভাষাক এদিন জগত সভালৈ নিয়াৰ সপোন দেখিছিল। ভট্টাচার্যদেৱৰ মৃত্যুঞ্জয়ৰ যোগেদি সেই সপোন কিছু দূৰলৈ সাৰ্থক হৈ উঠিছিল। লেখকে উপন্যাসখনৰ পাতনিতে উপন্যাসখনৰ সন্দৰ্ভত তেখেতৰ অনুভৱ ব্যক্ত কৰিছে এনেদৰে-

“এই উপন্যাসত বৰ্ণোৱা ঘটনাৰ কাল ১৯৪২ চনৰ। চৰিত্ৰসমূহ কাল্পনিক। অৱশ্যে ইয়াত স্বাধীনতাৰ শেষ আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাষ আৰু চিত্রণ আছে। ই ইতিহাস নহয়। নিজৰ কালত ঘটা ঘটনাৰ আলম লৈ ৰচা কাহিনীহে।” 

মৃত্যুঞ্জয় উপন্যাসৰ কাহিনীৰ উপকৰণ গ্ৰহণ কৰা হৈছে ভাৰতৰ স্বাধীনতা যুদ্ধৰ শেষৰ ফালৰ এটা স্তৰৰ পৰা। ভাৰতৰ স্বাধীনতা সংগ্রামৰ মাজত নিহিত হিংসা-অহিংসাৰ পথ এই মূল কথাটোৱে উপন্যাসখনৰ মূল কথা। 

কাহিনীৰ ঘটনাৰ স্থান ঘাইকৈ অসমৰ নগাঁও জিলাখন আৰু জিলাখনৰ কাষৰীয়া অঞ্চলসমূহ। বিয়াল্লিশৰ গণআন্দোলনৰ সময়ত বহুতে গেৰিলা যুদ্ধৰ আহ্বান দিছিল। এই গেৰিলা যুদ্ধৰ যোগেদি সাম্ৰাজ্যবাদী সৈন্যবাহিনীৰ ৰচদ পাতি বন্ধ কৰা, সৈন্য কঢ়িয়াওৱা বা সৈন্যৰ ৰচদ পাতি কঢ়িয়াওৱা ৰেল বাগৰোৱা আদি কাৰ্য্য হাতত লৈছিল। নগাঁৱৰ জাগীৰোডৰ ওচৰত তেনেকুৱা ৰে’ল লাইনচ্যুত কৰা ঘটনা এটাই মৃত্যুঞ্জয় উপন্যাসখনৰ মূল ঘটনা হৈ উঠিছে।

উপন্যাসখনৰ পাতনিতে লেখকে স্বাধীনতা আন্দোলনৰ শেষ সময়ৰ চিত্ৰ অংকণ কৰা বুলি কৈছে যদিও সেই ৰাজনৈতিক পটভূমিৰ অন্তৰালত মানৱীয় আবেদনযুক্ত সামাজিক কাহিনী এটি অন্তঃসলিলা ফল্গুধাৰাৰ দৰে মন্থৰ গতিত  বিকশিত হৈছে। 

শংকৰ -মাধৱৰ অসম আৰু আহোমৰ শাসন কালৰ অসম, মোৱামৰীয়া বিদ্ৰোহ, লাচিতৰ বীৰত্ব, জয়মতীৰ ত্যাগ, এইখিনি কথাও উপন্যাসখনৰ কাহিনীৰ পটভূমিত ক্ৰীড়া কৰিছে। ইয়াৰ উপৰিও অসমীয়া মানুহৰ জনবিশ্বাস, অসমীয়া মানুহৰ যাদু- মন্ত্র, বুঢ়াডাঙৰীয়া, জল দেৱতা, সোঁৱৰণী চোৱা আদিৰ বিশ্বাস, নৈ-বিল, হাবি-জংঘল, গছ-গছনি,চৰাই-চিৰিকতি, অসমীয়া মানুহৰ খোৱা- বোৱা, সামাজিক ৰীতি-নীতি তদুপৰি অসমৰ পৰ্বত-ভৈয়ামৰ মানুহৰ মাজত সম্পর্ক ইত্যাদি গোটেইখিনি কথাই যেন উপন্যাসখনৰ কাহিনী, কথাবস্তু, চৰিত্ৰ আদিৰ মাজেদি উজ্বল হৈ উঠিছে। মৃত্যুঞ্জয় উপন্যাসত অসমীয়া সমাজৰ ৰীতি-নীতি আৰু কু-সংস্কাৰবোৰৰ ওপৰত বীৰেন্দ্ৰকুমাৰ ভট্টাচার্যই যথাযথ আলোকপাত কৰিছে।

সমাজত প্ৰচলিত প্ৰথাৰ পৰিপ্ৰেক্ষিতত ঔপন্যাসিকে চৰিত্ৰসমূহ বিভিন্ন বৰ্ণ আৰু বিভিন্ন শ্ৰেণীৰ প্ৰতিনিধিস্বৰূপে অংকণ কৰিছে। মৃত্যুঞ্জয়ৰ সমসাময়িক অসমীয়া সমাজত নাৰীৰ প্ৰকৃত স্থানৰ এক প্ৰাঞ্জল চিত্ৰই উপন্যাসখনক বৈচিত্ৰপূৰ্ণ কৰি তুলিছে। উপন্যাসখনত এফালে যেনেকৈ নাৰীসকলৰ দুখ-দুৰ্গতি ভৰা জীৱন আৰু তেওঁলোকৰ শিক্ষা-দীক্ষাৰ প্ৰতি অভিভাৱকৰ চূড়ান্ত অবহেলাৰ কথা প্রকাশ পাইছে, আনফালেদি দেশৰ স্বাধীনতা আন্দোলনত অসমীয়া নাৰীৰ অসীম ত্যাগৰ ছবিও বিৰিঙি উঠিছে।

বীৰেন্দ্ৰ ভট্টাচার্যই মৃত্যুঞ্জয়ত অসমীয়া সমাজৰ কু-ৰীতি একো একোটা প্ৰামাণিক কাহিনীৰ সহায়ত অংকণ কৰিছে। ব্ৰাহ্মণ সমাজৰ চলিত নীতি-নিয়মত জুৰুলা হোৱা সদ্য-বিবাহিতা গাভৰু অনুপমাৰ অকাল বৈধৱ্যৰ কৰুণ কাহিনী সামগ্ৰিকতাৰ ৰূপত প্ৰকাশ কৰিছে। অসমীয়া সমাজৰ বিবাহ উৎসৱক কেন্দ্ৰ কৰি গঢ়ি উঠা কিছুমান সামাজিক ৰীতি-নীতিৰো ভট্টাচাৰ্যদেৱে এই উপন্যাসত সাধাৰণভাৱে আলোচনা কৰিছে। এই সন্দৰ্ভত অসমীয়া বিয়াৰ এক আনুসঙ্গিক আচাৰ-ব্যৱস্থা দৈয়ন দিয়া আৰু কন্যা সম্প্ৰদান দিয়াৰ যথোপযোগী চিত্ৰ উত্থাপন কৰিছে। 

অসমীয়া মানুহৰ খোৱা-বোৱাৰ অবিকল চিত্ৰ বীৰেন্দ্ৰকুমাৰ ভট্টাচার্যই বৰ সুষমভাৱে বৰ্ণনা কৰিছে। অসমীয়া মানুহৰ সঘনে চাহ, তামোল খোৱাৰ যি অভ্যাস, তাক ঠায়ে ঠায়ে উল্লেখ কৰিছে। সাহিত্যৰথী বেজবৰুৱাৰ দৰে খাটি অসমীয়া ব্যঞ্জনৰ উল্লেখ যেনে খৰিয়া মাছৰ আঞ্জা, পাভ মাছৰ টেঙা আঞ্জা, নৰসিংহ আৰু মাটি-কাদুৰীৰ জোল, কলডিলৰ ভজা, পেটু ভজা, কণ জহা চাউলৰ ভাত ইত্যাদিবোৰে পাঠকক লোভো লগায়।

মৃত্যুঞ্জয় উপন্যাসত অংকিত হোৱা অসমীয়া সমাজখনৰ আৰ্থি-সামাজিক দিশটো বৰ দুৰ্বল আছিল। সমাজত বিভিন্ন স্তৰৰ প্ৰতিনিধিত্ব কৰা মহদা-গোঁসাই, ধনপুৰ, মানিক বৰা, ভিভিৰাম, দধি বৰদলৈ, ক’লী বাইদেউ, সুভদ্রা আৰু ৰচকী প্ৰভৃতিৰ সংসাৰত স্বচ্ছলতা মুঠেই নাছিল। দ্বিতীয় মহাসমৰৰ যুদ্ধকালীন বাতাবৰণ  মৃত্যুঞ্জয়ৰ সমাজৰ অৰ্থনৈতিক হতাশাৰ অন্যতম কাৰণ আছিল। দৈনিক ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে অভাৱক্লিষ্ট মানুহৰ আৰ্থিক সংকট হ’লেও তাৰ ভিতৰত বিশ্বযুদ্ধৰ গইনা লৈ এমুঠি মানুহ আধ্যাৱন্ত হৈ পৰিছিল। 

মৃত্যুঞ্জয়ৰ সমসাময়িক সমাজখন আছিল বিভিন্ন ভাষা-ভাষী লোকেৰে পৰিপূৰ্ণ। পৰাধীন দেশৰ একেখন সমাজৰে লোক হিচাপে প্ৰত্যেকেই একতা সূত্ৰত  আৱদ্ধ হৈ মুক্তিসংগ্রামত লিপ্ত হৈছিল। এই সামাজিক একতাৰ সূত্ৰই উপন্যাসখনৰ ৰূপত ৰং চৰাইছে। এই একতা সৃষ্টি কৰাৰ ক্ষেত্ৰত বহু উক্তিয়ে সহায় আগবঢ়াইছে। ধনপুৰ মুখত তেনে এক উক্তি আছিল-

“সহস্ৰ গাঁঠি বান্ধ। তই মিকিৰ ছোৱালী, মই কছাৰী, ডিলি গাৰো, ৰূপনাৰায়ণ কৈৱৰ্ত মানুহ, ক’তা আমি দেখোন অসমীয়াকে হ’ব পৰা নাই, মানুহ হ’ম কেতিয়া?”

ভট্টাচাৰ্যদেৱে উপন্যাসখনৰ পটভূমিৰ সন্দৰ্ভত পাতনিতে লিখা একলমে পাঠকৰ মনত চিন্তাৰ উদ্বেগ ঘটায় – 

“মৃত্যুঞ্জয়ত ফুটি উঠা ৰূপ স্বাধীনতাৰ সাধনা-কালৰ। সেই সাধনাৰ মহত্ব আৰু একক  অনুভূতিৰ যিসকল অধিকাৰী হৈছিল, সেইসকলৰ আত্মাৰ সাধনাৰ যৎসামান্য চিনাকী উপন্যাসখনত আছে। মানৱ-মুক্তিৰ সাধনাতকৈ মানুহৰ সমগ্ৰ সত্তা আৰু চিত্ৰ আলোড়িত কৰা আন কিবা কোবাল সাধনা আছে বুলি ধাৰণা কৰা টান। এই সাধনাইহে মানৱ-সমাজ আৰু মানৱ-চিত্তৰ দ্ৰুত ৰূপান্তৰ সাধে।”

☆ ★ ☆ ★ ☆

One comment

  • বিষ্ণু জ্যোতি দাস

    বহুত মনঃপুত হৈছে উদয়। আশাকৰিছো আগলৈ এনেদৰে পঢ়িব পাম।

    Reply

Leave a Reply

Your email address will not be published.

error: Content is protected !!