ফটাঢোল

অথঃশইকীয়া সংবাদ-লক্ষ্যদীপ গগৈ

এখন পুৰণি দোকানত এই ফটো দেখি আমাৰ শইকীয়াৰ খুব পছন্দ হ’ল। নহ’বনো কিয়? ঘন ক’লা দাড়িৰে সৈতে হাতত বন্দুক লৈ চিকাৰ কৰা বাঘত ভৰি থৈ ৰৈ থকা এজন পুৰুষ।

শইকীয়াই দোকানীজনক ফটোখনৰ দাম সোধাত দোকানীজনে ক’লে “দহ হাজাৰ”।

শইকীয়া: কি দহ হাজাৰ! অলপ কম কৰা ভাই?

দোকানী: এইখন বহুত ৰেয়াৰ ফটো। দাম কম নহ’ব।

তাৰপাছত শইকীয়াই পকেটৰ পৰা পাৰ্চ উলিয়াই চালে আৰু দেখিলে যে তেওঁৰ পাৰ্চত অকল আঠ হাজাৰহে আছে আৰু নিৰাশ হৈ তেওঁ গুচি গ’ল। পিছদিনা শইকীয়াই পূৰা দহহাজাৰ টকা লৈ ফটোখন কিনিবলৈ গৈ দেখিলে যে ফটোখন বিক্ৰী হৈ গ’ল আৰু নিজৰ ভাগ্যক ধিয়াই ঘৰলৈ উভতি আহিল।

কেইদিনমানৰ পাছত শইকীয়াৰ এজন বন্ধুৰ ঘৰলৈ যাওঁতে সেই ফটোখন সেই বন্ধুজনৰ ড্ৰয়িং ৰুমত ফ্ৰেম কৰাই ওলোমাই থোৱা দেখিলে। মানে ফটোখন শইকীয়াৰ সেই বন্ধুজনে কিনিলে। ফটোখন শইকীয়াই ৰ লাগি চাই থকা দেখি তেওঁৰ বন্ধুজনে শইকীয়াক ক’লে,

: কি চাই আছা বন্ধু এইজন মোৰ ককা আছিল। তেখেত বহুত ডাঙৰ চিকাৰী আছিল।

তেতিয়া শইকীয়াই মনতে নিজকে ক’লে,

: বেটা সেইদিনা যদি মোৰ পকেটত আৰু দুহেজাৰ টকা থাকিল হয় তেতিয়া আজি এইজন মোৰ ককা হ’লহেঁতেন

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *