ফটাঢোল

সংখ্যাটোৰ আঁৰৰ কথা-বতৰাবোৰ

শিক্ষাজীৱন যেতিয়ালৈকে চলি আছিল তেতিয়ালৈকে আখৰৰ সৈতে ধেমালি মাজে-মাজে কৰা হৈছিল৷ কাকত-আলোচনীত লিখাৰে পৰা স্কুল-কলেজৰ আলোচনীৰ সম্পাদনা কৰালৈকে কাৰবাৰ কিছুমান৷ তাৰপাছত জীৱন-জীৱিকাৰ খেলখনত ব্যস্ত হোৱাৰে পৰা এইসমূহ হেৰাই গ’ল৷ 

আজি দহ কি এঘাৰ বছৰৰ আগতে ফেচবুকৰ অন্যতম চৰ্চাৰ গোট অসমীয়াত কথা-বতৰাৰ মাধ্যমেৰে আকৌ চৰ্চাৰ জগত এখনত সোমোৱাৰ সুবিধা পাওঁ৷ সেই গোটৰ পৰা প্ৰকাশিত অসমৰ প্ৰথমখন ই-আলোচনী সাহিত্য ডট অৰ্গৰ চেপ্টেম্বৰ, ২০১৩ সংখ্যাটোৰ সম্পাদনাৰ ভাৰ এই অপৈণত কান্ধতে পৰিছিল৷ তাৰপাছত চৰকাৰী বা ঘৰুৱা ব্যস্ততাৰ বাবেই লিখা-মেলা কমিছে যদিও এই চৰ্চাৰ জগতখনৰ পৰা মই নিজকে আঁতৰাই ৰাখিব পৰা নাই৷

তিনিমাহমানৰ আগতে ৰিণ্টুদাৰ পৰা ফ’ন আহিল৷ অসমৰ প্ৰথমখন হাস্য-ব্যংগ ই-আলোচনী “ফটাঢোল”ৰ দায়িত্ব ল’ব লাগে৷ একেটা কথাতে তৃতীয় কি চতুৰ্থবাৰলৈ ফ’ন কৰিছে তেওঁ৷ সমুখত উপ-নিৰ্বাচনৰ ব্যস্ততা৷ হ’লেও জানুৱাৰীত ওলাবলগীয়া সংখ্যাটোৰ দায়িত্ব ল’ম বুলি কথা দিলোঁ৷

ডিচেম্বৰ মাহটোও মই ভবাৰ দৰে নগ’ল৷ ব্যস্ততাবোৰ সেই পাহাৰসম হৈয়ে আছে৷ তাৰ মাজতে আলোচনীৰ কামত লাগি গ’লোঁ৷ এই কামটো কৰাত যিসকলে মোক প্ৰতক্ষ্য বা পৰোক্ষ্যভাৱে সহায় কৰিলে সেই সকলোজনেই সাধুবাদৰ পাত্ৰ৷

প্ৰথমেই ধন্যবাদ দিলোঁ ৰিণ্টুমণি দাক যি মোক এনে এখন আলোচনীৰ সম্পাদনাৰ দায়িত্ব দিব পৰাকৈ পূৰঠ বুলি ভাবিলে৷  

ধন্যবাদ দিলোঁ সেইসকলো লেখকক যি এই সংখ্যাটোৰ বাবে নিজৰ বহুমূলীয়া সময়ৰ মাজতে লেখা একোটা দিলে৷

ৰাজশ্ৰী শৰ্মায়ে লেখাৰ শিতান বাচনিত সহযোগ কৰিলে।অশেষ ধন্যবাদ ৰাজশ্ৰী৷

বৰ্ণাশুদ্ধিত ৰিমঝিম বৰঠাকুৰ, অৰবিন্দ গোস্বামী আৰু বিজু বুঢ়াগোঁহাইয়ে কৰা সহায় পাহৰিব নোৱাৰিম৷ তিনিওজনলৈ অশেষ ধন্যবাদ৷

সাক্ষাৎকাৰৰ ক্ষেত্ৰত মোক সহযোগ কৰা ভাতৃ মাধৱ দাসলৈ অশেষ ধন্যবাদ৷ সাক্ষাৎকাৰটি সুন্দৰকৈ যুগুতাই দিয়াৰ বাবে নীতাশ্ৰী নেওঁগ আৰু ভাতৃ অৰ্চন শৰ্মালৈ অশেষ ধন্যবাদ জনালোঁ৷

বেনাৰৰ ক্ষেত্ৰত চন্দন বৰি, দিগন্ত কুমাৰ ভট্টাচাৰ্য, আৰাধনা বৰুৱা, যোগেশ ভট্টাচাৰ্য আৰু নিভা কাকতিয়ে যি সহায়ৰ হাত আগবঢ়ালে তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ৷

আলোচনীলৈ বুলি দুটা কাৰ্টুন মোৰ ভাগিন পুৰুষোত্তম কাশ্যপে আঁকি দিছে৷ তাৰ হাতখন আৰু পূৰঠ হওক৷ 

আলোচনীৰ কাম আৰম্ভ কৰাৰে পৰা শেষ কৰালৈকে সকলো সময়তে ছাঁটোৰ দৰে থকা ভাতৃ দেৱজিত শৰ্মালৈ অশেষ ধন্যবাদ৷

পৰিশেষত হেমন্ত কাকতি দিম্পল কলিতা, ডলী তালুকদাৰ, নীলাক্ষি কাকতি, সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য, পৰীস্মিতা গগৈ, অভিজিত কলিতা আৰু প্ৰণীতা গোস্বামী বৰঠাকুৰকে আদি কৰি স্থায়ী সম্পাদনা সমিতিৰ প্ৰতিজন সদস্যকে অশেষ ধন্যবাদ জনালোঁ৷ কাৰোবাৰ নাম থাকি গ’লেও ফটাঢোল ই-আলোচনীৰ লগত জড়িত প্ৰতিজন লোকেই সাধুবাদৰ পাত্ৰ৷

অসমৰ হাস্য-ব্যংগৰ জগতত ফটাঢোল সদায় জিলিকি থাকক তাৰে কামনা কৰি সংখ্যাটোৰ আঁৰৰ কথাখিনি ইমানতে সামৰিলোঁ৷ 


ভাস্কৰজ্যোতি দাস,
সম্পাদক

ফটাঢোল ই-আলোচনী,

পঞ্চম বৰ্ষ, ষষ্ঠ সংখ্যা

6 Comments

  • জয়ন্ত দাস

    ভাল লাগিল কথাবোৰ৷

    Reply
  • আপোনাৰ লগতে নেপথ্যেৰ সকলো সুধীবৃন্দক শুভকামনা আৰু অভিনন্দন?? জনালোঁ

    Reply
  • অভিজিৎ গোস্বামী

    ভাল লাগিল দা

    Reply
  • Arabinda Goswami

    মোৰ নামটোও পালোঁ।সহায় এজনে আনজনক কৰিলেই সংসাৰখন সুন্দৰ হয়।এই কথাষাৰ মানি চলোঁ।সংখ্যাটোৰ আঁৰৰ কথা…..সুন্দৰ হৈছে।বাকীখিনিও লাহে লাহে পঢ়িম।শুভ নৱবৰ্ষ।

    Reply
  • rintumoni dutta

    ইমান ব্যস্ততাৰ মাজতো আমাক ইমান সময় দি সহায় কৰাৰ বাবে আন্তৰিক ধন্যবাদ ভাস্কৰ।

    Reply
  • ডলী

    অভিনন্দন জনালোঁ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *